পৰিৱেশ সংৰক্ষণত নাৰী
পৰিৱেশ সংৰক্ষণত নাৰী মানস প্রতিম দত্ত পৰিৱেশক নাৰীৰ সৈতে তুলনা কৰা হয়৷ পৰিৱেশ নাৰীৰ দৰে মমতাময়ীও৷ পৃথিৱীত বহুকেইগৰাকী নাৰীয়ে পৰিৱেশ সুৰক্ষাৰ হকে মাত মাতি আন বহুজনৰ বাবে আদৰ্শ হিচাপে ঠিয় দিছে৷ তেনেকেইগৰাকীমানৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে এই লেখাত আলোকপাত কৰিব খোজা হৈছে৷ প্ৰকৃতি প্ৰেমৰ কথা ক’লেই আমাৰ মনলৈ প্ৰথমে আহে চিপকো আন্দোলনৰ কথা৷ চিপকো শব্দৰ অৰ্থ হ’ল সাৱটি ধৰা৷ সত্তৰ দশকত আৰম্ভ হোৱা এই আন্দোলন কেৱল এক আন্দোলন নহয়, ই ভাৰতবৰ্ষৰ প্ৰতিজন মানুহক শিকাই যোৱা প্ৰকৃতি প্ৰেমৰ আদিপাঠ৷ সেই সময়ৰ অবিভক্ত উত্তৰ প্ৰদেশৰ তথা বৰ্তমানৰ উত্তৰাঞ্চলৰ এখন ৰেণী গাঁৱৰ গাঁওবাসীয়ে ওচৰৰ অৰণ্যৰ পৰা খৰি, ফলমূল আদি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিছিল৷ এবাৰ এজন ঠিকাদাৰে সেই অৰণ্যৰ পৰা গছ কাটিবলৈ আহোঁতে গাঁৱৰ মহিলা মণ্ডলে গৌৰা দেৱীৰ নেতৃত্বত গছবোৰ সাৱটি ধৰি থাকিল আৰু গছবোৰ কটাত বাধা দিলে৷ ফলত ঠিকাদাৰ উভতি যাবলৈ বাধ্য হ’ল৷ চিপ্কো আন্দোলনৰ দৰেই অন্য এক আন্দোলন হৈছিল ১৮শতিকাত, ৰাজস্থানৰ প্ৰসন্ন খামকাৰ গাঁৱত৷ ৰজাই এটা দুৰ্গ সাজিবলৈ কাঠৰ প্ৰয়োজন হোৱাত বিষ্ণৈ সম্প্ৰদায় বাস কৰা গাঁওখনৰ কাষৰ অৰণ্যৰ পৰা গছ কাটিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু গাঁৱৰ মানুহে অমৃতা দেৱীৰ নেতৃত্বত গছবোৰ বচাবলৈ গছবোৰ সাৱটি ধৰি আছিল৷ ফলত গছ কাটিবলৈ অহা সৈন্য সামান্তই সেই ঠাইৰ পৰা উভতি যাবলগীয়া হৈছিল৷ এই কাৰ্যত ৰজাৰ খং উঠিল আৰু যেনেকৈ নহ’লেও গছ কাটি কাঠ আনিবলৈ নিৰ্দেশ দিয়ে৷ উপায়হীন সৈন্য বাহিনীয়ে গাঁওবাসীক আক্ৰমণ কৰে আৰু প্ৰায় ৩৬৩ গৰাকী বিষ্ণৈ সম্প্ৰদায়ৰ আবাসীয়ে খেজৰী গছ ৰক্ষা কৰি প্ৰাণ দিবলগীয়া হৈছিল৷ পৰিৱেশ সংৰক্ষণত হাক্কানি জনজাতিৰ এগৰাকী মহীয়সী নাৰী তুলসী গৌড়াৰ ভূমিক সদায়ে প্রাত:স্মৰণীয় হৈ থাকিব। কৰ্ণাটকৰ উত্তৰ কানাড়াত অন্যান্য জাতি-জনগোষ্ঠীৰ লগতে বসবাস কৰে এটি অন্যতম জনজাতি হাক্কানিসকল৷ হাহাক্কানি জনজাতিৰ গাঁও খনতে ১৯৪৪ চনত জন্ম গ্ৰহণ কৰে এগৰাকী কণমানিয়ে৷ মাক-দেউতাকে নাম ৰাখে তুলসী৷ ভাৰতীয় জনসমাজত