• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

প্ৰাচীন কামৰূপৰ ইতিহাস

কামৰূপৰ ইতিহাস

by Editor
September 30, 2024
in Special Report, Book, Heritage, History
Reading Time: 5 mins read
0
প্ৰাচীন কামৰূপৰ ইতিহাস
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰাচীন কামৰূপৰ ইতিহাস

সৌম্যদ্বীপ দত্ত

soumyadip
সৌম্যদ্বীপ দত্ত

আমাৰ প্ৰাচীন ৰাষ্ট্ৰৰ নাম কামৰূপ।

 কামৰূপ আমাৰ প্ৰাচীন দেশ; এই সত্যটো যেন লাহে লাহে আমাৰ মন-মগজুৰ পৰা আঁতৰি যাব ধৰিছে। কোনোবাই যেন পৰিকল্পিতভাৱে আমাৰ মনৰ পৰা আমাৰ প্ৰাচীন ৰাষ্ট্ৰৰ কথাটো আঁতৰাই পেলোৱাৰ অপচেষ্টা কৰি আছে।

নহ’লে আমাৰ প্ৰাচীন স্বাধীন ৰাষ্ট্ৰৰ কথাবোৰ, আমাৰ প্ৰাচীন গৌৰৱ-গাথাঁবোৰ আমাৰ মাজত আলোচিত নহয় কিয়? কিয় আমাৰ বৰ্তমান আৰু নতুন প্ৰজন্মই নিজৰ প্ৰাচীন দেশৰ গৌৰৱ-গাথাঁবোৰৰ বিষয়ে অৱগত নহয়!

সমগ্ৰ এছিয়া মহাদেশৰ অভ্যন্তৰত প্ৰাচীন কামৰূপ আছিল অন্যতম উজ্জ্বল আৰু শক্তিশালী ৰাষ্ট্ৰ। ভাৰত উপমহাদেশত কামৰূপ ৰাষ্ট্ৰৰ সমকক্ষ ৰাষ্ট্ৰ কমেই আছিল। তেনেহ’লে কিয় আমি আমাৰ প্ৰাচীন সংস্কৃতি, সভ্যতা, শৌৰ্য্য-বীৰ্য্য, ইতিহাস আৰু পৰম্পৰাক লৈ গৌৰৱ নকৰিম? হয়, আমাৰ প্ৰাচীন দেশৰ নাম কামৰূপ। ‘অসম’ নামটো তুলনামূলকভাৱে অত্যন্ত নতুন আৰু বৰ্তমানৰ অসম বা অতীতৰ অসম আমাৰ প্ৰাচীন কামৰূপৰ এটা অতি ক্ষুদ্ৰ অংশ।

    ইতিহাসৰ কোনো কোনো কালত কামৰূপৰ পৰিধি ইমানেই বিশাল আছিল যে আজি হয়তো আমি তাক সঠিককৈ উপলব্ধি কৰিবলৈ চেষ্টা নকৰো। প্ৰাচীনকালত শক্তিশালী কামৰূপৰ ৰজাসকলৰদ্বাৰা সময়ে সময়ে নতুনকৈ জয় কৰা অনেক প্ৰদেশ এই দেশৰ স’তে সংযোজিত হৈছিল।

মেগাস্থিনিছৰ ইণ্ডিয়া গ্ৰন্থক অৱলম্বন কৰি যিখন মানচিত্ৰ অংকন কৰা হৈছিল তাত কামৰূপৰ পশ্চিমে মিথিলা আৰু বৈশালী (Passalae) প্ৰদেশ আৰু দক্ষিণত গংগাৰিডাই (Gangaridai) জাতিৰ দেশ প্ৰদৰ্শন কৰা হৈছে।

    প্ৰাচীন কামৰূপ বুলি ক’লে বৰ্তমানৰ সমগ্ৰ অসম আৰু তাৰ ছয় ভনীৰ ৰাজ্য অৰ্থাৎ অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু নাগাভূমি, সমগ্ৰ উত্তৰবংগ, ভূটানৰ কিছু অংশ, নেপালৰ কিছু অংশ, বিহাৰ-উৰিষ্যাৰ কিছু অংশ, বৰ্তমান বাংলাদেশৰ এটা বৃহৎ অংশ আৰু তিব্বতৰ কিছু অংশক সামৰি এক বিশাল ভূখণ্ডক বুজিব লাগিব।

লগে লগে এই কথাও মনত ৰাখিব লাগিব যে সময়ে সময়ে প্ৰাচীন কামৰূপৰ সীমা অৰ্থাৎ ৰাজনৈতিক সীমা সংকুচিত আৰু প্ৰসাৰিত হৈছিল, কিন্তু কালিকাপুৰাণ ৰচনাৰ পৰাই পুৰণি কামৰূপ ৰাষ্ট্ৰৰ সীমা পশ্চিমে কৰতোৱা নদী বুলি স্বীকৃত হৈছে। এইটো কামৰূপৰ স্থায়ী সীমা বা চিৰকলীয়া সীমা, সময়ে সময়ে ইয়াৰ হোঁহকা পিছলা হ’লেও হ’ব পাৰে বুলি ড° বাণীকান্ত কাকতিয়ে মন্তব্য কৰিছে (পুৰণি কামৰূপৰ ধৰ্ম ধাৰা, পৃঃ ১৯)।

    মূলতঃ অসমৰ আমি সকলো কামৰূপী মানুহ। কামৰূপৰ সংস্কৃতি ইমানে শক্তিশালী আছিল যে বিভিন্ন সভ্যতাৰ পৰা আৰু বিভিন্ন দেশৰ পৰা কামৰূপলৈ আহি যিসকলে স্থায়ী ৰূপে বসবাস কৰিছিল কালক্ৰমে তেওঁলোক কামৰূপৰ সংস্কৃতিতে বিলীন হৈ গৈছে।

    মোৰ মূলতঃ তিনিখন গ্ৰন্থ ‘অসমত বৌদ্ধ ধৰ্ম আৰু বৌদ্ধ সংস্কৃতি’, ‘অসমৰ বৌদ্ধ কিৰাত’ আৰু ‘প্ৰাচীন কামৰূপ-কামতাত প্ৰচলিত বৈষ্ণৱ গীত আৰু কবিতা’ত  কামৰূপ তথা প্ৰাচীন কামৰূপৰ সাংস্কৃতিক ধাৰাৰ কথা উল্লেখ কৰিছো। আজি প্ৰাচীন কামৰূপ সম্পৰ্কে এখন অসাধাৰণ কিতাপক লৈ শ্ৰদ্ধাৰ পঢ়ুৱৈসকলৰ লগত আলোচনাৰ পাতনি মেলিব খুজিছো।

প্ৰাচীন কামৰূপী জাতিৰ সামান্য এটা অংশই বৰ্তমান নিজকে অসমীয়া বুলি পৰিচয় দিয়ে। আজিৰ পৰা প্ৰায় ৮৭ বছৰ আগতে ১৯৩৩ চনত ৰায়বাহাদুৰ কনকলাল বৰুৱাদেৱে ইংৰাজী ভাষাত ‘Early History of Kamrup‘ নামেৰে এখন ইতিহাসৰ কিতাপ প্ৰণয়ন কৰে। এই অতি মূল্যৱান তথা গুৰুত্বপূৰ্ণ কিতাপখন কিন্তু প্ৰাচীন কামৰূপী তথা বৰ্তমানৰ অসমীয়াৰ পঢ়াৰ সুযোগ হোৱা নাই, কাৰণ আমাৰ মাতৃভাষাত এই মূল্যৱান কিতাপখন পাবলৈ নাছিল।

প্ৰাচীন কামৰূপৰ ইতিহাস

ৰায়বাহাদুৰ কনকলাল বৰুৱাই মহান উদ্দেশ্য লৈ অশেষ অধ্যয়ন, অনুসন্ধান আৰু কষ্ট কৰি নিজৰ উদ্যোগত এই কিতাপখন বোধকৰো সেইসময়ত এইবাবেই ইংৰাজী ভাষাত প্ৰকাশ কৰিছিল – কাৰণ তেওঁ বিশ্ববাসীক আমাৰ প্ৰাচীনত্ব, আমাৰ ইতিহাস, আমাৰ গৌৰৱগাথাঁ, আমাৰ মহান শাসক আৰু আমাৰ প্ৰাচীন সভ্যতাৰ কথা অৱগত কৰাব খুজিছিল।

তেওঁ জানিছিল যে অকল আমাৰ প্ৰাচীন কামৰূপৰ চেতনা আৰু গৌৰৱোজ্জ্বল কথাবোৰে, আমাৰ প্ৰাচীন ইতিহাসে আমাক বিশ্বৰ অন্যতম প্ৰাচীন জাতিৰূপে প্ৰতিষ্ঠা কৰিব পাৰে। কনকলাল বৰুৱাৰ এই কামৰ বাবে তেওঁ সদায় আমাৰ অন্তৰত চিৰস্মৰণীয় হৈ থাকিব।

    মোৰ অন্তৰত থকা এই কথাটোৱে সদায় মোক আমনি দিছিল – ‘আজিলৈকে আমাৰ নিজৰ মাতৃভাষাত কিয় আমি এই কিতাপখন পঢ়িবলৈ পোৱা নাই! আমাৰ ঐতিহাসিকসকলে, আমাৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ইতিহাসৰ গৱেষক ছাত্ৰ, অধ্যাপক-প্ৰাধ্যাপক আৰু অন্যান্যসকলে কিয় এতিয়ালৈকে এই গুৰুত্বপূৰ্ণ আমাৰ জাতীয় ইতিহাসৰ কিতাপখন অসমীয়া ভাষাত আমাৰ হাতত তুলি দিয়াৰ প্ৰয়াস নকৰে?’

