-মানস প্রতিম দত্ত |
কেবৰ পৰা ‘কা’ হ’ল । অসমীয়াই ৰাজপথত চিঞৰি চিঞৰি শাসকযন্ত্রৰ বিৰুদ্ধে প্রতিবাদ কৰিলে। চৰকাৰী কর্তৃপক্ষৰ নির্দেশত অসমীয়া ডেকা-গাভৰুৱে প্রাণ হেৰুৱালে , আহত হ’ল। ইমানৰ অস্থিৰ সময়ৰ মাজতো লোকসভা আৰু ৰাজ্যসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক । এয়া অৱশ্যে কোনো নতুন বা সাংঘাতিক কথা নহয়। সদনৰ সংখ্যাগৰিষ্ঠ দল এটাই ইচ্ছা কৰিয়েই যিকোনো বিল আইনত পৰিণত কৰিব পাৰে। তদুপৰি অসমীয়াৰ আৱেগ অনুভূতিৰ প্রতি দিল্লীৰ কোনো প্রতিক্রিয়াও নাই। প্রত্যেক বাৰেই যেতিয়া অসমীয়াৰ আৱেগ অনুভূতিত কুঠাৰঘাত পৰে তেতিয়াই দিল্লীয়ে পাহৰি যায় অসমক।সন্ত্রাস চলে অসমীয়াৰ ওপৰত। আৰু অসমীয়াই?
অসমীয়া জাতিক প্রায়ে আৱেগ সর্বস্ব জাতি বুলি কোৱা হয়। কেইমিনিটমানৰ, কেইদিনমানৰ আৱেগিকতাই আমাক আৱেগ সর্বস্ব বুলি ক’ব পৰাকৈ আমি বোধহীন নহয়।এই গণ আন্দোলনক দিল্লীয়ে কৰা প্রতিক্রিয়াৰ প্রতি আমি উত্তৰ দিবলৈ সাজু হ’বই লাগিব। নৱবর্ষ, উৎসৱৰ ধামখুমীয়াত আমি আমাৰ আৱেগবোৰ পাহৱিলে জানো হ’ব?
অসমীয়াৰ ন্যায্য দাবীক সাহস আৰু সততাৰে উত্থাপন কৰিবলৈ অসমীয়া সদায়ে সাজু হৈ থাকিব লাগিব। অসমীয়া জাতিৰ এই অস্থিৰ সময়ত সেই সুবিধাবাদী মানুহখিনি চিনি পোৱাত কৃপণালি নকৰিব।
অসমীয়াৰ প্রতি বনিক শ্ৰেণীৰ শোষণ দিল্লী বা দিছপুৰৰ অবিদিত নহয়। এই গণ সংগ্রামৰ সময়ছোৱাতো বনিক শ্রেণীয়ে কৰা শোষণ আমাৰ চকুত জলজল পটপটকৈ ধৰা দিলে। বন্ধ আৰু অস্থিৰতাৰ সুযোগ লৈ দৈনিক প্রয়োজনীয় সামগ্রী, শাক-পাচলিৰ দাম অত্যাধিক বৃদ্ধি কৰিলে। খাটিখোৱা মানুহৰ বাবে চিন্তা কৰিবলৈয়ো আহৰি নহ’ল তথাকথিত বনিক শ্রেণীৰ। আনকি ছপা দামতকৈ অধিক দমামতো বস্তু বিক্রীৰ সুযোগ ল’লে বনিক শ্রেণীয়ে। ৰাম টাঙোনটো কিন্তু পৰিল অসমীয়াৰ মূৰতে।
