-হৰকুমাৰ গোস্বামী |
আলেকজেণ্ডাৰ, ইতিহাসৰ এক বৰ্ণময় চৰিত্ৰ। ইতিহাসৰ বুকুত আখ্যায়িত ‘মহান আলেকজেণ্ডাৰ’ বুলি, মেচিডমিয়াৰ ৰজা, যিয়ে গঢ়ি তুলিছিল গ্ৰীক সাম্ৰাজ্য, সেইজন গ্ৰীক সম্ৰাটে এদিন ভৰি থৈছিলহি তাহানিৰ ভাৰতভূমিত, এতিয়াৰ ভাৰতীয় উপ মহাদেশত। ভাৰত জয়ৰ অভিপ্ৰায় লৈ সুদূৰ মেচিডমিয়াৰ পৰা ভাৰতৰ পশ্চিম প্ৰান্তত পদাৰ্পন কৰা সেই গ্ৰীক বীৰ ‘মহান আলেকজেণ্ডাৰ’ তিনি বছৰতকৈ অধিক কাল ভাৰতৰ মূল ভূমিত প্ৰৱেশৰ সলনি আবদ্ধ হৈ ৰল পশ্চিম প্ৰান্ততেই; প্ৰান্তীয় এক নৃপতিৰ লগত যুদ্ধত, সংঘর্ষত। অৱশেষত জয়ী হল আলেকজেণ্ডাৰ।…… গ্ৰীক সম্ৰাটৰ হাতত পৰাজিত পৰাভূত সেই নৃপতিক যেতিয়া সম্ৰাটৰ সন্মুখত থিয় কৰোৱা হল, তেতিয়া সম্ৰাটে তেওঁ কেনে ব্যৱহাৰ বিচাৰে বুলি প্ৰশ্ন কৰাত উৰ্ধত মস্তকে সেই নৃপতিয়ে কৈছিল, ‘এজন ৰজাৰ দৰে।’…… ‘মহান আলেকজেণ্ডাৰ’ৰ লগতে ইতিহাসৰ পাতত খোদিত ৰল সেই নৃপতিৰ নামো। ৰচিত হল এক বীৰ গাঁথা। নাম তেওঁৰ পুৰু।
তিনি বছৰতকৈয়ো অধিক কাল পুত্ৰৰ মুখ নেদেখি সম্ৰাট জননীয়ে যেতিয়া ব্যাকুলভাৱে সুধি পঠিয়াইছিল একেই ডোখৰ ভূখণ্ডত কি কৰি আছে বুলি, তেতিয়া উত্তৰত একো নকৈ ৰণাংগনৰ মুঠি মুঠি মাটি তুলি টোপোলা বান্ধি মাতৃলৈ পঠিয়াই দিছিল গ্ৰীক সম্ৰাটে। সেই মাটি আছিল আফগানিস্তানৰ ৰুক্ষ ৰঙচুৱা মাটি, বন্দীত্বৰ শিকলি পিন্ধিও ৰজাৰ মৰ্যদা বিচৰা সেইজন আছিল আজিৰ আফগানভূমিৰেই এক নৃপতি ।…….. ইছলামৰ তেতিয়া জন্ম হোৱা নাছিল…….
তালিবান বাহিনী কাবুললৈ অগ্ৰসৰ হোৱা দিনটোত নিশা আঠ বজাত যেতিয়া ঘৰ সোমাইছিলো, তেতিয়া সীমাহীন উৎকন্ঠাৰে ছোৱালীয়ে কৈছিল, ‘কাবুল বিমান বন্দৰত কি হৈ আছে তুমি গম পাইছানে দেউতা?’
নিৰুত্তাপ কন্ঠেৰে কৈছিলো ‘কি হৈছেনো?’
দিনটো ভাৰতীয় মিডিয়াই সম্প্ৰচাৰ কৰি থকা ভিডিও ক্লিপিংছ বোৰৰ বৰ্ণনা দিছিল তাই। কৈছিল কাবুলৰ পৰা পলায়ন কৰিব বিচৰা এজন এৰোপ্লেনৰ চকাৰ তলত পিষ্ট হৈ মৰাৰ কথাও।
তাইৰ উৎকণ্ঠাভৰা বৰ্ণনাৰ বিপৰীতে মই কৈছিলো, ‘আমাৰ ইয়াৰ পৰাও আত্ৰাহি হৈ প্লেনত উঠি মানুহ পলাবলৈ হেতা ওপৰা লগোৱা দিনটো লৈকে মই জীয়াই থাকিব বিচাৰোঁ।-‘ মোৰ উত্তৰ তাইৰ বাবে আছিল নাভূত নাশ্ৰুত।
‘তুমি বলিয়া হবলৈ গৈ আছা নেকি ?’ বুলি উচাট মাৰি মোৰ ওচৰৰ পৰা তাই আঁতৰি গৈছিল…..
