–তনয় চক্ৰৱৰ্তী |
বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তন আৰু সমুদ্ৰৰ উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে ক্ৰমান্বয়ে অনুজ্জ্বল হৈ পৰিবলৈ ধৰিছে পৃথিৱী। বিগত কেইটামান ২০ বছৰত প্ৰতি বৰ্গ মিটাৰ ক্ষেত্ৰত ১ ৱাটৰো কম পৰিমাণৰ সূৰ্যৰ ৰশ্মি প্ৰতিফলিত হৈছে। ‘জিওফিজিকেল’ গৱেষণাপত্ৰ নামৰ এখন জাৰ্ণালত এনে তথ্য প্ৰকাশ কৰিছে বিজ্ঞানীসকলে। পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা দি আলোকে চন্দ্ৰপৃষ্ঠক আলোকিত কৰে, কেইটামান দশক ধৰি গৱেষকসকলে সেয়াও পৰীক্ষা কৰি আছে। কৃত্ৰিম উপগ্ৰহৰ পৰিমাপো বিশ্লেষণ কৰি দেখা গৈছে যে যোৱা ২ দশকত পৃথিৱীৰ পৰা সূৰ্যৰশ্মিৰ প্ৰত্যাৱৰ্তনৰ পৰিমাপ বা ‘আলবেডো’ৰ ক্ষেত্ৰতো উল্লেখযোগ্য হ্ৰাস হৈছে। বিশেষকৈ যোৱা ৩ বছৰত ই সৰ্বোচ্চ পৰ্যায় পাইছে। বিজ্ঞানীসকলে কৈছে যে পৃথিৱীৰ প্ৰতিফলন প্ৰায় ০.৫% হ্ৰাস পাইছে। বৰ্তমান সূৰ্যকিৰণৰ মুঠ যি পৰিমাণ তাপ পৃথিৱীলৈ আহে, তাৰে মাত্ৰ ৩০% ৰশ্মি পৃথিৱীৰ পৰা প্ৰতিফলিত হয়।
নিউজাৰ্চি ইন্সটিটিউট অফ টেকনোলজিৰ গৱেষক আৰু গৱেষণাৰ প্ৰধান লেখক ফিলিপ গুড-এ কৈছে,’ আলবেডো ড্ৰপ আমাৰ বাবে এক বিস্ময়কৰ বিষয় আছিল, কাৰণ আমি যোৱা ১৭ বছৰে পৃথিৱীৰ পৰা সূৰ্যৰশ্মিৰ প্ৰত্যাৱৰ্তনৰ পৰিমাণৰ খুব বেছি হেৰফেৰ দেখা নাছিলো, কিন্তু যোৱা ৩ বছৰত সেয়া হ্ৰাস হৈছে।’ নিজৰ বক্তব্যৰ সপক্ষে ফিলিপ গুড-এ দক্ষিণ কেলিফ’ৰ্ণিয়াৰ ‘বিগ বিয়াৰ চোলাৰ অবজাৰভেটৰি’ৰ দ্বাৰা সংগৃহীত ১৯৯৮ চনৰ পৰা ২০১৭ চনৰ ‘আৰ্থচাইন ডাটা’ৰ উল্লেখ কৰিছে। গৱেষক সকলে বিশ্লেষণ কৰি দেখিছে যে পৃথিৱীৰ উজ্জ্বলতা হ্ৰাস হোৱাৰ প্ৰৱণতা বাঢ়ি আছে।
গৱেষক সকলৰ মতে সূৰ্যৰ পৰা অহা ৰশ্মিৰ পৰিমাণ নিৰ্ভৰ কৰে মূলতঃ দুটা বিষয়ৰ ওপৰত – সূৰ্যৰ উজ্জ্বলতা আৰু গ্ৰহৰ প্ৰতিফলন ক্ষমতা। গৱেষক সকলে দেখিছে যে পৃথিৱীৰ’আলবেডো’ৰ পৰিৱৰ্তনসমূহ সূৰ্যৰ উজ্জ্বলতাৰ পৰ্যায়ক্ৰমিক পৰিৱৰ্তনৰ সৈতে সম্পৰ্কযুক্ত নহয়, অৰ্থাৎ পৃথিৱীৰ প্ৰতিফলনশীলতাৰ ক্ষমতা কমি যোৱা হেতুকে এই গ্ৰহ ক্ৰমে অনুজ্জ্বল হ’বলৈ আৰম্ভ কৰিছে।
নাছা-ৰ ক্লাউডচ্ আৰু পৃথিৱীৰ ৰেডিয়েন্ট এনাৰ্জি চিষ্টেমচ্ ( চি.ই.আৰ.ই.এচ.) প্ৰকল্পৰ অংশ হিচাপে তৈয়াৰ কৰা চেটেলাইটৰ পৰিমাপ অনুসৰি সাম্প্ৰতিক বছৰবোৰত পূৱ প্ৰশান্ত মহাসাগৰত উজ্জ্বল, প্ৰতিফলনকাৰী মেঘৰাশিৰ পৰিমাণ হ্ৰাস পাইছে। পৃথিৱীৰ জলবায়ুৰ ব্যাপক পৰিৱৰ্তন আৰু সমুদ্ৰৰ উষ্ণতা বৃদ্ধিৰ ফলত এনে হৈছে বুলি দাবী কৰিছে বিজ্ঞানীসকলে। কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গ্ৰহ বিজ্ঞানী এডৱাৰ্ডা শ্বুইটমেন-এ কৈছে যে,’এয়া প্ৰকৃততে যথেষ্ট উদ্বেগজনক ঘটনা আৰু পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে এই গ্ৰহটোক বিপদৰ মুখলৈ নি আছে।