ৰাম আৰু ৰামৰ আধুনিক ভক্তসকল
সঞ্জীৱ কুমাৰ নাথ
বাতৰি কাকতত ওলোৱা এটা খবৰ অনুযায়ী যোৱা ৬ ফেব্রুৱাৰী মঙ্গলবাৰে ইণ্ডিগো এয়াৰলাইনছৰ এখন বিমান আকাশমার্গত থকাৰ সময়তে এজন মানুহে এটা ঢোলক বজাই “ৰঘুপতি ৰাঘৱ ৰাজা ৰাম” গাবলৈ ধৰিলে আৰু কিছুমান অন্য যাত্রীয়েও তেওঁৰ সৈতে ৰাম ভজন গাবলৈ আৰম্ভ কৰি এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিলে।
বিমানখনৰ পাইলট আৰু অন্য কর্মীসকলৰ বাবে এই হুলস্থূল নিয়ন্ত্রণ কৰা সহজ নাছিল কাৰণ সেই ভজন বন্ধ কৰিবলৈ ক’লে ধর্মীয় চেতনাত আঘাত হনাৰ অভিযোগ উঠিব পাৰে, কিন্তু নিয়ন্ত্রণ নকৰিলেও বেছি হুলস্থূলৰ ফলত বিমানৰ প্রয়োজনীয় ঘোষণা আদি কৰাত ভীষণ অসুবিধা হ’ব।
ইফালে বিমানত বহি থকা কোনো অ-হিন্দু যাত্রীয়ে এনে ধর্ম বা ভক্তি প্রদর্শনৰ বিৰুদ্ধে মাত মাতিলে আকৌ কাজিয়া পেচাল, মাৰ-পিট পর্যন্ত হ’ব পাৰে। আৰু এজন দুজন অসুখীয়া, দুর্বল যাত্রীয়োতো থাকিব পাৰে—যি কোনো মতে কষ্টেৰে যাত্রা কৰিছে, যাৰ স্বাস্থ্যৰ বাবে হুলস্থূল ক্ষতিকাৰক।
কিন্তু এনেবোৰ কথাৰ প্রতি সম্পূর্ণ আওকাণ কৰি সেই ৰামভক্ত ঢোলক বাদকে ঢোলক বজাই থাকিল আৰু “ৰঘুপতি ৰাঘৱ ৰাজা ৰাম” গাই থাকিল, মুক্ত কণ্ঠে, যথেষ্ট ডাঙৰ শব্দ কৰি। অন্য কেবা গৰাকী যাত্রীয়েও তেওঁৰ দৰেই নীয়ম-নীতি উল্লংঘা কৰি বিমানৰ ভিতৰত চিঞৰি চিঞৰি ভজন কৰি থাকিল।
এয়া কি বাৰু?
এয়া নাৰদ, প্রহ্লাদৰ দৰে পৰাভক্তৰ ভক্তি নে শুকদেৱৰ দৰে জ্ঞান, নে কি?
নিজৰ ঘৰত বা মন্দিৰ আদিত তেওঁলোকে চিঞৰি চিঞৰি ভজন গাই থাকিব পাৰে; তাত কোনো বাধা নাই। কিন্তু আকাশত উৰি থকা এখন বিমানত?
বাতৰি কাকতত ওলোৱা খবৰটোৰ উপৰি এই ঘটনাটোৰ এটা সৰু ভিডিঅ’ ক্লিপিংও আছে। তাত বেচ ডাঙৰ ঢোলক এটা বজাই থকা দেখা গৈছে মানুহজনক। প্রশ্ন হয় সেইহেন আকৃতিৰ ঢোলকটো লগত লৈ তেওঁ কেনেকৈ সোমাল বিমানত?
নে ৰামৰ নামত সকলো সম্ভৱ নেকি ভাৰতবর্ষত? এক প্রকাৰৰ ৰাম-লাইচেঞ্চ?