এবাৰ কল্পনা কৰক চোন, আমাৰ ইয়াত যদি আফগানিস্তানৰ লেখীয়া গণ অভ্যুত্থানৰ পৰিস্থিতিৰ সূচনা হয়, তেনে ক্ষমতাৰ কেন্দ্ৰৰ সৈতে থাকি দেশক লুটি পুতি খোৱা সকলে কি কৰিব? নিঃসন্দেহে আফগানিস্তানৰ পৰা পলায়ন কৰা সকলৰ তুলনাত আমাৰ ইয়াত সেই সংখ্যা হব বহু গুণ বেছি।…….
এক ধৰ্মীয় বৃত্তত থাকিও আফগান জনগণে জিনিছে এখন বিৰাট যুজঁ। নিঃসন্দেহে ই ঐতিহাসিক। বিশ্বৰ বহুবোৰ ঘটনাক, কথাক ওলোট পালত কৰি দিব পৰা এখন ডাঙৰ যুজঁ। আমেৰিকা আৰু নাটো বাহিনী ত্ৰাহি মধুসূদন সুঁৱৰি পলাইছে, দুঃসময়ৰ মাজত এটা ভাল খবৰ।….
আজিৰ আফগানসকল গ্ৰীক বীৰ আলেকজেণ্ডাৰক জোলোকাজলকে পানী খুওৱা তাহানিৰ ৰজা পুৰু, তেওঁৰ সেনাবাহিনী আৰু তেওঁৰ প্ৰজা সকলৰৰেই ডি এন এ ৰ এক্সটনচন। আমেৰিকাক আফগানভূমি ত্যাগ কৰিবলৈ বাধ্য কৰি আকৌ এবাৰ যেন প্ৰমাণ কৰিলে সেই কথাই।
‘দেশে বিচাৰিছে স্বাধীনতা, জাতিয়ে বিচাৰিছে মুক্তি, জনগণে বিচাৰিছে বিপ্লব’- এই উক্তি আজি বিমূৰ্ততাৰ আৱৰণ ফালি যেন ধাববান মূৰ্ততাৰ দিশে…..
এটা বিবৃতি পঢ়িলো। বিবৃতিটোত মোৰ মনৰ কথা খিনিৰেই অনুৰণণ………
‘মাৰ্কিন সাম্ৰাজ্যবাদৰ বাবে এয়া এক ‘ভিয়েটনাম সদৃশ ঘটনা…..
……….ভিয়েটনামৰ সৈতে পাৰ্থক্যটো হৈছে, দখলদাৰ মাৰ্কিন বাহিনী আৰু সিহঁতৰ সমৰ্থক ক্ষমতাসীন অভিজাত শ্ৰেণীৰ বিৰুদ্ধে প্ৰভুত্বকাৰী শক্তি হিচাপে তালিবান সকলৰ মতাদৰ্শই গণ অভ্যুত্থানৰ নেতৃত্ব দিছে। ভাৰতৰ বামপন্থী সকলৰ একাংশই বস্তুগত বাস্তৱতাক প্ৰত্যাখান কৰি কেৱল মাথো তালিবানী সকলৰ নেতিবাচক মতাদৰ্শৰ দিশটোকেই দেখিছে, আওকাণ কৰিছে মাৰ্কিন দখলদাৰ বাহিনী তথা সিহঁতৰ ভৰি চেলেকা শাসক শ্ৰেণীটোৰ কবলৰ পৰা আফগান জনগণৰ মুক্তিৰ আকাংক্ষাক। ই কেৱল ত্ৰুটিপূৰ্ণই নহয়, নিন্দনীয়য়ো।
পুঁজিবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধে সমান্তৰাল ভাৱে উন্নত পৰ্যায়ৰ গণ আন্দোলনক নেতৃত্ব দিয়াৰ লেখীয়া বিকল্প শক্তিৰ অনুপস্থিতিৰ হেতু কেতিয়াবা কেতিয়াবা ধৰ্মীয় মতাদৰ্শও ৰূপান্তৰিত হৈ এক প্ৰগতিশীল ভূমিকা পালন কৰিব পাৰে, যদি সি সাম্ৰাজ্যেবাদৰ বিৰুদ্ধে জনগণৰ সংগ্ৰামত অনুঘটক হিচাপে কাম কৰে। সামগ্ৰিক বিচাৰত এটা ধৰ্মীয় বৃত্তৰ মাজত থাকিও আফগান জনগণে সাম্ৰাজ্যবাদ সমৰ্থিত শক্তিক পৰাজিত কৰাত এক প্ৰগতিশীল ভূমিকা পালন কৰিছে। ভাৰতবর্ষৰ ক্ষেত্ৰত এই চিত্ৰ সম্পূৰ্ণ বিপৰীত। ভাৰতীয় শাসকসকলে ধৰ্মীয় প্ৰতিক্ৰিয়াশীলতাক পুঁজি কৰি দিল্লীত ক্ষমতাসীন হৈছে আৰু কৰ্পোৰেট তথা সাম্ৰাজ্যবাদী প্ৰভূসকলৰ চৰণৰ তলত নিজকে সমৰ্পন কৰিছে।
