-ড০ ৰাস্না ৰাজখোৱা |
এটা নতুন অধ্যয়নৰ প্ৰতিবেদন মতে, জ্যোর্তিবিজ্ঞানত প্ৰথমবাৰৰ কাৰণে, চাৰিটা বৃহৎ গ্ৰহ, এটা যুৱ নক্ষত্ৰৰ চাৰিওফালে চিনাক্ত কৰা হৈছে৷ চি আই টাও [CI Tau] নামৰ নক্ষত্ৰটো পৃথিৱীৰ পৰা ৫০০ আলোক বর্ষ দূৰত্বত অৱস্থিত৷ চি আই টাও নক্ষত্ৰটো মাত্ৰ ২ নিযুত বছৰ বয়সৰ আৰু এতিয়াও ইয়াক আগুৰি গেছ আৰু ধূলিৰ থাল ঘূর্ণয়মান হৈ আছে যাক ‘আদ্যগ্ৰহীয়’ [Protoplanetary Disc] থাল বুলি জনা যায়৷
নক্ষত্ৰটোক এটা গ্ৰহৰ গৃহস্থ বুলি ইতিমধ্যে জনা গৈছে৷ বৃহস্পতি গ্ৰহতকৈ 10 গুণ বেছি ডাঙৰ গ্ৰহটো প্ৰতি নদিনত নক্ষত্ৰ চি আই টাওৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ কৰে৷ এই গ্ৰহটোক চি আই টাও বি [CI Tau b] বুলি কোৱা হয়, এতিয়ালৈকে আৱিষ্কাৰ হোৱা তেনেকুৱা যুৱ নক্ষত্ৰৰ প্ৰথমটো ‘উত্তপ্ত বৃহস্পতি’ বুলি ক’ব পাৰি৷
নতুন অধ্যয়নটোত, গৱেষকৰ এটা দলে চি আই টাও আৰু ইয়াৰ থাল, এটকেমা লার্জ মিলিমিটাৰ/ উপমিলিমিটাৰ শৃংখলা (Atacama Large Millimeter/submillimeter Array—–ALMA] চিলিয়েন এণ্ডেজৰ ৰেডিঅ’ টেলিস্ক’প নেটৱর্কৰ সহায়ত পর্যবেক্ষণ কৰে৷ জ্যোর্তিবিদসকলে কয় ALMA য়ে নক্ষত্ৰটোৰ পৰা ১৩, ৩৯ আৰু ১০০ জ্যোর্তিয় একক দূৰত্বত (এক জ্যোর্তিয় একক দূৰত্ব হ’ল সূর্য আৰু পৃথিৱীৰ গড় দূৰত্ব = ৯৩ মিলিয়ন মাইল বা ১৫০ মিলিয়ন কিলোমিটাৰ) থালখনত তিনিটা অতিৰিক্ত খালী ঠাই চিহ্নিত কৰে৷ গতিকে চি আই টাও বি [CI Tau b] ৰ তিনিটা সহোদৰ গ্ৰহ আছে আৰু এই নতুনকৈ আৱিষ্কাৰ কৰা পৃথিৱীখন যথেষ্ঠ ডাঙৰো৷ দলটোৱে কয় একেবাৰে ভিতৰৰটো বৃহস্পতিৰ সমানেই ডাঙৰ, আৰু বাহিৰৰ দুটা প্ৰায় শনি গ্ৰহৰ সমান৷
অধ্যয়নটোৰ সদস্যসকলে কয়, জ্যোর্তিবিদসকলে তেনেকুৱা যুৱ নক্ষত্ৰৰ চাৰিওফালে আগতে কেতিয়াও গেছেৰে পৰিপূর্ণ চাৰিটা বিশাল গ্ৰহ আৰু কক্ষপথৰ বিস্তাৰ চিহ্নিত কৰা নাছিল৷ বহিঃতম গ্ৰহটো, চি আই টাওৰ পৰা একেবাৰে ভিতৰৰ গ্ৰহটোৰ দূৰত্বতকৈ ১০০০ গুণ বেছি দূৰত্বত অৱস্থান কৰে৷ গৱেষকসকলে কয় এই দূৰত্বই চৰম দূৰত্ব৷
সঁচাকৈ, এইটো স্পষ্ট নহয় যে বাহিৰৰ গ্ৰহ দুটাই কেনেকৈ আকৃতি ল’বলৈ সমর্থ হয়৷ শনি ভৰৰ গ্ৰহ দুটা ধৰা হ’ল প্ৰথম কঠিন শাঁহবোৰ জমা হৈ গঠন হ’ল আৰু তাৰপিছত সি গেছ টানি তাৰ ওপৰত গেছৰ তৰপৰ সৃষ্টি কৰিলে৷ কিন্তু এই পদ্ধতিবোৰ নক্ষত্ৰৰ পৰা বহু দূৰত খুব লেহেমীয়া বুলি ধৰা হয়৷ অধ্যয়নটোৰ মূখ্য লেখক, ইংলেণ্ডৰ কেম্বব্ৰীজ বিশ্ববিদ্যালয়ৰ জ্যোর্তি বিজ্ঞান প্ৰতিষ্ঠানৰ জ্যোর্তিবিদ কেথি ক্লার্কে কয়, বেছি ভাগ আর্হিয়ে এই দূৰত্বত ইমান ভৰৰ গ্ৰহ এটা গঠন কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়৷
অধ্যয়নটোৰ সদস্যসকলে কয় এইটো অস্পষ্ট যে, যদি কিবা নিয়ম আছে, তেন্তে কোনটো নিয়ম মতে সহোদৰ (Sibling) গ্ৰহসমূহে চি আই টাও বিৰ অতি দৃঢ় কক্ষপথলৈ তাক ঠেলি নিব৷ ভৱিষ্যতে অন্য উন্নতমানৰ দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰি এই বিচিত্ৰ প্ৰণালীটো পর্যৱেক্ষণ কৰিলে এইবোৰ আৰু অন্য বহুতো প্ৰশ্নৰ উত্তৰ জনাত সহায় হ’ব বুলি অধ্যয়নটোৰ সদস্যসকলে কয়৷