২৫ মে’ – অসম কাঞ্চনজংঘা অভিযানৰ এটা বছৰ
ৰুবী বৰা
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 2 Ruby Bora](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/07/Ruby-Bora.jpg?resize=1024%2C820&ssl=1)
মই কাঞ্চনজংঘা
তুষাৰ শুভ্ৰশিৰ
ময়ে অভ্ৰভেদী বীৰ
মোৰ জটা ঝৰি ঝৰি
নিজৰি নিজৰি বয়
নিগৰি নিগৰি
অবিৰল কল কল……
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই কবিতাৰ মাজেৰে অসমৰ মানুহৰ বুকুৰ আপোন হৈ পৰা, ভাৰত নেপালৰ সীমান্তত তুষাৰ শুভ্ৰশিৰেৰে অভ্ৰভেদী বীৰৰ দৰে মূৰ দাঙি থিয় দি থকা, পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাৰ সৌন্দৰ্য্যৰ তুলনা নাই।
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 3 ২৫ মে’ - অসম কাঞ্চনজংঘা অভিযানৰ এটা বছৰ](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/04/Mount-Kanchenjunga.jpg?resize=500%2C326&ssl=1)
সাগৰপৃষ্ঠৰ পৰা ৮৫৮৬ মিটাৰ উচ্চতাত মূৰ দাঙি থিয় দি থকা মাউন্ট কাঞ্চনজংঘা হৈছে পাঁচটাকৈ শৃংগৰ সমষ্টি যাৰ বাবে ইয়াক তিব্বেতিয়ান সকলে স্থানীয় ভাষাত ’পঞ্চসম্পদৰ ভাণ্ডাৰ’ বুলি বিশ্বাস কৰি আহিছে। প্ৰবাদ অনুসৰি সেই পাঁচবিধ সম্পদ হ’ল সোন,ৰূপ, ৰত্ন, শস্য আৰু ধৰ্মগ্ৰন্থ।
তিব্বেতিয়ান সকলৰ সেই বিশ্বাসৰ আঁত ধৰিয়েই কাঞ্চনজংঘা অভিযানত সফল হোৱা কোনো পৰ্বতাৰোহিয়েই শৃংগটোৰ একেবাৰে শীৰ্ষ অংশত আজিলৈকে ভৰি দিয়া নাই, সেয়া হ’ল স্থানীয় লোকৰ বিশ্বাসৰ প্ৰতি জনোৱা ভক্তি তথা সন্মান।
আকৰ্ষণীয় ভগৌলিক গঠনৰ লগতে পৰ্বতাৰোহন ক্ষেত্ৰখনত থকা প্ৰত্যাহ্বানভৰা কঠিনতাৰ দিশৰ পৰা এই শৃংগটিৰ এক সুকীয়া পৰিচয় আছে। একেবাৰে তলকিব নোৱাৰা ঘনে ঘনে সলনি হোৱা জলবায়ু, পথৰ দুৰ্গমতাকে ধৰি বিভিন্ন কাৰণত এই শৃংগটোক মৃত্যুমুখি শৃংগ হিচাপে আভিহিত কৰা হৈছে।
সমীক্ষা অনুসৰি এতিয়ালৈকে পৃথিৱীৰ সৰ্বচ্চ শৃংগ এভাৰেষ্টলৈ মুঠ ১১,৯৯৬ গৰাকী অভিযাত্ৰী সফল হোৱাৰ পৰিৱৰ্তে কাঞ্চনজংঘালৈ ২০১৮ চনলৈকে মুঠ ৩১২ গৰাকী অভিযাত্ৰীহে সফল হৈছে।
১৯০৫ চনৰ পৰা এই মৃত্যুমুখী শিখৰৰ বুকুলৈ সময়ে সময়ে বিবিন্ন দেশৰ পৰ্বতাৰোহীসকলে অভিযান চলাই আহিছিল যদিও বিভিন্ন কাৰণত সফল হ’ব পৰা নাছিল। ১৯৫৫ চনৰ ২৫ মে’ত প্ৰথম বাৰলৈ কাঞ্চজংঘাৰ বুকুত বিজয়ৰ ধ্বজা উৰুৱাইছিল এটা বৃটিছ অভিযানৰ সদস্য জ ব্ৰাউন আৰু জৰ্জ বেণ্ডে।
আৰু ইয়াৰ ঠিক ৬৮ বছৰ পিছত একে দিনতে অসমৰ পৰা অয়োজিত ’অসম কাঞ্চনজংঘা অভিযান-২০২৩’ সফল কৰি অসম পৰ্বতাৰোহন সন্থাই অসমীয়াৰ স্বাভিমান গামোচা উৰুৱাবলৈ সক্ষম হ’ল ।
২০১৫ চনৰ ২৫ এপ্ৰিল তাৰিখে দিনৰ ১১ঃ২৬ বজাত অনুভূত এটা ভূমিকম্পই নেপালখন তচনচ কৰি পেলাইছিল আৰু সমান্তৰালকে অসমৰ পৰ্বতাৰোহন সন্থাৰ পৰা আয়োজিত অসমৰ প্ৰথমটো একক এভাৰেষ্ট অভিযানৰ ১১ জনকৈ সদস্যই সেই পৰিস্থিতিৰ পৰা নিজক বচাই আধাতে অভিযান সামৰি ঘৰমুৱা হৈছিল।
