-পৰিণীতা কলিতা |
বৰ্তমান সময়ত যুৱ-উশৃংখলতা বিষয়টো অতি স্পৰ্শকাতৰ বিষয় হিচাপে পৰিগণিত হৈছে ৷ এই সময় হৈছে আধুনিকতাৰ সময়,তথ্য-প্ৰযুক্তিৰ সময় ৷ এই যান্ত্ৰিক যুগটোত আমি ডাঁৰৰ বাতৰি ডাঁৰে পাওঁ ৷ কিনতু ভাবি আচৰিত লাগে যে এনে এক সময়তো আমাৰ নৱপ্ৰজন্মই যেন দিনক দিনে অকামিলা হৈ পৰিছে আৰু ক্ৰমাৎ বৃদ্ধি কৰি আনিছে যুৱ উশৃংখলতা ৷
চোৰ-ডকাইত-ঠগ-প্ৰৱঞ্চকৰ দৰে ঘটনাবোৰতো আছেই ৷দেশৰ নিয়ন্ত্ৰণহীন পৰিস্হিতিৰ দৰে যে যুৱপ্ৰজন্মৰো মনৰ অনিয়ন্ত্ৰণহীন অৱস্হা এটাৰ সৃষ্টি হৈছে, সেয়া নুই কৰিব নোৱাৰি ৷ দেশৰ নিয়ন্ত্ৰণহীন পৰিস্হিতিৰ বাবে এচাম কাৰকে যুৱ প্ৰজন্মক উশৃংখল হোৱাত ইন্ধন যোগাইছে ৷
উচ্চ শিক্ষিত হৈও চাকৰিৰ সন্ধানত চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হৈছে আৰু চাকৰি নাপাই এচামে মানসিকভাৱে ভাঙি পৰি মাদকদ্ৰব্য সেৱন কৰি দিন অতিবাহিত কৰা ভাৰাক্ৰান্ত মনক বুজনি দিব নোৱাৰা অৱস্হা হৈছে ৷ যুৱ উশৃংখলতাৰ আন এক কাৰক হৈছে এচাম নিবনুৱাই ইজিমানী কালেকচনৰ দৰে উপায় অৱলম্বন কৰি নিজৰ প্ৰয়োজন পূৰণ কৰিছে ৷ এনেদৰে এচামে ইজিমানী কালেকজনৰ দৰে উপায় অৱলম্বন কৰাটো দেশ আৰু দহৰ বাবে চৰম দূৰ্ভাগ্যৰ কথা ৷ এনেকৈয়ে আজিৰ শিক্ষিত যুৱপ্ৰজন্মই অনিশ্চাত্যৰে অন্ধকাৰাচ্চন্ন গহ্বৰলৈ ধৱমান হ’বলগা হৈছে আৰু ইয়াৰ লগে লগে বাঢ়িছে যুৱ-উশৃংখলতা ৷