অৱশেষত অঞ্জন শৰ্মাদেৱে এই কামটো সম্পন্ন কৰিলে। অঞ্জন শৰ্মা এজন উচ্চ মানসম্পন্ন লিখক আৰু অনুবাদক, তেওঁ এজন স্পষ্ট বক্তা, নিৰ্ভীক সাংবাদিক। এতিয়ালৈকে তেওঁ কুৰিখনতকৈও অধিক কিতাপ আমাক উপহাৰ দিছে আৰু অসমীয়া ভাষা-সাহিত্য আৰু ইতিহাসৰ ভঁৰালত এই কিতাপবোৰ অমূল্য সম্পদৰূপে বিৰাজ কৰিছে। চিন্তাশীল, সচেতন আৰু জাতীয় চেতনাসম্পন্ন পঢ়ুৱৈ, লিখক আৰু কিতাপপ্ৰিয় অসমীয়া মাত্ৰকে কথাবোৰ জানে আৰু অঞ্জন শৰ্মাৰ কিতাপ নিশ্চয় পঢ়িছে।

    তেওঁৰদ্বাৰা অনুদিত, আমাৰ মাতৃভাষাত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা খাঁ চৌধুৰী আমানতউল্লা আহমদৰ ‘কোচবিহাৰৰ ইতিহাস‘ নামৰ কিতাপখনো অসমীয়া ইতিহাস সাহিত্যৰ অমূল্য দস্তাবেজ। শেহতীয়াকৈ অঞ্জন শৰ্মাই আমাক উপহাৰ দিয়া কিতাপখন হ’ল কনকলাল বৰুৱাৰ ‘প্ৰাচীন কামৰূপৰ ইতিহাস‘ নামৰ কিতাপখন।

অঞ্জন শৰ্মাৰ বিভিন্ন সাহিত্যিক কাম-কাজৰ ভিতৰত ‘কোচবিহাৰৰ ইতিহাস’ আৰু ‘প্ৰাচীন কামৰূপৰ ইতিহাস’ – এই দুখন কিতাপ অসমৰ খিলঞ্জীয়া মানুহৰ সংস্কৃতি আৰু ৰাষ্ট্ৰকথাৰ ইতিহাস। ‘প্ৰাচীন কামৰূপৰ ইতিহাস‘ কিতাপখনৰ আৰম্ভণিতে অঞ্জন শৰ্মাই ২৪/২৫ পৃষ্ঠাযোৰা এখন ‘অনুবাদকৰ টোকা‘  সংযোজন কৰিছে। স্বাভাৱিকভাৱেই এই কথাখিনি সম্পূৰ্ণৰূপে অঞ্জন শৰ্মাৰ নিজৰ ধ্যান-ধাৰণা আৰু চেতনাৰ পৰা প্ৰকাশ পোৱা কথা।

এটা জাতিৰ বৌদ্ধিক উত্তৰণৰ বাবে নিজৰ অতীতক জনাটো, অৰ্থাৎ ইতিহাস জনাটো যে অতি প্ৰয়োজন সেই কথাটো অঞ্জন শৰ্মাৰ লিখনিত বলিষ্ঠভাৱে প্ৰকাশ পাইছে। লিখনিৰ এঠাইত তেওঁ উদ্ধৃতি দি উল্লেখ কৰিছে–‘খ্ৰীষ্টপূৰ্ব প্ৰথম শতাব্দীতেই ইটালীৰ মনীষী চিচেৰ’ (Cicero) ই কৈছিল–যিজনে নিজৰ অতীতক নেজানে, তেওঁ চিৰকালেই শিশু হৈ থাকে, অৰ্থাৎ সেইজনৰ বৌদ্ধিক বিকাশ কোনোদিনেই নঘটে ।

অসমৰ প্ৰখ্যাত ইতিহাসবিদ ড° স্বৰ্ণলতা বৰুৱাই কৈছে–”এটা জাতিয়ে নিজৰ অতীতক সোঁৱৰণ কৰি তাৰ পৰা শিক্ষা ল’ব নাজানিলে প্ৰগতিৰ পথত আগবাঢ়ি উজ্জ্বল ভৱিষ্যৎ ৰচনা কৰিব নোৱাৰে। বুৰঞ্জী মূলতঃ সত্য অনুসন্ধানৰ যাত্ৰা; বুৰঞ্জীয়ে আমাক অতীতৰ পৰা শিক্ষা লৈ ভৱিষ্যৎ গঢ়িবলৈ অনুপ্ৰেৰণা যোগায়।’’

    আমি অসমীয়াবোৰ যে এক ইতিহাস বিস্মৃত জাতি সেই কথাটোৰ অনুভৱ অঞ্জন শৰ্মাৰ লিখনিৰ মাজেৰে স্পষ্টৰূপত প্ৰকাশ পাইছে। সেয়েহে তেওঁ লিখিছে—‘বিস্মৃতিৰ অটল গহ্বৰলৈ ঠেলি দিয়া হৈছে আমাৰ ইতিহাসক, আমাৰ বৰ্ণোজ্জ্বল সভ্যতাক, সংস্কৃতিক;ভাস্কৰবৰ্মা,পৃথু,নৰনাৰায়ণ,চিলাৰায়,সৰ্বানন্দ সিংহ,ৰুদ্ৰ সিংহ,লাচিত বৰফুকন—এক নজীৰবিহীন পৰিকল্পিত আক্ৰমণ বিভিন্ন দিশৰ পৰা চলি আছে আমাৰ ভূখণ্ডত, নিষ্প্ৰভ হৈ পৰিছে আমাৰ গৰিমা…।’

    সঁচাকৈ প্ৰাচীন কামৰূপৰ গৰিমাক যেন নিষ্প্ৰভ কৰাৰ পৰিকল্পিত প্ৰক্ৰিয়া চলি আছিল ইমানদিন। কিছুমানে যেন পৰিকল্পিতৰূপত আমাৰ প্ৰাচীনত্বক মচি পেলোৱাৰ পৰিকল্পনাৰে, নিঃশব্দে কাম কৰি আছে। আমি মাত্ৰ ৫০০/৬০০ বছৰীয়া জাতি নহয়, আমাৰ ইতিহাস কমেও ৩০০০ বছৰ পুৰণি। আমি ‘প্ৰাচীন কামৰূপী জাতি’ আৰু আমাৰ স্বাধীন দেশখনৰ নাম কামৰূপ।

প্ৰাচীন কামৰূপৰ ইতিহাস

অঞ্জন শৰ্মাই আমাক উপহাৰ দিয়া কনকলাল বৰুৱাৰ প্ৰাচীন কামৰূপৰ ইতিহাসত পঢ়ুৱৈসকলে ঐতিহাসিক সত্যতাৰ প্ৰতিধ্বনি আৰু তথ্য বিচাৰি পাব। আসাম, অসম বা আসম নামটো যে নতুন, সেই কথাটো অঞ্জন শৰ্মাই বৰ স্পষ্টকৈ পঢ়ুৱৈসকলক অৱগত কৰিছে।

