• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

দ’ পাৰফেক্ট প্লান

পিনাকপানি বৰুৱা

by Anjan Sarma
April 9, 2023
in Literature
Reading Time: 16 mins read
0
man reading a book

Photo by cottonbro on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

দ’ পাৰফেক্ট প্লান

পিনাকপানি বৰুৱা

দ’ পাৰফেক্ট প্লান
Photo by Emiliano Arano on Pexels.com

(ৰহস্যধৰ্মী উপন্যাসিকা)

দ’ পাৰফেক্ট প্লান:

ফন ক’লটো পোৱাৰ লগে লগেই চাৰিজন কনিষ্টবলৰ লগত অ চি নাথ উপস্থিত হ’লহি ৰূপনগৰৰ হাউচ নং ৬-এ সন্মূখত। ঘৰটোৰ আগেপিছে থকা দুয়োখন দুৱাৰ ভিতৰৰ পৰা বন্ধ, নাথে বাৰম্বাৰ কলিং বেল বজোৱাৰ পাছতো দুৱাৰ খোল নোখোৱাত কনিষ্টবল বৰাক নিৰ্দেশ দিলে বল প্ৰয়োগ কৰিবলৈ।

অৱশ্যে কনিষ্টবল বৰা আৰু কোঁৱৰ আগবাঢ়োতেই দুৱাৰখন খোল খালে। আনটো পাৰে ঠিয় হৈ থকা গায়ত্ৰীৰ কপালৰ ঘাম আৰু সেমেকা চকুয়ে এটা কথা স্পষ্ট  কৰিলে যে অলপ আগতে অহা ফ’ন কলটো ভুৱা নাছিল।

‘কি হৈছে ভিতৰত?’-নাথে গহীনত সুধিলে।

‘মই একো বুজি পোৱা নাই কি হ’ল।’-ভয়ে ভয়ে উত্তৰ দিলে গায়ত্ৰীয়ে।

‘মানে?’

গায়ত্ৰীয়ে ভিতৰলৈ আঙুলিয়াই দেখুৱালে।তিনিও সোমাই গ’ল আৰু প্ৰতক্ষ্য কৰিলে বিচনাত পৰি থকা অভিযন্তা জয়দ্বীপৰ নিথৰ দেহটো। ওপৰলৈ মূৰ কৰি পৰি থকা মৃতদেহটোৰ বুকুত গুলিৰ দাগ, তেজে ৰাঙলী কৰা বিচনা বা আশে পাশে কতো দেখা পোৱা নগ’ল গুলি নিৰ্গত কৰা বন্দুকটো।

‘বন্দুকটো ক’ত?’

‘মই নাজানো’-কপালত হাত থৈ গায়ত্ৰীয়ে ক’লে।

পিছ মুহুৰ্ততে নাথে ঘৰটোৰ আনকেইটা কোঠা চলাথ কৰিলে বন্দুকটোৰ সন্ধানত, সন্ধান কৰিছিল তৃতীয় কোনো ব্যক্তিৰো। পিছে নাথহঁত অহাৰ পূৰ্বে ঘৰটোত দুজনেই মানুহ আছিল, এজন জীৱিত আৰু আনজন…

দ’ পাৰফেক্ট প্লান
Photo by Pixabay on Pexels.com

‘চাৰ পালো বন্দুকটো’-কোঁৱৰে বাথৰুমৰ ইংলিছ টাইপ ক’মডটোৰ কাষৰ পৰা চিঞৰ লগালে। নাথ আৰু বৰা দৌৰি গ’ল, পিছে পিছে গায়ত্ৰী।

‘উঠাই আন।’

‘চাৰ?’-চকু ডাঙৰ কৰি কোঁৱৰে প্ৰতিক্ৰীয়া ব্যক্ত কৰিলে, ‘ক’বই নালাগিছিল পায়।’-বুলি কোঁৱৰে নাকত এখন হাত দিলে।

‘কিয় হত্যা কৰিলা তুমি নিজৰ স্বামীক?’- নাথে গায়ত্ৰীক সুধিবলগীয়া প্ৰশ্নটো সুধিবলৈ আৰু পলম নকৰিলে।

‘মই?’- চকু ডাঙৰ কৰি চিৎকাৰ কৰি উঠিল গায়ত্ৰী বৰুৱা, ‘আপুনি কি কথা সুধিছে?মই কিয় মাৰিম তেঁওক?’

‘দুয়োখন দুৱাৰ ভিতৰৰ পৰা বন্ধ। ঘৰটোত মানুহ আছিল দুটা। তেনে পৰিস্থিতিত কি সাহসত কৈছা যে তুমি হত্যা নাই কৰা।’- কঠোৰ হৈছিল নাথৰ সুৰ।

‘শুনক, শুনক।’

-বুজাবলৈ আৰম্ভ কৰিছিল গায়ত্ৰীয়ে, ‘আমি বাহিৰৰ পৰা আহি সোমাইছিলোহিহে পোন্ধৰ মিনিটমান আগত। মই বাথৰুমত আছিলো। পানীৰ টেপ কেইটা খোল খাই আছিল বাবে বেডৰুমত কি হৈ আছিল একো শুনা পোৱা নাছিলো। গুলিৰ শব্দ শুনাৰ লগে লগে টাৱেলখন পিন্ধিয়ে মই দৌৰি ওলাই আহিলো কিন্তু তেতিয়ালৈ বহু পলম হৈছিল।’

‘কিয় বাৰে বাৰে মিছা কথা কৈছা? তুমি যদি বাথৰুমতে আছিলা তেন্তে বন্দুকটো কেনেকৈ তাত পালেগৈ।’

‘মই এইটো বাথৰুমত নাছিলো, কিট্‌চেনৰ ওচৰত আৰু এটা বাথৰুম আছে।’-গায়ত্ৰীয়ে ক’লে, ‘ পিছে আপোনালোকে খবৰ কেনেকৈ পালে?’

‘আমি এটা ফ’ন কল পাইছিলো তোমালোকৰ মাজত দূৰ্বাৰ কাজিয়া হৈ আছে বুলি।’-মৃতদেহটোৰ ডিঙিটো চুই নাথে কৈ গ’ল, ‘কাজিয়া হোৱাৰ কথাটোও মিছা বুলি ক’ব খোজা নেকি?’

‘হে ভগবান!’-বুলি কৈ তাই বহি দিছিল বিচনাখনত, ‘অ’ কাজিয়া হৈছিল আমাৰ মাজত, প্ৰায়ে হৈ থাকে। কিন্তু ইমানো বেয়া পৰ্য্যায় পোৱাগৈ নাছিল যে মই জয়দ্বীপক হত্যা কৰাৰ কথা ভাবিম।’-উচুপি উঠিছিল গায়ত্ৰী, ‘আমি কাজিয়া কৰি কৰিয়ে যে ঘৰৰ ভিতৰত প্ৰবেশ কৰিছিলো সেইটো সঁচা কথা, কিন্তু তাৰ পিছত মই তাৰ পৰা আতৰি বাথৰুমত সোমাইছিলো সেইটোও সঁচা।’

‘তোমালোকৰ ঘৰৰ দুৱাৰ খিৰিকীবোৰৰ ব্যবস্থা এনেকুৱা নহয় যে সেইবোৰ  কোনোবাই বাহিৰৰ পৰা লক কৰিব পাৰে। তেনেক্ষেত্ৰত তোমাৰ হাজবেণ্ডক হত্যা কৰি তথা দুৱাৰ ভিতৰৰ পৰাই বন্ধ কৰি কোনো তৃতীয় ব্যক্তি কি দৰে পলাই যাব পাৰে?’

‘মই নাজানো।’-অসহায় এক মূৰ্তিৰ ৰূপ ধাৰণ কৰি গায়ত্ৰীয়ে নাথলৈ চাইছিল। নাথে লগত অহা মহিলা কনিষ্টবলক চকুৰেই ইংগিত দিছিল গায়ত্ৰীৰ হাত হেণ্ডকাফেৰে অলংকৃত কৰিবলৈ।

‘২’

দ’ পাৰফেক্ট প্লান: ‘দুৱাৰ-খিৰিকী কি বাহিৰৰ পৰা লক কৰা একোয়ে উপাই নাই নেকি?’- অ চি নাথৰ বন্ধু তথা সাংবাদিক অৰ্জুনে চিগাৰেটৰ ধোৱাখিনি উলিয়াই নাথক সুধিলে।

‘ওহ্‌হো।’-নাথে কলে, ‘খিৰিকীবোৰৰ প্ৰত্যেকখনতে গ্ৰীল লগোৱা। তদুপৰি আমি গৈ পাওতে খিৰিকীবোৰো ভিতৰৰ পৰাই বন্ধ আছিল। বাকী দুৱাৰখনৰো হুক ভিতৰৰ পৰা লগোৱা আছিল যিখন বাহিৰৰ পৰা খোলাটো মোৰ মতে সম্ভব নহয়।’

‘চুম্বক-তুম্বক লগাই?’

‘এলোমিনিয়ামৰ হুক, দুৱাৰৰ থিকনেছ্‌ ১০ চেণ্টিমিটাৰমান।’

‘হমম’-চাদৰ ৱালখনত ভেজা দি অৰ্জুনে ক’লে, ‘তেন্তে তাই নাই কৰা বুলিনো কিয় সন্দেহ কৰিলে? সকলো দিশে হত্যাকাৰীটো তাই বুলিয়ে প্ৰমান কৰিছে।’

‘নাজানো কিয় তাইক বিশ্বাস কৰিবলৈ মন গ’ল। তাইৰ বেকগ্ৰাউণ্ডটো চেক্‌ কৰাৰ পাছতেই চাগে মূৰত বিকল্প চিন্তা সোমাল।গায়ত্ৰী কোনো সাধাৰণ ছোৱালী নহয়, সৰুৰে পৰাই চোকা সকলো ক্ষেত্ৰতে। কটনত হায়াৰ চেকেণ্ডেৰী তথা বি এ পঢ়ি পিছত ল’ কলেজত এল এল বি কৰে। …

‘বৰ্তমান তাই কোনো চাকৰি নকৰে যদিও নিজ ব্লগত লিখা মেলা কৰে আৰু তাৰ যোগেদি টকাও উপাৰ্জন কৰে। তাইৰ বহু কেইটা লেখা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনীটো প্ৰকাশ পাইছে যিবোৰ পঢ়িলে অনুমান কৰিব পৰা যাই তাইৰ বুদ্ধিমত্তাৰ পৰিমান। তেনে ছোৱালী এজনীয়ে হত্যা কৰিব জানো?’

