• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতি

by Editor
November 19, 2024
in Cultural, Folk, Opinion
Reading Time: 3 mins read
0
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ
Share on FacebookShare on TwitterShare on LinkedIn

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

ৰঘুনাথ কগয়ুং

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

‘জাতীয় সমন্বয় সাধনৰ ক্ষেত্ৰত সংস্কৃতিৰ ভূমিকা অনন্য। সংস্কৃতিৰ সেই প্ৰক্ৰিয়াৰ কথা পৰ্যালোচনা কৰি চালে দেখা যায় যে যুগ যুগ ধৰি সমাজ বিৱৰ্তনৰ পথত ৰাজনৈতিক ভূমিকাতকৈ সাংস্কৃতিক ভূমিকাই অধিকভাৱে প্ৰাধান্য লাভ কৰি আহিছে।’ (গম্লাপ মিগাং ভৃগুমুনি কাগয়ুং)।

অসমীয়া সংস্কৃতিত জনজাতীয় সংস্কৃতিৰ প্ৰভাৱ অপৰিসীম। ‘জনগোষ্ঠীয় সংস্কৃতি’ (‘জনজাতীয় সংস্কৃতি’ শব্দটোৰ একে অৰ্থসূচক শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে)ৰ উপাদানবোৰ বাদ দি অসমীয়া সংস্কৃতিৰ কথা আলোচনা কৰাই অমূলক।

অসমীয়া সংস্কৃতিৰ আলোচনাৰ বেলিকা দুটা আনুষংগিক কথা আহি পৰে— প্ৰথমতে, ‘জনগোষ্ঠীয় সংস্কৃতি’ বা ‘জনজাতীয় সংস্কৃতি’ক বাদ দিলে অসমীয়া সংস্কৃতি বুলি যথাৰ্থ কোনো সংস্কৃতি নাই। বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক উপাদান (ভিন্ন সময়ত)ৰ দ্বাৰা গঠিত এটি বাংময় আৰু দৃশ্যমান, পৰিৱেশ্য আৰু পৰিশীলিত ৰূপ হ’ল অসমীয়া সংস্কৃতি। এই ক্ষেত্ৰত অসমীয়া জাতিৰ প্ৰসংগলৈ উনুকিয়াব পাৰি।

বিভিন্ন জাতিৰ সংমিশ্ৰণতহে অসমীয়া জাতি গঢ়ি উঠিছে। ‘অসমীয়া জাতি’ বুলিলে সেয়ে জাতি-জনগোষ্ঠীবিলাকলৈহে আঙুলিয়াব লগা হয়। অসমীয়া সংস্কৃতি বুলি ক’বলৈ হ’লেও একেদৰে জাতি-জনগোষ্ঠীবিলাকৰ সাংস্কৃতিক উপাদানৰ প্ৰসংগলৈ আঙুলিওৱাৰ বাদে গত্যন্তৰ নাই। দ্বিতীয়তে, বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান অসমীয়া সংস্কৃতিত ইমানেই বিলীন হৈ গ’ল যে— এতিয়া সেইবোৰক জাতি-জনগোষ্ঠীবিলাকৰ সংস্কৃতি বুলিব পৰা নাযায়।

দিচাং, দিখৌ, জাঁজী, ভোগদৈ, কাকডোঙা, টুনী, যোগীসুঁতি আদি উপনৈৰ পানীবোৰ বাগৰি গৈ বিশাল ব্ৰহ্মপুত্ৰত পৰিছে। ব্ৰহ্মপুত্ৰৰ পানীবোৰৰ মাজৰপৰা উপনৈবিলাকৰ পানীবোৰ চিহ্নিত কৰা যিদৰে জটিল— অসমীয়া সংস্কৃতিৰ মাজৰপৰাও জাতি-জনগোষ্ঠীবিলাকৰ সংস্কৃতিবোৰ পৃথক কৰা বা চিহ্নিত কৰা সমানেই জটিল। অসমৰ পৰিচয়বাহক নৈ ব্ৰহ্মপুত্ৰক যিদৰে আঙুলিয়াব পাৰি, অসমৰ সংস্কৃতিৰ বেলিকা অসমীয়া সংস্কৃতিক আঙুলিয়াব পাৰি।

