• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

‍মহাবাহুঃ সামান্য আলোকপাত

175+ Years of Assam and Beyond

by Anjan Sarma
September 16, 2023
in Special Report, Media, Opinion
Reading Time: 6 mins read
0
‍মহাবাহুঃ সামান্য আলোকপাত
Share on FacebookShare on TwitterShare on LinkedIn

মহাবাহুঃ সামান্য আলোকপাত

উৎপল শৰ্মা

FB IMG 1673552054987
উৎপল শৰ্মা

বিগত শতিকাৰ আশীৰ দশকৰ দোকমোকালিতে অসমৰ আলোচনীৰ ইতিহাসত সংযোজিত হৈছিল ‘মহাবাহু’ নামেৰে সম্পূৰ্ণ জাতীয় চিন্তা-চেতনাসমৃদ্ধ এখন নতুন আলোচনী।

এই আলোচনীখনে অসমৰ ছবছৰীয়া গণ আন্দোলনৰ সক্ৰিয় ধাৰাটোৰ সমান্তৰালভাৱে অসমীয়া জনগণৰ জাতীয়তাবাদী চিন্তা-চেতনাৰ বৌদ্ধিক ধাৰণাটোক উজ্জীৱিত কৰাৰ লগতে পৰিপুষ্টি দিয়াৰ ক্ষেত্ৰত বহুলাংশে সফল হৈছিল । এক অৰ্থত ‘মহাবাহু’ আছিল অসম আন্দোলনৰ বুকুত জন্মলাভ কৰা এক বৌদ্ধিক কছৰৎ।

১৯৮০ চনৰ ৰঙালী বিহুৰ সময়। অসমৰ জাতীয় জীৱনৰ বাপতি সাহোনস্বৰূপ ৰঙালী বিহুৰ ঢোলৰ শব্দক ম্লান কৰি অসম আন্দোলনৰ বিভিন্ন তেজোদ্দীপ্ত শ্লোগানেৰে অসমৰ আকাশ-বতাহ মুখৰিত হৈ পৰিছিল। ‘আহ ঐ আহ, ওলাই আহ’, ‘খেদ ঐ খেদ, বিদেশীক খেদ’, ‘তৰিলে দেশ, মৰিলে স্বৰ্গ’ ইত্যাদি ইত্যাদি।

এই জনজাগৰণৰ মূল অভিকেন্দ্ৰ আছিল কটন মহাবিদ্যালয়স্থ ছাত্ৰ সন্থাৰ কাৰ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি-টি ছাত্ৰাবাস ( য’ত আৱাসী হিচাপে আছিল প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকন) আৰু সদৌ অসম ছাত্ৰসন্থাৰ মুখ্য কাৰ্যালয়।

অসমৰ ছাত্ৰ সমাজৰ লগতে অসমৰ সকলো শ্ৰেণীৰ ৰাইজে জাতি-বৰ্ণ-ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে একেলগে সকলোৱে বিদেশী বিতাড়নৰ দাবীত ৰাজপথলৈ ওলাই আহি যি এক অভূতপূৰ্ব জনজাগৰণৰ সৃষ্টি কৰিছিল, সি অসম বা ভাৰতবৰ্ষ কিয়, বিশ্বৰ বুকুতে বিৰল ঘটনা হিচাপে চিৰকাললৈ স্বীকৃত হৈ ৰ’ব।

১৯৭৮ চনৰ আৰম্ভণিৰেপৰাই ‘সাপ্তাহিক নীলাচল’, ‘অগ্ৰদূত’ আদি বহুল প্ৰচাৰিত বাতৰি-কাকতত সম্পূৰ্ণ স্বকীয় শৈলীৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ শক্তিশালী চিন্তা আৰু সাৱলীল ভাষাৰে বিভিন্ন প্ৰবন্ধ লিখি অসমৰ জাতীয় জীৱনক নতুন চিন্তাৰে উজ্জীৱিত কৰা এগৰাকী ছাত্ৰ-লেখক আছিল অঞ্জন শৰ্মা।

১৯৭৯ চনৰ ঐতিহাসিক গণ আন্দোলন আৰম্ভ হোৱাৰ সময়ত তেখেত আছিল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এগৰাকী সম্ভাৱনাপূৰ্ণ প্ৰতিভাশালী ছাত্ৰ।

অসম আন্দোলনৰ আৰম্ভণিয়ে অঞ্জন শৰ্মাৰ বুকুত উমি উমি জ্বলি থকা জাতীয়তাবাদী চিন্তা-চৰ্চাত যেন হোমাগ্নিহে প্ৰজ্জ্বলিত কৰিলে। অভিযন্তা হোৱাৰ সপোন একাষৰীয়া কৰি আন্দোলনৰ যথাৰ্থতাক সাৰপানী যোগাবলৈ তেখেতে কলম তুলি ল’লে আগতকৈও ক্ষুৰধাৰ গতিৰে। সমসাময়িক ৰাজনৈতিক চল-চাতুৰিৰে অসম আৰু অসমীয়াৰ প্ৰতি কৰা চৰকাৰী বঞ্চনা আৰু তাৰ বিপৰীতে আন্দোলনৰ প্ৰাসংগিকতাৰ সবল যুক্তি প্ৰতিপন্ন হ’ল তেখেতৰ বিভিন্ন লিখনিৰ জৰিয়তে।