দ’ পাৰফেক্ট প্লান
Photo by Erik Mclean on Pexels.com

‘একো ডাঙৰ কথা নহয়।’-অৰ্জুনে ক’লে, ‘খঙে যিকোনো মানুহক যিকোনো কাম কৰিবলৈ বাধ্য কৰে নাথ দা।’

‘সেইটোটো হয়ে। তথাপি তুমি এবাৰ চাবানেকি লগ কৰি।’

‘যোৱাটো মই যাম বাৰু, কিন্তু ঘটনাটো প্ৰায় স্পষ্ট হৈ আছে যেনেই লাগিছে।’

 শেষ হোৱা চিগাৰেটোৰ শেষাংশ চাদতে এৰি দুয়ো নামি আহিল অৰ্জুনৰ কাৰ্য্যালয়ৰ কোঠালৈ। দুই অন্তৰংগ বন্ধুৰ এই আড্ডা প্ৰায় নিয়মীয়া, কেতিয়াবা কোনো কেচৰ বিষয় লৈ; কেতিয়াবা বিষয় অবিহনেই।

3…

দ’ পাৰফেক্ট প্লান:  

শুক্ৰবাৰৰ ৰাতিটো থানাতে কটোৱা গায়ত্ৰীক উকীল বংকিম শইকীয়াই জামিনত উলিয়াই আনিলে পিছদিনা ৰাতিপুৱাই। পোনে পোনেই আহি ঘৰত সোমোৱা গায়ত্ৰীৰ আদৰণি জনালে প্ৰত্যেকটো অসমীয়া নিউজ চেনেল তথা বাতৰিকাকতৰ সাংবাদিকে। প্ৰায় দহ বাৰটা কেমেৰা আৰু মাইকৰ আগৰ পৰা নিজক বচাই সোমাই গ’ল তাই ভিতৰলৈ। লগত প্ৰবেশ কৰিলে কেৱল উকীল শইকীয়াই।

‘তুমি চিন্তা নকৰিবা গায়ত্ৰী। মই তোমক শাস্তিৰ সন্মূখীন হ’বলৈ নিদিও।’-ফ্ৰীজৰ পৰা উলিওৱা ঠাণ্ডা পানী গিলাচ হাতত লৈ মূৰত হাত দি বহি থকা গায়ত্ৰীক ক’লে শইকীয়াই।

‘কিন্তু কেনেকৈ? সকলোয়েটো মইয়ে হত্যা কৰা বুলি ভাবি লৈছে। কি প্ৰমান আছে মোক নিৰ্দোষী প্ৰমান কৰিবলৈ।’

‘কিবা এটা টো প্ৰমান ওলাব, যদি নোলায় তেনেহ’লে সৃষ্টি কৰি দিম; তথাপি তোমাক শাস্তিৰ সন্মূখীন হ’ব নিদিও।’

‘সৃষ্টি কৰিব লাগে কিয়? মই নিৰ্দোষী যেতিয়া আচল অপৰাধীক ধৰিলেইচোন স্পষ্ট হৈ পৰিব ঘটনাটো’

‘কিন্তু আচল অপৰাধীক ধৰিব কোনে? পুলিচেটো ধৰিয়ে লৈছে তুমি হত্যাকাৰী বুলি।’

ঠিক তেনেতে বাজি উঠা কলিংবেলটোৰ শব্দই দুয়োৰে ধ্যান সেই দিশত কেন্দ্ৰীভূত কৰিলে।

‘ৰিপৰ্টাৰবোৰেই হ’ব। বাদ দিয়া।’-শইকীয়াই কলে

‘নাই, চাই আহো।’-উঠি আহিল গায়ত্ৰী।

দুৱাৰখন অলপ মান খুলি গায়ত্ৰী জানিব বিচাৰিলে দুৱাৰৰ সিপাৰে ৰখি থকা অচিনাকী মানুহজনৰ পৰিচয়,

‘অৰ্জুন, অৰ্জুন জাহাংগীৰ বৰুৱা।’

গায়ত্ৰীয়ে শুনিছে নামটো, দেখাহে প্ৰথম পাইছিল।

‘আহক।’- গায়ত্ৰীয়ে অৰ্জুনক ভিতৰলৈ মাতি দুৱাৰখন পূনৰ বন্ধ কৰিলে। অলপ সময়ৰ বাবে সজীৱ হৈ পৰা কেমেৰাকেইটাই পূনৰ নিদ্ৰাক সাৱটি ল’লে।

‘প্ৰখ্যাত সাংবাদিক তথা ডিটেক্টিভ অৰ্জুন জাহাংগীৰ বৰুৱা আৰু এখেত এডভ’কেট শইকীয়া’-ভিতৰলৈ আহি একেষাৰতে চিনাকী পৰ্বটো সমাপ্ত কৰিলে গায়ত্ৰীয়ে।

‘কি খবৰ বৰুৱা?’-বুলি কৰমৰ্দন কৰিলে শইকীয়াই।

‘ভাল, ইমান সোনকালেই পূনৰ লগ পাম বুলি ভবা নাছিলো।’-অৰ্জুনে ক’লে।

‘কি কৰিব আৰু, অপৰাধ য’ত আমাৰ দৰে মানুহো ত’ত।’

doll with knife in trendy gumshoe at home
Photo by Erik Mclean on Pexels.com

‘তোমালোকে চিনি পোৱা মানে ইজনে সিজনক?’-গায়ত্ৰীয়ে মাজতে মাত লগালে।

‘এখেতক কোনে চিনি নাপায়?’-শইকীয়াই ক’লে হাঁহি মাৰি।

তিনিও ভিতৰৰ কোঠালৈ আহি চকী তিনিখনত নিজকে বহুৱালে।

‘শইকীয়াই যদি বেয়া নাপাই মই গায়ত্ৰীৰ লগত অলপ সময় অকলশৰে কথা পাতিব বিচাৰো।’-অৰ্জুনে ক’লে।

‘মোৰ আগত সুধিব পাৰে যি কোনো কথা।মই গায়ত্ৰীৰ বন্ধু প্ৰথমতে, উকীল পিছত।

‘মই বুজিছো, তথাপি কিছুমান কথা অন্য যিকোনো ব্যক্তিৰ অনুপস্থিতিত গায়ত্ৰীৰ পৰা মই জানিব বিচাৰো। ইফ ইউ ডন্ট মাইণ্ড।’

‘থিক আছে বাৰু। আই আন্দাৰষ্টেণ্ড।’-অৰ্জুন আকোৰগোজ হৈ পৰা দেখি উপায়হীন হৈ পৰিছিল শইকীয়া। শইকীয়াক বিদায় দি পূনৰ দুৱাৰখন বন্ধ কৰিলে গায়ত্ৰীয়ে।

‘আপুনিও বেয়া নাপাব। কিন্তু কথা দুটা, প্ৰথমটো হ’ল যে আপুনি নিৰ্দোষী যদি আপোনাক মোৰ প্ৰয়োজন। দ্বিতীয়তে উকীলৰ আগত আপুনি সকলো কথা কব নিবিচাৰিবও পাৰে যিবোৰ মই জানিব বিচাৰিম।’

‘বুজিছো। কিন্তু লোকোৱাবলৈ মোৰো একো কথাই নাই, মই যিখিনি কৈছো ইতিমধ্যে সেইখিনি সম্পূৰ্ণ সঁচা ।’

‘হত্যাকাৰী তুমি নহয় তাৰমানে?’-গায়ত্ৰীৰ চকুলৈ থৰ লাগি চাই অৰ্জুনে সুধিলে।

‘নহয়, সেই সময়ত কোনো তৃতীয় ব্যক্তি আছিল ঘৰটোত। কিন্তু ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি সি কেনেকৈ ওলাই গ’ল সেই উত্তৰ মোৰ ওচৰত নাই।’

‘থিক আছে বাৰু, তুমি জনাখিনিয়ে কোৱা’-বুলি অৰ্জুনে প্ৰথম প্ৰশ্ন সুধিলে, ‘আপোনালোকৰ লভ মেৰেজ আছিল নে এৰেঞ্জড?’

‘লভ্‌ মেৰেজেই, কলেজত পঢ়ি থকাৰ পৰাই আমাৰ সম্পৰ্ক আছিল।’

‘একেখন কলেজতেটো পঢ়া নাছিলা?’

‘নাই, মই জে বি ল’ কলেজত আৰু সি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত।’

‘অ কে, কাজিয়া কিয় হৈছিল তোমালোকৰ মাজত?’

‘ আমি বাহিৰত লাঞ্চ কৰিব গৈছিলো, লগত তাৰ সহকৰ্মী দুজনো আছিল। খাই থাকোতে সি তাৰ সহকৰ্মী দুজনৰ আগত মোক কিবা এটা কথাত ঠাট্টা কৰিছিল। মোৰ খঙ উঠিছিল আৰু সেই খঙৰ পৰিণতিতে সৃষ্টি হৈছিল কাজিয়াৰ। গাড়ীত আৰম্ভ হোৱা কাজিয়াখন ঘৰ পোৱালৈকে অব্যাহত আছিল। বেডৰুমতো কিছু পৰ চিঞৰ বাখৰ বোৰ চলাৰ পিছত অশান্তি লাগি মই নিজকে বাথৰুমত আবদ্ধ কৰিছিলোহি, কি তেনেতে…’

‘ঘৰলৈ সোমাই আহোতে দুৱাৰখন ভিতৰৰ পৰাই বন্ধ আছিলনে?’

‘অ, মই নিজে চাবিৰে লক খুলি ভিতৰত সোমাইছিলো।’

‘চাবি এটাইনে? মানে হত্যাৰ পিছত কোনোবাই ডুপ্লিকেট চাবি ব্যবহাৰ কৰি দুৱাৰ বন্ধ কৰি যোৱা নাইটো?’