তেখেতে লিখিছে—‘এই নাম (অসম, আসম, আসাম) দৰঙ্গ ৰাজ-বংশাৱলী, গুৰুচৰিত আদিত ষোড়শ শতাব্দীৰ অন্তিম কালত অথবা সপ্তম শতাব্দীৰ আগছোৱাত জাতিবাচক নামৰূপেহে জয়েজয়ে প্ৰত্যক্ষ হয়, কিন্তু দেশবাচক স্বৰূপে নহয়। ডিম্বেশ্বৰ নেওগে লিখিছিল—থাই (টাই) বা স্যান (ছান) জাতিৰ নতুন বিজেতাসকলৰ সম্পৰ্কেহে অসম, আসাম, আসম শব্দকেইটা সমাৰ্থক হিচাপে সাহিত্যত ব্যৱহাৰ হৈছিল। এই সময়ছোৱাৰ বহু পিছতহে অঞ্চলটো অসম বা আসাম বুলি অভিহিত হয়।’

    গুণাভিৰাম বৰুৱাৰ উদ্ধৃতি দি অঞ্জন শৰ্মাই লিখিছে—’‘আসাম বুৰঞ্জীত গুণাভিৰাম বৰুৱাই লিখিছে—‘অসম দেশৰ অসম নাম আধুনিক। পূৰ্বে এই নাম নাছিল আৰু এতিয়া যি সীমা ধাৰ্য হৈছে সিও পূৰ্বে নাছিল।’’ সেয়েহে প্ৰাচীন কামৰূপৰ ইতিহাস নামৰ কিতাপখনৰ পাতনিত অঞ্জন শৰ্মাই সত্য প্ৰতিপন্ন কৰি লিখিছে—‘গতিকে দেশখনৰ অসম অথবা আসাম নামটো আঢ়ৈশ বা তিনিশ বছৰৰ অধিক পুৰণি নহয়। তেনেক্ষেত্ৰত তাৰ পূৰ্বে কি আছিল?’

    আমাৰ প্ৰাচীন মূল শিপাটোৰ কথা আজিৰ অসমীয়াসকলক অৱগত কৰি অঞ্জন শৰ্মাই আমাক ভাবী কালৰ পথ-নিৰ্দেশকৰ কথা কৈছে। আমাৰ প্ৰাচীন গৌৰৱৰ কথা সুঁৱৰি অঞ্জন শৰ্মাই লিখিছে—‘…অৰ্থাৎ আমাৰ এটা গৌৰৱোজ্জ্বল অতীত আছিল আৰু আজিৰ অসমখন এক প্ৰাচীন অঞ্চল হ’লেও আজিৰ ‘অসম’ প্ৰাচীন প্ৰাগজ্যোতিষ প্ৰাচীন কামৰূপৰ অতি সংকুচিত ৰূপ। একালত প্ৰাগজ্যোতিষে অবিভক্ত অসমৰ উপৰি বৰ্তমানৰ পশ্চিমবংগ (কোচবিহাৰ, জলপাইগুৰি জিলা কামৰূপৰেই আছিল), বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰ-বগুৰা-ঢাকা-পাবনা জিলাৰ কিছু অংশ আৰু পূব নেপালৰ কিছু অংশ সামৰি লৈছিল। এসময়ত প্ৰাগজ্যোতিষৰ পশ্চিম সীমাই কোশী নদী, অৰ্থাৎ মিথিলাৰ বিদেশৰ সীমা স্পৰ্শ কৰিছিল।’

    তেওঁ লিখিছে,’অসম বা আসাম নামটো যদি আঢ়ৈশ বা তিনিশ বছৰৰ পুৰণি নহয় , তাৰ আগতে যি আছিল – আজিৰ ‘জয় আই অসম’ ধ্বনিৰ পটভূমিত সেই অতীতৰ সন্ধান আজিৰ অসমৰ মানুহে অৱশ্যেই কৰিব লাগিব, নিজৰ শিপা বিচাৰি উলিয়াবলৈ; অন্যথাই দুৰ্বল ভেটিৰ ওপৰত বহুমহলীয়া ভৱন নিৰ্মাণ হ’লেও সেই ভৱন নিটিকিব, সেই ভৱনৰ ভেটি শংকাৰ কাৰণ হৈ থাকিব। এই কথা ভাবিলেও ভুল হ’ব যে ইতিহাস মাথো এক বিচ্ছিন্ন অতীত। ইতিহাস হ’ল অতীতৰ সক্ৰিয় প্ৰতিধ্বনি, বৰ্তমানৰ দাপান আৰু ভৱিষ্যতৰ পথ নিৰ্দশক।’

    সেয়েহে প্ৰাচীনৰ পৰা বৰ্তমানলৈকে ‘কামৰূপ’ আমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ। সেয়া জাতিগতভাৱে, ভাষা-সংস্কৃতিৰ দৃষ্টিভংগীত আৰু ৰাষ্ট্ৰগতভাৱে। প্ৰাচীন কামৰূপ দেশৰ পৰৱৰ্তী সময়ৰ বিভিন্ন অঞ্চলৰ নাম—কামতা, কোচ হাজো, কোচবিহাৰ, আসাম, অসম আদি। কিন্তু প্ৰাচীন কামৰূপ – যাক আমি আমাৰ ধমনীত বহন কৰি ফুৰিছো, সেই প্ৰাচীন পূৰ্বপুৰুষসকলৰ গৌৰৱগাথাঁক আমি পাহৰিম কেনেকৈ? ‘কামৰূপ চেতনা‘ আমি আমাৰ ধমনীত অনুভৱ কৰো।

সেই চেতনা উপলব্ধি কৰি আৰু তাৰদ্বাৰা উদ্বুদ্ধ হৈ অঞ্জন শৰ্মাই লিখিছে—“ব্যক্তিগতভাৱে যিদৰে খাঁ চৌধুৰী আমানতউল্লা আহমদৰ ‘কোচবিহাৰেৰ ইতিহাস’ নামৰ আপুৰুগীয়া গ্ৰন্থখন পঢ়িছিলো আৰু কনকলাল বৰুৱাৰ Early History of Kamrup নামৰ বহুমূলীয়া গ্ৰন্থখন পঢ়িছিলো, মই বিস্ময়াভিভূত হৈ পৰিছিলো আৰু হৃদয়ংগম কৰিছিলো যে দুয়োখন গ্ৰন্থৰ পৃষ্ঠাই পৃষ্ঠাই আছে বহুযুগৰ অলেখ মণি-মুকুতা-হীৰা-পান্নাসম ঐতিহাসিক তথ্যৰ বিশাল ভাণ্ডাৰ—যাৰ সহায়ত আমি অতীতৰ গৰ্ভত সুপ্ত হৈ থকা অকল্পনীয় সভ্যতা-গৌৰৱ-শৌৰ্য প্ৰত্যক্ষ কৰিব পাৰো, অসমৰ শিপাৰ সন্ধান পাব পাৰো, কামৰূপৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যতাৰ পৰা আৰম্ভ কৰি নৃতাত্ত্বিক বৈশিষ্ট্যতালৈ প্ৰত্যক্ষ কৰিব পাৰো, প্ৰত্যক্ষ কৰিব পাৰো আমাৰ প্ৰাচীন কালৰ মাতৃভূমিৰ অৰ্থনীতি- ৰাজনীতি- সমাজতত্ত্ব- নৃতত্ত্ব-পুৰাতত্ত্ব-ভাস্কৰ্য-স্থাপত্য-চিত্ৰ-ধৰ্ম-কূটনীতি,  প্ৰত্যক্ষ কৰিব পাৰো বহল অৰ্থত অসমীয়া মানুহৰ জীৱনৰ প্ৰতিৰূপ। সেই হেতুকে এদিন যিদৰে খাঁ চৌধুৰীৰ কোচবিহাৰৰ ইতিহাসৰ অসমীয়া ভাঙনি কৰিবলৈ সিদ্ধান্ত লৈছিলো, একে সময়তে কনকলাল বৰুৱাৰ Early History of kamrup গ্ৰন্থখনৰো ভাঙনি কৰিম বুলি সিদ্ধান্ত লৈছিলো। এই দুয়োখন গ্ৰন্থই মোৰ শৈশৱ-কৈশোৰৰ অবিভক্ত কামৰূপ জিলাৰ ছবিখনো বিশালভাৱে প্ৰসাৰিত কৰি পেলাইছিল। নতুন নতুন দৃশ্যপটৰ অৱতাৰণা হৈছিল মোৰ দুচকুৰ সন্মুখত। খাঁ চৌধুৰী আৰু কনকলাল বৰুৱাৰ অসাধাৰণ সৃষ্টিয়ে মোক হৃদয়ংগম কৰাইছিল যে যি সময়ত ‘বংগ’ৰ অস্তিত্বই নাছিল, যিসময়ত বঙালী জাতিৰ চিন-মোকামেই নাছিল, সেই সময়তো আমাৰ কামৰূপ আছিল। আমাৰ এক শক্তিশালী ভাষা আছিল, নিজৰ ভাষাৰ গীত-বচন-ৰূপকথা আছিল, বিভিন্ন বাদ্যযন্ত্ৰ আছিল, অসাধাৰণ শব্দ তৰংগ-অভিনৱ অংগভূষণ-বনদৰৱ-অনন্য সংস্কৃতি আদি আছিল।……