সেই সময়তে শৰ্মাদেৱক লগ ধৰিবলৈ কটন মহাবিদ্যালয়লৈ আহিছিল দুই অসমীয়া যুৱ ব্যৱসায়ী কুলদীপ সিং আৰু ভবেন গোস্বামী। তেওঁলোক দুয়ো মিলি গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত ইতিমধ্যে ‘যুৱ ছপাশাল’ নামেৰে এটি প্ৰেছ আৰম্ভ কৰিছিল।

কটন কলেজৰ কেণ্টিনত বহি সিদিনা তিনিওৰে মাজত সিদ্ধান্ত হ’ল সম্পূৰ্ণ জাতীয়তাবাদী চিন্তা-চৰ্চাৰে এখন পষেকীয়া অসমীয়া আলোচনী প্ৰকাশ কৰা হওক। নাম স্থিৰ কৰা হ’ল ‘মহাবাহু’। মহাবাহুৰ সম্পাদনাৰ দায়িত্ব স্বাভাৱিকতে অঞ্জন শৰ্মাৰ কান্ধত পৰিল।

‍মহাবাহুঃ সামান্য আলোকপাত

‘মহাবাহু’ প্ৰকাশ হ’ব বুলি শুনি আনন্দিত হৈ পৰিছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱ। তেখেতে নিজ হাতেৰে মহাবাহুৰ বিজ্ঞাপন লিখি দিছিল। বিজ্ঞাপনটি প্ৰকাশ হৈছিল ‍‘অগ্ৰদূত’, ‍‘সাপ্তাহিক নীলাচল’ কাকতত। ড° হাজৰিকাই আগবঢ়াইছিল তেখেতৰ এটি লেখা – মহাবাহুৰ বাবে।

সেয়াই আৰম্ভণি। অঞ্জন শৰ্মাৰ সম্পাদনাত যুৱ ছপাশালৰ ট্ৰেডেল মেচিনত ছপা আৰম্ভ হৈছিল ‘মহাবাহু’ৰ। দিনে-নিশাই পৰিশ্ৰম কৰি পষেকীয়া ‍‘মহাবাহু’ৰ প্ৰথম সংখ্যাটো প্ৰকাশ হৈছিল ১৯৮০ চনৰ জুন মাহৰ ১৫ তাৰিখে। ড০ ভূপেন হাজৰিকা, হিতেশ ডেকা, কনকসেন ডেকা, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, ৰোহিণী কুমাৰ পাঠক, অঞ্জন শৰ্মা, প্ৰবীৰ কুমাৰ দাস, জয়ন্ত ভাগৱতী, কুমাৰ মধু তালুকদাৰ আদিৰ লেখাৰে সমৃদ্ধ হৈছিল ‍‘মহাবাহু’ৰ প্ৰথম সংখ্যাৰ পৃষ্ঠাসমূহ।

প্ৰথমটো সংখ্যাতে সমগ্ৰ অসমৰ জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি। আধা শুকোৱা অৱস্থাতে ‍‘মহাবাহু’ লৈ গৈছিল অসমৰ বিভিন্ন প্ৰান্তৰ এজেণ্টে। এফালে অসম আন্দোলনৰ ভৰপক, আনফালে ‍‘মহাবাহু’। ইটো যেন সিটোৰ পৰিপূৰক। ব্যৱসায় হিচাপে কোনো লাভৰ মুখ দেখাৰ সুযোগ নাছিল। বিপৰীতে আছিল আৰ্থিক লোকচান তথা চৰকাৰী আতিশয্য।

‍‘মহাবাহু’ৰ দ্বিতীয় সংখ্যাও প্ৰকাশ হৈ ওলাল সময়মতে। এই সংখ্যাত ড০ ভূপেন হাজৰিকা, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, নেকিব আলী শইকীয়া, অঞ্জন শৰ্মা, বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য, প্ৰবীৰ কুমাৰ দাস, নৰেন হাজৰিকা আদিৰ লিখনিসমূহে অসমীয়া জনজীৱনৰ মন-মগজুক জাতীয়তাবাদী চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছিল।

ঠিক তেনেদৰে তৃতীয় সংখ্যাত লক্ষেশ্বৰ শৰ্মা, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, কনকসেন ডেকা, কুমাৰ মধু তালুকদাৰ, ৰবীন চন্দ্ৰ শৰ্মা, মঃ মতিউৰ ৰহমান আদিৰ লিখনিৰে সমৃদ্ধ হৈছিল ‍‘মহাবাহু’ৰ পৃষ্ঠাসমূহ। জনজীৱনৰ আগ্ৰহ আৰু সঁহাৰি ক্ৰমে ‍‘মহাবাহু’ৰ পিনে ধাৱমান হৈছিল। এক কথাত ৰাইজে আদৰি লৈছিল ‘মহাবাহু’ক নিজৰ আপোন কণ্ঠ প্ৰতিফলিত হোৱা এখন আপোন আলোচনী হিচাপে।