এই সময়্ছোৱাত জীৱনৰ মোহ এৰি যিসকল সাংবাদিকে সংগ্রামখনৰ বাতৰি ৰাইজৰ মাজৰ পৰা দেশৰ চুক-কোণলৈকে প্রচাৰ কৰিলে , সত্যক সততাৰে উপস্থাপন কৰিলে তেওঁলোক ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্র। কিন্তু তেনে সংবাদসেৱীৰ মাজতো তথাকথিত এটা চেটেলাইট চেনেলে অসমীয়া জাতিৰ হকে প্রাণ দিয়া শ্বহীদক ‘দুর্বত্ত’ বুলি বাতৰি প্রচাৰ কৰিহে এৰিলে।সেই প্রাণ আহুতি দিয়া জাতীয় শ্বহীদসকল যদিহে দুর্বৃত্ত তেন্তে প্রতিবাদত অংশ লোৱা প্রত্যেক অসমীয়া দুর্বৃত্ত নেকি? ৰাইজৰ স্বত:স্ফূর্ত অংশগ্রহণ , ছাত্র সমাজৰ নেতৃত্বই গণ আন্দোলনে তীব্র ৰূপ ধাৰণ কৰিছিল। তাৰ মাজতে কোনো কোনোৱে নেতা হোৱাৰ আখা কৰা বুলিও অভিযোগ শুনা গ’ল। কিন্তু ছাত্র সমাজ আৰু অসমৰ জনগণৰ হাতত, মাজত অসমীয়া জাতি আৰু ভাষা যে সুৰক্ষিত সিও প্রমাণ হ;ল। নিস্বার্থ ছাত্র সমাজ আৰু জনগণৰ এই জাতিপ্রেম অসম আৰু অসমীয়াৰ ৰন্ধ্রে ৰন্ধ্রে বিয়পি আছে, বিয়পি থাকিব।
আন্দোলনক গণ বিচ্ছিন্ন কৰিবলে ছদ্মবেশীৰ অভাৱ নাই। উচতাই জোল খোৱা এচাম ছদ্মবেশীয়ে এই আন্দোলনক অসমীয়া-বাঙালীৰ সংঘর্ষলৈ ৰূপান্তৰিত কৰিবলৈয়ো চেষ্টা নকৰা নহয়।কিন্তু অসমত জন্ম লাভ কৰা অসমৰ বাঙালী সম্প্রদায়ে কেব/কাৰ বিৰুদ্ধে স্বত:স্ফূতর্তভাৱে ভাৱে ওলায় অহা দেখা গ’ল। জয় আই অসম, অসমীয়া মোৰ মাতৃভাষা আদি শ্লোগানেৰে ৰাজপথলৈ ওলায় আহিল। এয়াই অসমীয়া। এই আন্দোলনৰ প্রতি এচাম বিদেশীৰহে হয়তো সঁহাৰি নাই।
এই পৰিৱর্তনকামী চৰকাৰে লোক-সংস্কৃতি , ভাষিক ঐতিহ্যৰ কথা কয়। আমি ভাবিছিলোঁ সুৰক্ষিত হ’ব আমাৰ জাত-মাটি-ভেটি।কাৰণ নেতৃত্বত আছিল অসমৰ জাতীয় নায়ক (?)। কিন্তু আমি দেখিলোঁ কি? কোনো দিনে সান্ধ্য আইন কি নুবুজা আমৰ প্রজন্মই বুজি পালোঁ ফেচিষ্ট চৰকাৰে ৰাইজক কেনেকৈ হাৰাশাস্তি কৰিব পাৰে। ৰাইজৰ আৱেগৰ প্রতি কিমান শ্রদ্ধাশীল তেওঁলোক!
কেব/কাই অসমীয়াক ক্ষতি নকৰে বোলা চৰকাৰে বুজা উচিত অসমক কেনেদৰে ক্ষতি কৰিব। অসমে অসমীয়াৰ বাবে, অসমৰ বাবে আন্দোলন কৰিবলগীয়া হৈছে তাতকৈ ভয়াবহ কথা কিবা থাকিব পাৰে নেকি? অসমীয়াৰ ঐতিহ্যক কুঠাৰাঘাত কৰি সম্প্রীতিৰ এনাজৰীডাল চিঙি মোহাৰি কেনেকৈ সুৰক্ষিত হ’ব পাৰিম আমি ! অসমীয়া ভাষা-সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিব পৰা এনে আইন আমি কেনেকৈ গ্রহণ কৰিব পাৰিম? চৰকাৰে এই আইন প্রত্যাহাৰ কৰাৰ উদ্যোগ লওঁক।