‘সেইটো সম্ভবেই নহয়। কাৰণ চাবি এটাই আৰু দুৱাৰত ভিতৰৰ পৰা হুক লগোৱা আছিল যিটো মইয়ে লগাইছিলো।দোৱাৰ চাবিৰে বন্ধ কৰা হোৱা নাছিল।’

‘ইন্টাৰষ্টিং’-অৰ্জুনে ঠিয় হৈ কোঠাটো চাইছিল ভালদৰে, ‘তেতিয়া ভিতৰত কোনোবা আছিল নেকি যেন কিবা অনুভৱ হৈছিল নেকি?ভালকৈ ভাবি কোৱাচোন।’

‘নাই, অলপো লগা নাই। আমি যি দৰে এৰি থৈ গৈছিলো সেইদৰেই আছিল সম্পূৰ্ণ ঘৰটো।কোনোবা পূৰ্বৰ পৰা সোমাই থকা হ’লে নিশ্চয় গম পালোহেঁতেন।’

‘ঠিক আছে বাৰু, এতিয়া বন্দুকৰ কথাটো কোৱা।নাথ দাই মোক কোৱামতে সেইটো তোমাৰ হাজবেণ্ডৰে’।

‘জলসিঞ্চন বিভাগত চাকৰিটো পোৱাৰ আগতে এঁও কনষ্ট্ৰাক্চন কোম্পানী এটাৰ হৈ কাম কৰিছিল। পষ্টিং আছিল নাগালেণ্ডত। দুই মাহমান তাত থকাৰ পিছতে এদিন উগ্ৰপন্থী সংগঠন এটাৰ পৰা ফ’ন আহিছিল টকা দাবীৰ। তাত চাকৰি কৰা বাহিৰৰ মানুহ সকলোয়ে দিব লগীয়া হয় বুলি লগৰ কেইজনে এঁওক জনালে। গতিকে ইচ্ছা নাছিল যদিও প্ৰানৰ ভয়ত প্ৰায় পাঁচমাহ মান মাহে মাহে পাঁচ ছয় হাজাৰকৈ টকা দিবলগীয়া হৈছিল সংগঠনটোক।নিজ কষ্টৰে উপাৰ্জিত ধন এইদৰে দান দিব থাকিব লগীয়া হোৱাত পিছলৈ এঁও খঙত অতিষ্ঠ হৈ পৰিছিল আৰু মনতে আৰু টকা নিদিও বুলি থিৰাং কৰিছিল। সেই তেতিয়াই তেঁও এই বন্দুকটো কিনিছিল।’

‘তাৰ পিছত টকা নিদিয়া হোৱাত কি হৈছিল?’-কথাটোত গুৰুত্ব লৈছিল অৰ্জুনে।

‘একো হ’বলৈ নাপালে,কাৰণ তাৰ কিছু দিন পিছতেই জলসিঞ্চন বিভাগৰ অভিযন্তাৰ বাবে প্ৰায় এক বছৰ পূৰ্বে অনুস্থিত হোৱা ইন্টাৰভিউটোৰ ৰিজাল্ট দিলে য’ত এঁওৰ নামটোও আছিল।সোনকালেই এঁও গুচি আহিল সেই চাকৰি এৰি।’

‘আচ্ছা’

doll with terrible face in overalls at home
Photo by Erik Mclean on Pexels.com

অৰ্জুন সন্মূখৰ দুৱাৰখনৰ কাষলৈ গ’ল। দুফালে দুখন চোফাৰ পিছত মাটিৰ দুই ইঞ্চিমান ওপৰলৈকে থকা পৰ্দাকেইখন অৰ্জুনে দাঙি চালে। ডাঙৰ তথা ভাজ থকা পৰ্দা খনৰ আঁৰত কোনোবা লুকাই থাকিলে সহজে চকুত নপৰাটো সম্ভব। গায়ত্ৰীয়ে যদি সঁচাকৈয়ে হত্যা কৰা নাই নিজৰ গিৰিয়েকৰ আৰু পুলিচ অহাৰ পিছত যদি মৃতদেহটোৰ লগত কেৱল গায়ত্ৰীকহে পাইছিলহি তেন্তে …. অৰ্জুনে চাপ দিলে নিজৰ মগজুত।

‘আচ্ছা, এটা কথা কোৱাচোন। পুলিচ সোমাই আহোতে গোটেইকেইজন একেলগে আহিছিল নে বেলেগে বেলেগে। অৰ্থাৎ তোমাৰ লগত কথা পাতি থাকোতে বাহিৰত কোনোবা ৰৈ আছিল নেকি ঘৰটোৰ?’

‘আটাইকেইজন একেলগেই সোমাই আহিছিল, বাহিৰত কোনো নাছিল। অৱশ্যে গাড়ীত কোনোবা আছিল যদি নাজানো।’

‘অ কে’-অৰ্জুনৰ জানিবলগীয়াখিনি প্ৰায় শেষ হৈছিল।

‘এতিয়ালৈ ইমান খিনিয়েই। আৰু তথ্যৰ প্ৰয়োজন হ’লে মই আহিম।’-বুলি অৰ্জুন যাবলৈ খুজোতেই গায়ত্ৰীয়ে তাৰ হাতত ধৰিছিল। চকু তাইৰ চলচলীয়া।

‘আই হেভ নট কিল্‌ড মাই হাচবেণ্ড।’-মিনতি কৰিছিল গায়ত্ৰীয়ে তাইক নিৰপৰাধী প্ৰমান কৰিবলৈ

‘ইফ চ’, আই ৱিল ট্ৰাই মাই বেষ্ট।’-এটা আশা ভৰা হাঁহি গায়ত্ৰীক দেখুৱাই অৰ্জুন ওলাই আহিল নিজৰ বাইকখনৰ কাষলৈ। এবাৰ ষ্টাৰ্ট দি কিবা এটা মনত পৰি পূনৰ ৰখি গ’ল অৰ্জুন। বাইকৰ এক্সেলেটৰৰ পৰা হাত গ’ল মবাইলটোলৈ।

‘হেল্ল’ নাথ দা।’

‘কোৱা।’-আনটো দিশৰ পৰা অ চি নাথে সুধিলে।

‘জয়দ্বীপ আৰু গায়ত্ৰীৰ কাজিয়াৰ কথা জনাই কৰা ফ’নটো কাৰ আছিল সন্ধান পালেনেকি?’

‘তেঁওলোকৰে কাষতে থাকে, অতনু বৰা নামটো মানুহজনৰ। বাঁওফালৰ সেউজীয়া ঘৰটো। ৰাতিপুৱা কথা পাতিলো, লুকচ ইন’চেন্ট।’

‘হমম, চাই আহো তথাপি।’

 কলিং বেলৰ শব্দ শুনি ওলাই অহা বয়সিয়াল মানুহজনে চছমাখন খুলিলে অৰ্জুনৰ ফালে তীক্ষ্ণ ভাবে চালে। বুঢ়া যে খিঙখিঙীয়া স্বভাব্ৰ, সেই কথা চেহেৰা দেখিয়েই অনুমান কৰিছিল অৰ্জুনে,

‘কাক লাগে?’

‘অতনু বৰা?’

‘অ ময়ে, তুমি?’

‘মই অৰ্জুন জাহাংগীৰ বৰুৱা, ‘আলোক’ কাকতৰ তদন্তকাৰী সাংবাদিক।’

‘অহ্‌,আহা’-ভিতৰলৈ মাতি চকীখন দেখুৱালে বৰাই, ‘ফ’নটো কৰি বিপদেই হ’ল যেন পাইছো মোৰ। ৰাতিপুৱা পুলিচ, আবেলি সাংবাদিক।’-বেকাকৈ হাঁহি এটা মাৰি বৰাই ক’লে।

‘সহায় হে হৈছে আপোনাৰ ইনফৰ্মেচনটোৰ পৰা।’-বুলি কৈ অৰ্জুন বহিল, ‘পুলিচ সাংবাদিকলৈ ভয় কৰে?’

‘কোনে নকৰে হে?’-বুঢ়াই ক’লে, ‘আচল অপৰাধীবোৰক নধৰি নিৰ্দোষী মানুহক হাৰাশাস্তি কৰাৰ উদাহৰণবোৰ পাই থাকো যে। পিছে মানুহজনীয়ে মাৰা নাই নেকি?’

‘এতিয়ালৈকেটো তেঁওয়ে মূল চাচপেক্ট, পিছে সকলো দিশ উনুকিয়াবলৈ এতিয়াও বাকী।’-অৰ্জুনে কৈ গ’ল, ‘আপুনি পিছে কওকচোন এঁওলোকৰ বিষয়ে। কাজিয়া সঘনাই হৈছিল নেকি?’

‘এদিন দুদিন এৰি হৈয়ে থাকে আৰু যি হুলস্থুলৰ সৃষ্টি কৰে গোটেই কলনীয়ে গম পাই যায়।’

‘তেন্তে সেইদিনাই কিয় ফ’ন কৰিবলৈ বাধ্য হ’ল আপুনি?’

‘চুলিত ধৰি মানুহজনীক টানি আনিছিল গাড়ীৰ পৰা। মই বুলো আজি কিবা এটা অঘটন ঘটিল। সেই ভাবিয়েই ফ’ন কৰিলো পুলিচলৈ। মই পিছে মানুহজনীয়ে মাৰিলে বুলিয়ে ভাবো। আৰু নো কোন হ’ব? গুলীটো ফুটা শুনাৰ পৰা পুলিচ যোৱালৈকে মই আৰু ওচৰ চুবুৰীয়া দুজনমান বাহিৰতে আছিলো। কোনো তৃতীয় ব্যক্তি ঘৰটোৰ ভিতৰত থকা হ’লে ওলাই যাওতে আমাৰ চকুত নিশ্চয় পৰিলেহেতেন।’

 শেষৰ কথাটো শুনি অৰ্জুন প্ৰায় নিশ্চিত হৈছিল যে হত্যাকাৰী আন কোনো নহয় বৰঞ্চ ঘৰৰ ভিতৰত থকা মানুহজনীয়ে বুলি,

‘মানুহজনীৰ অভিনয় ভাল।’

‘সেইটো হ’ব পাৰে।’-বুঢ়াই সহাৰি জনালে।

‘৪’

feet girl bed bedroom
Photo by cottonbro studio on Pexels.com

দ’ পাৰফেক্ট প্লান:  চাৰিটা দিন পাৰ হ’ল, ঘটনাটোৰ উত্তেজনা লাহেকৈ সাম কাটিল। অৰ্জুন, অ চি নাথ তথা ঘটনাটো অনুসৰণ কৰি থকা সৰ্বসাধাৰণ ৰাইজেও গায়ত্ৰীকে দোষী বুলি নিৰ্ধাৰণ কৰি ল’লে।অৰ্জুনে সেই ঘটনা এৰি অন্য ফালে মনোনিবেশ কৰিলে।

 দুই সপ্তাহ মান আগতে চহৰৰ এজন আগশাৰীৰ কন্ট্ৰেক্টৰক কোনোবাই অতি চলেৰে হত্যা কৰিছিল যাৰ আঁৰৰ সত্য এতিয়াও পোহৰলৈ অহা নাছিল। পবিতৰাৰ ওচৰৰ এডোখৰ নিৰ্জন স্থানত টেন্ট তৰি এজনী বৈশ্যাৰ লগত নৈশ যাপন কৰিব গৈছিল কন্ট্ৰেক্টৰ গোস্বামী।

সেই টেন্টৰ কাষতে পিছদিনা ৰাতপুৱা উদ্ধাৰ হ’ল দুয়োৰে মৃতদেহ। নুমাই যোৱা জুইকোৰাৰ কাষতে পৰি আছিল বিষ মিহলি দুটা মদৰ গিলাচ। সন্দেহ কৰা হৈছিল যে সেই নিশা কোনো তৃতীয় ব্যক্তিও আহিছিল তেঁওলোকৰ লগত। কিন্তু সেই ৰহস্যময়ী ব্যক্তিজন কোন আছিল সেই সাঁথৰ বৰ্তমানো সাঁথৰেই।

‘আপুনি কোৱা মতেই মই গোস্বামীৰ বেকগ্ৰাউণ্ড চেক কৰি ফাইল এটা বনাই ৰাখিছো।’-কাগজ এখন উলিয়াই সহযোগী গোপালে অৰ্জুনক দিলে।

‘কিবা দৰকাৰী তথ্য পাইছ’নে?’