  ….. আজিৰ এই আন্তৰ্জাল (ইণ্টাৰনেট), স্মাৰ্ট ফোন, ইণ্টাৰনেট অৱ থিংকছ (IOT), ইণ্টাৰনেট অৱ এভ্ৰিথিং (IOE), আমাজন-আলিবাবা-গুগল-ফেচবুক- হোৱাটছ্ এপ-মাইক্ৰ’ছফট আদিৰ যুগত সেইবাবেই প্ৰাসংগিক ‘কামৰূপ’। এনেহেন প্ৰাসংগিকতা কথা কামৰূপক আমি কিয় জ্ঞাতে বা অজ্ঞাতে পাহৰণিৰ গৰ্ভত ঠেলি দিবলৈ প্ৰয়াস কৰিছো?  আমি কিয় অনুভৱ কৰা নাই প্ৰাচীন কামৰূপৰ ইতিহাসক মছি পেলালে প্ৰত্যেকজন অসমীয়াৰে গৌৰৱময় অতীত বিস্মৃতিৰ গৰ্ভত বিলিন হ’ব। আনে উদ্দেশ্যপ্ৰণোদিত হৈ আমাৰ ইতিহাসক ঢাকি দিয়াৰ চেষ্টা কৰিব পাৰে; ৰাজনৈতিক আৰু অৰ্থ-সামাজিক সুবিধা লাভৰ বাবে কোনোবাই এই কাৰ্যত লিপ্ত হ’ব পাৰে, কিন্তু আমি কিয় চিন্তা-ভাবনা আৰু চেতনাৰোহিত হৈ থাকিম?’’

প্ৰাচীন কামৰূপৰ ইতিহাস

    অঞ্জন শৰ্মাৰ ভাষাত,”আমি কিয় অনুভৱ নকৰিম যে আমাৰ পৰম্পৰাক, আমাৰ মন-মগজু আৰু বুকুৰ পৰা মছি পেলাই আমাৰ চিন্তাক, চিন্তা-চেতনাক অইনৰ কৃতদাসলৈ ৰূপান্তৰ কৰাৰ চেষ্টা চলি আছে অহৰহ। ইতিমধ্যে আমি প্ৰায় মানসিক কৃতদাসলৈ ৰূপান্তৰিত হ’বলৈ আৰম্ভ কৰিছো। এনেকুৱা নহয় যে আমাৰ পূৰ্বজসকলে আমাৰ প্ৰাচীন কামৰূপৰ গৌৰৱগাথাঁ আমাক কৈ যোৱা নাই, সেইবোৰ আছে; আছে কিতাপত, শিলালিপিত, তামৰ ফলিত, টেৰাকোতাত, কাঠত খোদিত হৈ, আছে গাওঁত, আছে অসমৰ উপকথাত, পাষাণ মন্দিৰৰ খাঁজে খাঁজে, প্ৰত্ন সম্পদত, ভ্ৰমণকাৰীৰ ভ্ৰমণ কথাত, আমাৰ প্ৰাচীন কবিৰ গানত আৰু এতিয়াও আমাৰ তেজৰ লোহিতকণিকাত, মুখৰ ভাষাত আৰু প্ৰাণত জীৱন্ত হৈ আছে কামৰূপৰ কথা।”

এই কথা উপলব্ধি কৰিয়ে যেন অঞ্জন শৰ্মাই বৰ্তমানৰ অসমীয়াসকলক উদ্দেশ্য কৰি লিখিছে—“এইসমূহ বিৱৰণ, তাৰো বহুত আগতে কামৰূপ দেশলৈ অহা হিউৱেন চাঙৰ বিৱৰণ; হৰ্ষচৰিত, যোগিনীতন্ত্ৰ, কালিকাপুৰাণ, মেগাস্থেনিচ, ষ্ট্ৰেবো, কাৰটিয়াছ, টলেমি, প্লীনি আদিত উল্লিখিত বিৱৰণৰ দ্বাৰা যিখন ‘কামৰূপ’ আমাৰ সন্মুখত উজলি উঠে সেই কামৰূপত আমি দেখা পাওঁ মহীৰংগ দানৱ, হটকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ, ঘটকাসুৰ, নৰকাসুৰ, ভগদত্ত, ভগদত্তই নিজৰ জীয়ৰী ভানুমতীৰ সমন্বয়ৰ বাবে খন্দা দীঘলীপুখুৰী, কুৰুক্ষেত্ৰত ভগদত্তৰ প্ৰতাপ, প্ৰাগজ্যোতিষত অৰ্জুনৰ সৈতে আঠদিনৰ তয়াময়া যুদ্ধ, বজ্ৰদত্ত, বান, ভীস্মক, ভাস্কৰ বৰ্মা, পৃথু, নৰনাৰায়ণ, চিলাৰায়, লাচিত আদি অলেখ চৰিত্ৰ। কিন্তু ক’ত? তেওঁলোক ক’ত? ক’ত আমাৰ সেই অতীত গৰিমা, আমাৰ কামৰূপ? নিজৰ ভূমিত আজি নিজৰ অস্তিত্বৰ বাবে সংগ্ৰাম কৰি থকা সৌ সিদিনাৰ অসমীয়াই ‘কামৰূপীয়া’ হিচাপে শতাব্দীৰ পিছত শতাব্দী জুৰি যি শৌৰ্য-বীৰ্য সভ্যতা-সংস্কৃতিৰ ধ্বজা উৰুৱাই ৰাখিবলৈ সক্ষম হৈছিল, যি কামৰূপৰ কুমাৰ ভাস্কৰৰ বংশধৰ উৰিষ্যাত ৰজা হৈছিল, যি কামৰূপৰ কুমাৰ ভাস্কৰ বৰ্মাই কৰ্ণসুৱৰ্ণতো ৰাজধানী স্থাপন কৰিছিল, সেই ভাস্কৰ বৰ্মাৰ প্ৰাধান্য তল পেলাবলৈ বংগৰ ইতিহাসবিদে চেষ্টা চলোৱা স্বাভাৱিক—কিন্তু আমি কিয় কৰিলো সচেতন অৱহেলা?’’

    হয়, সচেতন অৱহেলা। নহ’লে আমি ইমানদিনে অসমীয়া ভাষাত আমাৰ প্ৰাচীন ইতিহাস (কোচবিহাৰৰ, কামৰূপৰ) প্ৰস্তুত কৰা নাছিলো কিয়?

স্বয়ং সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়াই অনুৰোধ কৰিছিল, ইচ্ছা প্ৰকাশ কৰিছিল—যাতে কনকলাল বৰুৱাৰ প্ৰাচীন কামৰূপৰ ইতিহাসখন অসমীয়া ভাষাত ভাঙনি কৰা হয়। কিন্তু আমি ইমানদিনে লক্ষ্মীনাথ বেজবৰুৱাৰ অনুৰোধকো আওকান কৰি বহি আছিলো। আনকি লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৰ্মক লৈ চিন্তা-ভাৱনা কৰা আৰু লক্ষ্মীনাথ বেজবৰুৱাক লৈ বিভিন্ন কাম-কাজ কৰাৰ দাবী কৰা সাহিত্যিকসলেও সাহিত্যৰথীৰ এই ইচ্ছাক পূৰণ কৰাৰ বাবে আগবাঢ়ি নাহিল। কনকলাল বৰুৱাৰ Early History of Kamrup গ্ৰন্থৰ বিষয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কি মন্তব্য কৰিছিল তাৰ কিছু কথা অঞ্জন শৰ্মাই তেওঁৰ অনুবাদকৰ টোকাত উল্লেখ কৰিছে।

