সংক্ষিপ্ত খবৰ
মোহন খাউণ্ড
‘ইউক্ৰেইনত আমেৰিকাই নিৰ্মাণ কৰি আছে জৈৱিক অস্ত্ৰ’- উত্তৰ কোৰিয়াৰ দাবী!
উত্তৰ কোৰিয়াই ইউক্ৰেইনত আমেৰিকাই জৈৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে আমেৰিকাৰ নীতিয়েই হৈছে ইউক্ৰেইনৰ সংকটৰ মূল কাৰণ।
ৰাছিয়াই একেধৰণৰ দাবী উত্থাপন কৰাৰ কেইমাহমানৰ পাছতে এই কথা প্ৰকাশ পাইছে, যিটো ৰাষ্ট্ৰসংঘই খাৰিজ কৰিছিল।
উল্লেখযোগ্য যে উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ বিচ্ছিন্ন অঞ্চল ডনেস্ক আৰু লুহানস্কক স্বাধীন বুলি স্বীকৃতি দিয়াৰ পিছত ইউক্ৰেইনে উত্তৰ কোৰিয়াৰ সৈতে কূটনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰিছে।
###
২০১৬ চনৰ হেকিং ঢাকি ৰখাৰ কথা স্বীকাৰ কৰিছে উবেৰে আৰু আমেৰিকাত হোৱা নিষ্পত্তিৰ বাবে বিচাৰৰ পৰা হাত সাৰিছে।
২২ জুলাই তাৰিখে, শুকুৰবাৰে উবেৰে মানি লৈছে যে ২০১৬ চনত ৫ কোটি ৭০ লাখ যাত্ৰী আৰু চালকক প্ৰভাৱিত কৰা তথ্য ভংগৰ বিষয়ে তেওঁলোকৰ কৰ্মীসকলে ৰিপ’ৰ্ট দিয়াত ব্যৰ্থ হৈছে।
এই মানি লোৱাটো হৈছে অপৰাধমূলক অভিযোগৰ পৰা হাত সাৰিবলৈ আমেৰিকাৰ অভিযুক্তসকলৰ সৈতে হোৱা এক নিষ্পত্তিৰ অংশ ।
আমেৰিকাৰ এটৰ্নী ষ্টেফানী হিণ্ডছে কয় যে উবেৰে এই ভংগৰ খবৰ দিবলৈ প্ৰায় এবছৰ অপেক্ষা কৰিছিল। উবেৰে প্ৰাক্তন নিৰাপত্তা বিষয়া জোচেফ চুলিভানৰ বিচাৰ প্ৰক্ৰিয়াতো সহযোগিতা আগবঢ়াইছে।
###
‘অহিংস প্ৰতিবাদ অব্যাহত থাকিব পাৰে‘ – অশান্তিৰ মাজতে নতুন শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে এনেদৰে কয়। যোৱাকালি দেওবাৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে নিশ্চিত কৰিছে যে প্ৰশাসনৰ বিৰুদ্ধে অহিংস প্ৰতিবাদ অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হ’ব বুলি নৱনিযুক্ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহে কৈছে। ৰাষ্ট্ৰপতি হিচাপে উইক্ৰেমসিংহে শপত গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতি সচিবালয়ত চৰকাৰ বিৰোধী প্ৰতিবাদী সকলৰ ওপৰত নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছে। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে এনেদৰে বলপ্ৰয়োগ কৰাক লৈ ৰাষ্ট্ৰসংঘৰ পৰা শ্ৰীলংকাই নিন্দা লাভ কৰে আৰু তাৰ পিছতেই শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে এনে বক্তব্য ডাঙি ধৰে।
###
“প্ৰধানমন্ত্ৰী নিৰ্বাচিত হ’লে ব্ৰিটেইনৰ ভংগুৰ ‘ইমিগ্ৰেচন চিষ্টেম’ ঠিক কৰিব” – ঋষি সুনকে কৈছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত অংশগ্ৰহণ কৰা দুজন চূড়ান্ত প্ৰতিদ্বন্দ্বীৰ ভিতৰত অন্যতম ব্ৰিটেইনৰ প্ৰাক্তন বিত্তমন্ত্ৰী ঋষি সুনাকে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হ’লে ব্ৰিটেইনৰ “ভংগুৰ” অভিবাসন ব্যৱস্থাটো ঠিক কৰিব। ব্ৰিটেইনৰ সীমা সুৰক্ষিত কৰাৰ বাবে সুনাকৰ ১০ দফা পৰিকল্পনাৰ অধীনত সংসদে