‘তিনিবছৰ আগতে চেক্সুৱেল হেৰেছমেণ্টৰ কেচ এটাত ফচিছিল বেটা। পিছে পিছত ছোৱালীজনীক বহুতখিনি টকা দি কেচটো উঠাই ল’বলৈ সন্মত কৰিলে।’

‘কিমান টকা?’

‘দহ লাখ বুলি শুনিছো।’

‘কেচ দিয়া ছোৱালীজনীৰ বেকগ্ৰাউণ্ড?’

‘বাৰ ডেন্সাৰ আছিল। বাৰৰ পৰাই ওলাই আহোতে গোস্বামীয়ে গাড়ীত লিফট্‌ দিছিল আৰু গাড়ীৰ ভিতৰতে…’

‘গোস্বামীৰ হত্যাৰ লগত তাইৰ কিবা লিংক থকাৰ সম্ভাবনা?’

‘আচল কথাটো কোৱাই নাই ৰ’ব।’-গোপালে কৈ গ’ল, ‘গোস্বামীৰ হত্যাৰ দুদিন আগৰ পৰা তাইও সন্ধানহীন হৈ আছে। ক’ত গ’ল কোনেও নাজানে?’

চকু ডাঙৰ কৰি অৰ্জুনে ভাবিব ধৰিলে পৰবৰ্তী পদক্ষেপটোৰ কথা। ঠিক তেনেতে মবাইলটো বাজি উঠিল, অ চি নাথৰ ফ’ন।

‘কওক’

‘কেচ জমি গ’ল আকৌ।’

‘কি হ’ল?’-উত্তেজিত হৈ পৰিল অৰ্জুন।

‘গায়ত্ৰী হাজৰিকাৰ ঘৰটোৰ পাছফালে এশ মিটাৰ মান আতৰত ভগা চিঙা পৰিতক্ত ঘৰ এটা যে আছে দেখিছানে?’

‘হয়, দেখিছো।’

‘আহা তেন্তে, আমি ইয়াতে আছো।’

 অৰ্জুন গৈ পোৱালৈ সেই স্থানত বহু মানুহ গোট খাইছিল। গায়ত্ৰী, উকীল শইকীয়া আদিক সন্মূখত ঠিয় কৰি অ চি নাথে ব্যক্ত কৰিছিল নতুন তথ্যটোৰ পৰা ঘটনাটোলৈ আহিবলগীয়া পৰিবৰ্তনৰ কথা। অ চি নাথৰ কাষতে ঠিয় হৈ থকা ল’ৰাটোৰ ভূমিকা কি? অৰ্জুনে ভাবি ভাবি আগবাঢ়িলে।

‘ অ’ বৰা, অৰ্জুনক দেখোৱাচোন জিনিচটো।’-কনিষ্টবল বৰাক নিৰ্দেশ দিলে অ চি নাথে। অৰ্জুন আগবাঢ়িল বৰাৰ পিছে পিছে।

দুৱাৰ খিৰিকী নোহোৱা তথা গছ লতাৰে আৱৰা ধ্বংসস্তুপত পৰিণত এটি ঘৰ। চাদ বুলিবলৈ একো নাছিল যদিও ওপৰৰ লতাবোৰৰ বাবেই অন্ধকাৰময় হৈ আছিল ভিতৰখন। ভিতৰৰ কোঠাৰ মাজতে ৰৈ বৰাই মাটিৰ পৰা কাঠৰ দুৱাৰখন ওপৰলৈ উঠালে। দেখি অৰ্জুনৰ চকু ডাঙৰ হৈ পৰিল,

tunneled photo of green grass
Photo by George Becker on Pexels.com

‘সুৰংগ?ক’লৈকে গৈছে?’

‘গেচ্‌ কৰাচোন’-পাছফালৰ পৰা কাষ চাপি অহা নাথে সুধিলে।

‘গায়ত্ৰীৰ ঘৰলৈ?’

‘য়েচ।’

‘ৱাও, কিন্তু আবিস্কাৰ কেনেকৈ হ’ল সুৰংগটো?’

উত্তৰ দিয়াৰ পৰিবৰ্তে নাথে কলা চাৰ্ট পিন্ধা ল’ৰাটোক কাষলৈ মাতিলে।

‘জয়দ্বীপৰ হত্যাৰ সময়ত ই এই ৰাষ্টাটোৰে চাইকেল চলাই গৈ আছিল কি তেনেতে তাৰ সৰু পানী চোৱাৰ প্ৰৱনতা আহিল। সি চাইকেল ৰখাই এই ঘৰটোৰ ফালে আহোতেই তাৰ সন্মূখত উপস্থিত হ’ল এজন মূখা পৰিহিত মানুহ।’

‘তাৰ পিছত?’-ল’ৰাজনৰ ফালে চাই অৰ্জুনে সুধিলে।

‘প্ৰথমে সি পলাব চেষ্টা কৰিছিল, কিন্তু ৰাষ্টাৰ পৰা আকৌ ঘুৰি আহিল। আহি প্ৰথমে মোক ধমকি দি কাকো নকবলৈ কৈছিল তাক দেখাৰ কথা। কিন্তু মই ভয় নোখোৱা যেন দেখি সি মোক টকাৰ লোভ দিছিল।’

‘কিমান দিম কৈছিল?’

‘সি তেতিয়াই পাৰ্চৰ পৰা পাঁচ হাজাৰ টকা উলিয়াই দিছিল’। পাছত আৰু দুই লাখ টকা দিম বুলি কৈছিল। প্ৰথমে টকা লৈ মনে মনে থাকিম বুলিয়ে ভাবিছিলো কিন্তু পিছত ওচৰতে হোৱা ইঞ্জিনিয়াৰ চাৰৰ হত্যাৰ কথাটো গম পাই তাৰ প্ৰস্তাবত সন্মত হ’বলৈ ভয় লাগিল।’

 অৰ্জুনে তাৰ কথাখিনি শুনাৰ পাছতে সুৰংগটোৰ ভিতৰলৈ সোমাই গ’ল। পিছে পিছে সংগ দিলে অ চি নাথে। মবাইলৰ টৰ্চৰ পোহৰ প্ৰক্ষেপ কৰি হাউলি হাউলি আগবাঢ়িল অৰ্জুন।

‘কেচ জেংচোন, আমি মিছাতে ইমান চিম্পল বুলি ভাবি আছিলো।’-অৰ্জুনে ক’লে।

‘তাকেটো, আৰু কি কি তথ্য ওলাব ঠিক নাই। কিন্তু এটা কথা ঠিক যে কোনোবাই বৰ দীঘলীয়া পৰিকল্পনাৰে গায়ত্ৰীক জালত পেলাইছে।’

‘ইমান কি শত্ৰুতা হ’ব পাৰে?’-অৰ্জুনে কৈ কৈ আগবাঢ়িল, ‘মোৰ মনলৈ আৰু এটা দৃশ্য আহিছে। ঘৰটো নিশ্চয় গায়ত্ৰীৰ হাজবেণ্ডেই বনোৱা আৰু তেনেক্ষেত্ৰত জয়দ্বীপে নিশ্চয় জানিছিল এই সুৰংগটোৰ কথা। যিটো সি লুকুৱাইছিল গায়ত্ৰীৰ পৰা।’

‘কি ক’ব বিচাৰিছা তুমি?’

‘জয়দ্বীপে গায়ত্ৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈকে সুৰংগটো সজা নাছিলটো। কাৰণ ভিতৰৰ পৰা বন্ধ ঘৰটোত কেৱল মৃতদেহ এটা থৈ দি আত্মহত্যাৰ ৰূপ দিয়াটো একেবাৰে সহজ। ’

‘ভেৰি আনলাইকলি, কাৰণ সিহঁতৰ কাজিয়াবোৰ আৰম্ভ হোৱা আজি এক বছৰমানহে হৈছে। ঘৰটো

নিৰ্মাণ কৰি থাকোতে অৰ্থাৎ দুই বছৰ মান পূৰ্বলৈকে সিহঁতৰ সম্পৰ্ক ভালেই হৈ আছিল।’

‘বিয়া হোৱাৰ কিমান দিন হ’ল?’

‘প্ৰায় চাৰিবছৰ।’

person s hands covered with blood
Photo by NEOSiAM 2021 on Pexels.com

 সুৰংগটো শেষত আছিল অন্য এখন কাঠৰ দুৱাৰ, যি খন খুলি অৰ্জুন উঠি গৈছিল মাটিৰ ওপৰলৈ। ওপৰত অৰ্জুনে দেখা পাইছিল এখন গ্লাচ, যাৰ আশে পাশে থকা পকী ৱালেৰে আবৰা অন্ধকাৰ স্থানত এজন মানুহ কোনোমতে ঠিয় হ’ব পাৰে।

গ্লাচখনৰ আনটো পাৰে আছিল এটা বাথৰুম য’ত উদ্ধাৰ হৈছিল জয়দ্বীপক মৃত্যুমূখলৈ ঠেলি দিয়া বন্দুকটো।

‘গ্লাচখনত লাগি থকা হেণ্ডেলদাল টানি দিয়া।’-তলৰ পৰা নাথে নিৰ্দেশ দিলে।

গ্লাচখন খোল খালে আৰু অৰ্জুন ঠিয় হ’লগৈ গায়ত্ৰীহঁতৰ বাথৰুমত।

‘এইফালৰ পৰা এইখন আইনা, আন ফালৰ পৰা ইপাৰ সিপাৰ চাব পৰা গ্লাচ!’-আচৰিত কৰিছিল অৰ্জুনক।

‘অ। ভিতৰৰ পৰা কোনে সন্দেহ কৰিব যে আইনাখনে দুৱাৰৰ কামো কৰে বুলি।’

‘ঘৰটো বনাইছিল কোনে?’

