– ডা:মনোজ কুমাৰ শইকীয়া |
আমাৰ অসমীয়া মানুহক ঔষধ আৰু আন কোম্পানীয়ে গিণিপিগৰ দৰে ব্যৱহাৰৰ কৰাৰ বাবে দূৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগ বৃদ্ধি হব ধৰিছে আৰু আমাৰ পিছৰ প্ৰজন্মৰ কফিনত শেষ গজালটোহে মাৰিবলৈ বৰ্তমান বাকী আছে। ইয়াৰ পৰা ৰক্ষা পাবলৈ আমি এতিয়া সচেতন হবৰ হল।
(১) কিডনী ফেইলাৰ আৰু দূৰাৰোগ্য কেঞ্চাৰ ৰোগ কাৰক গেষ্ট্ৰিকৰ ঔষধ পেন্টোপ্ৰাজল, ৰবিপ্ৰাজল টেবলেত আৰু কেপচুল সম্পূৰ্ণ ভাৱে বৰ্জন কৰক। কিছুমান চিকিৎসকে জধেমধে লিখা থাইৰক্সিন হৰমন ঔষধ বৰ্জন কৰি, শাৰীৰিক পৰিশ্ৰম আৰু যোগাভ্যাস কৰক। অসমত কেইবছৰমানৰ পৰা হঠাতে বৃদ্ধি পাইছে কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগী। ইয়াৰ বাবে একাংশ ধনলোভী চিকিৎসক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দায়ী।
(২) কেঞ্চাৰ ৰোগ সৃষ্টিকাৰী পশ্চিমৰ ৰাজ্যৰ চাউল, ঘেহু আদি বৰ্জন কৰক। সেউজ বিপ্লৱৰ নামত পাঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আদি ৰাজ্যত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা হয় । এই ৰাসায়নিক সাৰ আৰু কীটনাশক ৭% তকৈও অধিক শস্যত সঞ্চিত হয়। তাৰোপৰি চাউল, ঘেহু ইত্যাদি খাদ্য শস্য নপচিবলৈ আৰু পোকে নাখাবলৈ ডি ডি টি, মালাথিয়ান ,ফুৰাদন আদি কৰি স্বাস্থ্য খতিকাৰক বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলাই দিয়া হয়। আমি অসমীয়া সকলে এই খাদ্যক অমৃত হিচাবে খাও। ১৭ বাৰ মোগলক পৰাস্ত কৰা পৰাক্ৰমী অসমীয়া এতিয়া হৈ পৰিব নিশকটীয়া আৰু চিৰৰুগীয়া।
(৩) ৰাস্তাৰ কাষত পৰি থকা গেলি-পচিব ধৰা মৃতদেহতকৈও দূষিত আৰু বিষাক্ত চালানী মাছ বৰ্জন কৰক। চালানী মাছ নাখালে মানুহ নমৰে। ডেডবডী সংৰক্ষণৰ কাৰণে ব্যৱহাৰ কৰা , কেঞ্চাৰ তথা কিডনী ফেইলাৰ ৰোগ কাৰক বিষাক্ত ফৰ্মেলিন সানি অসমীয়া সকলক দূৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগত আক্ৰান্ত কৰিব বিছৰা চালানী মাচ সম্পূৰ্ণ বৰ্জন কৰক। এই চালানী মাছৰে অন্নপ্ৰাশন, শ্ৰাদ্ধৰ ভোজ, আলহীক আপ্যায়ন, বিয়া-সবাহ আৰু অন্যান্য উৎসৱ পাৰ্বনত খুৱাৰ মানসিকতা দূৰ কৰক, নিজেও নাখাব আৰু আনকো খাবলৈ মানা কৰক। প্ৰয়োজন সাপেক্ষে আলুপিটিকা ভাত খাওক, নিৰোগী হৈ থাকিব পাৰিব।
(৪) কাৰ্বাইদ দি পকোৱা কল বৰ্জন কৰিলে কল বেপাৰীয়ে কলত কাৰ্বাইদ দিয়া বন্ধ কৰিবলৈ বাধ্য হব।
(৫) প্লাষ্টিকৰ বাচন-বৰ্তন ব্যৱহাৰ নকৰিব। ননষ্টিক টাৱা , কেৰাহী ব্যৱহাৰ নকৰিব। সাতাম পুৰুষে ব্যৱহাৰ কৰি অহা লোহাৰ কেৰাহী , কাহৰ বাচন ব্যৱহাৰ কৰক।
(৬) ফাষ্টফুড বিশেষকৈ মমো, শীতল পানীয় , পেকেজিঙ খাদ্য বৰ্জন কৰক।
(৭) ধপাত সেৱন বন্ধ কৰক।
(৮) ৰিফাইন তেলৰ পৰিৱৰ্তে সৰিয়হ বা তিলতেল খাওক।
(৯) অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা শাক-পাচলি , ফল-মূল বৰ্জন কৰক।
(১০) পৰম্পৰাগত আমাৰ সাতাম পুৰুষীয়া খাদ্য খাওক।
(১১) অপ্ৰিয় সত্য, অসমৰ একাংশ চিকিৎসকে ৰোগীক গিনীপিগ বুলি গণ্য কৰে। কমিচনৰ ধান্দাত জধেমধে সঘনাই এক্সৰে, আলট্ৰা চনগ্ৰাফী, এম আৰ আই, চি টি স্কেন কৰিবলৈ বাধ্য কৰে। এই বিলাক বেছি কৰিলেও ৰেডিয়েচন কাৰণেও কেঞ্চাৰ হব পাৰে। কিন্তু প্ৰয়োজন সাপেক্ষে কৰিলে কমকৈ খতি কৰে বাবে বিশেষ চিন্তনীয় নহয় ।
অসমৰ মানুহ এতিয়া ঔদ্যোগিক কেচা মালৰ দৰে হৈছে। ঔষধ কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকলৰ নিৰ্দেশ মানি কমিচনৰ লোভত একান্ত বাধ্য ছাত্ৰৰ দৰে কিছুমান চিকিৎসকে স্বাস্থ্য হানিকাৰক ঔষধ লিখাৰ ফলত অসমীয়া সকলৰ মাজত দিনক দিনে বৃদ্ধি পাইছে কিডনী ফেইলাৰ, কেঞ্চাৰ আদিৰ দৰে দূৰাৰোগ্য ব্যাধি। লগে লগে এই ৰোগ নিৰাময়ৰ নামত গঢ়ি উঠিছে অন্য এক ব্যক্তিগত খণ্ডৰ ভটিয়নী উদ্যোগ ডায়েলাইছিচ আৰু কেঞ্চাৰ হস্পিতেল । সামান্য ক্ৰিয়েটিনিন বাঢ়িলেও আৰম্ভ কৰি দিয়ে ডায়েলাইছিচ, কিন্ত ডায়েলাইছিচ কৰি কিমান জন ৰোগী সম্পূৰ্ণ ভাল হৈছে???
আমাৰ ফকৰা যোজনা আছে ” সাচি খাবা জাগি শুবা ” সদায় ভাবিচিন্তি খাব , বয়বস্তু কিনিব আৰু চিকিৎসা কৰিব।