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 4 ২৫ মে’ - অসম কাঞ্চনজংঘা অভিযানৰ এটা বছৰ](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/kanchenjunga13.jpg?resize=1024%2C770&ssl=1)
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 5 ২৫ মে’ - অসম কাঞ্চনজংঘা অভিযানৰ এটা বছৰ](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/kanchenjunga11.jpg?resize=1024%2C576&ssl=1)
এই বৃহৎ সফলতাৰ পিছত পুনৰবাৰ অসম পৰ্বতাৰোহন সন্থাৰ যো জা চলিল পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাৰ বুকুলৈ। এই অভিযানৰ বাবে নিৰ্বাচিত সদস্য সকল আছিল দলপতি মানস বৰুৱা, চিকিৎসক-ডা’ জগদীশ বসুমতাৰী, উপেন চক্ৰৱৰ্তী, কৌশিক দাস,ভাস্কৰ বৰুৱা, শেখৰ বৰদলৈ আৰু জয়ন্ত নাথ।
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 6 kanchenjunga10](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/kanchenjunga10.jpg?resize=1024%2C768&ssl=1)
প্ৰতিজন সদস্যই ঈৰ্ষণীয় পৰ্বতাৰোহন অভিজ্ঞতাৰে একো একোজন সুদক্ষ পৰ্বতাৰোহী। নিৰ্বাচিত দলটোৱে অৰুণাচল, লাডাখ আদি বিভিন্ন ঠাইত নিজৰ অনুশীলন আৰম্ভ কৰিলে।
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 7 1000100845](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/1000100845.jpg?resize=1024%2C576&ssl=1)
এপ্ৰিল মাহৰ সাত তাৰিখৰ দিনা ’অসম কাঞ্চনজংঘা অভিযান – ২০২৩’ৰ ফ্লেগ অফ কাৰ্য্যসূচিভাগ সম্পন্ন হয় অসম ভ্ৰমণলৈ অহা দেশৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ দ্বাৰা ৷
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 8 ২৫ মে’ - অসম কাঞ্চনজংঘা অভিযানৰ এটা বছৰ](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/kanchenjunga8.jpg?resize=1024%2C990&ssl=1)
অসম ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ আৰ্থিক সাহায্যৰে আয়োজিত অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ্ এক্স আৰু অভিযানৰ পতাকা অৰ্পন কৰি অভিযানটোৰ ফ্লেগ অফ্ কৰি ৰাষ্ট্ৰপতি মূৰ্মুৱে ।
পুৱাৰ সূৰ্যৰ কিৰণত কাঞ্চনজংঘাৰ বৰফাবৃত শিখৰে ধাৰণ কৰা অপৰূপ বৰ্ণনা কৰি ৰোমাঞ্চিত হৈ পৰিছিল।তেওঁ অসমৰ পৰা কাঞ্চনজংঘা অভিযানৰ দৰে বৃহৎ অভিযানৰ পৰিকল্পনা কৰাৰ বাবে আনন্দ প্ৰকাশ কৰি অভিযানটোৰ সফলতাৰ বাবে শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰিছিল যিয়েই অভিযাত্ৰীসকলক দুগুণে উৎসাহিত কৰিছিল।অভিযানৰ সকলোবোৰ প্ৰস্তুতিৰ সমান্তৰালকে এখন স্মৰণীকাও প্ৰকাশ কৰা হৈছিল আৰু ৰাষ্টপতিৰ হাতত তুলি দিয়া হৈছিল।
