ইউক্ৰেন
• তনয় চক্ৰৱৰ্তী
যোৱাকালি বুধবাৰে (০৯-০৩-২০২২) ৰাছিয়া আৰু ইউক্ৰেনৰ মাজত হৈ থকা যুদ্ধখনৰ ১৪ দিন সম্পূৰ্ণ হ’ল। অৰ্থাৎ, দুটা সপ্তাহ সম্পূৰ্ণ হ’ল। আৰম্ভণিতে সকলোৱে ভাবিছিল যে দুই- চাৰিদিনৰ ভিতৰতে ইউক্ৰেনে আত্মসমৰ্পন কৰিবলৈ বাধ্য হ’ব আৰু ইউক্ৰেনক অতি সহজে ৰাছিয়াই দখল কৰিব।
কিন্তু ভবামতে উজু নহ’ল। ইউক্ৰেনৰ জাতীয়তাবাদী সত্ত্বাই এই মুহুৰ্ততো ৰাছিয়াৰ বিৰূদ্ধে কচি কচি যুঁজ দি আছে। প্ৰচন্ড শীত, বাৰুদ বাৰুদ গোন্ধ, য’তে ত’তে আছাৰ খাই পৰিছে পুটিনৰ ক্ষেপনাস্ত্ৰ, অগ্নি, ধোঁৱা, কিন্তু এতিয়াও হাত ডাঙি আত্মসমৰ্পন কৰা নাই ইউক্ৰেনে। অহাকালি কি হয় সুকীয়া কথা, কিন্তু যুদ্ধত হাৰিলেও জয়ী হ’ব ইউক্ৰেন, ইউক্ৰেনৰ জাতীয়তাবাদী সত্ত্বা।
এনে এক ভয়ংকৰ পৰিস্থিতিৰ পটভূমিত প্ৰথমবাৰৰ বাবে বিবৃতি দি আন্তৰ্জাতিক সম্প্ৰদায়ৰ সন্মুখত যুদ্ধৰ ভয়াবহতা ডাঙি ধৰিছে ইউক্ৰেনৰ ‘ফাৰ্ষ্ট লেডী’ ওলেনা জেলেনস্কাই। যোৱাকালি বি.বি.চি.ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইউক্ৰেনৰ ফাৰ্ষ্ট লেডীয়ে যুদ্ধৰ ভয়াবহতা, বিশেষকৈ নাৰী আৰু শিশুৰ প্ৰাণহানিক লৈ বক্তব্য ডাঙি ধৰে। ওলেনাই কৈছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-এ পাৰমাণৱিক যুদ্ধৰ ভয় দেখুৱাইছে। তেওঁক যদি এতিয়াই ৰখোৱা নহয়, তেনেহ’লে বিশ্বত আমাৰ সকলোৰে বাবে কোনো নিৰাপদ স্থান নাথাকিব।
এতিয়ালৈ যুদ্ধত যিমান শিশুৰ মৃত্যু হৈছে, প্ৰথমবাৰৰ বাবে প্ৰকাশ্যে দিয়া বিবৃতিত সেই শিশুসকলৰ নাম উল্লেখ কৰিছে ইউক্ৰেনৰ ফাৰ্ষ্ট লেডী ওলেনাই। তেওঁ কৈছে, ‘ ওখটিৰকাৰ পথত প্ৰাণ হেৰুৱাইছে ৮ বছৰীয়া এলিচ-এ। তেওঁ যেতিয়া মৃত্যুৰ সৈতে যুঁজি আছিল, আইতাকে তেওঁৰ প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছিল।’
ইউক্ৰেনৰ ফাৰ্ষ্ট লেডীয়ে কৈছে,’কিয়েভত নিজৰ বাসভৱনলৈ হোৱা গোলাবৰ্ষণত পিতৃ-মাতৃৰ লগতে প্ৰাণ হেৰুৱাইছে শিশু পোলিনাই। ধ্বংসাৱশেষৰ চেপাত প্ৰাণ গৈছে ১৪ বছৰীয়া আৰ্চিনিৰ। আৰ্চিনিৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল, কাৰণ সেই স্থানত ব্যাপক গোলাবৰ্ষণ হৈ আছিল। সেইকাৰণে এম্বুলেন্স সেৱাৰ ব্যৱস্থা কৰা সম্ভৱ নহ’ল। ৰাছিয়াই কৈছে যে তেওঁলোকে অসামৰিক মানুহৰ বিৰুদ্ধে যুদ্ধ কৰা নাই। সেয়ে মই প্ৰথমতে ৰাছিয়াৰ আক্ৰমণত নিহত শিশুবোৰৰ নাম উল্লেখ কৰিছো।’
ওলেনাই আন্তৰ্জাতিক সম্প্ৰদাযক আৰু ইউক্ৰেনৰ মানুহক আশ্ৰয় দিয়াৰ বাবে প্ৰতিৱেশী দেশবোৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ নিজৰ স্বামী তথা ইউক্ৰেনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ দৰেই ইউক্ৰেনত ‘নো-ফ্লাই জোন‘ ঘোষণাৰ বাবে পশ্চিমীয়া দেশবোৰৰ প্ৰতি আহ্বান জনায়। কিন্তু নাটোই এতিয়াও সেই আহ্বানত সহাঁৰি দিয়া নাই। ফাৰ্ষ্ট লেডীয়ে আৰু কয় যে ‘যিসকলৰ ক্ষমতা আছে আকাশসীমা বন্ধ কৰাৰ, তেওঁলোকক আমাৰ প্ৰয়োজন। আকাশসীমা বন্ধ কৰক, স্থলত আমি মোকাবিলা কৰিম। মই মোৰ বিবৃতিৰে সমগ্ৰ বিশ্বক জনাবলৈ বিচাৰো যে এই যুদ্ধ কেৱল আমাৰ নহয়, এই যুদ্ধ সমগ্ৰ ইউৰোপৰ। পুটিনে পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে, আমি যদি তেওঁৰ গতিৰোধ কৰিব নোৱাৰো – তেনেহ’লে সমগ্ৰ বিশ্বত আমাৰ কোনো নিৰাপদ স্থান নাথাকিব।’