আজিৰ ভাষাত ক’বলৈ হ’লে ‘মহাবাহু’ হৈ পৰিছিল ‘চিটিজেন জাৰ্নেলিজম” বা সেইসময়ৰ ‘ছছিয়েল মেডিয়া‘! মহাবাহুক কেন্দ্ৰ কৰি বৃদ্ধি পাইছিল চৰকাৰী আতিশয্যৰ মাত্ৰা। স্বাভাৱিকতে, ১৯৮১ চনৰপৰা ‘মহাবাহু’ৰ প্ৰকাশত কিছু বাধা আহি পৰিছিল।

সেই সময়তে যুৱ ছপাশালৰ এগৰাকী স্বত্বাধিকাৰী কুলদীপ সিঙে ছপাশালটোৰ দায়িত্বৰপৰা অব্যাহতি ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰাত আনগৰাকী স্বত্বাধিকাৰী ভবেন গোস্বামীয়ে দীঘলীপুখুৰী পাৰত যুৱ ছপাশালৰ মেচিন, টাইপ আদিৰে আৰম্ভ কৰিলে ‘প্ৰিণ্টৱৰ্থ’ নামেৰে এটা নতুন ছপাশাল। পুনৰ ১৯৮২ চনৰ এপ্ৰিল মাহৰ পৰা প্ৰিণ্টৱৰ্থত আৰম্ভ হ’ল ‘মহাবাহু’ৰ পৰৱৰ্তী যাত্ৰা।

‍মহাবাহুঃ সামান্য আলোকপাত

ক্ৰমাৎ অসম আন্দোলনেও ইয়াৰ ভৰপক সময়ত উপনীত হ’ল। লগে লগে বাঢ়ি গ’ল চৰকাৰী দমন-উৎপীড়নৰ যাত্ৰা। লাঠী, গুলী, কন্দুৱা গেছেৰে অসমৰ আকাশ-বতাহ উত্তপ্ত হৈ পৰিল। একেদৰে আন্দোলনৰ বিভিন্ন পৰিৱেশ-পৰিস্থিতি, চৰকাৰী দমন-উৎপীড়নৰ বৰ্ণনাৰে উত্তপ্ত হৈ পৰিল ‍‘মহাবাহু’ৰ প্ৰতিটো পৃষ্ঠা। ‍‘মহাবাহু’ৰ সম্পাদক অঞ্জন শৰ্মাক বিচাৰি পুলিচৰ মানুহে বিভিন্ন স্থানত অভিযান আৰম্ভ কৰিলে।

ছপাশালৰ স্বত্ত্বাধিকাৰী ভৱেন গোস্বামীক চোৰাংচোৱাই অঞ্জন শৰ্মাৰ সন্ধান দিয়াৰ বাবে ব্যতিব্যস্ত কৰি তুলিলে। এতিয়াও ভবেন গোস্বামীক সুধিলে তেওঁ বিৱৰিব সেইবোৰ ঘটনা, প্ৰায় ১২ জন চোৰাংচোৱাই তেওঁক বিভিন্ন সময়ত ব্যতিব্যস্ত কৰিছিল শৰ্মাক বিচাৰি। জালুকবাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাৱাসতো অঞ্জন শৰ্মাক বিচাৰি পুলিচৰ অভিযান চলিল।

ইয়াৰ মাজতো ‍‘মহাবাহু’, ‍‘সাপ্তাহিক নীলাচল’, ‍‘অগ্ৰদূত’ আদি কাকত-আলোচনীত আন্দোলনৰ বিভিন্ন দিশ সামৰি অঞ্জন শৰ্মাৰ শতাধিক তেজোদ্দীপ্ত বলিষ্ঠ প্ৰবন্ধ প্ৰকাশ হৈয়ে থাকিল। পুলিচৰ ভয়-ভাবুকিয়ে তেখেতক টলাব নোৱাৰিলে, নোৱাৰিলে কলম ৰুদ্ধ কৰিবলৈ।

সেই সময়তে তেখেতৰ গৃহচহৰ পাঠশালাত থকা বাসভৱনত পিতৃ অৰ্জুনচন্দ্ৰ শৰ্মাক অঞ্জন শৰ্মাৰ সন্ধানত উপৰ্যুপৰি জেৰা চলায়ো আৰক্ষীয়ে কোনো সন্ধান উলিয়াব নোৱাৰিলে (এইখিনিতে প্ৰণিধানযোগ্য যে অঞ্জন শৰ্মাৰ পিতৃ অৰ্জুনচন্দ্ৰ শৰ্মা আছিল এগৰাকী প্ৰৱীণ মুক্তিযোদ্ধা। ১৯৪২ চনৰ ২৫ ছেপ্টেম্বৰত বজালীৰ শ্বহীদ মদন বৰ্মন আৰু ৰাউতা কোচ গুলীবিদ্ধ হোৱাৰ দিনা একে ঠাইতে তেখেতো দুটা গুলীৰে গুলীবিদ্ধ হৈছিল। তেখেত ১৯৪২ চনত আছিল বজালী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ)।

