-অঞ্জন শৰ্মা |
‘তামাম হিন্দুস্থান’ৰ সম্ৰাট
জাহাঙ্গীৰে কাশ্মীৰৰ বৰ্ণনা কৰিছিল-
‘গৰ ফিৰদৌছ বৰ ৰুৱে জামিনাস্ত
হামিনাস্ত-ও-হামিনাস্ত-ও-হামিনাস্ত’!
অৰ্থাৎ,
পৃথিৱীৰ ক’ৰবাত যদি স্বৰ্গ আছে,
সি ইয়াতেই আছে,
ইয়াতেই আছে,
ইয়াতেই আছে!
অসমৰো বৰ্ণনা কৰি সাহিত্যসম্ৰাট
চৈয়দ আব্দুল মালিকেও কৈছিল-
‘এয়েই অসম! চৌদিশে ধূসৰ পাহাৰ
প্ৰতিটো বনৰ পাত জাংফাই মিনা কৰা ৰূপ জাতিস্কাৰ’!
আ:,কি অমৃত অমৰ উক্তি সম্ৰাট মালিকৰ
যি কচি কচি পাঞ্জা খেলিব পাৰে উক্তিৰে
সম্ৰাট জাহাঙ্গীৰৰ!
উশাহত কমতা মোৰ
নিশাহত কামৰূপ
হৃদয়ত মোৰ আছে লুকাই প্ৰাগজ্যোতিষপুৰ
ব্ৰহ্মপুত্ৰ মোৰ ৰাজহাঁড়
মই অসমৰ।
ইতিহাসৰ বক্ষত বিচৰণ কৰা মই, মোক
তুমি
‘চিন্হেটিক’ জন-গণ-মনৰ বীণ বজাই বজাই
নচুৱাব নোৱাৰিবা
‘কত শত বৰষৰ কত শত বেদনাৰ কথা’
বক্ষত সাৱটি
আমাৰ উপত্যকাৰ উথ্থান-পতনৰ ইতিহাস
প্ৰত্যক্ষ কৰি কৰি বৈ থকা সোণখাটি সাক্ষী
বসুমতীৰ একমাত্ৰ ‘পুৰুষ-নদী’ মহানদ ব্ৰহ্মপুত্ৰ
আজিও বৈ আছে মোৰ মাতৃভূমিত
বহ্নিমান
মোৰ ৰাজহাঁড়ত
কুন্ডলিনী লুইত
লৌহিত্য
ৰঙা নদী আৰু সেউজীয়া পাহাৰ
‘…….প্ৰতিটো বনৰ পাত
জাংফাই মিনা কৰা ৰূপ জাতিষ্কাৰ’!
যুগে যুগে দেখি আহিছে আমাৰ উপত্যকাই
মহাবাহুৰ
ব্ৰহ্মপুত্ৰৰ
বিশাল, সুন্দৰ আৰু ৰূপ ভয়ংকৰ।
বীণ নবজাবা
অনুগ্ৰহ কৰি বীণ নবজাবা
ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আজিও আছে ভাস্কৰবৰ্মা
চুকাফা, চিলাৰায়, লাচিত
সৰ্বানন্দ সিংহকে ধৰি বহুতৰে পদৰেণু
মিহলি হৈ আছে
কথা দিও দেৱী কামাখ্যাই প্ৰতাৰণা কৰা
উপত্যকাৰ ৰোমান্টিক নায়ক নৰকৰ শৌৰ্য
উস্, কি অস্পৰ্দ্ধা!!
ইতিহাসৰ প্ৰতি কি এক অমাৰ্জিত সচেতন অৱহেলা
তোমাৰ
ৰামসিংহৰ মুখেৰেও নিৰ্গত হয় আজি
“শেষ শৰাইঘাট”!!
লাজ যদি অকণো আছে অনুগ্ৰহ কৰি
“শেষ শৰাইঘাট” শব্দদুটা তুমি
উচ্চাৰণ নকৰিবা
লাচিত দিৱস-চিলাৰায় দিৱসো তুমি
উদযাপন নকৰিবা
তুমি ৰামসিংহ, তুমি অসম দখলৰ
সপোন দেখি দেখি ব্যৰ্থ হোৱা
দিল্লীশ্বৰ ঔৰংজেৱৰ প্ৰধান সেনাপতি
তুমি
অহৰ্নিশে যুঁজি আছা লাচিতৰ বিৰুদ্ধে
চিলাৰায়ৰ বিৰুদ্ধে
ভাস্কৰবৰ্মাৰ বিৰুদ্ধে
ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা-সংস্কৃতিৰ বিৰুদ্ধে
তোমাৰ বঙহৰ বিৰুদ্ধে
প্ৰতি দিনে, প্ৰতি ক্ষণে
তামাম হিন্দুস্থানৰ প্ৰতিনিধি তোমাৰ মুখত
আজি
“শেষ-শৰাইঘাট”!!
তুমি বীণ নবজাবা, নৱীন ৰামসিংহ তুমি
বীণ নবজাবা।
‘গজনী’ বোলছৱিৰ ‘নায়ক’ৰ হ্ৰস্বকালীন
স্মৃতি-বিলোপ হৈছিল
তোমাৰ, তোমাৰ অইন সেনাপতিসকলৰ
দীৰ্ঘকালীন স্মৃতি-বিলোপ হৈছে
ই এক জটিলতম ৰোগ
সেয়েহে নৱীন ৰামসিংহ তুমি আজি
দেখা নাই! একো দেখা নাই!
শুনা নাই! একো শুনা নাই !
অসমৰ প্ৰতিটো বনৰ পাত আজি ম্ৰিয়মান
জাংফাই মিনা কৰা ৰূপ অসমৰ
আজি শোকত অধীৰ
দীৰ্ঘকালীন স্মৃতি-বিলোপ তোমাৰ, তুমি
কিদৰে দেখিবা?
মাথো অনুগ্ৰহ কৰি বীণ নবজাবা।
উশাহত কমতা মোৰ
নিশাহত কামৰূপ
হৃদয়ত মোৰ আছে লুকাই প্ৰাগজ্যোতিষপুৰ
ব্ৰহ্মপুত্ৰ মোৰ ৰাজহাঁড়
মই অসমৰ।