-মানস প্রতিম দত্ত |
প্রকৃতিৰ নান্দনিক সৌন্দর্যই অনবৰতে সৌন্দর্যপিয়াসী সকলক আকর্ষিত কৰি ৰাখে। প্রকৃতিৰ অপৰূপ সৌন্দর্যই মন মুগ্ধ নকৰাকৈ থকা প্রাণী সমগ্র পৃথিৱীতে বিৰল। আমি পোনপটীয়া দর্শন নকৰা পর্যন্ত বিষয়বস্তু সম্পর্কীয় প্রকৃততথ্য আৰু জ্ঞান আহৰণ কৰিব নোৱাৰোঁ। জ্ঞান আহৰণৰ অবিহনে শিকন কার্য সম্পন্ন নহয় আৰু কার্যক্ষেত্রত ইয়াক প্রয়োগৰ ক্ষেত্রত কোনো ব্যক্তিকে অভিৰোচিত কৰিব পৰা নাযায়। ই পুথিগত অথবা ‘থিয়ৰীটিকেল’ জ্ঞান হিচাপেই থাকি যায়। ফলত শিকন কার্য সম্পূর্ণ হৈছে বুলিব নোৱাৰি।
শিকন সম্পর্কে মনোবিজ্ঞানী এডৱার্ড গেইটছে কৈছিল যে –‘অভিজ্ঞতা আৰু প্রশিক্ষণৰ জৰিয়তে সম্পন্ন হোৱা আচৰণৰ সংশোধনে কার্যই হ’ল শিকন।’ ই জ্ঞান অর্জনকাৰী পৰিৱেশৰ সৈতে নিজক সমাযোজিত হোৱাত সহায় কৰে। শিকনৰ জৰিয়তে প্রত্যক্ষ অভিজ্ঞতা লাভৰ জৰিয়তে ব্যক্তিয়ে নৱ্য নতুন অভিজ্ঞতা লাভ কৰে আৰু ইন্দ্রিয় সজাগতা বৃদ্ধি কৰাৰ উপৰিও উদ্দীপনা শক্তিৰো বিকাশ ঘটায়, সেয়ে মনোবিদ ক্রো আৰু ক্রো-এ কৈছিল যে অভ্যাস আৰু মনোভংগী আয়ত্বকৰণৰ লগত নতুনকৈ কোনো কার্য সম্পাদন কৰাৰ দক্ষতাই হ’ল শিকন ।
পৰিৱেশৰ ক্ষেত্রতো ওপৰোক্ত কথাসমূহেই খাটে। গোলকীয় উষ্ণতা বৃদ্ধি ,অজন স্তৰৰ অৱক্ষয় তথা জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত প্রকৃতি সুৰক্ষাৰ গুৰুত্ব সম্পর্কে নৱ-প্রজন্মক সজাগ কৰিবৰ বাবে বিভিন্ন সজাগতা সভা আয়োজন কৰা হয়। এনে সভাসমূহত শিক্ষার্থী তথা নতুন প্রজন্মৰ যোগদান লেখত ল’বলগীয়া হয় যদিও এনে সভাসমূহ কেৱল বক্তৃতা আৰু উপস্থাপনৰ মাজতে সীমাবদ্ধ হৈ থাকে বাবে বিষয়বস্তুৰ প্রতি আগ্রহ নোহোৱা হৈ পৰা দেখা যায়। ফলস্বৰূপে প্রাকৃতিক অস্থিৰতা, বহন ক্ষমতাৰ প্রতি থকা ভাবুকিক কোনো প্রত্যাহ্বান বা সহাৱস্থান জনাব পৰাকৈ পৰিৱেশ সুৰক্ষাৰ ধাৰণাটোৱে বিকাশ লাভ কৰিব পৰা নাই। এনে প্রত্যাহ্বান আৰু অস্থিৰতাসমূহ নির্মূল কৰাৰ লগতে পৰিৱেশৰ প্রকৃত ক্ষেত্রখনক উপলব্ধি কৰিবলৈ প্রকৃতি শিবিৰসমূহ আয়োজন কৰাটো অতি প্রয়োজন হৈ পৰিছে।