এই আটাইবোৰ বাধা নেওচি ‍‘মহাবাহু’ প্ৰকাশ হৈ গৈ থাকিল। ভবেন গোস্বামীৰ ছপাশাল ‘প্ৰিণ্টৱৰ্থ’ এক বিশেষ ছপাশাল হিচাপে গুৰুত্বপূৰ্ণ হৈ পৰিল। এক কথাত ক’বলৈ গ’লে প্ৰিণ্টৱৰ্থ হৈ পৰিল অসম আন্দোলনৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ এক আপোচহীন বৌদ্ধিক অভিকেন্দ্ৰ।

বিভিন্ন ঘাত-প্ৰতিঘাত তথা চৰকাৰী বাহিনীৰ কোপদৃষ্টিৰ মাজতো ১৯৮৩ চনৰ জুলাই মাহলৈকে ‘মহাবাহু’ নিয়মীয়াভাৱে প্ৰকাশ হৈ আহিছিল।

ইতিমধ্যে ১৯৮৩ চনৰ ফ্ৰেব্ৰুৱাৰি মাহত অনুষ্ঠিত হোৱা ৰক্তাক্ত নিৰ্বাচনৰ মাজেৰে আহি হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনে শাসনৰ বাঘজৰী হাতত লোৱাৰ পিছত ‘মহাবাহু’ৰ প্ৰকাশ বন্ধ ৰাখিবলৈ ছপাশালটোৰ ওপৰত দিয়া ভয়ানক হেঁচা তথা বিভিন্ন থানা আদিত দিয়া গোচৰ আদিৰ পৰিপ্ৰেক্ষিতত ১৯৮৩ চনৰ জুলাই মাহত অনিচ্ছা সত্ত্বেও ‍‘মহাবাহু’ৰ প্ৰকাশ বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

‍মহাবাহুঃ সামান্য আলোকপাত

অসম আন্দোলনত পুলিচৰ ৰোষত পৰা বহুজনৰ আশ্ৰয়স্থলী আছিল অঞ্জন শৰ্মাই বিভিন্ন সময়ত সলনি কৰি ফুৰা ভাৰাগৃহসমূহ (শান্তিপুৰ, কামাখ্যাগেট, বামুণীমৈদাম, জু-তিনিআলি তথা বিভিন্ন ছাত্ৰাৱাস)। ‍‘মহাবাহু’ৰ প্ৰকাশ নিয়মীয়াভাৱে চলাই থকাৰ স্বাৰ্থত শৰ্মাই এনেদৰে বিভিন্ন ঠাইত বাসগৃহ পৰিৱৰ্তন কৰি ফুৰিবলগীয়া হৈছিল।

শেষৰফালে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কেইজনমান ছাত্ৰয়ো ‍‘মহাবাহু’ৰ প্ৰকাশৰ বিভিন্ন দিশত সহযোগ কৰিবলৈ আগবাঢ়ি আহিছিল। সেইসকলৰ ভিতৰত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ কাৰ্বি আংলং জিলাৰ ফুলনিৰ টিকেন বসুমতাৰী, গুৱাহাটীৰ শান্তিপুৰৰ মুনীন চৌধুৰী, ডিব্ৰুগড়ৰ দিলীপ পাটোৱাৰী, ডিব্ৰুগড়ৰ দীপক শইকীয়া, ইত্যাদি আছিল অন্যতম।

সম্পাদক অঞ্জন শৰ্মা আৰু প্ৰেছৰ স্বত্বাধিকাৰী ভবেন গোস্বামী পুলিচী নিৰ্যাতনৰ মুখামুখি হোৱাৰ উপৰি ‘মহাবাহু’ৰ বিক্ৰী বিপণীৰ কিছু সংখ্যক স্বত্বাধিকাৰীও এনে নিৰ্যাতন বা ভয়-ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছিল। তাৰে মাজৰে ডিব্ৰুগড়ৰ এটা ঘটনা উল্লেখ কৰিব বিচাৰিছো।

ডিব্ৰুগড় থানা চাৰিআলিৰ বিখ্যাত বিপণী ‘সুৰভি সাহিত্য কুটীৰ’। স্বত্বাধিকাৰী শ্ৰীকান্ত ভৰালী। ১৯৮২ চনৰ মে’ মাহৰ কথা। ‍‘মহাবাহু’ত প্ৰকাশিত হৈছিল ‘ৰজাঘৰৰ প্ৰিয়, পাপিষ্ঠ প্ৰিয় গোস্বামীৰ শেহতীয়া মাতলামি’’ শীৰ্ষক এটি লিখনি। সেই সময়ত প্ৰিয় গোস্বামী আছিল ডিব্ৰুগড় জিলাৰ পুলিচ অধীক্ষক তথা দুলীয়াজানৰ ৰক্তাক্ত খণ্ডৰ খলনায়ক।