বছৰি গ্ৰহণ কৰিবলগীয়া শৰণাৰ্থীৰ সংখ্যাৰ ওপৰত সিদ্ধান্ত ল’ব। উল্লেখযোগ্য যে পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় মূলৰ কোনো ব্যক্তিয়ে বৃটেইনৰ প্ৰধানমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত হ’বলৈ আগবাঢ়িছে। ঋষি সুনক হৈছে ভাৰতৰ প্ৰখ্যাত ইনফোচিছৰ অন্যতম প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি আৰু লেখিকা সুধা মূৰ্তিৰ জোঁৱায়েক।
###
‘আগন্তুক ৬ মাহৰ বাবে উপকূলীয় জাহাজ চলোৱাৰ ওপৰত কোনো বন্দৰ, জাহাজ সম্পৰ্কীয় কৰ-কাতল দিব নালাগে’ – এইদৰে ভাৰত চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছে। যোৱাকালি দেওবাৰে এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে আগন্তুক ছমাহৰ বাবে উপকূলীয় জাহাজ চলোৱাৰ কাম-কাজক বন্দৰ আৰু জাহাজৰ চাৰ্জৰ পৰা ৰেহাই দিবলৈ প্ৰধান বন্দৰসমূহক নিৰ্দেশ দিয়া হৈছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যসমূহক জাহাজ খণ্ডই ব্যৱহাৰ কৰা ডিজেলৰ ভেট কমাই দিবলৈও কয়। সোণোৱালে ফেৰীৰ বাবে ইন্ধনৰ হাৰ আৰু কৰ হ্ৰাস কৰিবলৈও কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগক অনুৰোধ জনায়।
###
গভীৰ মহাকাশত প্ৰথমবাৰৰ বাবে দৰ্শন লাভ কৰা ৩টা সূৰ্য্যৰ সৈতে বিশাল তৰাৰ সজ্জা।
শেহতীয়াকৈ কোপেনহেগেন বিশ্ববিদ্যালয়ৰ নীলছ ব’ৰ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে এক বৃহৎ ট্ৰিপল-ষ্টাৰ ব্যৱস্থা বা তিনিটা সূৰ্য্যযুক্ত ব্যৱস্থা আৱিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছে। এই প্ৰকাৰৰ প্ৰথমটো ব্যৱস্থাত দুটা সূৰ্য্য আছে যিয়ে ইটোৱে সিটোক প্ৰদক্ষিণ কৰে আৰু তৃতীয়টো অধিক ভৰযুক্ত সূৰ্য্যই এই যোৰটোক প্ৰদক্ষিণ কৰে। ব্যৱস্থাটোৰ তৰাবোৰ একেলগে অতি ওচৰত।
###
ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ ইতিহাসত ২৫ জুলাইৰ তাৎপৰ্য্য ! আজি ২৫ জুলাই সোমবাৰে ভাৰতৰ প্ৰথম জনজাতীয় মহিলা ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই তাৰিখটো ঐতিহাসিকভাৱে তাৎপৰ্যপূৰ্ণ । কাৰণ এই তাৰিখটোৰ সম্পৰ্কে কোনো লিখিত নিয়ম নোহোৱাকৈও প্ৰায় সকলো ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ২৫ জুলাইত শপত গ্ৰহণ কৰিছিল। এই ধাৰাটোৰ ব্যতিক্ৰম হোৱা চাৰিজন ৰাষ্ট্ৰপতি হ’ল- ৰাজেন্দ্ৰ প্ৰসাদ, সৰ্বেপল্লী ৰাধাকৃষ্ণন, জাকিৰ হুছেইন আৰু ফখৰুদ্দিন আলী আহমেদ।
###
চীনৰ কিছু অংশত প্ৰচণ্ড বালিৰ ধুমুহাই, চহৰসমূহত অন্ধকাৰৰ সৃষ্টি কৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে চীনৰ কিছু অংশত ব্যাপক বালিৰ ধুমুহাই চহৰসমূহত অন্ধকাৰৰ সৃষ্টি কৰিছে। ছবিবোৰত দেখা যায় যে বালিৰ ধুমুহাই অট্টালিকা আৰু গাড়ীক আৱৰি ৰাখি সূৰ্য্যক বাধা দিছে। দক্ষিণ চাইনা মৰ্নিং পোষ্টৰ বাতৰি অনুসৰি কিংহাই প্ৰদেশৰ কিছুমান চহৰত দৃশ্যমানতা ২০০ মিটাৰতকৈও কমলৈ হ্ৰাস পাইছে!