এই তালিবান সকল, যিসকলে বিগত দিনত মাৰ্কিন সাম্ৰাজ্যবাদ আৰু সিহঁতৰ চালাফিবাদৰ মতাদর্শীয় সংগী চৌদি অক্ষৰ দ্বাৰা পৰিচালিত হৈছিল, সাম্প্ৰতিকতম সময়ত তেওঁলোকে সময়ে আনি দিয়া বাধ্য বাধকতাক মানি লৈ কেতবোৰ পৰিবৰ্তনৰ মাজেৰে যাব আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জনগণৰ যি সংগ্ৰাম, তাৰ সৈতে সামঞ্জস্য ৰাখি অগ্ৰসৰ হব বুলি আশা নিশ্চয় কৰা যায়। উদাহৰণ হিচাপে, ক্ষমতাসীন তালিবান সকলে মহিলাসকলকো চৰকাৰী কাম কাজত যুক্ত হবলৈ আহ্বান জনাইছে আৰু প্ৰতিশোধমূলক আচৰণৰ সলনি দেশব্যাপী গণ ক্ষমাৰ ঘোষণা কৰিছে-যিয়ে নিশ্চিত ভাবে এক ব্যাপক পৰিবৰ্তনৰেই ইংগিত বহন কৰিছে। আফগানিস্তানৰ গ্ৰামঞ্চলত মোল্লা নেতৃত্ব আৰু মছজিদ কেন্দ্ৰিক মতাদর্শগত শাসনৰ উপস্থিতিৰ লগতে আফগান সমাজত সামাজিক সম্পৰ্কবোৰৰ পৰিবৰ্তনৰ বিষয়টোৱো বিবেচনাধীন ৰাখিব লাগিব। মহিলাসকলৰ মাজৰ যি অংশটো ইতিমধ্যেই শিক্ষা আৰু অন্যান্য কামৰ সৈতে যুক্ত হৈছে, সেইসকলক আকৌ ঘৰবন্দী কৰি পেলালে যি বিশৃঙ্খলাৰ সৃষ্টি হব, সেয়া নতুনকৈ ক্ষমতাসীন হোৱা শক্তিটোৱে সম্ভৱত নিবিচাৰিব বুলিয়েই ধাৰণা কৰা যায়।
আফগানিস্থানত মাৰ্কিন সাম্ৰাজ্যবাদ তথা সিহঁতৰ অভিজাত সমৰ্থক সকলৰ পৰাজয়ৰ এই সময়ত আমি স্বাভাৱিক ভাবেই উৎফুল্লিত। বিশ্বজুৰি লাখ লাখ মানুহৰ তেজেৰে ৰঞ্জিত মাৰ্কিন সাম্ৰাজ্যবাদৰ হাত। সিহঁতৰ ইতিহাসেই হৈছে গণ হত্যাৰ ইতিহাস। কেতিয়াবা মুছলিম বিশ্বত, কেতিয়াবা তৃতীয় বিশ্বত, আকৌ কেতিয়াবা কমিউনিষ্ট দেশবোৰত, বোমা বর্ষণৰ পৰা আৰম্ভ কৰি ৰাসায়নিক অস্ত্ৰ প্ৰয়োগলৈকে, গণহত্যাৰ এক কলংকিত ইতিহাসৰ ৰচয়িতা সিহঁত। আনকি নাপাম বোমাৰ নিচিনা ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰৰ সৈতেও সাঙোৰ খাই আছে সিহঁতৰ নাম। ৰাষ্ট্ৰ গঠন তথা গণতন্ত্ৰ প্ৰতিষ্ঠাৰ অচিলাত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আগ্ৰাসনৰ এক কুখ্যাত ইতিহাস আছে। চৌদি-অক্ষক ব্যৱহাৰ কৰি ইছলামী মৌলবাদী সন্ত্ৰাসবাদক প্ৰৰোচিত কৰি মাৰ্কিন সাম্ৰাজ্যবাদ আৰু সন্ত্ৰাস দমনৰ নামত বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় বাহিনীৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰি বিশ্বক এক অস্থিৰ অৱস্থাৰ মাজলৈ ঠেলি দিযাৰ গুৰিতেই আছে মাৰ্কিন সাম্ৰাজ্যবাদ।
বিভিন্ন ধৰণৰ সাম্ৰাজ্যবাদী শক্তিয়ে তাঁহাতৰ নিজস্ব প্ৰভাৱশালী অঞ্চল অনুসাৰে অতোমান সাম্ৰাজ্যক বিভক্ত কৰিছে, আৰব সকলক মানবিক অবক্ষয়ৰ ফালে ঠেলি দিছে আৰু মেচ’পটেমিয়াৰ নিচিনা বিশাল সভ্যতাৰ ধ্বংসৰ কাৰক হৈ উঠিছে। মাৰ্কিন আগ্ৰাসনে ইৰাকৰ নিচিনা এখন আধুনিক দেশক কিদৰে ধ্বংসস্তুপত পৰিণত কৰি এক বিশৃংখল অৱস্থাৰ সৃষ্টি কৰিছে, ইতিহাস তাৰ সাক্ষী। কিন্তু, এইবাৰ তালিবানৰ নেতৃত্বতেই আফগান জনগণে ৰচিলে এক নতুন ইতিহাস। তেওঁলোকে নজীৰবিহীনভাবে আফগানিস্তানৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত এক সুশৃঙ্খল সংহতি গঢ়ি তুলিছে, গঢ়ি তুলিছে জনগণৰ সেনাবাহিনী আৰু উপযুক্ত সময়ত ক্ষমতা দখল কৰাত সমৰ্থ হৈছে।
বিশ্বব্যাপী ৰাজনৈতিক তথা অৰ্থনৈতিক আধিপত্যবাদী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চীন আৰু চীন-ৰাছিয়া অক্ষশক্তিৰ দ্বাৰা মাৰ্কিন যুক্তৰাষ্ট্ৰ ক্ৰমশঃ কঠিন প্ৰত্যাহ্বানৰ মুখামুখি হবলগীয়া হৈছে। ক্ষমতাৰ এই নতুন অক্ষশক্তিযে তেওঁলোকৰ প্ৰতিবেশী দেশবোৰ সহ বিভিন্ন দেশৰ ক্ষমতাৰ কেন্দ্ৰৰ ওপৰত প্ৰভাৱ আৰু নিয়ন্ত্ৰণ প্ৰতিস্থাৰ বাবে নিজস্ব স্বাৰ্থ অনুযায়ী ভিন্ন ভিন্ন পদ্ধতি প্ৰয়োগ কৰিছে। এই উপমহাদেশতো সাম্ৰাজ্যেবাদী নিয়ন্ত্ৰণৰ বাবে নতুন প্ৰায়োগিক পদ্ধতি সহ ন উপনিবেশবাদৰ এক নতুন পৰ্বৰ সূচনা হৈছে।
বিশ্ব পুঁজিবাদ আজি এক গভীৰ সংকটৰ মাজত নিমজ্জিত। এয়াই সেই সময়, যত আমি শ্ৰমিক শ্ৰেণীৰ জাগৰণৰ সমান্তৰাল ভাৱে নিৰ্যাতিত জাতি তথা জাতিসত্বাৰ শৃংখল মুক্তিৰ সাক্ষী হবলৈ গৈ আছো। এই প্ৰাণবন্ত সংগ্ৰামী ঐক্যই গণ উদ্যোগৰ এক নতুন দিশাৰ সূচনা কৰিব পাৰে যিয়ে সাম্ৰাজ্যবাদক পৰাজিত কৰাত আৰু পুঁজিবাদক অতিক্ৰম কৰাত অংগীকাৰবদ্ধ হব।’
(বিবৃতিটো পি চি চি, চি পি আই(এম-এল)ৰ)