বহুতৰ মতে বাল্মীকিৰ ৰাময়ণৰ ৰাম সেই মহাকাব্যৰ মূল নায়ক মাথোন, ৰজা দশৰথৰ সত্য-প্রতিজ্ঞ পুত্র, ব্রাহ্মণ্যবাদৰ ৰক্ষক, ক্ষত্রিয় বীৰ ৰাম। সর্বজন পূজিত ভগৱান নহয়। ক্ষত্রিয় বীৰ ৰামক অতি সজোৰে পৰমেশ্বৰ হিচাপে উপস্থাপন কৰা হ’ল ভাৰতৰ হিন্দী-বলয়ৰ অতি প্রিয় ধর্ম গ্রন্থ তুলসীদাসৰ ৰামচৰিতমানসত।
এই গ্রন্থৰ সুন্দৰ কাণ্ডত ৰাৱণৰ ৰাজসভাত যেতিয়া ৰাৱণে হনুমানক প্রশ্ন কৰে যে তুমি কাৰ বলত বলীয়ান হৈ ইমান উৎপাত কৰিলা, অশোক বন ধ্বংস কৰিলা, তেতিয়া উত্তৰত হনুমানে কয় যে তেওঁৰ প্রভূ ৰামচন্দ্রৰ বলতেই সমস্ত ব্রহ্মাণ্ডই গতি লাভ কৰিছে—যে ৰামচন্দ্র স্বয়ং পৰমব্রহ্ম পৰমেশ্বৰ।
বোধকৰো ৰামক সকলোৰে প্রিয় কৰাৰ প্রয়াসেৰেই তুলসীদাসে ৰামৰ সীতা-ত্যাগৰ কাহিনী আৰু শূদ্র নিগ্রহৰ কাহিনীক (উত্তৰ কাণ্ডত শূদ্র তপস্বী শম্বূকক ৰামে হত্যা কৰা) ৰামচৰিতমানসত স্থান নিদিলে। (অৱশ্যে তথাপিও কিছুমান পিছপৰা জাতিৰ সংগঠনে সময়ে সময়ে ৰামচৰিতমানসৰ শূদ্র-বিদ্বেষৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে।)
অৱশ্যে তুলসীদাসৰ ৰামচৰিতমানসত ৰামৰ কঠোৰ, বীৰোচিত স্বভাৱতকৈ মৰমীয়াল, কোমল স্বভাৱহে বেছি দেখা পোৱা যায়। তুলসীদাসে ৰচনা কৰা এটা বিখ্যাত ৰাম ভজন হৈছে “ঠুমক চলত ৰামচন্দ্র”। শিশু ৰামচন্দ্রৰ থুপুক-থাপাক খোজ-কাটল আৰু অকণমানি শৰীৰৰ শোভাৰ বর্ণনা কৰি তুলসীদাসে কৈছে যে ৰামৰ অপূর্ব সৌন্দর্যৰ তুলনা দিবলৈ সংসাৰত একোয়েই নাই, গতিকে ৰামৰ তুলনা কেৱল ৰামৰ সৈতেহে হ’ব পাৰে।
এই ভজনত তুলসীদাসে শিশু ৰামৰ যি ধৰণৰ লালিত্য, মাধুর্য, কোমলতা দেখুৱাইছে, ৰামচৰিতমানসৰ প্রাপ্তবয়স্ক ৰামৰ চৰিত্রতো সেই একে ধৰণৰ সুষমা, সৌম্যতা, কোমলতা, অনুগ্রতা দেখুউৱা হৈছে। হনুমানৰ প্রতি ৰামৰ কৃতজ্ঞতা, সুগ্রীৱ, বিভীষণৰ প্রতি তেওঁৰ স্নেহ আদি তুলসীদাসে অতি সুন্দৰকৈ দেখুৱাইছে।
তুলসীদাসৰ ৰামচৰিতমানস ভাৰতৰ হিন্দী বলয়ত অতি জনপ্রিয়, কিন্তু তুলসীদাসৰ শান্ত, সমাহিত, মৰমীয়াল, কৃতজ্ঞ ৰামৰ স্থান যেন আজি এক খঙাল, উগ্র ৰামে লৈছে। ঠিক সেইদৰে ৰামৰ পৰম ভক্ত হনুমানৰ ৰাম-প্রেমত গদগদ চৰিত্রতকৈ যেন আজিৰ এচাম ৰাম ভক্তই গুৰুত্ব দিয়ে বিধ্বংসকাৰী, মহা তাণ্ডৱহেন এক হনুমানক।
চিত্রকাৰে অঁকা ৰাম আৰু হনুমানৰ চিত্রবোৰো সলনি হৈছে। ৰাম-ভক্তিত লীন পৰাভক্ত হনুমানৰ ছবিৰ স্থান লৈছে শৰীৰচর্চাবিদে প্রদর্শন কৰা শৰীৰৰ দৰে শক্তিশালী মাংস পেশী, “এইট-পেকছ্” আদিৰে গঢ়া হনুমানৰ ছবিয়ে। ৰামৰ মধুৰ, কোমল চেহেৰা সলনি হৈ মল্লযোদ্ধা বা শৰীৰচর্চাবিদৰ চেহেৰা হৈছেগৈ। ৰামৰ এই আধুনিক উগ্র ৰূপৰ গুৰিতে আছে এক অসহনশীল মনোভাৱ। অসহনশীল আৰু বেপৰোৱা।
“ৰঘুপতি ৰাঘৱ ৰাজা ৰাম” মহাত্মা গান্ধীৰো এটা অতি প্রিয় ভজন আছিল, কিন্তু মহাত্মা গান্ধীৰ ৰাম আৰু উৰন্ত বিমানত “ৰঘুপতি ৰাঘৱ” গাই হুলস্থূল কৰা আধুনিক ৰামভক্তৰ ৰাম জানো একেজন? মহাত্মা গান্ধীৰ ৰাম-ভক্তি আৰু আধুনিক বেপৰোৱা ভক্তৰ ৰাম-ভক্তি জানো একে?
Images from different sources
(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)