ঔষধি গছ হিচাপে পৰিচিত তুলসী গছৰ নামৰ সৈতে জড়িত এইগৰাকী চিৰতৰুণীয়ে লাভ কৰিছে ২০২০বৰ্ষৰ সন্মানীয় পদ্মশ্রী সন্মান৷ ৮ নৱেম্বৰ ২০২১ তাৰিখে সেই সময়ৰ ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ হাতৰ পৰা পদ্ম সন্মান গ্ৰহণ কৰাৰ পাছৰে পৰা দেশবাসীৰ মাজত তেনেই এটি চিনাকি আৰু অনুপ্ৰেৰণাদায়ক ব্যক্তিত্ব হিচাপে পৰিচিত হৈ পৰা তুলসীৰ পিতৃমাতৃ খুবেই দুখীয়া আছিল৷ মাত্ৰ দুবছৰ বয়সতে পিতৃক হেৰুৱাই নিঠৰুৱা হৈ পৰা তুলসীয়ে কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ সক্ষম নহ’ল৷ অতি কম বয়সতে মাকৰ লগত কৰ্ণাটকৰ এখন স্থানীয় নাৰ্চাৰীত কাম কৰিবলৈ আৰম্ভ কৰে৷ অতি কম বয়সতে গোবিন্দ গৌড়াৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা তুলসীয়ে ৫০ বছৰ বয়সত স্বামীক হেৰুৱায়৷ নাৰ্চাৰীত কাম কৰাৰ পাছত তেওঁ অস্থায়ীভাৱে বনবিভাগৰ চাকৰিত যোগদান কৰে৷ প্ৰথমাৱস্থাত স্বেচ্ছাসেৱক হিচাপে যোগদান কৰা তুলসীৰ কৰ্ম-স্পৃহা আৰু প্ৰকৃতিৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই তিনি দশকৰ পাছত স্থায়ী চাকৰি লাভ কৰিবলৈ সক্ষম হয়৷ নাৰ্চাৰী আৰু বনবিভাগত কাম কৰা অভিজ্ঞতাৰে তেখেতে অৰণ্য আৰু বনবননি সম্পৰ্কে অপৰিসীম জ্ঞান লাভ কৰে৷ এই বাবেই তেখেতক সমগ্ৰ বিশ্বই সম্প্ৰতি অৰণ্যৰ বিশ্বকোষ বা এনচাইক্ল’পেডিয়া অব্ ফৰেষ্ট হিচাপে চিনি পায়৷ ইয়াৰ উপৰিও স্থানীয় জনগণৰ মাজত তেখেত বৃক্ষদেৱী নামেৰে অধিক পৰিচিত৷ তুলসীয়ে অৰণ্যভূমিৰ প্ৰতিটো প্ৰজাতিৰ মূল মাতৃ উদ্ভিদক যিকোনো স্থানতে চিনাক্ত কৰিব পৰা জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে৷ যোৱা ছয় দশক ধৰি প্ৰকৃতি সংৰক্ষণৰ সৈতে জড়িত গৌড়াই গছপুলি ৰোপণৰ জৰিয়তে জনসচেতনতা বৃদ্ধিৰো উদ্যোগ লৈছে৷ পৰিৱেশ প্ৰকৃতিৰ প্ৰতি তুলসীয়ে আগবঢ়োৱা নিৰৱচ্ছিন্ন সেৱাৰ বাবে ১৯৯৯ চনত কৰ্ণাটকৰ দ্বিতীয় সৰ্বোচ্ছ অসামৰিক সন্মান কৰ্ণাটক ৰাজ্যোৎসৱ সন্মান লাভ কৰিছিল৷ ইয়াৰ উপৰিও ১৯৮৬ চনত তেওঁ ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষমিত্ৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল৷ ...
Read moreDetails