অসমৰ জাতীয় নৈ হৈছে বিশাল ব্ৰহ্মপুত্ৰ। উপনৈবোৰ ইয়াৰ সৌন্দৰ্য, প্ৰাণ আৰু চালিকাশক্তি। অসমৰ জাতীয় সংস্কৃতিও অসমীয়া সংস্কৃতিহে ! জাতি-জনগোষ্ঠীয় সংস্কৃতিবোৰ হ’ল অসমীয়া সংস্কৃতিৰ প্ৰাণ, সৌন্দৰ্য আৰু মূল চালিকাশক্তি। এই দুটা দিশৰ কথা এই কাৰণেই কোৱা হৈছে যে— অসম আৰু অসমীয়াৰ যিকোনো প্ৰসংগ আলোচনাৰ বেলিকা এই দুটা দিশলৈ দৃষ্টি ৰখা উচিত।

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসম, অসমীয়াৰ জাতি-সংস্কৃতি বাদেই, অসম-অসমীয়া শব্দৰ সৃষ্টিৰ বহু বছৰ আগৰপৰাই এই ভূখণ্ডত ভিন্ন জাতি-জনগোষ্ঠী বাস কৰি আছিল। নৃতাত্ত্বিক বিচাৰত প্ৰাগজ্যোতিষ বা কামৰূপলৈ অহা প্ৰথম নৃ-গোষ্ঠী হ’ল অষ্ট্ৰিকসকল, কিন্তু তেওঁলোক পৰৱৰ্তী কালত পুনৰ ঘূৰি যায়। তাৰ পিছতে দ্ৰাবিড়, মংগোলীয় গোষ্ঠীৰ বহুতো লোক এই ভূখণ্ডলৈ আহে। মংগোলীয় নৃ-গোষ্ঠীৰ লোক চামে চামে ভিন্ন সময়ত অসমত প্ৰৱেশ কৰে আৰু অসম-অসমীয়া চেতনাৰ জন্ম, প্ৰসাৰ আৰু সমৃদ্ধি কৰে।

অসম-অসমীয়া চেতনাৰ সৃষ্টিৰ অন্তৰালতে নিহিত হৈ আছে ‘সংমিশ্ৰণ’। সংমিশ্ৰণ হ’ল অসমীয়া সংস্কৃতিৰ প্ৰাণবস্তু। অসমীয়া সংস্কৃতিৰ জন্মৰপৰা বৰ্তমানলৈকে সাংস্কৃতিক সংমিশ্ৰণৰ এক অৱধাৰিত প্ৰৱাহ অব্যাহত আছে আৰু অব্যাহত থাকিব।

পাৰিবাৰিক সংমিশ্ৰণ, সামাজিক বিধি-ব্যৱস্থাৰ সংমিশ্ৰণ, সাংস্কৃতিক সংমিশ্ৰণ, সাহিত্য-কলাৰ সংমিশ্ৰণৰ ফলত অসমীয়া সংস্কৃতি সমৃদ্ধিশালী হ’ল আৰু এই সমৃদ্ধিৰ মূল চালিকাশক্তিৰ ভূমিকা পালন কৰে জাতি-জনগোষ্ঠীৰ সংস্কৃতিবিলাকে। অসমীয়া সংস্কৃতিত জনজাতীয় বা জনগোষ্ঠীয় সংস্কৃতিৰ প্ৰভাৱৰ বিষয়ে সামান্যতম আভাস দিবলৈ ইয়াত যত্ন কৰা হ’ব।

অৱশ্যে তলত দিয়া কথাখিনি ব্যাখ্যা কৰা হ’লেহে আচল তত্ত্বটো অনুধাৱন কৰাত সহজ হ’লহেঁতেন যদিও প্ৰবন্ধটোৰ পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি ব্যাখ্যা কৰাৰপৰা আঁতৰত থাকিলো।

অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত জনগোষ্ঠীয় প্ৰভাৱ বিদ্যমান। অসমীয়া ভাষাত দন্তমূলীয় ধ্বনি জনগোষ্ঠীয় প্ৰভাৱৰ ফল। তিব্বতবৰ্মীয় ভাষাত দন্তমূলীয় ধ্বনিহে আছে, সংস্কৃতত ‘দন্ত্য’ আৰু ‘মূৰ্ধণ্য’—দুয়োটা ধ্বনিয়ে আছে। অসমীয়া ভাষাত দন্তমূলীয় ধ্বনিহে পোৱা যায়, ই তিব্বতবৰ্মী ভাষাৰে ফল বুলিব পৰা যায়।

অসমীয়া ভাষাৰ হ্ৰস্ব আৰু দীৰ্ঘ স্বৰৰ পাৰ্থক্যহীনতা পোৱা যায়। তিব্বত-বৰ্মীয় ভাষাত হ্ৰস্ব-দীৰ্ঘ স্বৰৰ পাৰ্থক্য নাই, ই অসমীয়া ভাষালৈ তিব্বতবৰ্মীয় ভাষাৰ পৰা আহিছে। অসমীয়া নিৰ্দিষ্টবাচক প্ৰত্যয় (জন, জনী, ডাল, টো), সম্বোধনবাচক শব্দ (ককায়েক, আইতাক), স্থানবাচক শব্দ, নদীবাচক শব্দবোৰ তিব্বতবৰ্মীৰপৰা অহা।

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

বৰাহী ৰজা মহামাণিক্য, কমতা ৰজা, দুৰ্লভনাৰায়ণ, ইন্দ্ৰনাৰায়ণ, কোচ ৰজা নৰনাৰায়ণ, আহোম ৰজা শিৱসিংহ আদিৰ পৃষ্ঠপোষকতাত অসমীয়া সাহিত্যৰ চৰ্চা হৈছিল। আধুনিক যুগত জনগোষ্ঠীয় লেখকৰ বৰঙণিৰে অসমীয়া সাহিত্য সমৃদ্ধ হৈ আছে। তাৰে কেইগৰাকীমান হ’ল— ৰূপনাথ ব্ৰহ্ম, বিষ্ণুপ্ৰসাদ ৰাভা (বড়ো-কছাৰী), ৰাজেন ৰাভা (ৰাভা), পদ্ম পাটৰ (তিৱা), যোগেশ দাস (কছাৰী), ৰং বং তেৰাং (কাৰ্বি), তৰুণচন্দ্ৰ পামেগাম, ভৃগুমুনি কাগয়ুং (মিচিং), লুম্বেৰ দাই (আদি) ইত্যাদি।

অসমীয়া সংস্কৃতিৰ ধৰ্ম-দৰ্শন, লোকবিশ্বাস-অন্ধবিশ্বাসৰ ক্ষেত্ৰত জনগোষ্ঠীয় প্ৰভাৱ বিদ্যমান। দেও-ভূত, বীৰা-পিশাচ-যখ-জল দেৱতাৰ ধাৰণা, হাঁহ-পাৰ-ছাগলী-কুকুৰাৰ বলি দিয়া প্ৰথা, তাম্ৰেশ্বৰীক মাতৃ ৰূপত কল্পনা, শিৱক বাইথৌ, কামাখ্যাক আই গোসাঁনীৰ ৰূপত কল্পনা (বড়ো), কামাখ্যা মন্দিৰৰ সৃষ্টি (কামাখ্যা আদিতে অষ্ট্ৰিকৰ মৰিশালি আছিল, তাৰ পিছত বড়োৰ উপাস্য দেৱী, বৰ্তমান হিন্দুৰ পীঠস্থান) আদি জনজাতীয়সকলৰ অৱদান।