‘আকৌ গেচ কৰাচোন।’

‘নক’ব এতিয়া মৃত গোস্বামী বুলি?’

‘গেচ কৰিবলৈনো কিয় কম নোহোৱা হ’লে।’

অৰ্জুন হতভম্ব হৈ পৰিছিল।

‘গায়ত্ৰীয়ে সম্পূৰ্ণ নিশ্চিত্ভাবে কৈছে যে জয়দ্বীপেও নাজানিছিল এই সুৰংগটোৰ বিষয়ে। তাৰ মানে কেৱল কন্ট্ৰেক্টৰ গোস্বামীয়েহে জানিছিল সুৰংগটোৰ আঁৰৰ ৰহস্য।’-নাথে ক’লে।

‘গোস্বামীৰ হত্যা, জয়দ্বীপৰ হত্যা, গোস্বামীৰ ওপৰত হেৰেচমেন্টৰ কেচ দিয়া ছোৱালীজনীৰ নিৰুদ্দেশ; এই সকলোবোৰৰ আঁৰৰ মাষ্টাৰমাইণ্ড এটাই নহয়টো?’-আইনাখনত নিজকে চাই থাকি অৰ্জুনে সুধিছিল।

উত্তৰ নাছিল নাথৰ লগত।

‘কিন্তু ইমান ডাঙৰ কি উদ্দেশ্য থাকিব পাৰে ইমান জটিল পৰিকল্পনাৰ আঁৰত?’-গোটেইখিনি কথা সংলগ্ন বুলি ধৰিয়ে অৰ্জুনে চিন্তা কৰিলে।

‘৫’

দ’ পাৰফেক্ট প্লান:   অফিচৰ বিশেষ বৰ্ডখনত অৰ্জুনে ঘটনাটোৰ মেপখন তৈয়াৰ কৰিলে। বিভিন্ন উৎসৰ পৰা গোটোৱা ফটোবোৰ এখন এখনকৈ ঘটনাৰ ক্ৰম অনুসৰি বৰ্ডত লাগিল। কেচ জটিল হ’লেহে অৰ্জুনে এই বৰ্ডখন ব্যবহাৰ কৰে যিখন আজি বহুদিন ব্যৱহাৰ নোহোৱাকৈয়ে পৰি আছিল।

বৰ্ডখন সজাই অৰ্জুনে তথ্যবোৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিলে।কেচটোৰ সমাধানৰ বাবে ঘটনাটোৰে জড়িত সকলো ব্যক্তিৰে বেকগ্ৰাউণ্ড জনাটো অতি জৰুৰী। সেই উদ্দেশ্যৰেই অৰ্জুনে গোপালক পঠাইছিল, সুৰংগটোৰ সন্ধান দিয়া ল’ৰাটোৰ ইতিবৃত্ত গোটাই অনাৰ উদ্দেশ্যেৰে।

‘ল’ৰাটোয়ে টকা লোৱা নাই বুলিয়েটো কৈছিল, নহয় জানো?’-গোপাল সোমাই আহিল নিজৰ দায়িত্ব সামৰি।

‘অ, কিয়?’

‘মই তাৰ ঘৰৰ ওচৰত থাকোতেই মাইকী মানুহ এজনীয়ে জাবৰ এদম আনি ৰাষ্টাৰ কাষত পেলাইছিলহি। লগতে পৰিছিল স্কট্‌চৰ খালী বটল।’

‘স্কট্‌চ?’

‘ব্লেক ডগ।’

‘কৰে কি বেটাই।’

‘একো নকৰে, দিনটো অনাই বনাই ঘুৰি ফুৰে। চৰিত্ৰও ভাল নহয়, জেলটো সোমাইছিল এবাৰ।’

‘কি দোষত?’

‘সন্ত্ৰাসবাদী বুলি ফ’ন কৰি ব্যবসায়ী এজনৰ পৰা ধন দাবী কৰিছিল।’

‘আচ্ছা?’-অৰ্জুনে হাঁহি মাৰি টেবুলৰ ওপৰতে বহিলে, ‘আৰু সি বেটাই দুই লাখ টকা নলও বুলি কৈ দিলে। তাৰ পিছত আকৌ ইমান দামী মদো খাই ফুৰিছে।’

‘খেলিমেলিটো ক’ত? টকা লৈছিল যদি সি আকৌ পুলিচক কথাখিনি ক’লেহি কিয়?’

‘আৰে, সেইখিনি ক’বলৈকেটো তাক টকা দিয়া হৈছে।’-অৰ্জুনে চকুহাল ডাঙৰ কৰি কৈছিল।

‘কিন্তু কিয়?’

‘গায়ত্ৰীক নিৰ্দোষী প্ৰমানিত কৰিবলৈ, খুব সম্ভব।’

‘পিছে কোনে দিছে টকা?’

‘সেই প্ৰশ্নৰ উত্তৰটো ল’ৰাটোয়েহে দিব পাৰিব। নাম কি তাৰ?’

‘গপু।’

person holding iphone showing social networks folder
Photo by Tracy Le Blanc on Pexels.com

অৰ্জুনে মবাইলটো হাতলৈ আনি নাথৰ নম্বৰটো ডায়েল কৰিলে। ফ’নটো ৰিচিভ কৰাৰ অপেক্ষাত থাকি অৰ্জুনে নতুন তথ্যটো ষ্টিক নট এখনত লিখি বৰ্ডত লগালে।

‘কোৱা’-নাথে উত্তৰ দিলে।

‘গপু বোলাটোয়ে মিছা মাতিছে টকা নাই লোৱা বুলি। আপোনালোকৰ কায়দাত ভালদৰে তাক সোধকচোন তাক কোনে টকা দিছে আৰু কিয় দিছে।’

‘প্ৰমান আছে নে কিবা।’

‘ঘৰটোত তালাচী চলালেই ওলাব লাগে।’

‘ঠিক আছে।’-নাথে সংযোগ বিচ্ছিন্ন কৰিলে।

‘৬’

 দ’ পাৰফেক্ট প্লান:   সুৰংগটোৰ সন্ধান ওলোৱাৰ পাছত গায়ত্ৰীয়ে ভগবানৰ ওপৰত হেৰুৱা আস্থাহে যেন ঘুৰাই পাইছিল। পিছে ইমান ডাঙৰ চক্ৰান্ত কোনে ৰচিছিল তাইৰ বিৰুদ্ধে? কোননো আছে ইমান বেয়া পোৱা মানুহ তাইক? –উত্তৰ বিচাৰি মনে হাবাথুৰি খাইছিল গায়ত্ৰীৰ।

‘আমি ল’ৰাটোক কথাখিনি ক’বলৈ দি বেয়া কৰিলো নেকি বাৰু?’-গায়ত্ৰী আৰু তাইৰ ভাল বান্ধবী নিশিতাৰ সন্মূখত বহি থকা উকীল শইকীয়াই সুধিলে।

‘নাই কৰা, ঠিকেই আছে তোমাৰ বুদ্ধিটো।নহ’লে পুলিচে সম্পূৰ্ণকৈ বিশ্বাস নকৰিলে হয় বুলিচোন নিজেই কৈছিলা।’-গায়ত্ৰীয়ে ক’লে, ‘পিছে ল’ৰাটোয়ে কথা সলাই নিদিয়েটো?’

‘সেই বিষয়ে টেনচনেই নল’বা। তাক মই বহুত দিনৰ পৰা চিনি পাও আৰু ভালদৰে চিনি পাও। এবাৰ জেলত সোমাওতে মইয়ে উলিয়াই আনিছিলো। সি কথা নহলায় দিয়া।’

দুদিন আগৰ কথা,

গায়ত্ৰী প্ৰায় নিশ্চিত আছিল যে ঘৰটোৰ পৰা বাহিৰলৈ ওলোৱা কোনো গোপন বাট আছিল। কেইদিন মান পূৰ্বে সেয়ে গায়ত্ৰীয়ে শইকীয়া আৰু সেইকেইদিন গায়ত্ৰীৰ লগতে থকা বান্ধবী নিশিতাৰ লগ হৈ গোটেই ঘৰটো ভালদৰে নিৰিক্ষণ কৰিছিল কোনো গোপন দুৱাৰ বা সুৰংগ বিচাৰি। সফল হোৱা নাছিল যদিও গায়ত্ৰীহঁতৰ বিশ্বাস ভাঙি যোৱা নাছিল।

‘পুৰাতত্ব বিভাগত কাম কৰা মোৰ বন্ধু এজন আছে, তেঁওৰ হাতত বা অফিচত নিশ্চয় এনেকুৱা কিবা যন্ত্ৰ ওলাব যিটো ব্যবহাৰ কৰি আমি উলিয়াব পাৰিম গোপন বাটৰ সম্ভেদ।’

‘আনা তেন্তে।’

কথা মতেই শইকীয়া পিছদিনাই ল’ৰা এজন লগত লৈ উপস্থিত হৈছিলহি গায়ত্ৰীৰ ঘৰত। হাতত তাৰ সৰু ঘাঁহ কটা যন্ত্ৰৰ সদৃশ চকা লগা এটা যন্ত্ৰ।

‘এইটো কি?’

crow walking on grass ground
Photo by Osmany Mederos on Pexels.com

‘জি পি আৰ ইউনিট (Ground Penetration Unit)। ইলেক্ট্ৰ’মেগনেটিক ৱেভৰ সহায়ত সুৰংগ-চুৰংগ বিচাৰি উলিয়াব পৰা যন্ত্ৰ। কিন্তু এটা কথা।’

কথা মতেই শইকীয়া পিছদিনাই ল’ৰা এজন লগত লৈ উপস্থিত হৈছিলহি গায়ত্ৰীৰ ঘৰত। হাতত তাৰ সৰু ঘাঁহ কটা যন্ত্ৰৰ সদৃশ চকা লগা এটা যন্ত্ৰ।

‘এইটো কি?’

