–অৰবিন্দ ৰাভা |
জব্বলপুৰৰ পৰা লাভ কৰা সংবাদ অনুসৰি ভ্ৰূণ প্ৰতিস্থাপন প্ৰযুক্তিৰ মাধ্যমেৰে গৰুৰ প্ৰজনন ক্ষমতা বৃদ্ধি সম্ভৱপৰ হৈছে। এই পদ্ধতিৰে এজনী গাইগৰুৰ পৰা এবছৰত এটা দামুৰীৰ পৰিৱৰ্তে দুটাকৈ দামুৰী জন্ম দিয়াৰ সফল দৃষ্টান্ত স্থাপন কৰিলে জব্বলপুৰৰ ‘নানাজী দেশমুখ পশুবিজ্ঞান বিশ্ববিদ্যালয়ে’। এই প্ৰযুক্তিৰে অভাৱনীয় সাফল্য ডাঙি ধৰিছে প্ৰাণীবিজ্ঞান গৱেষণাত লিপ্ত হৈ থকা বিশ্ববিদ্যালয়খনৰ গৱেষক সকলে।
বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য এচ.পি.মিশ্ৰই জিন প্ৰতিস্থাপন প্ৰযুক্তিৰ মাধ্যমেৰে জন্ম লাভ কৰা দুটা দামুৰীক ৰাজহুৱাভাৱে সকলোৰে সন্মুখত সাত মাহ পিছত উপস্থিত কৰাই এই বিৰাট সাফল্য সম্পৰ্কে সদৰি কৰে। বিশ্ববিদ্যালয়খনৰ ‘এনিমেল মেটাৰ্নিটি’ বিভাগৰ দুই দশকৰ অভিজ্ঞতাসম্পন্ন পশু চিকিৎসক ডা° গৌতম কুমাৰ দেৱে কয় যে ‘দুই বছৰৰ আগতে আই-ভি-পি প্ৰযুক্তিৰ মাধ্যমেৰে এজনী গাইৰ পৰা দুটাকৈ দামুৰী জন্ম লভাৰ ক্ষেত্ৰত গৱেষকসকল সফল হৈছিল। তাৰপিছত যোৱা বছৰ পুনৰ এজনী গাইৰ পৰা দুটাকৈ দামুৰী জন্ম দিয়াৰ ক্ষেত্ৰতো গৱেষকসকল সফল হয়। প্ৰাথমিক সাফল্যৰ পিছত আমি এই গৱেষণাৰ প্ৰযুক্তি অধিক উচ্চ পৰ্যায়লৈ আগবঢ়াই লৈ যাম। অহাবছৰৰ প্ৰথমভাগত উচ্চ পৰ্যায়ৰ মাত্ৰাৰ ভিত্তিত ভ্ৰূণ স্থাপনৰ সাফল্যৰ নজীৰ সৃষ্টি কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস।’
জব্বলপুৰৰ বিশ্ববিদ্যালয়ৰ এই আই-ভি-পি প্ৰযুক্তিৰ নাম হ’ল ‘ইনভিট্ৰো আ্যমব্ৰায়ো প্ৰডাক্সন’। কিছুমানে ইয়াক ‘আই-ভি-এ’ বুলিও কয়। সৰহকৈ গাখীৰ দিয়া গাইৰ পৰা ডিম্বাণু সংগ্ৰহ কৰি গৱেষণাগাৰলৈ নি তাতেই ডিম্বাণুক পৰিপক্ক কৰি ‘ফাৰ্টিলাইজ’ কৰা হয়। ইয়াৰ ফলত গৱেষণাগাৰত যি ভ্ৰূণ সৃষ্টি হয়, তাৰেপৰাই দুটা ভ্ৰূণ ধাত্ৰী গাইগৰুত স্থাপন কৰা হয় আৰু সেই গাইগৰুৱে গৰ্ভধাৰণ কৰিলেই দুটা দামুৰী গৰ্ভত বৃদ্ধি পাবলৈ ধৰে।
এক চৰকাৰী পোৰ্টেলত ‘এনিমেল বায়ো- টেকনোলজি চেন্টাৰ’ৰ মুখ্য পৰিচালক এ.চি. সিংহই লিখিছে যে, ‘ সাধাৰণতে ষাঁড়ৰ শুক্ৰ সংগ্ৰহ কৰি নিৰ্দিষ্ট কেইটামান পদ্ধতিৰে গাইগৰুৰ প্ৰজনন অঙ্গত স্থাপন কৰাকেই কৃত্ৰিম প্ৰজনন বোলা হয়। কিন্তু এইবাৰ আমি কিছুমান নিশকতীয়া গাইগৰু আৰু ষাঁড়ৰ মাজত পৰীক্ষা নীৰিক্ষা কৰিও অভাৱনীয় সাফল্য লাভ কৰিছো।’ আগেয়ে যেতিয়া মাত্ৰ ২ লিটাৰ গাখীৰৰ বেছি উপলব্ধ হোৱা নাছিল, এতিয়া দিনে তেনেবোৰ গাইৰ পৰা ২০ লিটাৰ গাখীৰ পোৱা সম্ভৱ হৈছে বুলি তেওঁ দাবী কৰিছে। উন্নত মানৰ গো-সম্পদ উৎপাদন প্ৰাথমিকভাৱে সফল হোৱাৰ পিছত পশুবিজ্ঞানীসকলে ভাল মানদন্ডৰ ডিম্বাণু সংগ্ৰহ কৰা কাৰ্য আৰম্ভ কৰিব বুলিও তেওঁ জনাইছে।
এটা সুস্থ সৱল ভাল মানদণ্ডৰ গাইৰ ডিম্বাণুৰ পৰা বহুকেইজনী গাইক গৰ্ভৱতী কৰোৱা সম্ভৱ বুলি ডা° গৌতম কুমাৰ দেৱে দাবী কৰিছে। তেওঁৰ মতে এটা ষাঁড়ৰ শুক্ৰৰ দ্বাৰা প্ৰতিবছৰে ৬০ জনীৰ পৰা ৮০ জনী গাইক গৰ্ভৱতী কৰা সম্ভৱপৰ। কিন্তু কৃত্ৰিম প্ৰজননৰ দ্বাৰা ৫০০০ বা ১০০০ গাইগৰুক গৰ্ভৱতী কৰা সম্ভৱপৰ। স্বাভাৱিকতে এটা ষাঁড়ৰ সৈতে ৭০০ ৰ পৰা ৯০০ দামুৰীৰ প্ৰসৱৰ সম্পৰ্ক থাকে। কিন্তু এতিয়া গৱেষকসকলে এটাৰ ঠাইত দুটাকৈ দামুৰী প্ৰসৱ কৰোৱা সাফল্য লাভ কৰিছে হেতুকে গৰু উৎপাদন ব্যাপকভাৱে বৃদ্ধি সম্ভৱ হ’ব বুলি গৱেষকসকল উৎফুল্লিত হৈ পৰিছে।