দ্বাবিংশ বছৰৰ বাঁহীৰ তৃতীয় সংখ্যাত Early History of Kamrup কিতাপখনৰ বিষয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল—‘এইখন অতি প্ৰাচীন কালৰে পৰা আৰম্ভ কৰি নৰনাৰায়ণ ৰজাৰ কাললৈকে পুৰণি কামৰূপ ৰাজ্যৰ ধাৰাবাহিক বুৰঞ্জী। কিতাপখনৰ কাকত ভাল, ছপা ভাল, তামৰ ফলি, শিলালিপি, মোহৰ আদি কেইবাটাও ভাল চিত্ৰ কিতাপখনত দিয়া হৈছে। কিতাপখন অনেক গৱেষণা, অনেক চিন্তা আৰু পুৰুষাৰ্থৰ ফল আৰু অসমৰ বুৰঞ্জী বিভাগত আপুৰুগীয়া সম্পদ। বৰুৱা ডাঙৰীয়াৰ আগেয়ে কি ইউৰোপীয়, কি ভাৰতীয় কোনেও প্ৰাচীন বিশাল কামৰূপ ৰাজ্যৰ এনেকুৱা সংলগ্নভাৱে বুৰঞ্জী লিখিবলৈ প্ৰয়াস কৰা নাছিল। তেওঁলোকে অ’ত এছোৱা ত’ত এছোৱা লিখিছিল মাথোন। সিও বৰুৱাদেৱৰ দৰে প্ৰাঞ্জল আৰু গৱেষণাপূৰ্ণ নহয়। আনকি গেইট চাহাবৰ A History of Assam-ত প্ৰাচীন কামৰূপৰ বিষয়ে যি অলপ-অচৰপ আছে, সিও নামমাত্ৰ আৰু কেঁচা। ‘গেইট’ৰ বুৰঞ্জী আহোম ৰাজত্বৰ বুৰঞ্জী বুলিলেই হয়। বৰুৱাদেৱৰ এই দান অসমীয়াৰ মনত নিশ্চয় বহুমূলীয়া হ’ব আৰু তেওঁৰ ঋণ অসমীয়াই শুজিব নোৱাৰে। বুৰঞ্জীৰ বিষয়ত অসম নিশ্চয় কঙাল নহয়। কিন্তু সেই বুৰঞ্জী অসমৰ অৰ্থাৎ প্ৰাচীন বিশাল কামৰূপ ৰাজ্যৰ ভিতৰৰ পূবফালৰ সৰু এডোখৰ অৰ্থাৎ আহোম ৰাজ্যহে। বৰুৱাদেৱৰ এই বুৰঞ্জীয়ে আমি কামৰূপীয়াৰ অৰ্থাৎ অসমীয়াৰ লুপ্ত গৌৰৱৰ স্মৃতি জগাই দি মনটো ইমান বহলাই দিলে যে আমি গ্ৰন্থকাৰক কি বুলি যে সমাদৰ কৰিম, তাৰ যোগ্য ভাষা বিচাৰি পোৱা নাই। আমাৰ পুৰণি অসমখন কিমান আহল-বহল, কিমান ডাঙৰ, কিমান শক্তিশালী আছিল, সেইবোৰৰ বিষয়ে যদিও ইয়াৰ আগেয়ে চকামকাকৈ অলপ-অচৰপ আমি জানিছিলো, আমাৰ সেই জ্ঞান যুকিয়াই, পদে পদে প্ৰমাণেৰে বহলাই আমাৰ ভিতৰৰে সুযোগ্য অসমীয়া এজনে যে এনেকৈ দিব পাৰিলে, এইটো কথা আমাৰ মনত যিমানে খেলাইছে, সিমানে গ্ৰন্থকাৰলৈ আমাৰ শ্ৰদ্ধা বাঢ়িছে আৰু এওঁৰ কীৰ্তিত আমি নিজকে গৌৰৱান্বিত বিবেচনা কৰিছো। আমি বৰুৱা ডাঙৰীয়াক খাটো তেওঁ যেন শীঘ্ৰে ইয়াৰ অসমীয়া ভাঙনি কৰি আমাৰ দেশৰ সকলোবোৰ স্কুলীয়া ছাত্ৰকে পঢ়িব আৰু জানিব পৰাকৈ এখন সৰুকৈ বুৰঞ্জী লিখি ছপা কৰি উলিয়ায়। কাৰণ বৰ অসমৰ পুৰণি তেজৰ স্মৃতি আমাৰ উঠি অহা অসমীয়া ল’ৰা-ছোৱালীৰ গাত সৰুৰে পৰা বোৱাই দি সিহঁতক গঢ়ি তোলাটো বৰ লাগতিয়াল কথা। সিহঁতে জানক যে খ্ৰীষ্টধৰ্মৰ প্ৰায় এহাজাৰ বছৰ আগেয়েও নিম্নবংগৰ সৰহভাগ সাগৰৰ তলত আছিল আৰু উত্তৰ বংগৰ সৰহভাগ প্ৰাগজ্যোতিষ ৰাজ্যৰ ভিতৰত আছিল। কামৰূপলৈ আৰ্য্যৰ সোঁত পোন বাটে বিদেশ আৰু মগধৰ পৰা বৈছিল, নিম্নবংগ সাগৰৰ বুকুৰ পৰা ওলাই বসতিৰ যোগ্য হোৱাৰ অনেক কালৰ আগতে। আন নালাগে চতুৰ্থ খ্ৰীষ্টাব্দৰ মাজৰ পৰা দ্বাদশ খ্ৰীষ্টাব্দলৈকে, অৰ্থাৎ প্ৰায় ৯০০ বছৰ পৌণ্ড্ৰবৰ্ধনৰ পূব আৰু উত্তৰ পৰ্যন্ত নৰক, ভগদত্ত আৰু বজ্ৰদত্তৰ বংশৰ তলতীয়া আছিল। গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা বংশৰ ৰজাই এনে দীঘলীয়া ৰাজত্ব কৰাৰ বিৱৰণ অতি কমহে ওলাব। স্বৰূপাৰ্থত আজিকালি যাক উত্তৰবংগ বোলে সেই গোটেইখন কামৰূপৰ ভিতৰত আছিল আৰু তাৰ বঙালী মানুহবোৰ কিছুমান শতিকাৰ আগলৈকে কামৰূপীয়া আছিল। বুৰঞ্জীবিদ পণ্ডিত পজিটৰ চাহেবে সিদ্ধান্ত কৰি কয় যে মহাভাৰতৰ যুদ্ধৰ সময়ত পুৰণি প্ৰাগজ্যোতিষ ৰাজ্যৰ ভিতৰুৱা আছিল এই দেশবোৰ—বৰ্তমান কালৰ অসমৰ সৰহভাগ বংগৰ জলপাইগুৰি, কোচবিহাৰ, ৰংপুৰ, বগুৰা, মৈমনসিং, ঢাকা, ত্ৰিপুৰা, পাবনাৰ এডোখৰ আৰু সম্ভৱতঃ নেপালৰ পূবডোখৰ। ৰামায়নত আছে যে অমূৰ্তৰাজে প্ৰাগজ্যোতিষ ৰাজ্য স্থাপন কৰিছিল ধৰ্মাৰণ্যৰ কাষত। অমূৰ্তৰাজ কুশৰ পুতেক আৰু বিশ্ববিখ্যাত বিশ্বামিত্ৰ ঋষিৰ ককাক। কৌশিক নৈৰ আজিকালি নাম কুশী। প্ৰাচীনকালত এই কুশীলৈকে কামৰূপৰ সীমা আছিল আৰু আজিকালি বিহাৰ প্ৰদেশৰ ভিতৰত থকা পূৰ্ণিয়া ডিষ্ট্ৰিক্ট কামৰূপৰ ভিতৰত আছিল। আনকি ষষ্ঠ শতিকাৰ আগডোখৰতে কুশী নৈ প্ৰাগজ্যোতিষৰ পশ্চিম সীমা আছিল। খ্ৰীষ্টাব্দৰ এহাজাৰ বছৰ আগলৈকে প্ৰাগজ্যোতিষৰ দক্ষিণসীমা সাগৰ, পশ্চিম সীমা কুশ নৈ আৰু উত্তৰ সীমা ভোটৰ পৰ্বত আৰু নেপালৰ এছোৱা আছিল। যি হওঁক, এইটো নিশ্চিত যে প্ৰাগজ্যোতিষ বা পুৰণি কামৰূপ মহাভাৰতত উল্লেখ কৰা আনবোৰ ৰাজ্যতকৈ অনেক গুণে ডাঙৰ আছিল আৰু গৌতম বুদ্ধৰ কালত থকা ষোল্লখন মহাজনপদৰ ভিতৰৰো কেইবাখনতকৈ ডাঙৰ আছিল।’

kamarupa dynasty

     অঞ্জন শৰ্মাই লিখিছে, ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ উপৰিউক্ত কথাখিনিয়েই প্ৰমাণ কৰে—কনকলাল বৰুৱাৰ প্ৰাচীন কামৰূপৰ ইতিহাস নামৰ গ্ৰন্থখন কেনে সম্পদ হ’ব পাৰে। আজিৰ পটভূমিত, সংকুচিত অসমখনত ভেটি মজবুত কৰি আত্মানুসন্ধান কৰিবলৈ আৰু কামৰূপীয়াৰ অনন্য গৰিমাৰে জিলিকি উঠিবলৈ এক নতুন দৃষ্টিভংগীৰে কনকলাল বৰুৱাৰ এই গ্ৰন্থখন অধ্যয়ন কৰিলে আমি ভাবো ইতিপূৰ্বে উল্লিখিত অত্যন্ত দুৰ্বোধ্য ৰঙীন তৈলচিত্ৰস্বৰূপ আজিৰ অসমৰ আত্মাক উদ্ধাৰ কৰিব পৰা সম্ভৱ হ’ব আৰু আমাৰ পদক্ষেপসমূহ আত্মবিশ্বাসপূৰ্ণ হ’ব।’

       অনুবাদক অঞ্জন শৰ্মাই কিতাপখনৰ বিষয়ে কৰা এনেবোৰ মন্তব্যই সঁচাকৈ অন্তৰত আঘাত নাহানে নে! 