###
মই আগতে লাজুকী আছিলো, কিন্তু ল’ৰা প্ৰতিদ্বন্দ্বীক টেনিছ কোৰ্টত পৰাজিত কৰাৰ পিছত মোৰ আত্মবিশ্বাসৰ জন্ম হ’ল – এনেদৰে কৈছে ইউ এছ অ’পেনৰ চেম্পিয়ন ৰাডুকানুৱে। এতিয়ালৈকে কৰা টেনিছ যাত্ৰাৰ বিষয়ে চিন্তা কৰি ১৯ বছৰীয়া এমা ৰাডুকানুৱে কয় যে তেওঁ সৰুতে লাজুকী আছিল, কথা-বতৰাও কমকৈ কৈছিল, কিন্তু টেনিছ খেলা আৰু ল’ৰা প্ৰতিদ্বন্দ্বীক পৰাজিত কৰা ঘটনাই তেওঁৰ বাবে প্ৰৱল আত্মবিশ্বাস কঢ়িয়াই আনিছিল। “হয়, মই ক’ব পাৰো যে মই এতিয়া নিশ্চিতভাৱে অধিক আৰামদায়ক আৰু আউটগোয়িং হৈ পৰিছো“- তেওঁ লগতে কয়। ২০২১ চনৰ ইউ এছ অ’পেনত গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথমবাৰৰ বাবে কোৱালিফায়াৰ হিচাপে পৰিগণিত হয় ৰাডুকানু।
###
স্মৃতি ইৰাণীৰ কন্যাই গোৱাত ‘অবৈধ বাৰ’ চলাইছে বুলি প্ৰচাৰ কৰাৰ বাবে স্মৃতি ইৰাণীয়ে কংগ্ৰেছ নেতালৈ প্ৰেৰণ কৰিছে আইনী জাননী। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দেওবাৰে কংগ্ৰেছ দলৰ লগতে কংগ্ৰেছ দলৰ তিনিজন নেতাই তেওঁৰ ১৮ বছৰীয়া কন্যা জ’ইছৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক ভিত্তি কৰি তেওঁলোকলৈ আইনী জাননী প্ৰেৰণ কৰে। ইৰাণীৰ পৰা পৱন খেৰা, জয়ৰাম ৰমেশ আৰু নেতা ডি’ছ’জাই জাননী লাভ কৰিছে, যিসকলে স্মৃতি ইৰাণীৰ কন্যাই গোৱাত “অবৈধ বাৰ” চলাইছে বুলি দাবী কৰিছিল। এতিয়া আইনী জাননীৰ দ্বাৰা তেওঁলোকৰ পৰা লিখিতভাৱে নিঃচৰ্ত ক্ষমাপ্ৰাৰ্থনা আৰু অভিযোগ প্ৰত্যাহাৰ বিচাৰিছে স্মৃতি ইৰাণীয়ে।
কিন্তু এই জাননী সম্পৰ্কে সাংবাদিকে সোধাত কংগ্ৰেছ নেতাই কয় যে “জাননীৰ উত্তৰ কিহৰ বাবে”?