‘জি পি আৰ ইউনিট (Ground Penetration Unit)। ইলেক্ট্ৰ’মেগনেটিক ৱেভৰ সহায়ত সুৰংগ-চুৰংগ বিচাৰি উলিয়াব পৰা যন্ত্ৰ। কিন্তু এটা কথা।’

‘কি?’-গায়ত্ৰীয়ে সুধিলে।

‘মোৰ বন্ধুজনে যন্ত্ৰটো আনাফিচিয়েলীহে আনিব দিছে। তেনেক্ষেত্ৰত আমি কিবা বিচাৰি পালেও ইয়াৰ সহায়ত পাইছো বুলি উল্লেখ কৰিব নোৱাৰো।’

‘অহ্‌,তেন্তে লাভ কি হ’ব।’

‘সেই ব্যবস্থাও মই ভাবি থৈছো। পিছে কিবা ওলালেহে।’

ল’ৰাটোয়ে ঘৰৰ প্ৰতিটো অংশলৈ যন্ত্ৰটো চলাই নিছিল। পিছে পিছে গায়ত্ৰী, শইকীয়া আৰু নিশিতা। শোৱনী কোঠা, পাকঘৰত কোনো আশাৰ সংকেত নাপাই ল’ৰাজন বাথৰুমত সোমাল।গোটেই বাথৰুমটোৰ মজিয়াৰ ওপৰেদি যন্ত্ৰটো পাৰ কৰি নিওতে তাতো নিৰাশাই হাত লাগিব বুলি ভাবিছিল আটাইয়ে, পিছে আইনাখনৰ কাষৰ পৰা যন্ত্ৰটো উঠাই আনিব খুজোতেই সি বাজি উঠিল।

‘এইখিনিত কিবা এটা আছে।’-ল’ৰাজনে উত্তেজিত হৈ কৈছিল।

সি উঠাই অনা যন্ত্ৰটো পূনৰ মাটিত ৰাখিলে, কিন্তু যন্ত্ৰটো পূনৰ নিমাত হৈ পৰিল।

‘কি হ’ল?’-বাকী সকলে সুধিলে।

‘মাটিৰ ঠিক তলত একো নাই, যন্ত্ৰটো অলপ বেকা কৰি দিলে’-বুলি কৈ ল’ৰাজনে যন্ত্ৰটো আইনাখন থকা ৱালখনত ৪৫ ডিগ্ৰীমান বেকা কৰি লগাইছিল, যন্ত্ৰটো পূনৰ বাজি উঠিছিল।

‘ইয়াৰ পাছফালে মাটিৰ তলত বহুত খালী স্থান আছে।’

‘সুৰংগ?’-শইকীয়াই সুধিলে।

‘হ’ব পাৰে।’

সকলো বাহিৰলৈ আহিলে। বাথৰুমৰ পাছফালে সি চলাই নিলে যন্ত্ৰটো, যিটো বাজি বাজি আগবাঢ়িল। তেঁওলোকৰ বাৰীৰ পিছফালেই খালী এটা প্লটৰ মাজত সেই ভঙা পৰিতক্ত ঘৰটো যাৰ ভিতৰতেই সমাপ্ত বা আৰম্ভ হৈছিল সুৰংগটো।

‘অহ মাই গড। এইটো কেতিয়াৰ পৰা আছে ইয়াত’-সুৰংগৰ ভিতৰেদি সোমাই আহি নিজৰ বাথৰুমটো দেখা পাই গায়ত্ৰীয়ে চিঞৰিলে।

‘গা ধুই থাকোতে কেতিয়াবা কিবা শব্দ শুনিছিলানেকি?’-নিশিতাই সুধিলে।

‘নাই, কেতিয়াও একো শুনা মনত নাই।’

‘ঘৰটোটো তোমালোকে নিজে সজিছিলা।’-শইকীয়াই সুধিলে।

‘অ, জয়ন্ত গোস্বামী নামৰ কন্ট্ৰেক্টৰ এজনৰ দ্বাৰা সাজিছিলো। কিন্তু আমি সেই সময়ত ইয়াত নাছিলো বাবে নিজে ভালদৰে কাম চাব পৰা নাছিলো।ডিজাইনটো চাই পিছৰ প্ৰায় সকলোখিনি কাম গোস্বামীৰ ওপৰতে এৰি দিয়া হৈছিল।’

‘কেতিয়াও তেনে কৰিব নালাগে, দেখিলানে কি হ’ল এতিয়া?’-শইকীয়াই হুমুনিয়াহ কাঢ়ি ক’লে, ‘আৰু কাৰ কাৰ ঘৰত সুৰংগ বনাই গ’ল সি ঠিক নাই।’

‘কিন্তু জয়দ্বীপৰ হত্যাৰ আঁৰত কোন? কোন আহিছিল এই সুৰংগটোৰে? গোস্বামীটো মৰিলেই চোন।’

‘হত্যাকাৰী জোনেই নহওক তাৰ কিবা নহয় কিবা সম্পৰ্ক কন্ট্ৰেক্টৰ গোস্বামীৰ লগত নিশ্চয় আছে।’

‘আমি পিছে সুৰংগটোৰ কথা পুলিচক সোনকালেই কোৱা উচিত।’

‘ৰ’বা ৰ’বা, মই আগতে কোৱা কথাটো পাহৰি নাযাবা’-শইকীয়াই আপত্তি জনাই ক’লে, ‘জি পি আৰ ইউনিটটোৰ বিষয়ে আমি পুলিচক জনাব নোৱাৰো।’

‘তেন্তে।’

‘চোৱা, আমি নিজে সুৰংগটো বিচাৰি পালো বুলি ক’লে কথাটোত ইমান দম নাথাকিব। সম্পূৰ্ণ ৰুপে তোমাক সন্দেহমুক্ত কৰিব পৰা নাযাব। কিন্তু সুৰংগটোৰ সন্ধান যদি অন্য কোনো ব্যক্তিয়ে দিয়ে তেন্তে আমাৰ লাভ বেছি।’-বুলি কৈ বংকিম শইকীয়াই উল্লেখ কৰিলে গপুৰ বিষয়ে।

‘৭’

দ’ পাৰফেক্ট প্লান: ল’ৰাজনে টকা লৈয়ে মিছা কথা কৈছিল বুলি মনতে নিশ্চিত হৈছিল অৰ্জুন। লগে লগে তাৰ  চিন্তাৰ চকৰি ঘুৰিব ধৰিছিল। ফ’ন যোগেদিয়েই সি নাথৰ পৰা বিচাৰিছিল পূৰণি ফাইলৰ পৰা এক তথ্য। তথ্য সেই ছোৱালীজনীৰ যি কন্ট্ৰেক্টৰ গোস্বামীৰ ওপৰত অভিযোগ তুলিছিল আঢ়ৈ বছৰ পূৰ্বে। নাথে দিয়া তথ্য মতে ছোৱালীজনীক পূৰ্বে এবাৰ আৰক্ষীয়ে কৰায়ত কৰিছিল এখন হোটেলৰ পৰা।

সেই কেচটোৰ বিষয়ে পঢ়াৰ লগে লগেই যেন বৰ্তমানৰ কেচটোও লাহে লাহে স্পষ্ট হৈ পৰিছিল অৰ্জুনৰ চক্ষুৰ আগত,

‘ইট কান্ট্‌ বি এ ক’ইন্সিডেন্স’- বৰ্ডত লাগি থকা সৰু সৰু ষ্টিক ন’টবোৰ চাই অৰ্জুনে নিজকে কৈছিল।

ব্যক্তিজন ওপৰত অৰ্জুনৰ সন্দেহ কন্ট্ৰেক্টৰ গোস্বামীৰ অনুসন্ধান কৰোতেই হৈছিল, পিছে কোনো উদ্দেশ্য দেখা নাপাই সেই থিয়ৰিটো নাকচ কৰিছিল। এতিয়া কিন্তু এক উদ্দেশ্য দেখা পাইছিল অৰ্জুনে, ভাবিলে ভয় লাগি যোৱা এক উদ্দেশ্য। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কোন ইমান তললৈকে যায়?-নিজকে সুধিছিল সি।

মনতে ভাবি থকা থিয়ৰিটো প্ৰমান কৰিবলৈকে অৰ্জুনে অনুসৰণ কৰিছিল গায়ত্ৰীৰ বান্ধৱী নিশিতাৰ। বজাৰৰ বেগ কেইটা হাতত লৈ খালী টেম্প’ৰ অপেক্ষা কৰি থকা নিশিতাক পিছফালৰ পৰা মাত লগাইছিল অৰ্জুনে।

‘নিশিতা।’

‘আপুনি?’-পিছ মূহুৰ্ততে নিশিতাৰ মনত পৰিছিল দুদিন আগত মানুহজনক লগ পোৱাৰ কথা, ‘অৰ্জুন জাহাংগীৰ বৰুৱা।’

‘হয়, তোমাৰ হাতত সময় আছে যদি মোৰ দুটামান প্ৰ্শ্নৰ উত্তৰ দিব পাৰিবানেকি?’

‘কওকচোন।’

‘কৰবাত বহি লও ব’লা, হাতত কফি একাপ লৈ কথা পাতি বেছি ভাল লাগিব।’

‘নিশ্চয়’-মিচিকিয়াই হাঁহিছিল নিশিতাই।

person holding clear glass pitcher
Photo by Viktoria Alipatova on Pexels.com

নিশিতাৰ পৰা অৰ্জুনে জানিব বিচাৰিছিল গায়ত্ৰীৰ অতীতৰ কথা। গায়ত্ৰীৰ পূৰ্বৰ প্ৰেমিক, জয়দ্বীপৰ সৈতে সম্পৰ্ক তথা কলেজীয়া জীৱনটোৰ বিষয়ে। কফি কাপত সৰু পেকেটটোৰ চেনীখিনি ঢালি নিশিতাই কৈ গৈছিল,

‘মই, বংকিম আৰু গায়ত্ৰী বহুত ভাল বন্ধু আছিলো কলেজত।’

‘বংকিম আৰু গায়ত্ৰী কলেজৰ দিনৰে ভাল বন্ধু বুলি মই জানিছিলো।তুমিও একেলগে পঢ়া বুলি সদ্যহতে গম পাইহে তোমাক লগ কৰিলো।’-অৰ্জুনে ক’লে, ‘ জয়দ্বীপ আৰু গায়ত্ৰীৰ সম্পৰ্ক গায়ত্ৰী আইন মহাবিদ্যালয়ত পঢ়িবলৈ অহাৰ আগৰ পৰাই আছিল, নহয় জানো?’

‘হয়, আমি চিনাকী হোৱাৰ আগৰ পৰাই সিহঁতৰ সম্পৰ্ক আছিল।’

‘সেই সময়ত গায়ত্ৰীৰ কোনো প্ৰেমিক নাছিল নে?’

