ৰাছিয়া আৰু ইউক্ৰেন
•অৰবিন্দ ৰাভা
২৭ জানুৱাৰী, ২০২২ তাৰিখৰ দিনটোৰ শেষৰ ফালেএটা ভাল খবৰে সকলোকে আনন্দিত কৰিছে। সেয়া হ’ল, পেৰিছত ৮ ঘন্টা ধৰি হোৱা আলোচনা অনুসৰি মস্কো আৰু কিয়েভ-এ এইক্ষেত্ৰত একমত হৈছে যে দুয়োপক্ষৰ বাবে যুদ্ধ বিৰতি হ’ল সঠিক পদক্ষেপ। ৰাছিয়া আৰু ইউক্ৰেনে যুদ্ধবিৰতিৰ বাবে সন্মত হোৱা সিদ্ধান্তক ফ্ৰান্সৰ কুটনীতিজ্ঞই আদৰণি জনাইছে। ফ্ৰান্সৰ জনৈক কূটনীতিজ্ঞই এয়া এক ‘ভাল সংকেত’ বুলি অভিহিত কৰিছে। ইউক্ৰেনৰ পূব সীমান্তত ৰাছিয়াই বিপুল সংখ্যক সেনাৰ সমাৱেশ ঘটাই সকলোকে উদ্বিগ্ন কৰি তুলিছে আৰু তাকে লৈ ইউক্ৰেন তথা পশ্চিমীয়া দেশবোৰত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। কিয়েভ আৰু পশ্চিমীয়া দেশবোৰে আশংকা প্ৰকাশ কৰি কৈছে যেইউক্ৰেনত সামৰিক অভিযান চলাবলৈ মস্কোই পৰিকল্পনা কৰিছে। কিন্তু মস্কোই তেনে অভিযোগ অস্বীকাৰ কৰি আহিছে। মস্কোৰ পৰা দাবী কৰা হৈছে যে ইউক্ৰেনক যেন ‘নাটো জোঁট’ত অন্তৰ্ভুক্ত কৰা নহয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মাখোঁৰ জনৈক সহযোগীয়ে তেওঁৰ নাম প্ৰকাশ নকৰাৰ চৰ্ত সাপেক্ষে কৈছে যে ইউক্ৰেনত ৰাছিয়াৰ সামৰিক আগ্ৰাসনৰ ভাবুকিৰ বাবে নহয়, বৰং ২০১৪ চনৰ পৰা ইউক্ৰেনৰ পূৰ্বাঞ্চলত চলা বিচ্ছিন্নতাবাদী আন্দোলনৰ সমস্যা সমাধানৰ লক্ষ্য লৈ দুয়োপক্ষৰ মাজত পেৰিছত আলোচনা হয়। তেওঁ পুনৰ কয় যে ,’জটিল তথা কঠিন আলোচনাৰ মাজেৰে অৱশেষত ইতিবাচক কিছু সহাৰি পোৱা হৈছে। বৰ্তমানৰ পৰিস্থিতিত আমি এক ভাল সংকেত লাভ কৰিছো।’ বিচ্ছিন্নতাবাদী সকলৰ সৈতে ইউক্ৰেনে নিৰৱধি চলাই থকা সংঘৰ্ষৰ পটভূমিত ২০১৯ চনৰ পিছত এইবাৰ এয়াই প্ৰথমবাৰৰ বাবে এক যৌথ বিবৃতিত স্বাক্ষৰ কৰিবলৈ সন্মত হ’ল ৰাছিয়া আৰু ইউক্ৰেনে। ফ্ৰান্স আৰু জাৰ্মানীও এই যৌথ বিবৃতিৰ অংশ হৈছে। ২০১৪ চনত ৰাছিয়াই ইউক্ৰেনৰ ক্ৰিমিয়া উপদ্বীপ দখল কৰে আৰু তাৰ পিছৰে পৰাই ইউক্ৰেনৰ পূৰ্বাঞ্চলত চৰকাৰী বাহিনী তথা বিচ্ছিন্নতাবাদী সকলৰ সংঘৰ্ষ চলি থাকে।