খাদ্য গ্ৰহণৰ ক্ষেত্ৰত জনগোষ্ঠীয় প্ৰভাৱ বিদ্যমান। মাছ-মাংস ভক্ষণ প্ৰথা (ভাৰতৰ অন্যান্য উচ্চ বৰ্ণ হিন্দুৱে মাংস নাখায়, অসমৰ উচ্চ বৰ্ণ হিন্দুৱে খায়। পৃথিৱীৰ অন্যান্য বৌদ্ধধৰ্মীয়ে মাংস নাখায়, অসমৰ বৌদ্ধধৰ্মীয়ে খায়), গাহৰি মাংস গ্ৰহণ (ভাৰতৰ অন্যান্য উচ্চ বৰ্ণ হিন্দুৱে ‘গাহৰি’ ঈশ্বৰ-অংশী বুলি খাদ্য ৰূপত গ্ৰহণ নকৰে, অসমৰ হিন্দুসকলে কৰে)।

নামচিং, শুকটিমাছ, খৰিচা, বাঁহ-বেতৰ গাজ, পচলা, মদ আদিৰ প্ৰচলন জনগোষ্ঠীয় প্ৰভাৱৰ ফল। চিকাৰ কৰা, মাছ ধৰা, পহু চিকাৰ আদি জনগোষ্ঠীয় প্ৰভাৱৰ ফল।

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ
Photo by James Wheeler on Pexels.com

উৎসৱ-পাৰ্বণ, আচাৰ-লোকাচাৰৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতিত জনগোষ্ঠীয় প্ৰভাৱ যথেষ্ট পৰিমাণে পৰিছে। অসমীয়া বাঁহ সংস্কৃতি (টকা, গগনা, বাঁহী আদি সামগ্ৰী, জাকৈ-খালৈ-চেপা-চালনী-খৰাহি, পল-ডলা আদি সামগ্ৰী)ত জনগোষ্ঠীয় প্ৰভাৱ বিদ্যমান। পেঁপা, ঢোল আদি বাদ্য, বিহুৱান, তামোল-পাণৰ ব্যৱহাৰ আদি প্ৰথা জনগোষ্ঠীয় প্ৰভাৱৰ ফল।

সমাজ-জীৱন ধাৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতিত জনগোষ্ঠীয় প্ৰভাৱ ভালেমান আছে। যৌথ পৰিয়ালৰ ধাৰণা, ব্যৱস্থা, মাতৃপ্ৰধান সমাজ ব্যৱস্থা (নাৰী মৰ্যাদাক আগস্থান দিয়া), গন্ধৰ্ব বিবাহৰ প্ৰচলন, দৰা-কইনাক বাট আগচি ধৰা প্ৰথা জনজাতীয় বা জনগোষ্ঠীয় প্ৰভাৱৰ ফল।

তামোল-পাণ দি শৰাই আগবঢ়াই দিয়া প্ৰথা, মুৰংঘৰ বা ডেকা চাঙৰ আৰ্হিত ঘৰ নিৰ্মাণ, মুৰংঘৰৰ আৰ্হিত ‘নামঘৰ’ নিৰ্মাণ, গাঁও পৰিচালনা পদ্ধতি— বানে কৗবাং, বাংকে কেবাং ইত্যাদিৰ আৰ্হিত গাঁওসভা, পঞ্চায়ত সভা গঠন জনগোষ্ঠীয় প্ৰভাৱৰ ফল।

অসমীয়া সাজ-পোছাক, আ-অলংকাৰৰ ক্ষেত্ৰত জনগোষ্ঠীয় উপাদান অনেক আছে। চাদৰ, ৰিহা-মেখেলাৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিত জনগোষ্ঠীয় প্ৰভাৱৰ ফল। (ভাৰতৰ অন্যান্য ঠাইত নাৰীয়ে এখন বস্ত্ৰহে পৰিধান কৰে (শাৰী), কিন্তু অসমত দুখন (ৰিহা-চাদৰ) বস্ত্ৰ পৰিধান কৰে। মিচিঙৰ গাৰে-গাছৰ, বড়োৰ দখনাৰ প্ৰভাৱ ইয়াত বিদ্যমান।) ‘মিৰিজিম’ৰ ব্যৱহাৰ (ই মিচিং কাপোৰ।