এখন অসাধাৰণ প্ৰাচীন ইতিহাসৰ কিতাপ নতুনকৈ অসমীয়া সাহিত্যৰ বৰপেৰাত স্থান পালে। মই কেতিয়াবা কিছুমান সচেতন অসমীয়াক অসমৰ প্ৰাচীনত্বৰ আলোচনাত বাংলাৰ লগত তুলনা কৰা দেখা পাওঁ। কিন্তু বাংলাৰ লগত আমাৰ তুলনা কৰিবলৈ যোৱাটো এটা ডাঙৰ ভুল বা অজ্ঞতাৰ লক্ষণ। প্ৰাচীন কামৰূপৰ প্ৰাচীনত্তৰ লগত বাংলাৰ তুলনা হ’ব কেনেকৈ?

খ্ৰীষ্টপূৰ্ব সময়ৰ পৰা আমি আমাৰ কামৰূপ ৰাষ্ট্ৰৰ চেতনা আৰু সভ্যতাৰ পৰিচয়ৰে মহিমামণ্ডিত আছিলো। বৰ্তমান যাক বাংলা ভাষা বুলি কোৱা হয়, সেই ভাষাও আছিল কামৰূপ ৰাষ্ট্ৰৰ অন্যতম ভাষা। আমি পাহৰিলে নহ’ব যে অসমীয়া বা প্ৰাচীন কামৰূপৰ ভাষাৰ প্ৰাচীনতম লিখিত নিদৰ্শন হ’ল বৌদ্ধসকলৰ চৰ্যাপদৰ ভাষা। অসম তথা প্ৰাচীন কামৰূপৰ পৰা বৌদ্ধধৰ্মক অপসাৰণ কৰাৰ বাবে আৰু আমি আমাৰ বৌদ্ধ সংস্কৃতিৰ বহু কথা পাহৰি যোৱাৰ বাবে আজি কিছুমান কথা আমি উপলব্ধি কৰিব নোৱাৰো।

এইক্ষেত্ৰত ১৮৯৯ চনত জন্মগ্ৰহণ কৰা সব্যসাচী অসমীয়া পণ্ডিত ডিম্বেশ্বৰ নেওগৰ লিখনিৰ পৰা অসমীয়া ভাষা সম্পৰ্কে অত্যন্ত গুৰুত্বপূৰ্ণ কিছু কথা পঢ়ুৱৈৰ লগত আলোচনা কৰিবলৈ মন গ’ল। তেখেতে লিখিছে—‘চৰ্যাপদ বৌদ্ধধৰ্মৰ প্ৰভাৱৰ সাহিত্য, অসমীয়া সাহিত্যৰ আদিযুগ; প্ৰাৰম্ভৰ পৰা দ্বাদশ শতিকাৰ শেষলৈকে—খ্ৰীষ্টীয় নৱম আৰু দ্বাদশ শতিকাৰ ভিতৰত হিন্দী মৈথিলী আদি ভাৰতীয় প্ৰাদেশিক ভাষাবোৰ প্ৰাকৃত অপভ্ৰংশ অৱস্থাৰ পৰা আধুনিক গঢ় লৈ আহিছিল বুলি হৰ্ণলি আদি পণ্ডিতসকলে কয়; অসমীয়া ভাষাৰ বিষয়টো তাৰ ব্যতিক্ৰম হোৱাৰ প্ৰমাণ দেখা নাযায়।

ইফালে, শৌৰসেনী প্ৰাকৃতৰ বাহিৰে আন প্ৰাকৃতবোৰৰ ভাল অপভ্ৰংশৰ চানেকি পাবলৈ নাই; অসমীয়া ভাষাৰো আগৰ তেনে কোনো অপভ্ৰংশৰ আৰ্হি পোৱা নাযায়। কিন্তু চৰ্যাপদবিলাকৰ ভাষাত আমি তেনে এটা অৱস্থাৰ অসমীয়া ভাষাৰ আভাস পাওঁহক।

এই কালৰ অসমীয়া ভাষা আৰু সাহিত্যৰ আলোচনা কৰোতে আমি সেই কালৰ অসম বা কামৰূপ ৰাজ্য তথা পুৰণি অসমীয়া বা কামৰূপী ভাষাৰ বিস্তৃতিৰ সীমাৰ কথা পাহৰিলে নচলিব। সেই কালত কামৰূপ ৰাজ্যৰ ভাষাই পূৰ্বে শদিয়াৰ পৰা পশ্চিমে বিহাৰৰ সীমা চুইচিলগৈ। কাৰণ, বংগদেশৰ তেতিয়া এটা সুকীয়া ভাষা যে নাছিল হিউৱেনচাঙৰ ভাৰত ভ্ৰমণ বৃত্তান্তৰ পৰাই ভালকৈ বুজিব পাৰি।

বংগদেশত অসমীয়া ভাষাৰ এই আধিপত্য প্ৰায় ষোড়শ শতিকাৰ আগলৈকে থকাৰ প্ৰমাণ পোৱা যায়; আৰু কাশীদাসী মহাভাৰত আৰু কৃত্তিবাসী ৰামায়ন আদিৰেহে জয়ে জয়ে পুৰণি অসমীয়াৰ উপভাষাস্বৰূপে বঙলা ভাষাৰ এটা স্বাধীন জীৱন আৰম্ভ হোৱা বুলি ক’ব পাৰি। গতিকে দ্বাদশ শতিকাত পশ্চিমবংগৰ উপভাষাৰ ওপৰত প্ৰতিষ্ঠিত বুলিলে স্বৰূপতে তাক পুৰণি অসমীয়া বা কামৰূপ ৰাজ্যৰ এক উপভাষ্যৰ ওপৰত প্ৰতিষ্ঠিত বুলিহে ধৰিব লাগিব (ডিম্বেশ্বৰ নেওগ ৰচনাৱলী, প্ৰথম খণ্ড, সম্পাদনা : ড° নগেন শইকীয়া, অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা-৫২)।

সেয়েহে প্ৰাচীন কামৰূপৰ বিশালতা, বৈচিত্ৰ্য, সাংস্কৃতিক বিবিধতা আৰু প্ৰাচীনতাৰ কথা যেতিয়া আমি চিন্তা কৰিম, তেতিয়া কামৰূপী তথা অসমীয়াৰ ইতিহাসৰ কালসীমা কমেও আঢ়ৈ হাজাৰ বছৰ পিছলৈকে মহিমামণ্ডিত হৈ উঠিব।

কনকলাল বৰুৱাৰ প্ৰাচীন কামৰূপৰ ইতিহাস যেন তাৰ এটা ক্ষুদ্ৰ দলিল। এই কিতাপৰ আৰম্ভণিত কনকলাল বৰুৱাদেৱে যি পাতনি লিখিছিল সেয়া এটা কালজয়ী পাতনি। মই আজি সেই পাতনিৰ কোনো কথাই উল্লেখ নকৰো, কাৰণ মই বিচাৰো পঢ়ুৱৈসকলে নিজেই সেই পাতনি পঢ়ক আৰু কনকলাল বৰুৱাৰ গভীৰ জাতীয়তাবোধ অন্তৰত অনুভৱ কৰক। এই জাতীয়তাবোধ অকল আৱেগৰ জাতীয়তাবোধ নহয়।

Silsako Bridge

আনহাতে এই চেতনা—অধ্যয়ন, অনুসন্ধান আৰু বৈজ্ঞানিক বিশ্লেষণেৰে পৰিপুষ্ট অভিব্যক্ত। মূলতঃ মুঠ ‘পঞ্চদশ অধ্যায়’ বা পাঠত এই কিতাপৰ বক্তব্যক পঢ়ুৱৈৰ আগত তুলি ধৰিছিল কনকলাল বৰুৱাই। আগতে উল্লেখ কৰিছো যে এই কিতাপখন কনকলাল বৰুৱাই লিখিছিল ইংৰাজী ভাষাত,  সেয়েহে স্বাভাৱিকভাৱে অনুবাদক অঞ্জন শৰ্মাই এই পাঠবোৰৰ অসমীয়াকৰণ কৰিছে।