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 9 kanchenjunga9](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/kanchenjunga9.jpg?resize=1024%2C770&ssl=1)
্ফ্লেগ অফ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়া আৰু ৰাষ্ট্ৰপতি সচিবালয়ৰ বহুসংখ্যক বিষয়াৰ লগতে অসম পৰ্বতাৰোহণ সন্থাৰ ’অসম কাঞ্চনজংঘা অভিযান ২০২৩’ৰ বিষয়ববীয়াসকল উপস্থিতিত মুখ্য উপদেষ্টা সত্যেন শৰ্মাই এখনি স্মাৰক পত্ৰও প্ৰদান কৰে ৷
উত্তৰ পূৰ্ৱাঞ্চলৰপৰা কাঞ্চনজংঘালৈ প্ৰথম এককভাৱে আয়োজন কৰা বৃহৎ অভিযানটোক লৈ সকলোৰে উৎকণ্ঠা আছিল অপৰিসীম।
১১ এপ্ৰিলত গুৱাহাটীৰপৰা ৰে’লযোগে যাত্ৰা আৰম্ভ কৰা দলটোৱে হিমালয়ৰ ৫৫০০ মিটাৰ উচ্চতাত বেচ কেম্প স্থাপন কৰিছিল সেই মাহৰে ২০ তাৰিখে।
দলৰ সদস্য কৌশিক দাস, ভাস্কৰ বৰুৱা, শেখৰ বৰদলৈ আৰু জয়ন্ত নাথে প্ৰথমবাৰ চামিটলৈ বুলি যাত্ৰা কৰি প্ৰায় ২০০ মিটাৰ বাকী থকা অৱস্থাত বিশেষ কাৰিকৰী অসুবিধাৰ বাবে কেম্প- লৈ উভতি আহিবলগীয়া হয়।
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 10 kanchenjunga7](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/kanchenjunga7.jpg?resize=951%2C1024&ssl=1)
পুনৰ ২৪ মে’ৰ দিনা সন্ধিয়া ৬ঃ৩০ত যাত্ৰা আৰম্ভ কৰি ২৫ মে’ৰ দিনা প্ৰায় ৭বাজি ৩০ মিনিটত সকলোৰে উৎকণ্ঠাৰ অন্ত পেলাই কাঞ্চনজংঘাৰ বুকুত অসমীয়া গামোছা উৰুৱাই থৈ আহিল দলৰ সদস্য জয়ন্ত নাথ আৰু ভাস্কৰ বৰুৱাই। ইতিহাস ৰচি পৰ্বতাৰোহন ক্ষেত্ৰখনত এক সুকীয়া স্থানলৈ উন্নীত হ’ল অসম তথা অসম পৰ্বতাৰোহন সন্থা।
২০২১ চনৰ ১৮ ডিচেম্বৰৰ দিনা মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যালয়ত অসম পৰ্বতাৰোহন সন্থাৰ মুখ্য উপদেষ্টা সত্যেন শৰ্মা, সম্পাদক মানস বৰুৱা মিলিত হওঁতেই এই অভিযানৰ পোখা মেলিছিল। মুখ্যমন্ত্ৰীৰ এটা মাত্ৰ সঁহাৰিতে এক নতুন ইতিহাসে পাতনি মেলিলে।
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 11 kanchenjunga6](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/kanchenjunga6.jpg?resize=1024%2C770&ssl=1)
২০১৫ চনত অসম্পূৰ্ণ হৈ ৰোৱা এভাৰেষ্ট অভিযান, ২০১৬ চনত সফল হোৱা অসম এভাৰেষ্ট অভিযান আৰু ২০২৩ চনত অসম কাঞ্চনজংঘা অভিযানৰ সফলতাৰ আঁৰত আছিল অভিযান কেইটাৰ নেতৃত্ব লোৱা এজন সুদক্ষ তথা অভিজ্ঞতা সম্পন্ন অসমীয়া পৰ্বতাৰোহী মানস বৰুৱা আৰু বৰ্তমান কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা অভিজ্ঞ পৰ্বতাৰোহী ডা’ জগদীশ বসুমতাৰী।
