ইউক্ৰেন
• অৰবিন্দ ৰাভা
ইউক্ৰেন আৰু পেলেষ্টাইনত হৈ থকা যুদ্ধত ক্ষতিগ্ৰস্ত হোৱা সকলক আৰ্থিক সাহায্য আগবঢ়াব পেলেষ্টাইন বংশোদ্ভূত আমেৰিকান মডেল জিজি হাদিদ-এ।
যোৱা সোমবাৰে (০৭-০৩-২০২২) তেওঁ ইন্ষ্টাগ্ৰামৰ দ্বাৰা এই ঘোষণা কৰে।
একেসময়তে তেওঁ ‘ফেশ্যন উইক’ত ব্যৱহৃত আটাইবোৰ কাণৰ দুল দান কৰাৰ বিষয়েও ঘোষণা কৰে। তেওঁ কয় যে চলিত মাৰ্চ মাহত ফেশ্যন শ্ব’ত অংশগ্ৰহণ কৰি তেওঁ যি পৰিমাণৰ ধন লাভ কৰিব, সেই সমুদায় ধন তেওঁ দুয়োখন দেশৰ ক্ষতিগ্ৰস্ত সকলৰ বাবে দান দিব।
জানিব পৰা গৈছে যে মাৰ্চ মাহত জিজিয়ে ভালে কেইখন শ্ব’ত অংশগ্ৰহণ কৰিব। ইন্ষ্টাগ্ৰামত তেওঁ লিখিছে, ‘ ইতিহাসৰ বিভীষিকাময় আৰু হৃদয় বিদাৰক এক জটিল সময়ত আমি এসোপামান নতুন গহণা পিন্ধি মঞ্চত উঠিবলৈ সাজু হৈ আছো। আমাৰ সৰহভাগ কামৰ কাৰ্যক্ৰমণিকাৰ ওপৰত আমাৰ নিজৰ নিয়ন্ত্ৰণ নাথাকে। কিন্তু এইবাৰ এক সুকীয়া কাৰণত ৰেম্পত খোজ দিবলৈ সাজু হৈছো।’
জিজিয়ে কয় যে ‘মোৰ বন্ধু মিকা আৰ্গানিয়াৰাজৰ পদাঙ্ক অনুসৰণ কৰি মই শৰতকালীন সকলোবোৰ শ্ব’ৰ কাণৰ ডুলবোৰৰ মূল্য ইউক্ৰেনত হৈ থকা যুদ্ধত ক্ষতিগ্ৰস্ত হোৱা মানুহৰ সাহায্যৰ বাবে আগবঢ়াবলৈ অঙ্গীকাৰ কৰিছো আৰু একে সময়তে একেধৰণৰ কষ্টৰ সন্মুখীন হৈ থকা পেলেষ্টাইনৰ ক্ষতিগ্ৰস্ত মানুহৰ বাবেও অঙ্গীকাৰাৱদ্ধ হৈছো। যিকোনো অবিচাৰৰ ক্ষেত্ৰত আমাৰ চকু আৰু হৃদয় সকলো সময়তে খুলি ৰাখিব লাগে। ব’লক, ৰাজনীতি – জাতি – ধৰ্ম নিৰ্বিশেষে আমি পৰস্পৰে ভাতৃ-ভগ্নীৰ দৰে থিয় হওঁ। দিনটোৰ শেষত নেতাসকল নহয়, যুদ্ধত ক্ষতিগ্ৰস্ত হয় সাধাৰণ মানুহ।’
Pics: Collected