এই কিতাপখনৰ প্ৰথম অধ্যায়ত আলোচনা কৰা হৈছে প্ৰাচীন প্ৰাগজ্যোতিষ আৰু কামৰূপৰ প্ৰাচীনত্বৰ কথা। টলেমি, মেগাস্থেনিছ, ব্ৰাহ্মণ্য সাহিত্য, বৌদ্ধ সাহিত্য, ভিনছেণ্ট স্মিথ, হিউৱেন চাঙ আদিৰ কথা ঐতিহাসিকতাৰ ওপৰত ভিত্তি কৰি আলোচিত হৈছে এই অধ্যায়।

দ্বিতীয় অধ্যায়ত কামৰূপৰ প্ৰাগৈতিহাসিক সময়ছোৱাৰ বিষয়ে আলোচনা কৰা হৈছে।

তৃতীয় অধ্যায়ত আলোচিত হৈছে কামৰূপ দেশৰ গুপ্ত যুগৰ সময়কাল।

চতুৰ্থ অধ্যায়ত কামৰূপৰ বিখ্যাত ৰজা ভাস্কৰ বৰ্মা আৰু তেওঁৰ ৰাজত্বকালৰ বিষয়ে আলোচনা কৰা হৈছে। কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই ৬০০ খ্ৰীষ্টাব্দত কামৰূপৰ ৰাজসিংহাসনত বহিছিল আৰু তেওঁৰ সময় আছিল কামৰূপৰ এক গৌৰৱময় সময়। তেওঁ বৌদ্ধ অনুগামী আছিল। নালন্দা বিশ্ববিদ্যালয় তেওঁৰ অধীন তথা তত্ত্বাৱধানত আছিল। তেওঁৰ সময়তেই বৌদ্ধ পণ্ডিত হিউৱেন চাঙ কামৰূপলৈ আহিছিল।

থানেশ্বৰৰ হৰ্ষবৰ্ধন আছিল কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ মিত্ৰ। ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ যুগ্ম সামৰিক অভিযানৰ ফলত শশাংক সিংহাসনচ্যুত হৈছিল। শশাংক, ভাস্কৰ বৰ্মা, হৰ্ষবৰ্ধন আৰু তেওঁলোকৰ সময়ৰ কথা জানিবলৈ হ’লে, সেই সময়ৰ কামৰূপৰ বিষয়ে জানিবলৈ হ’লে প্ৰাচীন কামৰূপৰ ইতিহাস নামৰ কিতাপখন পঢ়িব লাগিব। ভাস্কৰ বৰ্মা আছিল কামৰূপৰ এজন গৌৰৱোজ্জ্বল ৰজা। সেই সময়ৰ কামৰূপ ৰাষ্ট্ৰ আৰু কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাৰ দৰে বিখ্যাত ৰাষ্ট্ৰ আৰু ৰজা ভাৰত উপমহাদেশত বৰ কমেই আছিল।

বিভিন্ন শিলালিপি, তামৰ ফলি, প্ৰতীক, প্ৰাচীন পুথি, পৰিব্ৰাজকৰ টোকা আৰু বিভিন্ন প্ৰত্নসম্পদ আদি আৱিষ্কাৰ হোৱাৰ ফলত কামৰূপৰ এই মহান ঐতিহাসিক ৰজাৰ বিষয়ে আমি বহুকথা জানিবলৈ সক্ষম হৈছো। কামৰূপৰ সকলোতকৈ উজ্জ্বল ঐতিহাসিক ৰজাজনেই বোধকৰো ভাস্কৰ বৰ্মন। কিন্তু মই আচৰিত হওঁ যেতিয়া আমাৰ অধিকাংশ লোকে আৰু ছাত্ৰ-ছাত্ৰীয়ে কামৰূপৰ ঐতিহাসিক ৰজা ভাস্কৰ বৰ্মনৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰে। যেন ইচ্ছাকৃতভাৱেই ভাস্কৰ বৰ্মনক আমাৰ মাজৰ পৰা মছি পেলোৱাৰ চেষ্টা চলিছে।

শিশু অৱস্থাত, বিদ্যালয়ৰ প্ৰথম মানৰ পৰা সপ্তম মানৰ ভিতৰতেই আমাৰ ছাত্ৰ-ছাত্ৰীসকলক ভাস্কৰ বৰ্মনৰ বিষয়ে পাঠদান কৰাটো উচিত আছিল, কিন্তু আজি আমাৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ভাস্কৰ বৰ্মনৰ নামেই শুনা নাই। আমাৰ বুদ্ধিজীৱী, আমাৰ শিক্ষা ব্যৱস্থাৰ কৰ্ণধাৰসকলৰ বাবে ইয়াতকৈ লজ্জাজনক কথা আৰু কিবা থাকিব পাৰেনে? ইয়াতকৈ ডাঙৰ বিফলতা আমাৰ আৰু কিবা থাকিব পাৰেনে?

প্ৰথম দিশত আমাৰ অসমীয়া শিক্ষাবিদসকলে বিচাৰিছিল যে আমাৰ ৰজা ভাস্কৰ বৰ্মাৰ বিষয়ে সৰুকালতেই যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে অৱগত হয়। কিন্তু পৰৱৰ্তী সময়ত আমাৰ গৌৰৱময় ইতিহাসক মছি পেলোৱাৰ বাবে কিছুমান তথাকথিত শিক্ষাবিদে চক্ৰান্ত কৰি আমাৰ প্ৰাচীন ইতিহাস আমাৰ সন্তানবোৰক পঢ়িব নিদিয়ে। বিশিষ্ট শিক্ষাবিদ অধ্যাপক শ্ৰীঅতুলচন্দ্ৰ হাজৰিকাদেৱে ‘আমাৰ ভাৰত’ নামৰ এখন বুৰঞ্জীমূলক কিতাপ প্ৰণয়ন কৰিছিল। এই কিতাপখন উচ্চ ইংৰাজী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ বাবে ৰচিত হৈছিল আৰু সেই সময়ৰ অসম মাধ্যমিক ব’ৰ্ডৰদ্বাৰা মঞ্জুৰীপ্ৰাপ্ত বুৰঞ্জীৰ পাঠ্য কিতাপ আছিল। ১৯৭৩ চনৰ জানুৱাৰী মাহত কিতাপখন প্ৰথম প্ৰকাশিত হৈছিল, প্ৰকাশক আছিল জোনাকী প্ৰকাশ, গুৱাহাটী আৰু কিতাপখন ছপা হৈছিল কলিকতাৰ শ্ৰীকান্ত প্ৰেছ নামৰ ছপাশালত। এই কিতাপখনত ‘কুমাৰ ভাস্কৰবৰ্মা’ নামৰ এটা পাঠত কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাৰ সম্পৰ্কে অসমৰ ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰা হৈছিল।

hiuen tsang

আজিৰ পৰা ৪৭ বছৰ আগতেই অধ্যাপক শ্ৰীঅতুলচন্দ্ৰ হাজৰিকাই অসমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দেশৰ মহান ৰজাৰ পৰিচয় দাঙি ধিৰিছিল, যদি এই মহৎ প্ৰচেষ্টা অব্যাহত থাকিলে হয়, এই ৪৭ বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকজন মানুহে ভাস্কৰ বৰ্মনৰ বিষয়ে অন্ততঃ অৱগত হৈ থাকিলেহেঁতেন। কিন্তু আমি সকলোৱে জানো যে তেনেকুৱা হোৱা নাই। অসমৰ প্ৰাচীনত্ব আৰু গৌৰৱগাথাঁ সাময়িকভাৱে অন্ধকাৰত ৰাখিবলৈ চক্ৰান্তকাৰীসকলে সফল হৈছে। অঞ্জন শৰ্মাই প্ৰাচীন কামৰূপৰ ইতিহাসখন আমাক উপহাৰ দি কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ কথা আমাৰ মন-মগজুত পুনৰায় সজীৱ কৰি তুলিছে।

