উষ্ণায়নৰ বাবে পৃথিৱীয়ে হেৰুৱাইছে উজ্জ্বলতা
তনয় চক্ৰৱৰ্তী
পৃথিৱীয়ে হেৰুৱাবলৈ ধৰিছে নিজৰ উজ্জ্বলতা।
গ্ৰীণহাউচ গেচ নিৰ্গমনৰ বাবে পৃথিৱীৰ জ্বৰ বা উষ্ণতা বৃদ্ধি হৈছে আৰু সেইবাবে মানৱগ্ৰহটোৰ উজ্জ্বলতা হ্ৰাস পোৱাৰ ঘটনা দ্ৰুত হৈ পৰিছে। সাম্প্ৰতিক এক গৱেষণাই এনে তথ্য প্ৰকাশ কৰিছে।
আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘ জিওফিজিকেল ৰিচাৰ্ছ লেটাৰ্চ‘-অত এই গৱেষণা প্ৰকাশ পাইছে। এই গৱেষণাৰ দ্বাৰা দেখা গৈছে যে ১৯৯৮ চনৰ পৰা ২০১৭ চনৰ কালছোৱাত, অৰ্থাৎ ২০ বছৰত পৃথিৱীৰ উজ্জ্বলতা প্ৰতি বৰ্গমিটাৰত পূৰ্বৰ বছৰবোৰতকৈ আধা ‘ৱাট'(watt)কৈ হ্ৰাস পাইছে। শতাংশ হিচাপে আগৰ বছৰবোৰতকৈ পৃথিৱীৰ উজ্জ্বলতা কমিছে ০.৫% ; ইয়াৰ অৰ্থ এয়েই যে পূৰ্বতকৈ এই নীলা গ্ৰহটোৱে কম পৰিমাণে সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰিছে।
ইয়াৰ কাৰণো খুচৰি বাহিৰ কৰিছে বিজ্ঞানীসকলে। তেওঁলোকে দেখিছে যে ২০ বছৰত পৃথিৱীৰ তাপমাত্ৰা আগতকৈ বাঢ়িছে আৰু সেইবাবে মহাসাগৰ সমূহৰ ওপৰৰ মেঘ আগতকৈ অনুজ্জ্বল হৈ পৰিছে। মেঘৰ উজ্জ্বলতা হ্ৰাস পোৱাৰ বাবেই পৃথিৱীয়ে আগতকৈ কম পৰিমাণে সূৰ্যৰ পোহৰ মহাকাশলৈ প্ৰতিফলিত কৰিছে। সেইবাবে সূৰ্যালোকৰ দ্বাৰা বায়ুমণ্ডলৰ তাপমাত্ৰা বাঢ়িছে।
পৃথিৱীয়ে কিমান সূৰ্যালোক প্ৰতিফলিত কৰিছে সেয়া বুজি পাবলৈ গৱেষক সকলে বিশ্লেষণ কৰিছে যে পৃথিৱীয়ে নিজৰ উপগ্ৰহ চন্দ্ৰক কিমান পৰিমাণে আলোকিত কৰিছে। সূৰ্যালোকৰ ৩০% পৃথিৱীয়ে প্ৰতিফলিত কৰি মহাকাশলৈ প্ৰেৰণ কৰে। গৱেষণাই কৈছে যে এই পৰিমাণ ১৯৯৮ চনৰ পৰা ২০১৭ চনৰ ভিতৰত ০.৫% হ্ৰাস পাইছে। আৰু ই মূলতঃ কমিছে ২০১৫ চনৰ পৰা ২০১৭ চনৰ মাজৰ সময়ছোৱাত।
মূল গৱেষক নিউজাৰ্চি ইন্সটিটিউট অফ টেকনোলজিৰ অধ্যাপক তথা পদাৰ্থবিজ্ঞানী ফিলিপ গুড-এ কৈছে যে ‘প্ৰতিফলনৰ পৰিমাণ কমি যোৱা ঘটনাৰ তিনি বছৰৰ হিচাব দেখি আমি হতবাক হৈ পৰিছো। ইমানদিনে বিজ্ঞানী সকলৰ ধাৰণা আছিল যে উষ্ণায়নৰ বাবে হয়তো পৃথিৱীয়ে আগতকৈ অধিক পৰিমাণৰ সূৰ্যালোক মহাকাশলৈ প্ৰতিফলিত কৰিছে। কিন্তু আমাৰ গৱেষণাই সম্পূৰ্ণ বিপৰীত ফল দেখুৱাইছে।’
গৱেষক সকলে যি উপগ্ৰহ চিত্ৰ আৰু তথ্য বিশ্লেষণ কৰিছে, সেই অনুসৰি দেখা গৈছে যে পূৱ প্ৰশান্ত মহাসাগৰৰ ওপৰত একেবাৰে তলৰফালে থকা মেঘে উজ্জ্বলতা বেছি পৰিমাণে হেৰুৱাইছে। ফলত সেই মেঘৰ পৰা সূৰ্যালোকৰ প্ৰতিফলন আগতকৈ কমি গৈছে।
এই অঞ্চল পৃথিৱীৰ উজ্জ্বলতা কমাৰ মূল কাৰণ হৈ পৰিছে।
এয়াও দেখা পোৱা গৈছে যে প্ৰশান্ত মহাসাগৰৰ ওপৰৰ যিবোৰ অঞ্চলত উজ্জ্বল মেঘৰ স্তৰ আগতকৈ অধিক পাতল হৈ পৰিছে, সেইবোৰ অঞ্চলৰ মহাসাগৰৰ তাপ আগতকৈ বহুত বৃদ্ধি পাইছে ।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)
ReplyForward |