লগতে প্ৰকাশ হৈছিল ‘শান্তিৰক্ষকৰ আকাশৰ ধ্ৰুৱতৰা শৰৎ ফুকন আৰু তেওঁৰ উন্মত্ত আচৰণ’। শৰৎ ফুকন তেতিয়া গুৱাহাটীৰ উপ-আৰক্ষী অধীক্ষক।

সেই সংখ্যা ‍‘মহাবাহু’ ডিব্ৰুগড়ৰ সুৰভি সাহিত্য কুটীৰ পোৱাৰ লগে লগে আধাঘণ্টাৰ ভিতৰতে প্ৰায় ৫০০ কপি ‍‘মহাবাহু’ শেষ হৈ গ’ল। প্ৰিয় গোস্বামীয়ে কথাটো গম পাই পুলিচ পঠিয়ালে ‍‘মহাবাহু’ৰ কপিসমূহ জব্দ কৰিবলৈ। কিন্তু পুলিচে আহি এটাও কপি নাপাই শ্ৰীকান্ত ভৰালীক অধীক্ষকৰ কাৰ্যালয়লৈ লৈ গৈ গোটেই দিনটো বাৰাণ্ডাত বহুৱাই ৰাখিলে।

‍‘মহাবাহু’ বিক্ৰী কৰাৰ শাস্তি তেওঁক তেনেকৈয়ে দি সন্ধিয়াহে উভতি যোৱাৰ অনুমতি দিলে। এতিয়াও শ্ৰীকান্ত ভৰালীয়ে পাহৰা নাই তেনেবোৰ দিন।

175 B 2

এনেকৈয়ে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে ‍‘মহাবাহু’ৰ যাত্ৰা আগবাঢ়িছিল। এই সময়ছোৱাত ধুবুৰীৰপৰা ডিব্ৰুগড়, লক্ষীমপুৰ, পাঠশালা, সৰভোগ, বঙাইগাঁও, ডিফুলৈ ‍‘মহাবাহু’ৰ জয়যাত্ৰাৰ কথা সমসাময়িক আন্দোলনকাৰী তথা জাতীয়তাবাদী বৌদ্ধিক মহলত আজিও স্মৰণীয় হৈ ৰ’ল।

ইতিমধ্যে নাম উল্লেখ কৰা বৰেণ্য লিখকসকলৰ উপৰি ‍‘মহাবাহু’ৰ বিভিন্ন সংখ্যাত বিভিন্ন চিন্তাশীল তথা জাতীয়তাবাদী লিখনি আগবঢ়াই ‍‘মহাবাহু’ৰ পৃষ্ঠা সমৃদ্ধ কৰা বিভিন্নজন বৰেণ্য ব্যক্তিৰ নাম এই আপাহতে উল্লেখ কৰিব বিচাৰিছো।

সেইসকল হ’ল ড° ভূপেন হাজৰিকা, হিতেশ ডেকা, সুৰেন্দ্ৰনাথ মেধি( সৌৰভ কুমাৰ চলিহা), ড° নগেন শইকীয়া, কনকসেন ডেকা, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, যোগানন্দ গোস্বামী, বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য, নৰেন হাজৰিকা, তোষেশ্বৰ তামুলী ফুকন, অনন্ত সন্দিকৈ, ছামছিং হান্সে, সবিতা গোস্বামী, বৰছিং ৰংফাৰ, মংগলসিং ৰংফাৰ, পৰীক্ষিৎ ৰয়, ভবেন্দ্ৰ কুমাৰ তামুলী, মহেশ্বৰ নেওগ, দেবেন দত্ত, উৎপল কুমাৰ তামুলী, মিহিৰ বিক্ৰম চৌধুৰী, মুনীন চৌধুৰী, বিমান বৰুৱা ইত্যাদি।

‍‘মহাবাহু’ত প্ৰকাশিত অঞ্জন শৰ্মাৰ এটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ আছিল ‘বঙাইগাঁও শোধানাগাৰৰ ডি. এম. টি. পলিয়েষ্টাৰ; অসমক প্ৰচণ্ড প্ৰবঞ্চনা কৰিবলৈ আৰু এক ভয়ানক চক্ৰান্ত’। এই প্ৰবন্ধটো ধাৰাবাহিকভাৱে দুটা সংখ্যাত সম্পূৰ্ণ হৈছিল।

প্ৰবন্ধটো পঢ়ি অঞ্জন শৰ্মা থকা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১ নং ছাত্ৰাবাসৰ কোঠালৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চাৰিগৰাকী জ্যেষ্ঠ ছাত্ৰ সৰ্বশ্ৰী উৎপল দাস, অপূৰ্ব প্ৰতাপ গোস্বামী, সঞ্জীৱ সভাপণ্ডিত আৰু অসীম শৰ্মা আহি প্ৰবন্ধটোৰ বিষয়বস্তুৰ গুৰুত্ব আৰু কাৰ্যৰূপায়ণ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল।

