-দিলীপ দৈমাৰী |
মোডী চৰকাৰৰ বাণিজ্য মন্ত্ৰী পীযুষ গোৱেলে এদিন টাটা গোষ্ঠীৰ শীৰ্ষ বিষয়ালৈ আঙুলিয়াই প্ৰশ্ন কৰিছিল,’ দুই-এটা বিদেশী সংস্থা ক্ৰয় কৰিলে বুলিয়েই সেইবোৰৰ গুৰুত্ব ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ অধিক হৈ পৰিছে নেকি?’
বাতৰি পোৱা গৈছে যে এইবাৰ আৰ-এছ-এছ-অৰ সৈতে সুসম্পৰ্ক থকা ‘পাঞ্চজন্য’ নামৰ পত্ৰিকাই ‘ইনফোচিছ’ৰ প্ৰতি আঙুলিয়াই প্ৰশ্ন উত্থাপন কৰিছে,’কোনো ৰাষ্ট্ৰবিৰোধী শক্তিয়ে ইনফোচিছৰ মাধ্যমেৰে ভাৰতৰ অৰ্থনীতিৰ ক্ষতি সাধন কৰিবলৈ বিচাৰিছে নেকি?’ ভাৰতৰ প্ৰথম শাৰীৰ তথ্য-প্ৰযুক্তি সংস্থা ইনফোচিছৰ বিৰুদ্ধে নক্সাল, বামপন্থী আৰু ‘টুকৰে টুকৰে গেং’-অক আৰ্থিক সাহায্য কৰাৰ অভিযোগো পাঞ্চজন্য পত্ৰিকাই উত্থাপন কৰিছে।
পাঞ্চজন্যই এনে অভিযোগ উত্থাপিত কৰাৰ পিছত শিল্পমহলত প্ৰশ্ন উত্থাপন হৈছে, মোডী চৰকাৰ, বিজেপি, আৰ-এছ-এছ আদিৰো একেই মত নেকি? কাৰণ ইনফোচিছে প্ৰস্তুত কৰা আয়কৰ ৰিটাৰ্ণ ফাইলৰ ‘ৱেব পোৰ্টেল’ত সমস্যাই দেখা দিয়া হেতুকে আৰু সঠিকভাৱে কাম নকৰা হেতুকে অলপতে ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ইনফোচিছৰ মুখ্য কাৰ্যবাহী সলিল পাৰেখক দিল্লীলৈ মাতি নিজৰ অসন্তোষ প্ৰকাশ কৰিছিল।
এনে অভিযোগক লৈ শিল্প মহলত অসন্তোষ দেখা দিয়াত ০৬/০৯/২০২১ তাৰিখে আৰ-এছ-এছ-অৰ সৰ্বভাৰতীয় মুখপাত্ৰ সুনীল অম্বেকৰে ষ্পষ্ট কৰি দিছে যে পাঞ্চজন্য আৰ-এছ-এছ-অৰ মুখপত্ৰ নহয় আৰু সেই লেখাৰ লগত আৰ-এছ-এছ-অৰ সম্পৰ্ক বিচাৰ কৰাও সঠিক কথা নহয়। ইনফোচিছৰ বিষয়ে উল্লেখ কৰি অম্বেকৰে কয় যে ‘ভাৰতৰ সংস্থা হিচাপে ভাৰতৰ উন্নতিৰ ক্ষেত্ৰত ইনফোচিছৰ প্ৰভুত বৰঙণি আছে। ইনফোচিছৰ দ্বাৰা পৰিচালিত কোনো এটা পোৰ্টেলত কিবা কাৰিকৰী বিজুতিৰ সৃষ্টি হ’ব পাৰে। কিন্তু সেই সম্পৰ্কে পাঞ্চজন্যত প্ৰকাশিত নিৱন্ধত লেখকৰ মতামত নিজস্ব।’
তাৎপৰ্যপূৰ্ণ কথা হ’ল, ইনফোচিছৰ সৈতে ‘ৰাষ্ট্ৰবিৰোধী শক্তিৰ যোগাযোগ’ সম্পৰ্কীয় অভিযোগ উত্থাপিত হ’লেও এই পৰ্যন্ত শিল্পমহলে প্ৰকাশ্যে মুখ খোলা নাই, আনকি তথ্য-প্ৰযুক্তি সংস্থাবোৰৰ অন্যতম সংগঠন ‘ন্যেছকম’-এও একো কোৱা নাই। আনকি মোডী চৰকাৰৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও মাত দিয়া নাই। কিন্তু মুখ কোনেও নুখুলিলেও এই সমগ্ৰ ঘটনাই চৰকাৰত চাপৰ সৃষ্টি কৰিছে। ইনফোচিছৰ মুখ্য কাৰ্যালয় বাংগালুৰুত। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে, ০৫/০৯/২০২১ তাৰিখে বেংগালুৰুলৈ চৰকাৰী অনুষ্ঠান এখনত যোগ দিছিল। ইনফোচিছৰ প্ৰতি আঙুলি দেখুওৱাৰ বাবে ইনফোচিছৰ লক্ষ লক্ষ খৰ্মী আৰু তথ্য-প্ৰযুক্তি খন্ডৰ লক্ষ লক্ষ কৰ্মীৰ মাজত ক্ষোভৰ সৃষ্টি হ’ব বুলি ভাবি আৰ-এছ-এছ-অৰ মুখপাত্ৰৰ দ্বাৰা ‘চাফাই’ কৰিব বিচৰা হৈছে। কিন্তু পাঞ্চজন্যৰ সম্পাদক হিতেশ শঙ্কৰ সেই বক্তব্যৰ পৰা পিছুৱাই অহা নাই। উল্লেখযোগ্য যে ১৯৪৮ চনত আৰ-এছ-এছ-অৰ তথা জনসংঘৰ নেতা দীনদয়াল উপাধ্যায়ৰ দ্বাৰা প্ৰতিষ্ঠিত পাঞ্চজন্য পত্ৰিকাৰ প্ৰথম সম্পাদক আছিল অটলবিহাৰী বাজপায়ী। গান্ধীৰ হত্যাৰ পিছত এই পত্ৰিকাৰ কাৰ্যালয় বন্ধ কৰি তলা ওলোমাই দিয়া হৈছিল। আৰ-এছ-এছ-অৰ শীৰ্ষ নেতা আৰু বিজেপিৰ কেন্দ্ৰীয় নেতাসকলে নিয়মীয়াকৈ এই পত্ৰিকাত নিজৰ লেখা প্ৰেৰণ কৰে। গতিকে সম্পৰ্ক নাই বুলি কোৱা কথাটোও সম্পূৰ্ণ সঠিক নহয়।
পাঞ্চজন্য পত্ৰিকাৰ নিৱন্ধটোত কোৱা হৈছে যে ইনফোচিছৰ প্ৰতিস্থাপক এন. নাৰায়ণমূৰ্তিৰ মতাদৰ্শগত অৱস্থান যে শাসকপক্ষৰ বিৰুদ্ধে, সেয়া অবিদিত নহয়। তাৰোপৰি অইন এজন প্ৰতিস্থাপক নন্দন নিলেকানিয়ে কংগ্ৰেছৰ টিকত লৈ নিৰ্বাচনতো অৱতীৰ্ণ হৈছিল। ইতিপূৰ্বে ইনফোচিছৰ দ্বাৰা প্ৰস্তুত কৰা জি-এছ-টি তথা কৰ্পোৰেট মন্ত্ৰালয়ৰ পোৰ্টেলতো একেধৰণৰ সমস্যা হৈছিল। বাৰম্বাৰ এনে হ’লে সন্দেহ হ’বই। নিৱন্ধটোত পুনৰ দাবী কৰা হৈছে যে ইনফোচিছৰ বিৰুদ্ধে নক্সাল, বামপন্থী, টুকৰে টুকৰে গেং আদিক সাহায্য কৰাৰ প্ৰমাণ আছে।
কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে কৈছে যে ভাৰতৰ এক গুৰুত্বপূৰ্ণ সংস্থাৰ ওপৰত এনেদৰে বদনামৰ ৰং ছটিওৱা দেখিও প্ৰধানমন্ত্ৰী নীৰৱ কিয়? শিল্প মহলেও মুখ খোলা নাই কিয়? জয়ৰাম ৰমেশে কৈছে যে ‘আৰ-এছ-এছ-এ ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশই লোৱা নাছিল, এতিয়া সেই আৰ-এছ-এছ-এ চাৰ্টিফিকেট বিলাবলৈ আৰম্ভ কৰিছে। চৰকাৰে আচলতে সকলোকে ভাবুকি দি ভীতিগ্ৰস্ত কৰিবলৈ যত্ন কৰিছে।’ শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়েও শিল্পমহলৰ নীৰৱতালৈ আঙুলিয়াই কৈছে যে, ‘ প্ৰথমে শিল্প-বাণিজ্য মন্ত্ৰীয়ে টাটা গোষ্ঠীক আক্ৰমণ কৰিলে। তাৰপিছত আৰ-এছ-এছ-অৰ সৈতে যুক্ত পাঞ্চজন্যই কৈছে যে ইনফোচিছ-এ ৰাষ্ট্ৰবিৰোধী শক্তিৰ সৈতে কাম কৰি আছে! শিল্পমহলৰ নেতাসকল নীৰৱ!’
আগষ্ট মাহৰ বাণিজ্য সম্পৰ্কীয় সভা এখনত টাটা গোষ্ঠীক পীযুষ গোৱেলে আক্ৰমণ কৰিছিল। তেওঁৰ ক্ষোভৰ কাৰণ আছিল- ক্ৰেতাসকলৰ ‘স্বাৰ্থ’ত প্ৰস্তুত কৰা চৰকাৰী বিধি-নিয়মৰ বিৰোধিতা কৰিছিল টাটা গোষ্ঠীয়ে! আৰু এতিয়া, পাঞ্চজন্যই কোনোবাৰ নিৰ্দেশত অভিযোগৰ শঙ্খত ফুঁ দিছে এনে এক সময়ত – যিসময়ত কৰ্মসংস্থান, উৎপাদন, অৰ্থনৈতিক অৱস্থা, ইত্যাদি পিতনিত ডুব গৈ আছে! প্ৰশ্ন উত্থাপন হৈছে, পাঞ্চজন্যই বা গোৱেলে আদানী বা আম্বানীৰ বিৰুদ্ধে কিবা এটা অভিযোগো উত্থাপন কৰিব পাৰিব নে? উল্লেখযোগ্য যে ইনফোচিছত সম্প্ৰতি ২৫৯৬১৯+ গৰাকী লোকে কৰ্মৰত হৈ আছে আৰু ইয়াৰে ৩৮.৬% গৰাকী হ’ল মহিলা। (আ.বা.প.-ৰ সহায় লৈ)