-লৱনিতা ডেকা |
(চিঠিখন Whatsapp যোগে forward হৈ অহা।সেয়ে সত্যাসত্য নিৰ্ণয়ৰ বাবে ইটালীৰ বান্ধৱী এগৰাকীলৈ সেইখন পঠিয়াই দিছিলোঁ। তেওঁ উত্তৰ দিছে যে কথাখিনি সম্পূৰ্ণ সত্য। ঘটনাক্ৰমে তেওঁ ইটালীৰ সবাতোকৈ সংক্ৰমিত অঞ্চলত বাস কৰে।
সেয়ে চিঠিখন সকলোৰে বাবে অনুবাদ কৰি ইয়াত দিলো। আমাৰ ইয়াত একেখিনি ভুল যাতে নকৰোঁ। এনেয়ে ইমান বিশাল দেশ।ইয়াত বেমাৰটো প্ৰথম স্তৰত আছে।আমিও সেইবাবে হয়তো বেছি গুৰুত্ব দিয়া নাই।কিন্তু সাৱধান নহ’লে এটা, এটাকৈ স্তৰ অতিক্ৰম কৰি গৈ থকাৰ পাছত কি হ’ব?)
সকলোৰে বাবে শান্তি।
আমি ইটালীত বাস কৰোঁ।মিলান মহানগৰত।মই আপোনালোকৰ লগত মনৰ কথা ভাগ বতৰা কৰিবলৈ বিচাৰিছোঁ লগতে এই কঠিন সময়ত ” মিলানত জীৱন কেনেকুৱা চলিছে” ক’বলৈ বিচাৰিছোঁ।তদুপৰি আমি কৰা ভুলবোৰ আৰু তাৰ ফলাফলবোৰৰ মাজত আমি কেনেকৈ জীয়াই আছোঁ, সেই কথাৰ পৰা আপোনালোকে কি শিকিব পাৰে তাকে কবলৈ ওলাইছোঁ।
আমি বৰ্তমান ঘৰত আৱদ্ধ।ৰাস্তালৈ কোনো ওলাব নোৱাৰে।ওলালেই পুলিচে ধৰি নিয়ে।
সকলো অনুষ্ঠান প্ৰতষ্ঠান বন্ধ— ব্যৱসায়,মল,দোকান-পোহাৰ। সকলোবোৰ ৰাস্তা নিৰ্জন, নিঃশব্দ।যেন পৃথিৱীৰ অন্তিম কাল উপস্থিত!জীৱন ওপচাই জীয়াই থকা ইটালীয়ান সকলৰ দেশখনে প্ৰতিটো মূহুৰ্ত এনেকৈ কটাইছে যেন যুদ্ধৰ কাল এন্ধাৰে আৱৰা দেশ ইটালী।এই কথাটো সত্য যে মই জীয়াই থাকিম বুলি ভৱাই নাছিলোঁ।সকলো মানুহ বিভ্ৰান্ত, দুখী,উদ্বিগ্ন আৰু অসহায়। প্ৰায়ে তেওঁলোকে বুজিবলৈ সক্ষম হোৱা নাই কেনেকৈ এই ৰুঢ় বাস্তৱ তেওঁলোকৰ ওপৰত জাপি দিয়া হ’ল আৰু কেতিয়া এই দুঃস্বপ্নৰ সমাপ্তি ঘটিব।
সবাতোকৈ ডাঙৰ ভুলটো হৈ গ’ল ইয়াতেই যে বেমাৰটোৱে প্ৰথম আক্ৰমণ কৰা সময়ত মানুহে সচৰাচৰ চলাৰ দৰেই চলি থাকিল।ৰাস্তালৈ আগৰ দৰেই ওলাই গ’ল– কামৰ বাবেই হওক বা মনোৰঞ্জনৰ বাবেই হওক। বন্ধ উপভোগ কৰা দিনবোৰৰ দৰে দলে দলে বন্ধু-বান্ধৱৰ মিলা-মিছা, ভোজ-ভাত চলি থাকিল।
প্ৰত্যেকেই ভুল কৰিছিল।
অনুৰোধ কৰিছোঁ, সাৱধান হওক।এইটো কোনো ৰগৰ নহয়। প্ৰত্যেকে প্ৰিয়জনক ৰক্ষণাবেক্ষণ দিয়ক– পিতৃ-মাতৃ, আইতা-ককাদেউতাক।তেখেতসকলৰ বাবে এইটো অতি বিপদজনক বেমাৰ।আমাৰ ইয়াত প্ৰতিদিনে দুশ লোকৰ মৃত্যু হৈ আছে— এই বাবেই নহয় যে মিলানত ঔষধ নাই(বৰঞ্চ পৃথিৱীৰ ভিতৰতে উত্তম চিকিৎসা পোৱা এখন ঠাই এই মহানগৰ)।কিন্তু কথা হ’ল ৰোগীৰ বাবে যথেষ্ঠ ঠাই নাই।কোন বাচিব, কোন মৰিব– ডাক্তৰে নিৰ্ণয় কৰে।এই গোটেইবোৰ হৈছে বেমাৰৰ আৰম্ভন হওতেই নাগৰিক সকলে মূৰ্খৰ দৰে কৰা আচৰণৰ ফল।নতুনকৈ আহি পৰা বিপদটো নেওচি, তেওঁলোকে আগৰ দৰেই চলি থাকিল।অনুগ্ৰহ কৰি আমাৰ ভুলৰ পৰা শিকক।আমি এখন সৰু দেশ যাৰ এক কৰুণ সমাপ্তি ঘটিব পাৰে।
মন দি শুনকঃ
–জনপূৰ্ণ ঠাইলৈ নাযাব।
–ঘৰৰ বাহিৰৰ খোৱা ঠাই(ৰেস্তোঁৰা ইত্যাদিত) নাখাব।
—দিনটোৰ সৰহখিনি সময় ঘৰৰ ভিতৰত কটাওক।
–স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলক।
–কোনো কাৰো কাষ নাচাপিব।আলিঙ্গন নকৰিব।কমেও এক মিটাৰ দূৰত্ব বজাই ৰাখক।
— আনে কৰা ভুলৰ পৰা শিকক।
— ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধনৰ বাবে ভিটামিন চি যুক্ত খাদ্য খাওক।
–স্বাস্থ্যকৰ্মী সকলক সহায় কৰিলে, ৰোগ অধিক সোঁচৰিব নোৱাৰে।
–ইটালীত গোটেই দেশখন অৰ্থাৎছয় কৌটি মানুহ ঘৰৰ ভিতৰত আৱদ্ধ হৈ আছে।
–আৰম্ভন অৱস্থাতেই নিৰ্দেশনা সমূহ পালন কৰাহেতেঁতেন এনে দুৰ্যোগ নহ’লহেঁতেন। –আপোনাৰ নিজৰ জীৱন আৰু আপোনজনৰ জীৱনৰ বিষয়ে সতৰ্ক হওক।