প্রকৃতি শিবিৰসমূহ সাধাৰণতে দুই বা সপ্তাহ-দহ দিন ধৰি হয়।এই সময়ছোৱাত ক্ষেত্র অধ্যয়ন, সংৰক্ষণ, বিষয়বস্তু চিনাক্তকৰণ, পৰিৱেশ-মানুহৰ আত্মীয়তাৰ বিকাশ আদিৰ প্রশিক্ষণ প্রদান কৰা হয়। শব্দৰ জৰিয়তে জীৱৰ স্থিতি, চিনাক্তকৰণ আদিৰো প্রশিক্ষণ প্রদান কৰা হয়। এনে শিবিৰসমূহে শিক্ষার্থীৰ শক্তিৰ প্রায়োগিক কৌশল, দক্ষতা আৰু প্রকৃত নেতৃত্ব গুণৰ বিকাশ ঘটায়।
প্রকৃতি শিবিৰৰ জৰিয়তে শিক্ষার্থীসকলৰ শাৰীৰিক আৰু প্রজ্ঞানাত্মক বিকাশ ঘটাৰ উপৰিও সামাজিক বিকাশো ঘটে। বিভিন্ন প্রান্তৰ প্রশিক্ষার্থীয়ে একেলগে প্রশিক্ষণ গ্রহণ কৰাৰ ফলত সামাজিক আত্মীয়তাৰ বিকাশ ঘটে। ই মনোবৈজ্ঞানিকভাৱেও অতিশয় ইতিবাচক । দলীয় কার্য, সম্বন্ধ আদিৰ জৰিয়তে প্রশিক্ষার্থীৰ আত্মমূল্যায়ন গুণৰো বিকাশ ঘটে।
সম্প্রতি বিভিন্ন প্রকৃতিপ্রেমী সংগঠন, বেচৰকাৰী সংগঠন আদিৰ উদ্যোগত প্রকৃতি শিবিৰ আয়োজন কৰাৰ বাতৰি শুনা পোৱা যায়।এনে প্রকৃতি শিবিৰসমূহট ভর্তি মাচুলৰ ব্যৱস্থা থকাৰ বাবে সকলো শ্রেণীৰ ব্যক্তিয়ে শিবিৰত অংশগ্রহণৰ পৰা বঞ্চিত হ’বলগীয়া নহ’লেও বহু শিক্ষার্থী আর্থিক দুৰৱস্থাৰ বাবে এনে শিবিৰত অংশগ্রহণৰ সুবিধাৰ পৰা বঞ্চিত হয়। বর্তমান সময়ত পাঠ্যপুথিতো ক্ষেত্র অধ্যয়নক বিষয় হিচাপে অন্তর্ভুক্ত কৰা হৈছে যদিও ক্ষেত্রঅধ্যয়নৰ নামত সৰহসংখ্যক স্থানত বনভোজ খোৱাহে দেখা পোৱা গৈছে। এই ক্ষেত্রত শিক্ষানুষ্ঠানসমূহ কঠোৰ আৰু দায়িত্বশীল হোৱা উচিত।
চৰকাৰেও নির্দিষ্ট সময়ৰ অন্তৰালত উপযুক্ত সমল ব্যক্তিৰ উপস্থিতিৰে প্রকৃতি শিবিৰ আয়োজনৰ ব্যৱস্থা ল’ব পাৰে ।
শিক্ষার্থীসকলৰ প্রতি:
ক্ষেত্রঅধ্যয়নৰ সময়ত তোমালোকে মনত ৰাখিবা:
• তোমালোকে ক্ষেত্র অধ্যয়নৰ বাবেহে গৈছা।
• তোমালোকৰ লক্ষ্য পিকনিক নহয়, ক্ষেত্র অধ্যয়নহে।
• তোমালোকে ছাৰ-বাইদেউৰ সহায় লৈ ক্ষেত্র অধ্যয়ৰ বাবে যোৱা স্থানৰ ঐতিহ্য সংগ্রহ কৰিবা।
• স্থানীয় ব্যক্তিৰ সহয় ল’বা।
• তথ্য সংগ্রহ কৰিবা-
উক্ত ক্ষেত্রত পোৱা উদ্ভিদসমূহৰ§
উক্ত ক্ষেত্রত পোৱা প্রাণী সমূহৰ§
তথ্যৰ বিশ্লেষণ:
• ছাৰ-বাইদেউৰ সহায় লৈ বৈজ্ঞানিক নামসমূহ সংগ্রহ কৰিবা
• উদ্ভিদসমূহ নামৰ সৈতে চিনাক্ত কৰিবলৈ চেষ্টা কৰিবা
• উদ্ভিদ আৰু প্রাণীসমূহৰ গুণাগুণসমূহ জানিবলৈ চেষ্টা কৰিবা। ছাৰ-বাইদেউৰ উপৰিও মা-দেউতা আৰু জ্যেষ্ঠজনৰ সহায় ল’বা।