এই আটাই কেইগৰাকীয়ে পৰৱৰ্তী সময়ত কৰ্ণেল উমানাথ শৰ্মাক সাক্ষাৎ কৰি ‘অসম পলিয়েষ্টাৰ সমবায় সমিতি লিমিটেড’ গঠন কৰাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ পিছত সেয়া এক সুকীয়া যাত্ৰা আৰম্ভ হৈছিল। তেওঁলোকৰ সৈতে সেই বস্ত্ৰ উদ্যোগৰ সপোন ৰূপায়িত কৰিবলৈ অঞ্জন শৰ্মাইও জপিয়াই পৰিছিল। অসমৰ বিভিন্ন ঠাইত ‘এপল’ৰ শ্বেয়াৰ বিক্ৰীৰ পৰা আৰম্ভ কৰি প্ৰচাৰ কাৰ্যত।

এয়া আছিল নিঃসন্দেহে অঞ্জন শৰ্মা আৰু ‘মহাবাহু’ৰ এক গুৰুত্বপূৰ্ণ অৱদান। কিন্তু দুখৰ বিষয় যে অতি উচ্চ মানসম্পন্ন কাপোৰ উৎপাদন কৰা এই উদ্যোগটো ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আজি মৃত্যুৰ অতল গৰ্ভত।

আলোচনীখন বন্ধ হৈ গ’ল ঠিকেই, কিন্তু ‘মহাবাহু’ নামটো সকলোৰে অন্তৰত স্মৰণীয় হৈ ৰ’ল। ১৯৮৫ চনৰ ১৫ আগষ্টত ঐতিহাসিক অসম চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ সামৰণি ঘটে। সেই বছৰতে ‘মাহেকীয়া ব্ৰহ্মপুত্ৰ’ নামেৰে একেই জাতীয় চিন্তা-চৰ্চাৰে এখন আলোচনী অঞ্জন শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হয়।

এইখন আলোচনীৰ জৰিয়তেও শৰ্মাদেৱে নিজৰ আপোচহীন চৰিত্ৰ অক্ষুণ্ণ ৰাখি সমসাময়িক অসমৰ সামাজিক-সাংস্কৃতিক তথা ৰাজনৈতিক বিষয়ক বিভিন্ন লিখনিৰে আলোচনীখনৰ পৃষ্ঠাসমূহ সমৃদ্ধ কৰি তোলে। মাহেকীয়া ব্ৰহ্মপুত্ৰ আলোচনীখনতো নিবাৰণ বৰা, যতীন বৰগোহাঞি, ডা° নয়নজিৎ ডেকা, সুৰেশ শৰ্মা, ড° নগেন শইকীয়া, হিতেশ দত্ত, আদিয়ে গুৰুত্বপূৰ্ণ লেখনী আগবঢ়াইছিল। সেই বিষয়ে পিছত কেতিয়াবা আলোচনা কৰিম।

Mahabahu

কিন্তু অসম আন্দোলনৰ বুকুত জন্ম লোৱা বহু প্ৰত্যাশিত অসম গণ পৰিষদ চৰকাৰে ৰাইজৰ প্ৰত্যাশাৰ বিপৰীতে কৰা কাৰ্যাৱলীৰ ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ চৰকাৰক ৰাইজৰ পক্ষত থাকি কাম কৰি যোৱাৰ বাবে প্ৰতিটো সংখ্যাতে সঁকীয়াই দিবলৈ কুণ্ঠাবোধ কৰা নাছিল।

ফলস্বৰূপে পবিন্দ্ৰ কুমাৰ ডেকা মন্ত্ৰী হোৱাৰ পিছত, মন্ত্ৰী ডেকাই অঞ্জন শৰ্মাৰ ওপৰত তেওঁৰ বিৰুদ্ধে লেখি স্বৰূপ ডাঙি ধৰা বাবে গোচৰ ৰজু কৰিছিল। সেইসময়ৰ ডি-জি-পি বৰদা শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰত লেখা প্ৰকাশ হৈছিল আৰু অসম বিধানসভাৰ মজিয়াত বিধায়ক গুণীন হাজৰিকাই সেই বিষয়ক লৈ আলোচনা কৰিছিল; ডি-জি-পি শৰ্মাৰ ৰোষত পৰিছিল মাহেকীয়া ব্ৰহ্মপুত্ৰ। যি কি নহওঁক, ১৯৮৮ চনলৈকে ‍‘মাহেকীয়া ব্ৰহ্মপুত্ৰ’ নিৰৱচ্ছিন্নভাৱে প্ৰকাশ হৈছিল।

১৯৮৮ চনত অঞ্জন শৰ্মাই ‍‘সাপ্তাহিক নীলাচল’ কাকতৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত স্বাভাৱিকতে ‍‘মাহেকীয়া ব্ৰহ্মপুত্ৰ’ৰ প্ৰকাশ বন্ধ হৈ পৰিছিল। ১৯৯৬ চনলৈকে প্ৰায় আঠ বছৰ কাল ‍‘সাপ্তাহিক নীলাচল’ কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি কাকতখনক এক অন্য মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেত সফলকাম হৈছিল বুলি পঢ়ুৱৈসকলে একেমুখে স্বীকাৰ কৰিব।

তেখেতে সাপ্তাহিক নীলাচল কাকতৰ দায়িত্ব এৰাৰ পিছত সাপ্তাহিক নীলাচল কাকতৰ সম্পাদকৰ দায়িত্ব প্ৰফুল্ল কুমাৰ বৰুৱা, ভদ্ৰকৃষ্ণ গোস্বামী আদি ব্যক্তিয়ে বহন কৰিছিল ।

এইখিনিতে প্ৰণিধানযোগ্য যে ১৯৮৭ চনত পাঠশালাত বন্ধু ধীৰাজ কুমাৰ ডেকাৰ সৈতে ‘পাঠশালা প্ৰিন্টাৰ্চ’ নামেৰে ছপাশাল স্থাপন কৰাৰ পিছত, ১৯৮৮ চনৰ পৰা অঞ্জন শৰ্মাই তেওঁৰ বন্ধু গুৱাহাটীৰ শান্তিপুৰৰ ডা° হিতেন কৃষ্ণ মহন্তৰ সৈতে ‘ক্লাছিক এচোছিয়েটচ্’ নামেৰে ছপাশাল স্থাপন কৰিছিল আৰু সেইসময়ত ‘এপল কম্পিউটাৰ’ তথা ‘কেনন লেজাৰ প্ৰিন্টাৰ’ৰ দ্বাৰা গ্ৰাহকসকলক পাৰ্যমানে সেৱা কৰিছিল। প্ৰায় ১৪ বছৰ সেই ছপাশাল তেওঁলোকে চলাইছিল।

ইতিপূৰ্বে ১৯৭৯ চনৰ জুলাই মাহত, ছাত্ৰ কালতে তেখেতক ‍‘সাপ্তাহিক নীলাচল’ৰ অতিথি সম্পাদক কৰা হৈছিল আৰু জুলাই মাহৰ ২৫ তাৰিখৰ সেই বিশেষ সংখ্যাটো পঢ়ুৱৈৰ তাগিদাত দুগুণ ছপা কৰিবলগীয়া হৈছিল। আজিও বহুতেই স্মৰণ কৰে সেই বিশেষ সংখ্যা।

Mahabahu spl

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১নং ছাত্ৰাবাসত ভৱেশ শৰ্মা, লক্ষ্মী ফুকন, পাৰ্থ প্ৰতিম শৰ্মা থকা কোঠাটোত অঞ্জন শৰ্মাই প্ৰস্তুত কৰিছিল সেই সংখ্যাৰ লেখাসমূহ। অতিথি সম্পাদক হিচাপে তেখেতে লিখা প্ৰৱন্ধটো আছিল ‘‘অসম দেশৰ সমস্যা : ফুচুৰি কথাৰ হুঁচৰি নহয়“! সেইসময়ৰ গোলাপ বৰবৰা চৰকাৰে শৰ্মাৰ সেই লেখাটোৰ ওপৰত ১১ টা মান অভিযোগ আনিছিল আৰু প্ৰেছ কাউঞ্চিলত গোচৰ ৰজু কৰিছিল।

গৌৰীশংকৰ ভট্টাচাৰ্যই ‘অসমৰ বাতৰিকাকতৰ ভূমিকা আৰু সমস্যাঃ স্বাধীনতাৰ আগৰ আৰু পিছৰ কালছোৱাত” শীৰ্ষক এটা লেখাত স্পষ্টভাবে উল্লেখ কৰিছে – ” ১৯৭৯ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে প্ৰেছ কাউন্সিলৰ ওচৰত সাপ্তাহিক নীলাচল-অৰ বিৰুদ্ধে গোচৰ তৰে। গোচৰত কোৱা হয় যে ১৯৭৯ চনৰ ২৫ জুলাই তাৰিখে আলহী-সম্পাদকগৰাকীয়ে “অসম দেশৰ সমস্যাঃ ফুচুৰি কথাৰ হুঁচৰি নহয়” শিতানত লেখা এক সম্পাদকীয় নিবন্ধ প্ৰকাশ কৰা হয়। …

…..গোচৰটোৰ সাৰ কথা আছিল এই যে সম্পাদকীয় প্ৰবন্ধটো ভাৰতৰ সংহতি আৰু সমন্বয়ৰ পৰিপন্থী। ই অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ বাবে প্ৰত্যক্ষ আহ্বান জনাইছে। উত্তৰ-পূব ভাৰতত ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰা আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত অমিল বৃদ্ধি কৰাটো ইয়াৰ উদ্দেশ্য।……

….কাকতখনৰ সম্পাদকে গোচৰটোৰ ওপৰত মন্তব্য প্ৰকাশ কৰি কয় যে চৰকাৰৰ অভিযোগ তেনেই টুলুঙা। ৰাজ্যখনত ন্যায্য সমস্যা সমাধানৰ বিষয়ত চৰকাৰ সম্পূৰ্ণ উদাসীন। ফলত, ৰাজ্যখনৰ বাসিন্দাসকল অতি ন্যায়সঙ্গতভাৱে অত্যন্ত ক্ষুব্ধ। আলোচিত সম্পাদকীয়টো তাৰেই অভিব্যক্তি।…”( অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস, পৃ: ৫১১-৫১২, মাৰ্চ, ১৯৯৮)

