Paytm
-তনয় চক্ৰৱৰ্তী
পুনৰ Paytm-অৰ অৰ্থনৈতিক কেলেংকাৰীৰ ইঙ্গিত পোৱা গৈছে নেকি! এই ডিজিটেল পেমেন্ট বেংকত নতুনকৈ কোনো একাউণ্ট খুলিব পৰা নাযাব। নতুনকৈ কোনো গ্ৰাহক ডিজিটেল পেমেন্ট বেংকটোত সংযুক্ত কৰিব নোৱাৰিব Paytm-এ। যোৱাকালি শুক্ৰবাৰে (১১-০৩-২০২২) এই নিৰ্দেশ জাৰী কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া-ই।
শুক্ৰবাৰে ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা এক বিবৃতিৰ জৰিয়তে জনাই দিয়া হৈছে যে Paytm-অক কোনো অডিট ফাৰ্মৰ দ্বাৰা সংস্থাটোৰ বিত্তীয় লেনদেন আৰু আয়কৰ সংক্ৰান্তীয় হিচাব – নিকাচ কৰিব লাগিব। Paytm-অৰ হিচাব নিকাচ সংক্ৰান্তীয় একাধিক বিষয়ত অনিয়মৰ ইঙ্গিত পাইছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া-ই। পিছলৈ সংস্থাটোৱে ৰিজাৰ্ভ বেংকৰ ওচৰত ৰিপোৰ্ট জমা দিলে সেই ৰিপোৰ্ট চাই চিন্তি নতুন গ্ৰাহকভুক্তিৰ বাবে অনুমতি দিয়া – নিদিয়া বিষয়টো সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া-ৰ লক্ষ্য হ’ল ডিজিটেল ব্যৱস্থাত স্বচ্ছতা অনা। Paytm -অৰ প্ৰতি আগতেও ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া-ৰ দৃষ্টি আছিল। ২০২১ চনৰ অক্টোবৰত অনিয়মৰ বাবে Paytm-অক জৰিমনা বিহা হয়। নিয়মভঙ্গৰ অভিযোগত ১ কোটি টকা Paytm-এ জৰিমনা ভৰিবলগীয়া হয়। কিন্তু এই মুহুৰ্তত Paytm-অৰ গ্ৰাহকসকলে বিশেষ কোনো চিন্তা কৰিব লগীয়া অৱস্থা হোৱা নাই বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। কাৰণ ইতিমধ্যে Paytm-অক শ্বিডিউল বেংক হিচাপে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া-ই বিভূষিত কৰি থৈছে।
মূলতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেশ্বলেচ্ অৰ্থনীতিৰ সপক্ষে ঘোষণা কৰাৰ পিছৰে পৰাই Paytm-অৰ বিশাল উন্নতি হয়। সংস্থাটো একেবাৰে ফুলি উঠে। এনে এক সময় আছিল, যি সময়ত ভাৰতৰ ডিজিটেল লেনদেনৰ বজাৰখনৰ সিংহভাগ Paytm-অৰ দখলত আছিল। কালক্ৰমত সেই জনপ্ৰিয়তা হ্ৰাস পাইছে। আই-পি-অ’ অহাৰ পিছত বুজন পৰিমাণৰ লোকচানৰ সন্মুখীনো হৈছে। এতিয়া নতুনকৈ ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা নিষেধাজ্ঞা জাৰী হৈছে। গতিকে অদূৰ ভৱিষ্যতে Paytm-অৰ অৱস্থা কেনে হয় – সময়ে হে বিচাৰ কৰিব পাৰিব।