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

ইয়াৰ আৰ্হিত অসমত জাৰৰপৰা পৰিত্ৰাণ পাবৰ বাবে বহু ধৰণৰ কাপোৰ তৈয়াৰ কৰি আহিছে।) বা এনে আৰ্হিৰ কাপোৰৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিত জনগোষ্ঠীয় প্ৰভাৱৰ ফলতে হৈছে। চাদৰ-মেখেলাত ৰং-বিৰঙৰ সমন্বয় কৌশল, তাঁত বোৱা প্ৰথা। (ভাৰতৰ অন্যান্য ঠাইত তাঁতী বুলি এক বিশেষ শ্ৰেণীৰ মানুহেহে তাঁত বয়, অসমত সকলো তিৰোতাই তাঁত বব জানে বা শিকে। ই মংগোলীয় জনগোষ্ঠীৰ দান।)

এৰী কাপোৰ, পাট-মুগা কাপোৰৰ ব্যৱহাৰ (এৰী কাপোৰ অসমৰ একচেটিয়া সম্পদ, কিন্তু ই মংগোলীয়ৰ পূৰ্বস্তৰ কিৰাত গোষ্ঠীৰ দান।) জনজাতীয়সকলৰপৰা অসমীয়া সংস্কৃতিত পৰিছে। ৰিহা-মেখেলা কঁকালত টঙালি বন্ধা নিয়ম জনজাতীয় সমাজৰ দান। জনজাতীয় সমাজত নাৰীয়ে কঁকালত টঙালি বান্ধি কাম কৰে। যেনে— মিচিং নাৰীৰ চেগৰেগ বা পথালি।

এনেদৰে বিচাৰ কৰিলে অসমীয়া সংস্কৃতিলৈ জনগোষ্ঠীয় সংস্কৃতিৰ উপাদান অনেক দেখা পোৱা যায়। এই আলোচনাটো তেনেই চমু আৰু চমু পথীয়া আলোচনাহে। বিস্তৃত, গভীৰ আৰু সুচিন্তিত অধ্যয়ন কৰিলে আৰু অনেক ন ন দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

‘সমন্বয়’ আৰু ‘সমাহৰণ’— সংস্কৃতিৰ এৰাব নোৱৰা অংগ। সাম্প্ৰতিক অসমীয়া সংস্কৃতি অসমীয়া আৰু জনজাতীয় সংস্কৃতিৰে সমন্বিত ৰূপ। অসমীয়া সংস্কৃতি আৰু জনজাতীয় সংস্কৃতিৰ আদান-প্ৰদান আৰু বিনিময়ৰ ফলশ্ৰুতিতে আজি অসমীয়া সংস্কৃতিয়ে সমৃদ্ধিশালী ৰূপ লাভ কৰিছে।

জনজাতীয় বা জনগোষ্ঠীয় সংস্কৃতি হ’ল অসমীয়া সংস্কৃতিৰ বৰভেটি। অসমীয়া সংস্কৃতিৰ এই বৰভেটিটো মজবুত হোৱা কাৰণেই সময়ে সময়ে অনেক কাল-ধুমুহা অহাৰ পিছতো অসমীয়া সংস্কৃতিয়ে আজিও (গোলকীকৰণৰ যুগতো) থিয় হৈ থাকিব পাৰিছে।

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমীয়া জনজাতীয় সংস্কৃতিঃ
Editor

Editor

Related Posts

Why Are 87 Million Indian Youth Not Working, Studying or Training?
Opinion

Why Are 87 Million Indian Youth Not Working, Studying or Training?

by Kakali Das
September 10, 2026
0

Why Are 87 Million Indian Youth Not Working, Studying or Training? KAKALI DAS What if all of India’s young people...

Read moreDetails
India’s 7.8% GDP Growth: Jobs, Inflation and the Reality Behind the Numbers

India’s 7.8% GDP Growth: Jobs, Inflation and the Reality Behind the Numbers

September 10, 2026
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
shallow focus of letter paper

When Words Had a Journey: Letters in a Digital Age

September 4, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d