-মৌচুমী ফুকন |
দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈকে বিভিন্ন অভিভাৱকৰ লগত তেওঁলোকৰ অসুবিধাবোৰ, তেওঁলোকৰ সমস্যাবোৰ আলোচনা কৰো। তাৰে মাজত এনে কিছু অভিভাৱক লগ পাও যি নিজৰ সন্তানটিক লৈ বহু বেছি সংবেদনশীল,সৰু সৰু বিষয়বোৰ লৈ বহু চিন্তা কৰে, কিছুমান এনে অভিভাৱক পাও যি বিষয়বোৰ সাধাৰণভাৱে লয়, কিছুমানে হয়টো বেলেগে কি ক’ব বা ঘৰখনৰ বাকীবোৰে কি ক’ব সেইবোৰ ভাৱি চিন্তি বহু বিষয় পিছুৱাই থয় তাৰে মাজত কিছুমান এনে অভিভাৱক আছে যি একো নাজানে আনকি তেওঁৰ সন্তানটি জন্মৰ তাৰিখটোও ( আগতে বহু অভিভাৱকে বহুকেইটা সন্তান থকাৰ বাবে জন্মৰ তাৰিখৰ মনত ৰাখিবলৈ অসুবিধা হৈছিল)। তাৰ মাজতে এনে কিছু অভিভাৱক দেখিবলৈ পোৱা যায় যি প্ৰায় সকলো বিষয় জানে কিন্তু কৰবাত সময় মিলাব নোৱাৰি বা ডাঙৰ হ’লে ঠিক হ’ব সেই কথাবোৰ ভাৱি পিছুৱাই থাকে। সেই সকলোবোৰ অভিভাৱকক উদ্দেশ্য কৰি মই কেইটামান কথা এই লিখাটোত উল্লেখ কৰিব বিচাৰিছো।
– শিশু এটি বাঢ়ি অহা সময়ছোৱাত শিশুটিক শিশুটিৰ মতে ডাঙৰ হ’বলৈ দিয়াটো ভাল।
– Over Protective নোহোৱাতো সন্তানটিৰ কাৰণে ভাল
– সকলো সময়তে নকৰিবা,নাযাবা বা সি/ তাই নোৱাৰিব মই ভাত কেইটা খুৱাই দিও, কাপোৰযোৰ পিন্ধাই দিও তেনে কৰাটো শিশুটিৰ বিকাশৰ ক্ষেত্ৰত উচিত নহয়।
– যদি দেখিছে শিশুটিৰ বিকাশত অলপমান অসুবিধা হৈছে একদম সৰু অসুবিধাও যিমান পাৰে সোনকালে বিশেষজ্ঞৰ ওচৰত যোগাযোগ কৰিব।
– কেতিয়াও শিশুটিক আগৰ দিনৰ শিশুসকলৰ লগত তুলনা নকৰিব। এই ভূলটো প্ৰায়ে কৰা দেখা যায়। আগতে সাত বছৰ বয়সতো এটি শিশুৰ মাত ফুতিছিল। কিন্তু এতিয়া আমি সাত বছৰলৈকে ৰৈ থকাটো উচিত নহয়।
– যদি বিশেষজ্ঞই শিশুটিৰ বিশেষ কিবা অসুবিধাৰ কথা কয় বা বেলেগ কাৰোবাৰ লগত consult কৰাৰ কথা কয় দেৰি নকৰি সেই বিশেষ ব্যাক্তিজনৰ লগত আলোচনা কৰাটো ভাল। বহু অভিভাৱকে কয় যে ” আমাক সি/তাই সৰু হৈ থাকোতেই এবাৰ কৈছিল কিন্তু আমি অলপ ডাঙৰ হওক বুলি ভাৱিহে নেদেখুৱালো”। এইটো পৰাপক্ষত নকৰাকৈ থকাটো ভাল।
– শিশুসকলৰ কিছুমান অসুবিধাৰ ক্ষেত্ৰত Assessment কৰি থকাতকৈ Intervention ত বেছি গুৰুত্ব দিয়াটো ভাল ( যেনে: কথা ক’ব নোৱাৰা বা দেৰিকৈ মাত ওলোৱা,সময়মতে শাৰীৰিক বিকাশ নোহোৱা ইত্যাদি)
– কিয়নো বহু সময়ত দেখা পোৱা যায় যে বহু অভিভাৱকে শিশুটিক Assessment কৰাই ঘূৰি ফুৰে ফলত Intervention ৰ সময়সীমা কমি আহে – সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে যেতিয়া কিবা এটা অসুবিধা বা সমস্যা হয় সেইমতে তাৰ সমাধানও থাকে সেয়ে “ইমান সৰুতেইনো তাক/তাইক দেখাম নে অলপমান ডাঙৰ হওক” তেনে ধৰণৰ মনোভাৱ নাৰাখি সময়মতে বিষয়বোৰ আলোচনা কৰাৰ প্ৰয়োজন আহি পৰিছে। কিয়নো সমস্যাবোৰ ইমান ব্যাপকভাৱে বাঢ়ি আহিছে যে সময়মতে নকৰিলে সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত বহু বেছি অসুবিধা আহি পৰা দেখা পৰিলক্ষিত হৈছে।