কংগ্ৰেছৰ মুখপাত্ৰ শ্বামা মহম্মদে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ পৰা “অবৈধ বাৰ” সম্পৰ্কীয় ঘটনাটোৰ ক্ষেত্ৰত “অনুজ্ঞাপত্ৰক লৈ হেতালি খেলাৰ অভিযোগ”ৰ বাবে ক্ষমাপ্ৰাৰ্থনা দাবী কৰিছে। ইৰাণীয়ে কংগ্ৰেছ আৰু কংগ্ৰেছৰ তিনিগৰাকী নেতাই গোৱাত তেওঁৰ কন্যাই “অবৈধ” বাৰ চলোৱাৰ দাবী উত্থাপন কৰাৰ পিছত তেওঁলোকলৈ আইনী জাননী প্ৰেৰণ কৰাৰ পিছতে এই কথা প্ৰকাশ পাইছে। ইৰানীৰ জাননী সন্দৰ্ভত মহম্মদে কয় যে, ” জাননী কিহৰ বাবে? তেওঁৰ ছোৱালীয়ে ৰেষ্টুৰেণ্টখন চলাই থকাৰ যথেষ্ট প্ৰমাণ আছেই।”
###
ইজৰাইলী এজেণ্টে পৰিকল্পনা কৰা বিধ্বংসী আৰু সন্ত্ৰাসবাদী কাৰ্য ধৰা পৰিছে বুলি ইৰাণে দাবী কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ বাহিনীয়ে শনিবাৰে ইজৰাইলৰ সৈতে সম্পৰ্ক থকা এজেণ্টৰ এটা নেটৱৰ্কক পূৰ্বনিৰ্ধাৰিতভাৱে গ্ৰেপ্তাৰ কৰে, আৰু কয় যে গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁলোকে ভেঙুচালি আৰু “সন্ত্রাসবাদী অভিযান” সংঘটিত কৰিব পাৰে। ইৰাণৰ চোৰাংচোৱা মন্ত্ৰালয়ে কয় যে, “এই নেটৱৰ্কৰ সদস্যসকলে চুবুৰীয়া দেশৰ জৰিয়তে মোছাদৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগত আছিল আৰু (ইৰাকৰ) কুৰ্দিস্তানৰ পৰা ইৰাণত প্ৰৱেশ কৰিছিল…উন্নত সঁজুলি আৰু শক্তিশালী বিস্ফোৰক লৈ।”
###
ছৌদি আৰৱত ১ ট্ৰিলিয়ন ডলাৰ ব্যয়ৰে নিৰ্মাণ হ’ব ১২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘চাইডৱে’ আকাশচুম্বী ভৱন। ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ছৌদি আৰবে ১২০ কিলোমিটাৰৰ দৈৰ্ঘ্য পৰ্যন্ত বিস্তৃত ১ ট্ৰিলিয়ন ডলাৰৰ কাষৰীয়া আকাশচুম্বী ভৱনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে, য’ত পাঁচ নিযুত বা ৫০ লাখ লোকে বাস কৰিব । ‘মিৰৰ লাইন’ নামৰ দাপোনযুক্ত আকাশচুম্বী ঘৰটো কেনেকুৱা হ’ব তাৰ ছবিও অনলাইনত শ্বেয়াৰ কৰা হৈছে। ইয়াত থাকিব এটা অনন্য ক্ৰীড়া কমপ্লেক্স, ইত্যাদি।
###
পশ্চিমবঙ্গৰ তৃণমূল দলৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অভিনেত্ৰী অৰ্পিতাক ১ দিনৰ ইডি জিম্মালৈ প্ৰেৰণ। পশ্চিম বংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী তথা অভিনেত্ৰী অৰ্পিতা মুখাৰ্জীক দেওবাৰে ৰাজ্যত সংঘটিত এক অভিযুক্ত শিক্ষক নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত হৈ এদিনৰ বাবে বলৱৎকাৰী সঞ্চালকালয় (ইডি)ৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। সোমবাৰে বিশেষ আদালতত হাজিৰ কৰা হ’ব অভিনেত্ৰী গৰাকীক। অভিযানৰ সময়ত অৰ্পিতাৰ বাসগৃহৰ পৰা ২০ কোটি টকাতকৈও অধিক টকা উদ্ধাৰ কৰাৰ পিছত শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰে ইডি( এনফোৰ্চমেন্ট ডাইৰেক্টটৰেট)ৰ অভিযানকাৰী দলে।
