-ড০ সোণেশ্বৰ কলিতা |
অসমৰ প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভিতৰত কলিতা জনগোষ্ঠীটো হৈছে অন্যতম আৰু বৃহত্তম জনগোষ্ঠী। বৰ্তমান এই জনগোষ্ঠীটোৰ বাসস্থান ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো অঞ্চল বিয়পি আছে। জনগোষ্ঠীটোৰ জনসংখ্যা প্ৰায় ৭০ লাখ। ধৰ্মীয় গ্ৰন্থ, পুৰাণ আদিৰ বৰ্ণনাৰপৰা অনুমান কৰিব পাৰি যে কলিতাসকল প্ৰায় পাঁচহাজাৰ বছৰ আগৰ প্ৰাগজ্যোতিষপুৰৰ অধিৱাসী। প্ৰাগৈতিহাসিক কালতে কলিতা ৰজা বীৰ ভগদত্তই মহাভাৰতৰ যুদ্ধত চীন আৰু কিৰাত সৈন্য লগত লৈ কৌৰৱৰ হৈ যুদ্ধক্ষেত্ৰত নামিছিল। সেই ফালৰপৰা কলিতাসকল যে পাঁচ হাজাৰ বছৰ আগৰ অধিৱাসী তাক নুই কৰিব নোৱাৰি। পদ্মনাথ গোহাঞিবৰুৱাদেৱে তেখেতৰ “অসম বুৰঞ্জী”ত উল্লেখ কৰিছে, “কলিতা—ইবিলাক অসমৰ আটাইতকৈ পুৰণিকলীয়া আদিবাসী। অসমত কলিতা ৰজা আছিল— নৰকাসুৰ, ভগদত্ত, বজ্ৰদত্ত প্ৰভৃতি ৰজাসকলক কলিতা ৰজাৰ আদিপুৰুষ বুলি ধৰা হৈছে।” ভূপেন্দ্ৰনাথ চৌধুৰী ডাঙৰীয়াৰ “সোণৰ অসম” বুৰঞ্জী পুথিত থকা অনুসৰি—“কলিতা জাতিৰ মানুহবিলাকো অসমৰ সুপ্ৰাচীন অধিৱাসী। নৰক, ভগদত্ত আদি ৰজাসকল কলিতা মানুহ আছিল বুলি ঠাৱৰ কৰিব পাৰি।”
১৮৩৮ চনত প্ৰকাশিত মণ্টগ’মাৰী মাৰ্টিন চাহাবৰ—“The History, Antiquites, Topography and Statistics of Eastern India, Vol III (Purniya, Ronggopur and Assam)” নামৰ গ্ৰন্থখনিৰ ৬৭৫-৬৭৬ নং পৃষ্ঠাত লেখকে এইদৰে কৈছে— “কলিয়াবৰৰপৰা আৰম্ভ কৰি পশ্চিমে অতি সংখ্যাধিক আৰু প্ৰায় সমানে প্ৰতিপত্তিশালী দুটা জনজাতি হ’ল কলিতা আৰু কোচ। মোৰ ৰংগপুৰৰ বিৱৰণত উল্লেখ কৰা কলিতাসকল খাচ অসমতো এক সংখ্যাবহুল জনজাতি।” ড০ বি. কে. বৰুৱাই তেওঁৰ “A Cultural History of Assam (Early Period) Vol 1” নামৰ গ্ৰন্থখনিত ‘ফাথিয়া-ই-ইব্ৰিয়াহ’ৰ ফাৰ্চী ৰচকৰ কথা উনুকিয়াই কৈছে যে অসম প্ৰদেশৰ অধিৱাসীসকল দুই জাতি— কলিতা আৰু আহোমৰ অন্তৰ্ভুক্ত।
ৰাজমোহন নাথ ডাঙৰীয়াৰ “The Background of Assamese Culture” গ্ৰন্থত পুৰণি অসমৰ কলিতা ৰাজ্য আৰু কলিতা ৰজাসকলৰ বিৱৰণ পোৱা যায়। ড৹ হেৰম্বকান্ত বৰপূজাৰীদেৱে তেখেতৰ “Comprehensive History of Assam”ত কলিতাসকল আলপাইন মূলৰ বুলি আৰু প্ৰাচীনকালত তেওঁলোকৰ শদিয়াৰ ওচৰত এখন দেশ আছিল বুলি উল্লেখ কৰিছে। ড৹ প্ৰতাপ চন্দ্ৰ চৌধুৰীদেৱে “The History of Civilization of the people of Assam to the twelveth Century A.D.” নামৰ গ্ৰন্থত Hecataeus of Miletus আৰু Periplus of the Erythrean Sea-ত উল্লেখ কৰা Kaltis সকলৰ লগত অসমৰ কলিতাসকলৰ সম্পৰ্ক থকাটো নিশ্চিত কৰিছে। ড৹ চৌধুৰীদেৱে