‘আছিল, তিনিজন মান ল’ৰাই প্ৰপজ কৰিছিল কিন্তু তাই হাঁহি হাঁহি সকলোকে কৈছিল যে তাইৰ বয়ফ্ৰেণ্ড আছে বুলি।’

‘তাৰ মাজত এজন বংকিমো নেকি?’

নিশিতা অলপ আচৰিত হৈছিল।

‘নহয়টো, সি কোনোদিনে তাইক প্ৰপজ কৰা নাই।’-নিশিতাই কৈছিল, ‘কি জানিব বিচাৰিছে আপুনি?’

‘মই জানিব বিচাৰিছো যে তাৰ অলপ হ’লেও মন আছিল নেকি গায়ত্ৰীৰ প্ৰতি?’

নিশিতাই অলপ ভাবিছিল পূৰণি দিনৰ কথা।

‘মন আছিল যদিও বয়ফ্ৰেণ্ড আছে বুলি জনাৰ পিছত সি গায়ত্ৰীক তেনেদৰে কোনোদিনে চোৱা নাই। সেই কথা মই জানো, সি আমাৰ দুয়োজনীৰে বহুত ভাল বন্ধু। যিকোনো বিপদ আপদ হ’লেই তেতিয়াও আৰু এতিয়াও সি বন্ধু ৰূপতে আগুৱাই আহে আমাক সহায় কৰিবলৈ।’-নিশিতাই দৃঢ়ভাবে কৈছিল, ‘পিছে আপুনি কিয় বাৰে বাৰে বংকিমৰ কথা তেনেদৰে সুধিছে?কিবা সন্দেহ হৈছে নেকি?’

‘কন্ট্ৰেক্টৰ গোস্বামী এবাৰ চেক্সুৱেল হেৰেচমেন্টৰ কেচত ফচিছিল, জানানে তেঁওক সেই কেচৰ পৰা উদ্ধাৰ কৰা উকীলজন কোন?’

‘বংকিম?’

‘এক্‌জেকটলি’

‘কিন্তু’

‘ৰ’বা , মই আৰম্ভ কৰিছোহে।’-বুলি কফিৰ কাপত আৰু শুহা মাৰি অৰ্জুনে কৈ গৈছিল, ‘যিজনী ছোৱালীয়ে কেচটো দিছিল তাইকো এবাৰ পুলিচে দেহ ব্যবসায়ৰ লগত জড়িত থকাৰ বাবে ধৰিছিল। গেচ্‌ হু চেভদ হাৰ টু।’

‘বংকিম?’

‘য়েচ, আৰু কন্ট্ৰেক্টৰ গোস্বামীৰ মৃত্যুৰ দিনা ৰাতিপুৱা প্ৰায় দহ মিনিট কথাও পাতিছিল বংকিমে যি সময়ত উকীলৰ কোনো দৰকাৰ নাছিল গোস্বামীৰ।পিছত গম পাইছিলো যে বংকিম আৰু গোস্বামীৰ মাজত খুব গভীৰ বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল কেচটোৰ পিছতে। সঘনাই দুয়ো লগ হৈছিল পাৰ্টী কৰিবলৈ। সন্দেহ মোৰ তেতিয়া অলপ অলপ হৈছিল কাৰণ বংকিম আৰু গোস্বামীৰ ব্যক্তিত্ব আছিল সম্পূৰ্ণ বিপৰীত। কোনো স্বাৰ্থ অবিহনে এনেধৰণৰ বন্ধুত্ব গঢ়ি উঠা দেখা নাযায়।’

‘তাৰমানে সেই বন্ধুত্বৰ বিনিময়ত বংকিমেই গোস্বামীৰ হতুৱাই সজাইছিল নেকি সুৰংগটো?’

‘আই থিংক চ’। গোস্বামীৰ ওপৰত হেৰেচমেন্টৰ অভিযোগ, গোস্বামীক ৰক্ষা কৰি গোস্বামীৰ বন্ধু হৈ লোৱাটো, গোস্বামীৰ দ্বাৰা সুৰংগৰ নিৰ্মান, তেঁওৰ হত্যা, অভিযোগ দিয়া সেই ছোৱালীজনীৰ অন্তৰ্ধ্যান ; এই সকলোখিনি বংকিমৰ দীঘলীয়া কুৎসিত পৰিকল্পনাৰে অন্তৰ্গত।’

‘উদ্দেশ্য?’-জানিবলৈ ব্যাকুল হৈ পৰিছিল নিশিতা।

‘গায়ত্ৰীক প্ৰথমে বিপদত পেলাই তাৰ পিছত তাইক সেই বিপদৰ পৰা উদ্ধাৰ কৰি তাইৰ চকুত হিৰ’ হোৱাটোয়ে উদ্দেশ্য তাৰ। ’

নিশিতা চিন্তাত পৰিছিল, অৰ্জুনৰ অনুমান সঁচা যদি? কিন্তু তাইটো ভালদৰেই চিনি পাই বংকিমক, সি এনেকুৱা…….এক মিনিট, তাইৰ মনত পৰিছিল আজি এক বছৰমান আগতে তাই লক্ষ্য কৰা এটা কথা। যিটো তাই আওকান কৰিছিল মনত ৰাখিবলগীয়া কথা নহয় বুলি।

‘কথা এটা মনত পৰিছে মোৰ।’-তাই অৰ্জুনলৈ নোচোৱাকৈয়ে লাহেকৈ কৈছিল।

‘কি?’

‘এক বছৰমান আগৰ কথা, এদিন আবেলি কিবা এটা কাম লৈ মই বংকিমৰ ঘৰত গৈছিলো। সি কিট্‌চেনত সোমাই আমাৰ দুয়োৰে বাবে চাহ বনাই থাকোতে মই তাৰ পঢ়া টেবুলখনৰ দিশত গৈছিলো।বহু কিতাপৰ মাজতে আছিল অমাৰ গ্ৰেজুৱেশ্বন ডে’ৰ ফটোখন। পূৰণি ফটোখন দেখা পাই ভালদৰে চাইছিলো আৰু তাত এযোৰ ওঁঠৰ চাপ দেখি আচৰিত হৈছিলো।

‘গায়ত্ৰীৰ চেহেৰাৰ ওপৰত?।’-অৰ্জুনৰ চকুহাল জিলিকি উঠিছিল।

lips neon sign
Photo by Prateek Katyal on Pexels.com

‘অ, মই তেতিয়াই বংকিম সুধিছিলো সেই বিষয়ে। এইটো কি বুলি। সি কৈছিল যে আগদিনা তাৰ  কোনো সহকৰ্মী আহিছিল নিজৰ সন্তানক লৈ। ল’ৰাটো বহুত বদমাছ আছিল আৰু ফটোখনত সিয়েই চুমা আকি গৈছিল বুলি। মই তেতিয়া মানি লৈছিলো বংকিমৰ কথা কিন্তু মোৰ মনত আছে, সেইটো কোনো সৰু ল’ৰা-ছোৱালীৰ ওঁঠৰ চাপ নাছিল।’

‘৮’

দ’ পাৰফেক্ট প্লান: প্ৰায় দুই বছৰ আগৰ এটা সন্ধিয়া, গোস্বামীৰ অট্টালিকাৰ পোহৰত জিলিকি উঠিছিল গাৰ্ডেনৰ টেবুলত সজাই থোৱা হুইস্কিৰ গিলাছ দুটা।পিছে হুইস্কিৰ গিলাছটো হাতত লৈয়ে গোস্বামী থৰ হৈ পৰিছিল বংকিমৰ প্ৰস্তাবটো শুনি।

‘সুৰংগ? কি কথা কোৱা হে? পাগল হৈছা?’- গোস্বামীয়ে সুধিছিল।

‘ইমান আচৰিত হ’লা যে? তোমাৰ বাবেনো কি জটিল কামটো?’-গহীনত সুধিছিল বংকিমে।

‘ডাঙৰ কাম নহয়, কিন্তু কিয় ইমানখিনি কষ্ট এজনী বিবাহিতা মানুহৰ বাবে? তোমাৰ দৰে এজন সফল উকীলৰ বাবে ছোৱালীৰ কি কমি হৈছে এই দুনিয়াত।’- কৈ গৈছিল গোস্বামীয়ে, ‘আৰু তাইক ওচৰৰ পৰা চাবলৈ মন গৈছে যদি কেমেৰা লগাই দিও সৰু সৰু। কোনেও গম নাপাব। সুৰংগ কিয়?’

গোস্বামীয়ে থেৰুগেৰু কৰা দেখি খঙ উঠিছিল বংকিমৰ, হাতত গিলাছটো লৈ ঠিয় হৈছিল-

‘সুৰংগটো মই কোৱাৰ দৰে সাজিব পৰা যাব নে নাই সেইটো কোৱা।’

‘পৰাটো পাৰি,একো ডাঙৰ কথা নহয়। সিহঁতৰ বাবে বনাই থকা ঘৰটোৰ পাছফালৰ মাটিটুকুৰাও মোৰে, বহু দিনৰ আগতেই ঘৰ এটা বনাব লৈ আধাতে থাকি গ’ল। ইচ্ছা কৰিলে সুৰংগ বনাই শেষ তাতে কৰিব পাৰি। কিন্তু বন্ধু হিচাপেহে কৈছো, বাদ দিয়া সেই এইচব।’

‘তোমাক যেতিয়া মই আজীৱন কাৰাদণ্ডৰ পৰা বচাইছিলো তেতিয়া তুমিয়ে কৈছিলা মোৰ দৰে বুধিয়ক মানুহ এই দুনিয়াত আৰু লগ পোৱা নাই বুলি। এতিয়ানো সেই বুধিয়ক মানুহজনক তোমাৰ উপদেশৰ প্ৰয়োজন বুলি কিয় ভাবিলা?’-কথাখিনি কওতে চকুত চকু থৈ বংকিম নিচেই কাষ চাপি আহিছিল গোস্বামীৰ।

কিছু পৰ নীৰৱ হৈ ৰৈছিল গোস্বামী, বুজিছিল তেঁওৰ কথাবোৰত অলপো গুৰুত্ব যে দিয়া নাই বংকিমে।

‘ইমান অহংকাৰ ভাল নহয় বন্ধু’-বুলি গোস্বামীয়ে খালী গিলাছটো পূনৰ ভৰাই তুলিছিল ৰঙা ৰঙেৰে।