###
৯ গৰাকী ছোৱালী আৰু ৯ জন ল’ৰা ৩৯৯/৪০০ নম্বৰেৰে আই এছ চি ১২ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষত – তালিকা প্ৰকাশ হৈছে। আই এছ চি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৯ জন ল’ৰা আৰু ৯ গৰাকী ছোৱালীকে ধৰি ১৮ জন ছাত্ৰ-ছাত্ৰীয়ে যৌথভাৱে সৰ্বভাৰতীয় প্ৰথম ৰেংক লাভ কৰে। ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে ৩৯৯/৪০০ নম্বৰ (৯৯.৭৫%)। ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৭ গৰাকী উত্তৰ প্ৰদেশৰ, ৬ গৰাকী পশ্চিম বংগৰ, ৩ গৰাকী তামিলনাডুৰ আৰু এজনকৈ মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ।
###
ৰাছিয়াই কয় যে অডেছাৰ সমীপত ৰাছিয়াই ইউক্ৰেইনৰ এখন যুদ্ধ জাহাজ ধ্বংস কৰিছে।
দেওবাৰে ৰাছিয়াই জনোৱা মতে, শনিবাৰে অ’ডেছা বন্দৰত তেওঁলোকৰ ক্ষেপণাস্ত্ৰই ইউক্ৰেইনৰ এখন যুদ্ধ জাহাজ ধ্বংস কৰে। মস্কোৱে আক্ৰমণ কৰা বুলি অস্বীকাৰ কৰা খবৰৰ এদিন পিছতে এই কথা প্ৰকাশ পাইছে। ইউক্ৰেইনে ক’লা সাগৰ( Black Sea)ৰ বন্দৰৰ পৰা ইউক্ৰেইনৰ শস্য ৰপ্তানি পুনৰ আৰম্ভ কৰাৰ বাবে দুয়োখন দেশৰ মাজত চুক্তি স্বাক্ষৰ কৰাৰ এদিন পিছতে ৰাছিয়াই ওডেছাত থকা শস্যৰ মজুতক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছিল ইউক্ৰেইনে আৰু সেই অভিযোগ ৰাছিয়াই অস্বীকাৰ কৰিছিল। কিন্তু এতিয়া স্বয়ং ৰাছিয়াই আক্ৰমণ কৰা বুলি স্বীকাৰ কৰি চুক্তিখন ফোপোলা বুলি ডাঙি ধৰিছে আৰু সকলোকে হতবাক কৰি তুলিছে।
###
ইউক্ৰেইনৰ পৰা উভতি অহা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগে বুলি তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰি ইউক্ৰেইনৰ পৰা উভতি অহা মেডিকেল ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ অনুৰোধ জনাইছে। তেওঁ লিখিছে,’তামিলনাডুৱে ইউক্ৰেনৰ পৰা উবতি অহা ছাত্ৰ-ছাত্ৰী সকলক…ভাৰতত বা বিদেশৰ…বিশ্ববিদ্যালয়সমূহত পঢ়া-শুনাৰ বাবে স্থান দিবলৈ আহ্বান জনাই আহিছে।’ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে লোকসভাক জনাইছে যে ইউক্ৰেইনৰ পৰা উভতি অহা ছাত্ৰ-ছাত্ৰীক স্থানীয় কলেজত নামভৰ্তি কৰোৱাৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ তৰফৰ পৰা কোনো অনুমতি নাই।
###
পশ্চিম উপকূলত ইজৰাইলী বাহিনীয়ে নিহত কৰিলে ২ পেলেষ্টাইনী উগ্ৰপন্থীক। ইজৰাইলী বাহিনীয়ে দেওবাৰে পশ্চিম তীৰৰ নাব্লাছৰ এটা ঘৰত পুৱা অভিযান চলাই দুজন সন্দেহযুক্ত পেলেষ্টাইনী উগ্ৰপন্থীক নিহত কৰে। ইজৰাইল আৰক্ষীয়ে জনোৱা মতে, এজন সন্দেহযুক্ত লোকক বিচাৰি ফুৰাৰ সময়ত বন্দুকধাৰীৰ আক্ৰমণৰ বলি হোৱাৰ পিছত তেওঁলোকৰ জোৱানসকলে প্ৰতিৰক্ষামূলক গুলীচালনা কৰে। ফটাহ আল আকছা শ্বহীদ ব্ৰিগেডছৰ উগ্ৰপন্থী সংগঠনে নিহত পেলেষ্টাইনীসকলক নিজৰ সদস্য হিচাপে দাবী কৰিছে।
###
ফিলিপাইনছৰ বিশ্ববিদ্যালয়ত গুলীচালনাত প্ৰাক্তন মেয়ৰকে ধৰি ৩ জনৰ মৃত্যু হৈছে ।ফিলিপাইনছৰ মেনিলাৰ এটেনিও ডি মেনিলা বিশ্ববিদ্যালয়ত দেওবাৰে সংঘটিত হোৱা গুলীচালনাত কমেও তিনিজন লোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। নিহতসকলৰ ভিতৰত আছে দেশৰ দক্ষিণ প্ৰদেশ বাচিলানৰ এগৰাকী প্ৰাক্তন মেয়ৰ ৰোজ ফুৰিগে, যিয়ে তেওঁৰ কন্যাৰ স্নাতক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিশ্ববিদ্যালয় চৌহদত উপস্থিত আছিল। এই ঘটনাটো লক্ষ্য কৰি হত্যা কৰা যেন লাগে বুলি বিষয়াসকলে জনায়।