পঞ্চম অধ্যায়ত আলোচিত হৈছে শালস্তম্ভ বংশ, ষষ্ঠ অধ্যায়ত আলোচিত হৈছে ব্ৰহ্মপালৰ ৰাজবংশ, ইয়াৰ পাছতে আলোচনা কৰা হৈছে প্ৰাচীন কামৰূপৰ সাংস্কৃতিক আৰু বৈষয়িক প্ৰগতিৰ এক সমীক্ষা। অষ্টম অধ্যায়ত আলোচনা কৰা হৈছে কামৰূপৰ পৰৱৰ্তী ৰজাসকলৰ। এই সময়ত কামৰূপ ৰাষ্ট্ৰৰ সীমা সময়ে সময়ে বঢ়া-টুটা হৈ আছিল আৰু এই সময়তেই কামতা নামে কামৰূপৰ এটা অংশৰ পৰিচিত হ’বলৈ ধৰে। এই অষ্টম অধ্যায়ত ৰজা তিংগদেৱ, বৈদ্যদেৱ, পৃথু, সন্ধা আদি ৰজাৰ ৰাজত্বকালৰ কথা আলোচিত হৈছে। নৱম অধ্যায়ত আলোচিত হৈছে বহিৰাগত মুছলমানৰ আক্ৰমণসমূহ; দশম অধ্যায়ত বিস্তাৰিতভাৱে আলোচিত হৈছে কামতাৰ ৰজাসকলৰ কথা। ৰজা ইন্দ্ৰনাৰায়ণ, আৰিমত্ত, শুক্ৰাংক, সুতৰাংক, মৃগাক, নীলধ্বজ, চক্ৰধ্বজ, নীলাম্বৰ আদি ৰজাৰ ৰাজত্বকাল ইয়াত বৰ্ণিত হৈছে।

      চুতীয়া জনগোষ্ঠী প্ৰাচীন কামৰূপৰ অন্যতম জনগোষ্ঠী। প্ৰাচীন কালত এই চুতীয়াসকল মহাযান বৌদ্ধধৰ্মৰ বিশেষ শাখাৰ পৰিধিত আছিল আৰু তাৰা, কুবেৰ আদি বৌদ্ধ দেৱ-দেৱীৰ পূজা কৰিছিল। একাদশ অধ্যায়ত আলোচনা কৰা হৈছে চুতীয়া ৰাজ্যৰ। ভূঞাসকলৰ শাসনকালৰ বিষয়ে আলোচনা কৰা হৈছে দ্বাদশ অধ্যায়ত। ত্ৰয়োদশ অধ্যায়ত কোচৰ ৰাজত্ব, চতুৰ্দশ অধ্যায়ত বৈষ্ণৱধৰ্মৰ সংস্কাৰ সাধন আৰু শেষ অধ্যায়টোত সাহিত্যৰ শ্ৰীবৃদ্ধিৰ বিষয়ে আলোচনা কৰা হৈছে। এই শেষৰ অধ্যায়টোত কোৱা হৈছে—পঞ্চদশ শতাব্দীত শংকৰদেৱৰ সময়ছোৱালৈ কামৰূপত বৌদ্ধসকলে বাধাহীনভাৱে বৌদ্ধধৰ্ম প্ৰচলন কৰি আছিল। মই ভাবো এই অসাধাৰণ কিতাপখন প্ৰত্যেকজন সচেতন অসমীয়াই পঢ়া উচিত, নহ’লে অসমীয়াৰ চেতনা অসম্পূৰ্ণ হৈ ৰৈ যাব। এই কিতাপখনৰ শেষত ২৪ পৃষ্ঠা ধৰি কিছুমান টোকা দিয়া আছে, মুঠ ২৭৪টা টোকা তাত সন্নিৱিষ্ট কৰা হৈছে। এই কামটোৱে কিতাপখনৰ মান বহুগুণে বৃদ্ধি কৰিছে। কিতাপখনৰ শেষত পৰিশিষ্ট ‘এক’ত—ভাস্কৰবৰ্মাৰ তামৰফলিৰ লিপি; ‘দুই’ত—হৰ্জৰ বৰ্মাৰ তাম্ৰ শাসন-হৰ্জৰ বৰ্মাৰ তামৰ ফলিৰ লিপি; ‘তিনি’ত—ধৰ্মপাল বৰ্মাদেৱৰ প্ৰথমখন তামৰফলিৰ লিপি ধৰ্মপাল বৰ্মাদেৱৰ লিপি; ‘চাৰি’ত—ধৰ্মপালৰ দ্বিতীয়খন তামৰফলিৰ লিপিত থকা কথাবোৰ সন্নিৱিষ্ট হৈছে।

 এনেকুৱা অসাধাৰণ কাম অসমীয়া ভাষাৰ ইতিহাসৰ কিতাপত মোৰ দৃষ্টিগোচৰ হোৱা নাই।

এই কিতাপখন অনুবাদ কৰোতে অঞ্জন শৰ্মাই আৰু এটা অতিৰিক্ত বিষয় শেষত সংযোজন কৰিছে, সেইটো হ’ল—অসম সাহিত্য সন্মিলনৰ বুৰঞ্জী শাখাৰ সভাপতি হিচাপে কনকলাল বৰুৱাৰ ভাষণ।

এই ২৪ পৃষ্ঠাৰ ভাষণ পঢ়ুৱৈৰ বাবে অতিৰিক্ত এক অমূল্য প্ৰাপ্তি। এই ভাষণত কনকলাল বৰুৱাই আশ্চৰ্য প্ৰকাশ কৰি কৈছে—‘বাস্তৱিকতে ই বৰ আচৰিত কথা যে ভাস্কৰবৰ্মা আৰু শ্ৰীহৰ্ষবৰ্মাৰ নিচিনা প্ৰতাপশালী চক্ৰৱৰ্তী ৰজাৰ নাম ষোড়শ শতিকাৰ যোগিনীতন্ত্ৰ আৰু তাৰ আগৰ হৰগৌৰী-সম্বাদতো পোৱা নাযায়।’

কিন্তু আমি তাৰ কাৰণ অনুমান কৰিব পাৰো; বৌদ্ধ কামৰূপৰ কোনো কথাই ব্ৰাহ্মণ্যধৰ্মৰ কিতাপ প্ৰণেতাসকলে লিখি থোৱা নাই কাৰণ তেওঁলোকে কামৰূপৰ পৰা বৌদ্ধধৰ্মক অপসাৰণ কৰাৰ কামতে ব্ৰতী আছিল। আনকি কামৰূপৰ বৌদ্ধৰজাসকলৰ মহান কামবোৰ আৰু ৰজাৰ কীৰ্তি তেওঁলোকে ঢাকিব বিচাৰিছিল। কামৰূপৰ ৰজা ভাস্কৰ বৰ্মা পৰৱৰ্তী সময়ত বৌদ্ধ অনুগামী হৈছিল। সেয়েহে ব্ৰাহ্মণ্যধৰ্মৰ পণ্ডিত আৰু গ্ৰন্থপ্ৰণেতাসকলে ভাস্কৰ বৰ্মাৰ কাম-কাজক অন্ধকাৰলৈ ঠেলি দিলে।

প্ৰাচীন কামৰূপৰ ইতিহাস নামৰ কিতাপখনত কামৰূপৰ প্ৰত্নসম্পদৰ কিছুমান মূল্যৱান ছবি আছে। এই ছবিবোৰ ‘গ্লচি’ কাগজত ছপা কৰিলে অধিক উত্তম হ’লহেঁতেন। কিতাপখনৰ বেটুপাত, ছপাৰ মান, কাগজ অত্যন্ত ভাল। ৩৭৬ পৃষ্ঠাৰ বৃহৎ কলেবৰৰ কিতাপখন অসমীয়া ইতিহাস সাহিত্যৰ অমূল্য সম্পদ।

অঞ্জন শৰ্মাৰ আন আন কাম-কাজ আৰু এই অমূল্য কিতাপখনৰ বাবে তেওঁ অসমীয়া সাহিত্য জগতত আৰু অসমীয়াৰ হৃদয়ত সদায় শ্ৰদ্ধাৰ পাত্ৰ হৈ বিৰাজ কৰিব।

[এই কিতাপখনৰ দ্বিতীয় সংস্কৰণ গুৱাহাটীৰ পানবজাৰৰ ‘বান্ধৱ’ নামৰ দোকানত পোৱা যাব ।]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: প্ৰাচীন কামৰূপৰ ইতিহাস
Editor

Editor

Related Posts

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First
Special Report

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

by Kakali Das
July 19, 2026
0

Walking Safely Is a Fundamental Right: Why India's Cities Must Put Pedestrians First KAKALI DAS When the Supreme Court of...

Read moreDetails
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
The Loneliness Epidemic: Can Rebuilding Community End it?

The Loneliness Epidemic: Can Rebuilding Community End it?

July 18, 2026
The world needs you: Nobel Laureates seek a new movement against nuclear war

The world needs you: Nobel Laureates seek a new movement against nuclear war

July 18, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d