Hutton, Hoernle, B.S. Guha আদিৰ উদ্ধৃতিৰে ক’ব বিচাৰিছে যে বৈদিক আৰ্যসকল ভাৰতবৰ্ষত প্ৰৱেশৰ বহু আগতে আলপাইনসকলৰ এই ভূ-খণ্ডত প্ৰৱেশ ঘটিছিল। ৰায়বাহাদুৰ কনকলাল বৰুৱাদেৱে কামৰূপ অনুসন্ধান সমিতিৰদ্বাৰা প্ৰকাশিত “গৱেষণা পত্ৰিকা”ত প্ৰকাশ কৰা “Iran and Eastern India” নামৰ প্ৰবন্ধত বৈদিক আৰ্যসকলৰ প্ৰৱেশৰ বহু আগতে অৰ্থাৎ প্ৰায় পাঁচহাজাৰ বছৰ আগতে আলপাইনসকলে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল বুলি মতপোষণ কৰিছে। প্ৰথম শতিকা মানত হিমালয়ৰ দক্ষিণ পাদদেশত কুলুতা বা কলুতা নামৰ এখন সৰু ৰাজ্য থকা আৰু কলুতা ৰজাৰ নামত থকা এটি স্বৰ্ণ মুদ্ৰাও পোৱা গৈছে বুলি উল্লেখ কৰিছে। এই মুদ্ৰাৰ এটা পিঠিত খোদিত কৰা আছে “ৰাজন কলুতাস্য বিৰায়স্য” (কলুতা ৰজা বিৰায়স্য) আৰু আনটো পিঠিত দেৱতা শিৱৰ প্ৰতিমূৰ্তি খোদিত কৰা আছে। কালক্ৰমত এই কলুতাসকলৰ এটি ঠালে প্ৰাচীন কামৰূপত কলিতা হিচাপে পৰিচিত হয়। তেওঁলোকক দেৱতা শিৱৰ ভক্ত বুলি জনা যায়।
“কথা গুৰুচৰিত”ত ভৱানীপুৰীয়া গোপাল আতাৰ বংশাৱলীৰ উল্লেখ কৰি ড৹ বাণীকান্ত কাকতিদেৱে অসমৰ পূব কোণত এখন কলিতা দেশ আছিল বুলি উল্লেখ কৰিছে। গুণাভিৰাম বৰুৱাদেৱে তেখেতৰ “আসাম বুৰঞ্জী”ত উল্লেখ কৰা মতে— “কলিতা- এই জাতি বহুকাল পূৰ্বৰেপৰা অসম দেশত আছে। কৃষি এইসকলৰ প্ৰধান ব্যৱসায়।”
পৌৰাণিক ধৰ্মগ্ৰন্থ পুৰাণ-উপনিষদ আৰু ইতিহাসবিদসকলৰ গৱেষণামূলক তথ্যৰ আধাৰত আমি এইটো সিদ্ধান্তলৈ আহিব পাৰো যে “জনগোষ্ঠী” হিচাপে কলিতাসকল অতি পুৰণি। মংগোলীয় মূলৰ লোকৰ প্ৰৱাহবোৰৰ সমসাময়িকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰি অহা আলপাইন মূলীয় নৃ-গোষ্ঠীটোৱে কলিতা জনগোষ্ঠী বুলি প্ৰায়ভাগে ক’ব বিচাৰে। আহোম ৰাজত্বৰ সময়তো কলিতাসকলৰ সংখ্যা আৰু প্ৰভাৱ এনে আছিল যে মীৰজুমলাৰ লগত অহা ফাৰ্চী পণ্ডিতে তেওঁৰ “ফাথিয়া-ই-ইব্ৰিয়াহ” নামৰ বুৰঞ্জীত অসমৰ মানুহক কলিতা আৰু আহোম এই দুটা ভাগত ভগাইছিল। ডাঃ সত্যকাম ফুকনদেৱে তেখেতৰ ইংৰাজী ভাষাত লিখা TONKORI নামৰ গ্ৰন্থত উল্লেখ কৰিছে—বৰ্তমানৰ অসমীয়া ভাষাটোৰ বাহক হ’ল কলিতাসকল।
কলিতাসকলে নিজৰ দক্ষতাৰ বলত সামাজিক স্থিতি সন্মানজনকভাৱে ৰক্ষা কৰি আহিছে। অনুসূচিত জনজাতি ক্ষেত্ৰসমূহত (কেৱল মাত্ৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে) প্ৰযোজ্য কৰাৰ অৰ্থে ভাৰতবৰ্ষৰ সংবিধানত সংযোজন কৰা ষষ্ঠ অনুসূচিৰ প্ৰশাসন বিষয়ক উপলব্ধসমূহ ভাৰত চৰকাৰে পৰ্যায়ক্ৰমে বৃদ্ধি কৰি অহাৰ ফলত অসমৰ এটা বৃহৎ ভৌগোলিক এলেকা বৰ্তমান ষষ্ঠ অনুসূচিৰ আৱৰ্তত সোমাই পৰিছে। ইয়াৰ ফলত খিলঞ্জীয়া কলিতাসকলৰ লগতে আন কেতবোৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোকৰ স্বকীয়ভাৱে বসবাস কৰাৰ অধিকাৰ সাংবিধানিকভাৱে কৰ্তন হোৱাৰ উপক্ৰম ঘটিছে। লগতে বিশ্বায়নৰ প্ৰভাৱ, ৰাজনৈতিক দৃষ্টিভংগীৰ বিচাৰ্যহীনতা আৰু আন্তঃৰাজ্যিক সীমা সমস্যাই অসমৰ খিলঞ্জীয়াসকলৰ ওপৰত পেলোৱা দুটা নেতিবাচক প্ৰভাৱ বিশেষভাৱে লক্ষণীয় হৈ পৰিছে। খিলঞ্জীয়াসকলৰ ভূমিৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত শংকাই দেখা দিছে। কলিতাসকল অসমৰ ভূমিপুত্ৰ আৰু অসমীয়া জাতি গঠনত আগভাগ লোৱা জনগোষ্ঠী হৈও আজি অসমৰ ভূমিত ভূমিহীন আৰু সংখ্যালঘু জনগোষ্ঠীত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে।
কোনো জনগোষ্ঠীয়ে নিজৰ সাংবিধানিক অধিকাৰ বিচৰাটো আইনৰ পৰিপন্থী নহয়। নিজৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিৰ অধিকাৰ অক্ষুণ্ণ ৰখাটো জনগোষ্ঠীয় লোকসকলৰ মুখ্য উদ্দেশ্য বুলি বিবেচনা কৰা হয়। কলিতা জনগোষ্ঠীয় লোকসকল সাধাৰণতে কৃষিজীৱী আৰু কৃষিয়েই হৈছে উপাৰ্জনৰ মূল ব্যৱসায়। কিন্তু বৰ্তমান দেখা গৈছে কলিতাসকলৰ কৃষিভূমি আৰু জনসংখ্যাৰ অনুপাত লাহে লাহে নিম্নগামী হ’ব ধৰিছে। যাৰ ফলত কলিতাসকলৰ অৰ্থনৈতিক অৱস্থা দিনক দিনে শোচনীয়ৰপৰা শোচনীয়তমলৈকে গতি কৰিছে।
কলিতা জনগোষ্ঠীৰ অন্ধকাৰময় ভৱিষ্যতৰ কথা উপলব্ধি কৰি কেইগৰাকীমান পুৰোধা ব্যক্তিয়ে জাতিটোৰ আৰ্থ-সামাজিক সুৰক্ষা, ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ হকে ১৯৮৭ চনৰ ২৫ অক্টোবৰত কলিতা জনগোষ্ঠী সন্মিলন, অসম গঠন কৰে। জন্মলগ্নৰেপৰা কলিতা জনগোষ্ঠী সন্মিলন, অসমে তলত উল্লেখ কৰা লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। এই সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত কে’বালানিয়ো আলোচনা হৈছে।
শেষত দুটিমান কথাৰে মোখনি মাৰিব বিচাৰিছো। অসম চুক্তিৰ ছয় নম্বৰ দফাত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত একৈছ শতিকাৰ আৰম্ভণিতে খিলঞ্জীয়াৰ সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰাৰ বাবে চি পি আইৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী প্ৰমোদ গগৈদেৱে অসমক এখন জনজাতি ৰাজ্য ঘোষণাৰ প্ৰস্তাৱ প্ৰথমে ৰাজহুৱাভাৱে উত্থাপন কৰে। পৰৱৰ্তী সময়ত অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ সলনি কেৱল অসমৰ জনজাতিৰ স্বাৰ্থৰক্ষাৰ বাবে অসমক এখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীত সৰব হ’ল কেবাটাও দল-সংগঠন। শেহতীয়াভাৱে ভাৰত চৰকাৰৰ লগত হোৱা আলোচনাত আলফাই স্বাধীন অসমৰ দাবী পৰিহাৰৰ বিনিময়ত অসমৰ প্ৰস্তাৱিত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমক এখন জনজাতি ৰাজ্য ঘোষণা কৰাৰ বাবে জোৰদাৰ প্ৰচেষ্টা চলাই আহিছে বুলি প্ৰচাৰ মাধ্যমৰ জৰিয়তে জানিব পাৰিছো যদিও আলফাৰ আলোচনাৰ বিষয়বস্তু বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে জানিব পৰা হোৱা নাই। এইক্ষেত্ৰত মংগোলীয় জনসমষ্টিয়ে অসম বুলি ভবা এচাম তথাকথিত বুদ্ধিজীৱীয়ে জনজাতি ৰাজ্যৰ দাবীটোক অন্ধৰ হস্তীদৰ্শনৰ ধ্যান-ধাৰণাৰে প্ৰতিষ্ঠা কৰাৰ বাবে অহৰহ চৰকাৰৰ ওচৰত চাপ সৃষ্টি কৰা আমাৰ দৃষ্টিগোচৰ হৈছে।
অসমক এখন জনজাতি ৰাজ্য কৰিলে অসমৰ খিলঞ্জীয়া সকলোবোৰ জনগোষ্ঠীৰে সম-অধিকাৰ, সম-বিকাশ সাধন হ’বনে নহয় এই সম্পৰ্কত জনজাতি ৰাজ্য বিচৰা দল-সংগঠন অথবা বুদ্ধিজীৱীসকলৰপৰা কোনোধৰণৰ বক্তব্য ৰাজহুৱাকৈ জানিব পৰা হোৱা নাই। অসমৰ আঠসত্তৰটাতকৈও অধিক জাতি-উপজাতিৰ ভিতৰত জনজাতিৰ স্বীকৃতি পোৱা পঁচিছটা সৰু-বৰ জনগোষ্ঠী আৰু প্ৰস্তাৱিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পন্ন হ’লে মুঠ একত্ৰিছটা জনগোষ্ঠীক সামৰি জনজাতি ৰাজ্যৰ দাবী উত্থাপন হৈছে। ভাৰত চৰকাৰৰ ওচৰত কিহৰ ভিত্তিত বা কি জনগোষ্ঠীয় জনসংখ্যাৰ ভিত্তিত জনজাতি ৰাজ্যৰ দাবীৰ ওপৰত আলোচনা হৈছে সেই সম্পৰ্কত কোনোটো স্বীকৃত জনজাতি সংগঠনে অথবা ভাৰত চৰকাৰৰপৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
আমাৰ দাবী হ’ব লাগিব ভাৰত চৰকাৰে সংবিধান সংশোধন কৰি অসমৰ ভৌগোলিক পৰিসীমাৰ নব্বৈ শতাংশ ভূমিক সামৰি সংবিধানৰ ষষ্ঠ অনুসূচিৰ আওতালৈ অনাটো। তাৰ পূৰ্ব চৰ্ত হিচাপে কলিতাকে ধৰি অসমৰ অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহকো অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত কৰিব লাগিব। এই অনুসূচিত জনজাতিসমূহৰ বাবে বিধানসভাৰ এশ পোন্ধৰটা আৰু লোকসভাৰ তেৰটা সমষ্টি সংৰক্ষণ কৰিব লাগিব। যিবোৰ ক্ষুদ্ৰ জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ সুযোগ নাপাব তেনেকুৱা জাতি-জনগোষ্ঠীৰ বাবে প্ৰস্তাৱিত বিধান পৰিষদৰ এক- তৃতীয়াংশ আসন সংৰক্ষণ কৰিব লাগিব। এনেকুৱা ব্যৱস্থাৰেহে খিলঞ্জীয়াই সাংবিধানিক ৰক্ষা কৱচ পাব পাৰিব, অন্যথা আলফাৰ জনজাতি ৰাজ্য অথবা অসম চুক্তিৰ ছয় নম্বৰ দফা অপ্ৰাসংগিক হৈ পৰাটো নিশ্চিত। অসমক ভালপোৱা প্ৰতিটো দল-সংগঠন, বুদ্ধিজীৱী আৰু ৰাজনৈতিক নেতাসকলে, আস্থাৰে অসমৰ ভাষা-সংস্কৃতি, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি ৰক্ষা কৰি এখন বৰ অসম গঢ়ি তোলা এই খিলঞ্জীয়া জনগোষ্ঠীসমূহ ইতিহাসৰ পাতত বিলুপ্ত নোহোৱাৰ বাবে ঐক্যবদ্ধভাৱে কাৰ্যপন্থা হাতত লোৱাৰ সময় সমাগত। (খিলঞ্জীয়াৰ সৌজন্যত)