###
সংবাদ মাধ্যমৰ আত্মনিৰীক্ষণৰ প্ৰয়োজন হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে মন্তব্য কৰিছে আৰু তেওঁৰ এনে মন্তব্যৰ ভিত্তি হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিয়ে ভাৰতৰ সংবাদ মাধ্যমক লৈ কৰা মন্তব্য।
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি এন ভি ৰমনাই সংবাদ মাধ্যমে “কেংগাৰু আদালত” চলাই আছে বুলি কোৱাৰ পিছত শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে মিডিয়া হাউছবোৰক আত্মনিৰীক্ষণৰ আহ্বান জনায়। ঠাকুৰে লগতে কয় যে আমি ‘লক্ষ্মণ ৰেখা’ পাৰ হৈছো নে নাই বাতৰি পৰিবেশন কৰাৰ সময়ত আমি আত্মনিৰীক্ষণ কৰাটো প্ৰয়োজন। তেওঁ কয়, ‘মই সংবাদ মাধ্যমৰ বন্ধুসকলক আহ্বান জনাব বিচাৰিছো যে যদি এনে এটা চাপ সৃষ্টি কৰা হৈছে, তেন্তে আত্মনিৰীক্ষণৰ প্ৰয়োজন আছে।’
###
নেপালৰ পৰা বাইকত সৰবৰাহ কৰা হয় উজবেকিস্তানী ছোৱালী! দেহ ব্যৱসায়ৰ ৰেকেট উদ্ধাৰ দিল্লী আৰক্ষীৰ! দক্ষিণ দিল্লীৰ মালৱ্য নগৰ অঞ্চলত বিদেশী লোকৰ দ্বাৰা পৰিচালিত দেহ ব্যৱসায়ৰ ৰেকেট উদ্ধাৰ কৰিছে দিল্লী আৰক্ষীয়ে। উজ্বেকিস্তান আৰু চুবুৰীয়া দেশৰ ছোৱালীক নেপাল-ভাৰত সীমান্ত পাৰ কৰাই অবৈধভাৱে বাইকত সৰবৰাহ কৰা বুলি জানিব পৰা গৈছে। “বেছিভাগ ছোৱালী…প্ৰথমে বিমানযোগে নেপাললৈ অনা হৈছিল…তাৰ পিছত বোৰ্খা পিন্ধি সীমান্ত পাৰ হৈছিল,” দিল্লী আৰক্ষীয়ে জনাইছে।
###
চলিত বৰ্ষত সৰ্বাধিক বাঘৰ মৃত্যুৰ অভিলেখ মধ্যপ্ৰদেশত, দ্বিতীয় স্থানত মহাৰাষ্ট্ৰ। ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষৰ তথ্য অনুসৰি ১৫ জুলাইলৈকে মধ্যপ্ৰদেশত চলিত বৰ্ষত ২৭টা বাঘৰ মৃত্যু হৈছে, যিটো সংখ্যা ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰতে সৰ্বাধিক বাঘৰ মৃত্যু বুলি পৰিগণিত হৈছে। তথ্য অনুসৰি এই সময়ছোৱাত ভাৰতত মুঠ ৭৪ টা বাঘৰ মৃত্যু পঞ্জীয়ন কৰা হৈছে। মহাৰাষ্ট্ৰত ১৫ টা বাঘৰ মৃত্যু হৈছে, যিটো দ্বিতীয় সৰ্বাধিক।
###
প্ৰধানমন্ত্ৰীৰ পৰীক্ষাগাৰত নতুন পৰীক্ষাৰ সৈতে বিপদত পৰিছে ভাৰতৰ যুৱকৰ ভৱিষ্যত – ‘অগ্নিপথ’ সম্পৰ্কে মন্তব্য ৰাহুল গান্ধীৰ। অগ্নিপথ আঁচনিৰ সন্দৰ্ভত মন্তব্য কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে যুৱক-যুৱতীসকলৰ ভৱিষ্যত বিপদত পৰিছে। তেওঁ টুইট কৰি কয় যে, “প্ৰতি বছৰে ৬০ হাজাৰ সৈন্যই অৱসৰ লয়, ইয়াৰে মাত্ৰ ৩ হাজাৰ লোকেহে চৰকাৰী চাকৰি লাভ কৰে। চাৰি বছৰৰ চুক্তিৰ পিছত অৱসৰ লোৱা হাজাৰ হাজাৰ অগ্নিবীৰৰ ভৱিষ্যত কি হ’ব? প্ৰধানমন্ত্ৰীৰ পৰীক্ষাগাৰত এই নতুন পৰীক্ষাৰ জৰিয়তে দেশৰ নিৰাপত্তা আৰু যুৱক-যুৱতীসকলৰ ভৱিষ্যত বিপদত পৰিছে।”
###
স্বায়ত্তশাসন অবিহনে গেছচালিত গাড়ী সম্পৰ্কে ইলন মাস্কে কয় যে এনে কাৰ্য হ’ল ঘোঁৰাত উঠি ফ্লিপ ফোন ব্যৱহাৰ কৰাৰ দৰে !