দীৰ্ঘদীন ধৰি সন্থাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্য্যনিবাহ কৰি অহা মানস বৰুৱাই ১৯৯০ চনৰ পৰা এতিয়ালৈ প্ৰায় ৩০ টা পৰ্বতাৰোহন অভিযানত অংশ লৈছে আৰু তাৰ ভিতৰত ১৯৯৭ চনত, অত্যন্ত কঠিন তথা ভাৰতৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউন্ট কামেট (৭৭৫৬ মিটাৰ)সফলতাৰে আৰোহন কৰি পৰ্বতাৰোহনৰ ক্ষেত্ৰ খনত নিজৰ পাৰদৰ্শিতাৰে উজলি থাকিবলৈ সক্ষম হৈছে।
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 12 kanchenjunga5](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/kanchenjunga5.jpg?resize=1024%2C1024&ssl=1)
পৃথিৱীৰ সৰ্বোচ্চ শৃংগৰ লগতে অতি প্ৰত্যাহ্বানেৰে ভৰপূৰ তৃতীয় সৰ্বোচ্চ শৃংগলৈ চলোৱা অভিযানতো সৱল নেতৃত্বৰে অভিযান সফল কৰি তুলিবলৈ সক্ষম হ’ল। অসমত দুঃসাহসিক ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰত মানস বৰুৱাই বলিষ্ঠ ভূমিকা গ্ৰহন কৰি আহিছে।
উল্লেখ কৰা আটাইকেইটা অভিযানতে দলীয় চিকিৎসকৰ দায়িত্বত থকা বিশিষ্ঠ পৰ্বতাৰোহী ডা’ জগদ্বীশ বসুমতাৰীৰ আছে ভালে সংখ্যক পৰ্বতাৰোহন অভিযানত চিকিৎসকৰ দৰে গধুৰ দায়িত্ব পালন কৰি সফল হোৱাৰ অভিজ্ঞতা।
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 13 kanchenjunga3](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/kanchenjunga3.jpg?resize=1024%2C770&ssl=1)
১৯৯১ চনত ভাৰতৰ প্ৰথম মহিলা এভাৰেষ্টাৰ বাচেন্দ্ৰী পালৰ দ্বাৰা আমন্ত্ৰিত হৈ মাউন্ট আবি গামিন(মিটাৰ), মাউন্ট কামেটৰ দৰে অভিযানত কেৱল মহিলাৰে গঠিত পৰ্বতাৰোহী দলত চিকিৎসকৰ দায়িত্বৰ লগতে এজন সুদক্ষ পৰ্বতাৰোহী হিচাপে অসমৰ নাম জিলিকাই আহিবলৈ সক্ষম হৈছে।
২০১৫ চনৰ নেপালৰ ভূমিকম্পৰ সময়তো এভাৰেষ্ট অভিযানত অংশ লৈ থকা অৱস্থাত নিজৰ দলৰ লগতে বিদেশী দলক সাহসেৰে চিকিৎসা প্ৰদান কৰি নেপাল চৰকাৰৰ প্ৰশংসাৰ পাত্ৰ হ’বলৈ সক্ষম হৈছে।
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 14 kanchenjunga2](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/kanchenjunga2.jpg?resize=1024%2C1024&ssl=1)
ঐতিহাসিক অসম কাঞ্চনজংঘা অভিযানৰ এবছৰ অতিক্ৰম কৰাৰ শুভক্ষনত প্ৰতিজন পৰ্বতাৰোহীৰ লগতে অসম পৰ্বতাৰোহন সন্থাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, যিয়েই নৱপ্ৰজন্মক দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰখনত আগুৱাই যাবলৈ অহৰ্নিশে অনুপ্ৰাণিত কৰি আহিছে।
অসমৰ পৰা আৰু পৰ্বতাৰোহীৰ জন্ম হওক, আন্তৰ্জাতিক পৰিসৰত পৰ্বতাৰোহনৰ কঠিন যাত্ৰাত অসমীয়া সন্তানে বিজয়ৰ ধাৰা অব্যাহত ৰাখক তাকেই কামনা কৰিলো।
May You Climb from Peak to Peak.
!['অসম কাঞ্চনজংঘা অভিযান'ৰ এটা বছৰ 15 kanchenjunga1](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/kanchenjunga1.jpg?resize=1024%2C770&ssl=1)
ৰুবী বৰা/ ৯৭০৭২৭৫৮৫৮
25-05-2024
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)