গতিকে অনুমান কৰিব পাৰি যে ১৯৮০ চনৰ মহাবাহুৰ চোক কেনে আছিল! সেই ‘মহাবাহু’ সুপ্ত হৈ ৰ’ল বহুবছৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষৰে বহু পানী বৈ গ’ল।

ইয়াৰ মাজতে বিভিন্ন পৰিক্ৰমা, অঞ্জন শৰ্মাই মাজতে দৈনিক ‘নতুন দৈনিক’ কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে, দৈনিক ‘এদিনৰ সংবাদ’ কাকতৰ সম্পাদক হিচাপেও ভুমুকি মাৰিলে; ‘টাটা এডুকেশ্যন চেন্টাৰ’, ‘চিক্কিম মণিপাল চেন্টাৰ’, আদিৰ ফ্ৰেন্সাইজি, কুমাৰপাৰাত ‘ডিজিটেল অফছেট’ আদি স্থাপন কৰিলে; কিন্তু ‘মহাবাহু’ শব্দটো তেওঁ পাহৰি নগ’ল।

সেইবাবেই ২০১৭ চনৰ পৰা নিয়মিতভাৱে তেওঁ পুনৰ আৰম্ভ কৰিলে ‘মহাবাহু ডট-কম‘! মহাবাহুৰ দ্বাৰা তেওঁ উলিয়াই আনিলে সম্ভাৱনাপূৰ্ণ বহুত নতুন লেখক, আয়োজন কৰিলে অসম ভিত্তিক ৰচনা প্ৰতিযোগিতা আৰু প্ৰকাশ কৰি উলিয়ালে নিৰ্বাচিত ৰচনা সংকলন। মহাবাহু হৈ পৰিল ডিজিটেল মহাবাহু। মহাবাহু দৈনিক ‘আপলোড’ হয়। মহাবাহুৰ লগ'(logo) সুদূৰ উত্তৰ মেৰুলৈ কঢ়িয়াই লৈ গ’ল মহাবাহুৰ অন্যতম সদস্য, নৱপ্ৰজন্মৰ ঋতুৰাজ ফুকন-এ।

বিনামূলীয়া হৃদৰোগৰ শিৱিৰ, কুইজ প্ৰতিযোগিতা, বক্তৃতা আয়োজন, ইত্যাদিৰ সৈতে মহাবাহু আগবাঢ়িল ২০১৭ চনৰ পিছত। হোৱাটচ্এপ-অত মহাবাহুৰ দুটাকৈ গোট আছে আৰু এই দুটা গোটৰ দ্বাৰাও বিভিন্ন গঠনমূলক কাম সম্ভৱ হৈছে। দুয়োটা গোটতে আছে বহু সাংবাদিক, সাহিত্যিক, অভিযন্তা, লেখক, কবি, চিকিৎসক, পৰিৱেশ কৰ্মী, ফটোগ্ৰাফাৰ, শিক্ষক, সমাজকৰ্মী, ছাত্ৰ, ব্যৱসায়ী, উদ্যোগী, অধিবক্তা, ইত্যাদি।

175 C

অঞ্জন শৰ্মাৰ প্ৰতিস্থান ‘পাৱাৰশ্বিফ্ট’-অৰ দ্বাৰা পৰিচালিত হোৱা মহাবাহু-এ ২০২১ চনৰ আৰম্ভণিতে হাতত লৈছিল এক বিশাল কৰ্ম। লক-ডাউনৰ সময়ছোৱাত তেওঁ একাণপটীয়াকৈ মনোনিৱেশ কৰিছিল আৰু অসম, ভাৰত, ভাৰতৰ বাহিৰৰো বহু বিদগ্ধ ব্যক্তিৰে যোগাযোগ কৰিছিল এখন গুৰুত্বপূৰ্ণ গ্ৰন্থৰ বাবে লেখিবলৈ। সকলোকে সুকীয়া সুকীয়া বিষয়বস্তু তেওঁ নিৰ্বাচন কৰি দি পঠিয়াইছিল।

তেওঁ সম্ভৱপৰ কৰিছিল এনে এক কঠিন কৰ্ম – যাৰ বাবেই সম্ভৱপৰ হৈ উঠিল “অসমৰ সংবাদ মাধ্যমঃ এশ পয়সত্তৰ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহিঃ প্ৰেক্ষাপট” ( History of 175 Years of Media in Assam & Beyond) নামৰ এখন ঐতিহাসিক গ্ৰন্থও।

‘মহাবাহু’ৰ এনে যাত্ৰা যুগমীয়া হৈ থাকক।

31-01-2021

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: জাতীয় চিন্তা-চেতনাসমৃদ্ধমহাবাহু
Anjan Sarma

Anjan Sarma

Related Posts

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?
Climate Change

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

by Kakali Das
September 16, 2026
0

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’? KAKALI DAS What do climate change and zombies...

Read moreDetails
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

September 15, 2026
The Debt Machine: How Your Future Became the World’s Most Profitable Product

The Debt Machine: How Your Future Became the World’s Most Profitable Product

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d