টেছলাৰ চিইঅ’ ইলন মাস্কে দেওবাৰে টুইট কৰি কয় যে ভৱিষ্যতে স্বয়ংচালিত ইলেক্ট্ৰিক গাড়ীয়েই হ’ব অতি গুৰুত্বপূৰ্ণ। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীয়ে আৰু কয় যে স্বায়ত্তশাসন অবিহনে গেছচালিত গাড়ীবোৰ ঘোঁৰাত উঠি ফ্লিপ ফোন ব্যৱহাৰ কৰাৰ দৰে হ’ব। সেয়া এতিয়াও হয়, কিন্তু এতিয়া ই এক নিচা। উল্লেখযোগ্য যে টেছলাই বৰ্তমান নিজৰ ইলেক্ট্ৰিক গাড়ীৰ বাবে সম্পূৰ্ণ স্ব-ড্ৰাইভিং (FSD) চফ্টৱেৰৰ কাম কৰি আছে।
আনহাতে টেছলাই ফৰ্মুলা ১ কৌশল ব্যৱহাৰ কৰি গাড়ীৰ বাবে একে ঘণ্টাৰ সেৱাৰ পৰিকল্পনা কৰিছে। টেছলাৰ চিইঅ’ ইলন মাস্কে শনিবাৰে টুইট কৰি কয় যে কোম্পানীটোৱে নিজৰ বাহনসমূহৰ বাবে একে ঘণ্টাতে সেৱা আগবঢ়োৱাৰ লক্ষ্য লৈছে। মাস্কে টুইট কৰি কয় যে, “টেছলা চাৰ্ভিচৰ সৈতে কাম কৰি যিমান পাৰি সঘনাই একে ঘণ্টাৰ সেৱা সক্ষম কৰিবলৈ আমি উৎসাহিত! টেছলাত ফৰ্মুলা ১ পিট ক্ৰু কৌশল প্ৰয়োগ কৰা হৈছে।” ইয়াৰ পূৰ্বে ২০১৫ চনত টেছলাই এফ ১ৰ প্ৰবীণ কেনি হেণ্ডকেমাৰক গ্ল’বেল ডাইৰেক্টৰ অৱ চাৰ্ভিচ ইনোভেচন হিচাপে নিযুক্তি দিছিল।
###
ইলনে যিয়েই সিদ্ধান্ত নলওক কিয়, আমি সমৰ্থন কৰিম – মাস্কৰ টুইটাৰ চুক্তি সম্পৰ্কে বাইনেন্সৰ চিইঅ’ৰ বক্তব্য। ক্ৰিপ্টোকাৰেন্সী এক্সচেঞ্জ বাইনেন্সৰ চিইঅ’ চাংপেং ঝাওৱে ৪৪ বিলিয়ন ডলাৰৰ টুইটাৰ অধিগ্ৰহণ চুক্তি সন্দৰ্ভত টেছলাৰ চিইঅ’ ইলন মাস্কৰ সিদ্ধান্তৰ বিষয়ে এনেদৰে কয়। টুইটাৰৰ এজন ব্যৱহাৰকাৰীয়ে তেওঁক “টুইটাৰ কিনিবলৈ” কোৱাৰ পিছত ঝাওৱে উত্তৰ দিছে, “টুইটাৰৰ মূল্য অলপ বেছি হৈছে। কিন্তু ইলনে যিয়েই সিদ্ধান্ত ল’ব আমি তাকেই সমৰ্থন কৰিম। ইলনে নেতৃত্ব দি আছে, আৰু আমি ইলনক অনুসৰণ কৰি আছো।”
25-07-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)