–তনয় চক্ৰৱৰ্তী
বৰফ গলি আছে।
এনে সময় আহি আছে যে গঙ্গাৰ পানীত ডুবি যাব কলকাতা। আৰৱ সাগৰৰ গ্ৰাসত মুম্বাই, নবী মুম্বাইৰ দৰে বিশিল নগৰবোৰৰো হ’ব সলিল সমাধি। এনে আতংকময় কথা সদৰি কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই। কেৱল কলকাতা বা মুম্বাই নহয়, নাছাৰ সতৰ্কবাৰ্তাৰ তালিকাত স্থান লাভ কৰিছে চেন্নাই, কোচিসহ ভাৰতৰ প্ৰায় একডজন চহৰ। সতৰ্কবাৰ্তাৰ জৰিয়তে কোৱা হৈছে যে এই ১২ খন নগৰ মাত্ৰ ৯ বছৰৰ ভিতৰত পানীৰ ৩ ফুট গভীৰলৈ সোমাই যাব।
বিশ্ব উষ্ণায়নক কেন্দ্ৰ কৰি প্ৰকাশিত হোৱা গুৰুত্বপূৰ্ণ প্ৰতিৱেদন এখন হ’ল ‘ইন্টাৰ গৱৰ্ণমেন্টেল পেনেল অফ ক্লাইমেট চেঞ্জ’ বা ‘আই-পি-চি-চি’। এই প্ৰতিৱেদন বিশ্লেষণ কৰি নাছাই বিশ্ববাসী সকলক সতৰ্ক কৰিছে। নাছাৰ এই প্ৰতিৱেদন এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে।
নাছাৰ প্ৰতিৱেদনে সতৰ্ক কৰিছে যে ভাৰতৰ ১২ খন উপকুলীয় চহৰ আৰু বন্দৰ সংলগ্ন অঞ্চল ৩ ফুট পানীৰ তলত সোমাই পৰিব। এইসমূহৰ ভিতৰত আছে কলকাতা, মুম্বাই, চেন্নাই, কোচি, বিশাখাপট্টনম, ইত্যাদিৰ লগতে কেইবাটাও বন্দৰ অঞ্চল। বিশ্বত পৰিৱেশ দূষণ, উষ্ণায়নসহ বিভিন্ন কাৰণত সাগৰৰ জলস্তৰ বৃদ্ধি পাইছে। এছিয়াত জলস্তৰ বৃদ্ধিৰ পৰিমাণ অইন স্থানতকৈ তুলনামূলকভাৱে বেছি। ‘আই-পি-চি-চি’ৰ মতে, আগতে ১০০ বছৰত যিমান পৰিৱৰ্তন হৈছিল, ২০৩০ চনৰ ভিতৰত তেনে পৰিৱৰ্তন প্ৰতি ৬ বছৰৰ পৰা ৯ বছৰৰ ভিতৰত হ’ব।
তাৰোপৰি এই শতাব্দী ধৰি উপকুলত জলস্তৰ বাঢ়িব, ব্যাপক ভাঙোন দেখা দিব, বহুত চহৰ পানীৰ তলত সোমাই পৰিব। অৰ্থাৎ, পৰিস্থিতি একেবাৰে সুখদায়ক নহয়। কিদৰে ৰোধ কৰিব পাৰি এনে ভয়ংকৰ ভৱিষ্যতক? পৰিৱেশ বিজ্ঞানী স্বাতী নন্দা চক্ৰৱৰ্তীয়ে এতিয়া এন্টাৰ্কটিকাক লৈ গৱেষণা কৰি আছে আৰু গৱেষণাৰ তথ্যৰ আধাৰত কৈছে যে জলবায়ু পৰিৱৰ্তনৰ বিষয়টো এন্টাৰ্কটিকাৰ পটভূমিত সকলোতকৈ ভালকৈ বুজি পোৱা যায়। তেওঁৰ গৱেষণা অনুসৰি, বিগত ফেব্ৰুৱাৰীত এন্টাৰ্কটিকাৰ তাপমাত্ৰা আছিল ৰেকৰ্ড পৰিমাণৰ ১৮ ডিগ্ৰী। তাৰফলত ১২০০০ ঘনমিটাৰ বৰফ গলিছে। তাৰপিছত সামুদ্ৰিক প্ৰাণী চীল, পেঙ্গুইন, বগা ভালুক আদিৰ বাবে জীয়াই থকা এক সংগ্ৰাম হৈ পৰিছে। এক সংবাদ মেলত স্বাতী নন্দাই জনাইছে যে ‘জাতীয় আৰু আন্তৰ্জাতিক স্তৰত