–তনয় চক্ৰৱৰ্তী |
সম্প্ৰতি আমেৰিকাত ১৩ ফুট দৈৰ্ঘ্যৰ ‘এলিগেটৰ'(আমাৰ এই মুলুকৰ কুম্ভীৰৰ আমেৰিকান দূৰ-সম্পৰ্কীয় জ্ঞাতি)ৰ পাকস্থলীৰ পৰা ভালেমান প্ৰাগৈতিহাসিক সামগ্ৰী উদ্ধাৰ হোৱাৰ পিছত জীৱবিদ সকলৰ লগতে বহুতৰে চকু কপালত উঠিছে। শ্বেন স্মিথ নামৰ এজন চিকাৰীয়ে এই সম্ভেদ পায় যে তেওঁৰ বন্ধু জন হেমিল্টনে এটা ১৩ ফুট দৈৰ্ঘ্যৰ ‘এলিগেটৰ’ চিকাৰ কৰিছে। হেমিল্টনে বন্ধু শ্বেনক অনুৰোধ কৰে সেই ‘এলিগেটৰ’টো প্ৰচেছিং কৰিবলৈ। তাৰপিছতেই চকু কপালত উঠা ঘটনা! শ্বেন স্মিথে বিৰাট কুম্ভীৰটোৰ পাকস্থলী ফালি পেলোৱাৰ পিছতেই কুম্ভীৰটোৰ পাকস্থলীৰ ভিতৰত ভালেমান সামগ্ৰী প্ৰত্যক্ষ কৰে আৰু সেই সামগ্ৰীৰ ছৱি ‘ফেচবুক’ত ‘আপলোড’ কৰে। সকলোৱে সেই ছৱি দেখি বিস্ময়াভিভূত হৈ পৰে আৰু মুহুৰ্ততে স্মিথৰ ‘পোষ্ট’ ভাইৰেল হৈ পৰে। কিন্তু স্মিথে কি কি পাইছিল কুম্ভীৰৰ পাকস্থলীত?
স্মিথে উদ্ধাৰ কৰিছিল মাছৰ কাঁইট, বিভিন্ন ধৰণৰ নোম, যাঁঠি বা বল্লম, কাঁড়ৰ সন্মুখ আংশ, ইত্যাদি। স্মিথৰ সেই পোষ্ট চকুত পৰিছিল মিছিছিপিৰ এজন জিওলজিস্টৰো। তেওঁ সেইবোৰ পৰ্যবেক্ষণ কৰি জনায় যে কাঁড় আৰু বল্লমৰ ফালবোৰ সাম্প্ৰতিক কালৰ নহয়। সেইবোৰৰ বয়স কমেও ৫০০০ বছৰৰ পৰা ৬০০০ বছৰ হ’ব। তেওঁ কয় যে সেই ধৰণৰ কাঁড় আৰু বল্লমৰ ফাল আমেৰিকাৰ মূল নিৱাসী বা খিলঞ্জীয়া সকলে মাছ ধৰাৰ কামত ব্যৱহাৰ কৰিছিল। কিন্তু প্ৰশ্ন হ’ল, তেনে ৬০০০ বছৰ প্ৰাচীন কাঁড়ৰ ফাল আৰু বল্লমৰ ফাল কুম্ভীৰৰ পেটলৈ গ’ল কিদৰে! এটা কুম্ভীৰৰ পক্ষে ৬০০০ বছৰ জীয়াই থকা কোনোপধ্যেই সম্ভৱ নহয়! আৰু এতিয়া, বৰ্তমানৰ থলুৱা আমেৰিকানে তেনেধৰণৰ কাঁড় আৰু বল্লমৰ ব্যৱহাৰ নকৰে। তেনেহ’লে? সেই প্ৰশ্নই এতিয়া সকলোকে খুলি খুলি খাবলৈ ধৰিছে। নিৰ্দিষ্ট উত্তৰ কাৰো ওচৰতেই নাই। কিন্তু এনে তত্ত্ব দুই একে ডাঙি ধৰিছে যে কোনো ব্যক্তিয়ে হয়তো সেই কাঁড় আৰু বল্লমৰ ফালবোৰৰ সন্ধান পোৱাৰ সময়তেই কুম্ভীৰটোৱে মানুহজনক ভক্ষণ কৰিছিল! মানুহজনক ভক্ষণ কৰি হজম কৰাৰ পিছত অস্ত্ৰবোৰ হজম নহ’ল আৰু পাকস্থলীৰ ভিতৰত থাকি গ’ল!! যি কি নহওঁক, এতিয়া সেই সামগ্ৰী সমূহক লৈ পৰীক্ষা নীৰিক্ষা আৰম্ভ হৈছে আৰু পৰীক্ষা শেষ হোৱাৰ পিছত সেই অস্ত্ৰবোৰ হেমিল্টনৰ যাদুঘৰত সংৰক্ষণ কৰাৰ পৰিকল্পনা কৰা হৈছে।