বংকিম বহিছিল, হাত দুইখন মেলি চাইছিল আকাশৰ দিশত,

‘কাৰোবাক অন্তৰৰ পৰা কেতিয়াবা ভাল পাই পাইছা? কেতিয়াবা এনে লাগিছে নে যে সেই বিশেষ ব্যক্তিজনৰ অবিহনে জীৱন অনৰ্থক? তোমাৰ টকা পইচা, চাক্‌চেছ সকলো মিছা।’-সুৰ সলনি হৈছিল বংকিমৰ, ‘তাই মোৰ হৈ যোৱা হ’লে মই পৃথিৱীৰ আটাইতকৈ সুখী মানুহটো হ’লোহেতেন। আৰু এতিয়া যিহেতু তাই মোৰ নহয়, তেনেক্ষেত্ৰত সকলো মিছা।সকলো’-চিঞৰি উঠিছিল বংকিম, ‘বন্ধু হিচাপে কৈছো জয়ন্ত, অন্ত:ত ইচ্ছা কৰিলেই তাইক চাবলৈ যাব পৰাকৈ ব্যবস্থাটো কৰি দিয়া মোক।’

‘থিক আছে, সুৰংগটো তোমাৰ বাবে ইমান গুৰুত্বপূৰ্ণ যদি সেইটো বনি গ’ল বুলি ধৰি লোৱা। কিন্তু এই বিষয়ে আমাৰ বাহিৰে যাতে তৃতীয় কোনো ব্যক্তিয়ে গম নাপায়।’

‘মই কথা দিলো।’-বুলি বংকিমে নিজৰ গিলাছটোৰে পূনৰ এবাৰ চুমুক দিলে জয়ন্তৰ গিলাছত।

‘৯’

দ’ পাৰফেক্ট প্লান: সুৰংগটো বন্ধ কৰা বনুৱা কেইজনক পইচা পাটি দি গায়ত্ৰী ভিতৰলৈ আহিল। কামটো ভালদৰে হওক বুলি সিহঁতৰ পিছে পিছে ঘুৰি থাকি তাইৰো ভাগৰ লাগিছিল। ভিতৰলৈ আহি চকীখনত বহোতেই কলিং বেলটো বাজি উঠিল। নিশ্চয় বংকিমেই হ’ব, অলপ আগতে ফ’ন কৰি তাইয়ে মাতিছিল।ভিতৰলৈ মাতি তাক বেডৰুমৰ বিচনাখনতে বহিব দিছিল।

‘সঁচা কথা ক’বলৈ গলে মোৰ আৰু মন নাই এইটো ঘৰত থাকিবলৈ।’-কিছু পৰ বহাৰ পিছতে দীঘল এক হুমুনিয়াহ কাঢ়ি তাই কৈছিল, চকু তাইৰ চলচলীয়া। প্ৰায় আঠ বছৰ পূৰণি সম্পৰ্কৰ অবসান ঘটাই জয়দ্বীপ আতৰি যোৱাত নিসংগতাৰ সৈতে জীৱনত প্ৰথমবাৰৰ বাবে পৰিচিত হৈছিল তাই।হঠাৎ জীৱনলৈ নামি অহা ইমান খিনি শূন্যতাৰ সৈতে যুঁজিবলৈ সাহস নাছিল, সেই কথা উপলব্ধি কৰিছিল নিজৰ মনৰ কথা ক’বলৈ সুযোগ বিচাৰি থকা বংকিমেও।

সি ভাবিছিল দূৰ্বল হৈ থকা গায়ত্ৰীক বুকুত আশ্ৰয় দি চিৰদিনৰ বাবে নিজৰ কৰাৰ এয়ে সূবৰ্ণ সুযোগ।

‘তোমাৰ দুখ সহ্য কৰিবলৈ অসুবিধা হৈছে মোৰ, পৰা হ’লে জয়দ্বীপ পূনৰ জীৱিত কৰি তুলিলো হেতেন।’-বুলি কৈ প্ৰথমবাৰৰ বাবে বংকিমে গায়ত্ৰীৰ গালখন চুই চাইছিল। তাই পিছ হুহুকি গৈছিল, বংকিমৰ হাতৰ গভীৰ স্পৰ্শই তাইক আচৰিত কৰিছিল। সেই স্পৰ্শ বন্ধুত্বৰ নাছিল,

‘কি কৰিছা তুমি?’-নিজকে আতৰাই আনিছিল গায়ত্ৰীয়ে। থৰ হৈ পৰিছিল বংকিম, ইমানখিনি কৰাৰ পাছতো কিয় তাইৰ এই আচৰণ?-ভাবি ক্ষোভিত হৈ পৰিছিল তাৰ মন।

‘মই নোৱাৰো আৰু তোমাক এই ৰূপত চাই থাকিব গায়ত্ৰী।মই বুজি পোৱা নাই তোমাৰ ওপৰত ইমান অত্যাচাৰ কৰি থকা মানুহ এটাৰ সৈতে শেষ হোৱা সম্পৰ্ক এটা লৈ তুমি কিয় দুখ কৰি আছা ইমানকৈ? সকলো সম্পৰ্কৰ সমাপ্তিয়ে নতুন সম্পৰ্ক আৰম্ভ কৰাৰ সুযোগ দিয়ে আমাক গায়ত্ৰী।’-কৈ গৈছিল বংকিমে, ‘তোমাক প্ৰথম দেখাৰ পৰাই তোমাৰ কথা, তোমাৰ যুক্তি, তোমাৰ সৌন্দৰ্য্যই মোক আপ্লুত কৰি ৰাখিছিল।তুমিওটো জানা সেই কথা,কোনোদিনে কোৱা নাই যদিও নুবুজা জানো চকুৰ ভাষা।’

‘মই তোমাক সেই দৃষ্টিৰে কোনোদিনে চোৱা নাই বংকিম। যি টি কথা কৈ কিয় আমাৰ ইমান সুন্দৰ বন্ধুত্বৰ সম্পৰ্কটো বেয়া কৰিব বিচাৰিছা।’

grayscale photo of crime scene do not cross tape
Photo by Mark D’aiuto on Pexels.com

‘বন্ধুত্ব, হা: হা: হা:’-পাগলৰ দৰে হাঁহিছিল বংকিমে, ‘এটা অভিশাপ যেন লাগে এই শব্দটো। মই কি কৰা নাই তোমাৰ বাবে গায়ত্ৰী। যি কোনো বিপদতে সহায় লাগিলে মোকে বিচাৰা, অথচ মই কি বিচাৰো সেইটো এবাৰো নাভাবা।’-হাঁহি থকা তাৰ চেহেৰাটো লাহে লাহে খঙে গ্ৰাস কৰি পেলাইছিল, ‘মই কি ইমানেই অযোগ্য যে এজনী বিধৱাইও এতিয়া মোক প্ৰত্যাখান কৰিব?’-ৰঙা হৈ পৰিছিল বংকিমৰ চকুহাল।

‘তোমাৰ হৈছে কি বংকিম? মোৰ ভয় লাগিছে।’

‘ইমানখিনি কৰাৰ পাছতো মই কি হাৰি যাম, নাই এনে হ’ব নিদিও মই।’-বুলি কৈয়ে সি হাত খন খামুচি ধৰিছিল গায়ত্ৰীৰ।

‘এৰি দিয়া মোক।’-চিৎকাৰ কৰি উঠিছিল গায়ত্ৰী।

‘নিদিও, তুমি যেতিয়ালৈকে নুবুজা তেতিয়ালৈকে নিদিও।’

‘কি বুজিব লাগে মই? তুমি কিয় হঠাৎ পাগলৰ দৰে অভিনয় কৰিছা?’

‘এয়া অভিনয় নহয়, এয়ে মোৰ আচল ৰূপ। তোমাক মনে প্ৰানে ভাল পাই আনৰ লগত দেখি দেখিও মূখত হাঁহি আকি ঘুৰি ফুৰাটোহে আছিল অভিনয়।’-বুলি কৈ সি টানি আনিছিল গায়ত্ৰীক নিজৰ কাষলৈ, ‘মোক প্ৰত্যাখান কৰি কি পাবা আৰু মোক আকোৱালি ল’লে কি পাবা? ভালকৈ ভাবি চোৱা এবাৰ।’

একেথৰে চাই ৰৈছিল বংকিমে গায়ত্ৰীৰ চকুলৈ।

‘জয়দ্বীপক তুমিয়েই মাৰিলা?’-চকু স্থিৰ ৰাখি গহীনত সুধিছিল গায়ত্ৰীয়ে।

‘কি বেয়া কৰিলোনো? নিজকে মুক্ত যেন অনুভব কৰা নাইনে এতিয়া?’-আৰু জোৰ পৰিছিল গায়ত্ৰীৰ হাতত, দুখ পাইছিল তাই।

হঠাৎ বেলেগ কিছুমান শব্দৰ সৃষ্টি হৈছিল কোঠাটোত, বিচনাখনৰ তলত অতপৰে লুকাই থকা অ চি নাথ আৰু কনষ্টেবল বৰা ওলাই আহিছিল গায়ত্ৰীক উদ্ধাৰ কৰাৰ উদ্দেশ্যেৰে।

‘বহুত হ’ল নাটক শইকীয়া, বলক এতিয়া।’

‘ইত ৱাজ এ ট্ৰেপ??’-বংকিমৰ মূখৰ ভাব দেখি সহজেই ধৰিব পৰা গৈছিল যে সি জীৱনৰ আটাইতকৈ ডাঙৰ ওচপ খাইছিল, ‘কিন্তু কেনেকৈ? কেনেকৈ গম পালে? ইট ৱাজ এ পাৰফেক্ট প্লান।’

arachnid artistic blur bokeh
Photo by Pixabay on Pexels.com

‘তোৰ পাৰফেক্ট প্লানৰ ভুলটো আছিল যে ই বেছিয়েই পাৰফেক্ট আছিল।’-ইতিমধ্যে আহি উপস্থিত হোৱা অৰ্জুন সোমাই আহিছিল ভিতৰলৈ, পিছে পিছে নিশিতাও।

‘বেয়া মানুহ বহুত লগ পালো, তোৰ দৰে বিশ্বাসঘাটক মানুহ কিন্তু দ্বিতীয় এটা নাই পোৱা।’-অৰ্জুনে ক’লে।

সময় খৰচ নকৰি অ চি নাথে বংকিমৰ হাত অলংকৃত কৰিলে আৰু টানি লৈ গ’ল বাহিৰলৈ।

(সমাপ্ত)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ৰহস্যধৰ্মী উপন্যাসিকা
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d