জলবায়ু পৰিৱৰ্তনক লৈ বহুত আলোচনা – বিলোচনা হয়। গ্লাচগো সন্মিলনৰ পৰা আৰম্ভ কৰি বহু স্থানত বহুত সিদ্ধান্ত লোৱা হৈছে। কিন্তু পৰিৱেশক তেতিয়াহে নিয়ন্ত্ৰণলৈ আনিব পৰা যাব, যেতিয়া ব্যক্তিগত পৰ্যায়তো কাৰ্বন নিঃসৰণৰ মাত্ৰা কমাব পৰা যাব। তেওঁৰ মতে গাড়ী, বাতানুকুল যন্ত্ৰ আদি বিভিন্ন সামগ্ৰীৰ ব্যৱহাৰ বা অভ্যাস সলনি নকৰি কেৱল জাতীয় বা আন্তৰ্জাতিক স্তৰত কিছুমান সিদ্ধান্ত ল’লেই জলবায়ু পৰিৱৰ্তনক ৰোধ কৰা সম্ভৱ নহয়। আমাৰ ব্যক্তিগত জীৱনযাত্ৰাৰে কাৰ্বন নিঃসৰণৰ হাৰ কমোৱা সম্ভৱ নহয়।’ দীৰ্ঘদিন ধৰি চৰকাৰী পৰিকল্পনাৰ সৈতে জড়িত তথা পৰিকল্পনা আয়োগৰ অৱসৰপ্ৰাপ্ত আমোলা অমিতাভ ৰয়ে এই সম্পৰ্কে কৈছে যে ‘পৰিস্থিতি কিমান ভয়ংকৰ হৈছে এটা উদাহৰণেই যথেষ্ট। শিল্প বিপ্লৱৰ সময়ত যি পৰিমাণৰ কাৰ্বন নিঃসৰণ হৈছিল, এতিয়া তাৰ পৰিমাণ দুগুণতকৈও অধিক। ফলত মানুহক জীয়াই ৰাখিবলৈ হ’লে, বিশ্বক বচাই ৰাখিবলৈ হ’লে প্ৰত্যেকেই উদ্যোগী হ’ব লাগিব।’
১৯৯৪ চনত ৰাষ্ট্ৰসংঘই সকলো দেশৰ বাবে ‘মিলেনিয়াম ডেভেলপমেন্ট প্লেন’ প্ৰস্তুত কৰিছিল আৰু ২০০০ চনৰ পৰা ২০১৫ চনলৈ লক্ষ্যমাত্ৰা পূৰণ কৰাৰ লক্ষ্যৰে ১৫ দফা বিষয় ঠিক কৰা হৈছিল। ২০১৫ চনত মূল্যায়ণৰ সময়ত দেখা গৈছিল যে তাৰে ২৫% কামো সম্পূৰ্ণ হোৱা নাই। ইয়াৰ পিছত ৰাষ্ট্ৰসংঘই ২০১৫ চনৰ পৰা ২০৩০ চনৰ ভিতৰত কৰিব পৰাকৈ হাতত ল’লে ‘চাছটেনেবল ডেভেলপমেন্ট প্লেন’ (SDP)। কিন্তু এই পৰিকল্পনাও যে বাস্তৱত ৰূপায়িত হ’ব, সেই আশা সুদূৰ পৰাহত। ইয়াৰ পিছত হয়তো পুনৰায় ১৫ বছৰৰ বাবে অইন কিবা নামত কোনো লক্ষ্যমাত্ৰা স্থিৰ কৰা হ’ব। কিন্তু জলবায়ু পৰিৱৰ্তনক ৰোধ কৰা অধিক কঠিন হৈ পৰিব।
‘আই-পি-চি-চি’ৰ প্ৰতিবেদনত কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তনৰ ফলত আঞ্চলিক স্তৰতো নানা ধৰণৰ পৰিৱৰ্তন হ’ব পাৰে। যেনে, বৰষুণ নোহোৱা, অধিক পৰিমাণৰ বৰষুণ হোৱা, অতি খৰাং হোৱা, ক’ৰবাত অত্যাধিক বৰফ পৰা, ইত্যাদি। ২০০৬-১৮ চনৰ ভিতৰত সমুদ্ৰৰ জলস্তৰক লৈ কৰা সমীক্ষামতে জানিব পৰা গৈছে যে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে জলস্তৰৰ গড়বৃদ্ধি হৈছে ৩.৭ মিলিমিটাৰ। ফলত এতিয়াৰে পৰা সতৰ্ক হৈ পৰিৱৰ্তন ৰোধৰ চেষ্টা নকৰিলে ভৱিষ্যত ভয়ংকৰ হ’বলৈ বাধ্য।