মৃণাল হাজৰিকা
উচ্চ স্তৰীয় সমিতিৰ প্ৰতিবেদনে “সাংবিধানিক অধিকাৰ” অসমীয়াৰ বাবে কৰিছে নে খিলঞ্জীয়াৰ বাবে কৰিছে?
১৯৫১ চনৰ ভিত্তিত ’অসমীয়াৰ’ সুৰক্ষা নে ’খিলঞ্জীয়াৰ’ সুৰক্ষা???
জাতি আৰু খিলঞ্জীয়া একেই নহয়৷ দুয়োটাৰ সংজ্ঞা সুকীয়া সুকীয়া৷ ’খিলঞ্জীয়া’ৰ সংজ্ঞা ভাৰতীয় সংবিধান মতে নহয়৷ সংবিধানে কি অনুমতি দিয়ে নিদিয়ে তাৰ ভিত্তিত ’খিলঞ্জীয়া’ৰ সংজ্ঞা নিৰূপণ নহয়৷ ই এক আন্তৰাষ্ট্ৰীয় প্ৰস্তাৱ৷ ইয়াক ভাৰতীয় সংবিধানৰ গইনা লৈ ১৯৫১ চনক ভিত্তি কৰাৰ অধিকাৰ কোনো সমিতি বা ভাৰত ৰাষ্ট্ৰৰ নাই৷
গতিকে ’উচ্চ স্তৰীয়’ সমিতিয়ে ইয়াক সংশোধন কৰাৰ দাবী জনালো৷
১৯৫১ চনৰ পূৰ্বতে অসমত বসবাস কৰি থকা সকলক ’অসমীয়া’ বুলি কোৱাটো যিদৰে সঠিক নহয়, সেইদৰে ’খিলঞ্জীয়া’ বুলি কোৱাটো আৰু অধিক গ্ৰহণযোগ্য নহয় ।
জাতি এটাৰ গঠন প্ৰক্ৰিয়া এক ধাৰাবাহিক প্ৰক্ৰিয়া৷ ইয়াক কেতিয়াও নিৰ্দ্দিষ্ট চন, তাৰিখেৰে নিৰ্ণয় কৰা নাযায়৷ নতুনকৈ প্ৰৱজন কৰি অহা এজনেও স্বইচ্ছাৰে নিজকে ’অসমীয়া জাতিৰ’ অঙ্গ হব পাৰে৷ সেয়েহে ’অসমীয়া’ জাতি প্ৰাচীন কামৰূপৰ দিনৰ পৰা বৰ্ত্তমানলৈকে থকা লোক সকলৰ সংমিশ্ৰণৰ এক ধাৰাবাহিক প্ৰক্ৰিয়াৰ মাজেৰে গঠন হৈ আছ আৰু ভৱিষ্যতেও থাকিব৷
১৯৮৫ চনত স্বাক্ষৰ হোৱা “অসম চুক্তি”ৰ সময়ত “অসমীয়া” শব্দৰ ব্যৱহাৰ কেৱল ১৮২৬ চনৰ পূৰ্বৰ পৰা বসবাস কৰি থকা মানুহ খিনিকহে সৰল অৰ্থত বুজোৱা হৈছিল৷ বাকী মনুহখিনিক বেঙ্গলী বা বঙ্গালী, বিহাৰী, মাৰোৱাৰী, বাগানীয়া আদি বুলিহে কোৱা বা ভবা হৈছিল৷ গতিকে “উচ্চ স্তৰীয়” সমিতিয়ে হয় ’চুক্তি’ত উল্লেখ কৰা ’অসমীয়া’’ শব্দৰ সংশোধন কৰিব লাগিছিল, নহয় এই শব্দৰ সেই সময়ৰ দৃষ্টিভংগীৰে বিশ্লেষণৰ সংযোজন ঘটাব লাগিছিল ৷ তাকে নকৰি নিজাববীয়াকৈ সকলোকে “খিলঞ্জীয়া”ৰ আওতালৈ অনাৰ যিদৰে অধিকাৰ নাই সেইদৰে চুক্তিৰ ৬ নং দফাৰ জৰিয়তে যিসকল মনুহৰ সুৰক্ষাৰ বিধান দিছিল সেইসকলৰ অস্তিত্ব ধ্বংস কৰাৰহে বিধান দিলে৷ গতিকে এই প্ৰতিবেদনে প্ৰকৃত ’খিলঞ্জীয়া’ লোকক সুৰক্ষিত নকৰি ধ্বংসহে কৰিব৷ যিটো কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে৷ বি: দ্ৰ:— কিছু দিনৰ আগলৈকে অসমত “খিলঞ্জীয়া” শব্দৰ প্ৰচলন নাছিল৷ ৰাষ্ট্ৰ সঙ্ঘৰ মজিয়াত “খিলঞ্জীয়া”ৰ অধিকাৰ সন্দৰ্ভত UN-DRIP গ্ৰহণ কৰাৰ পিচত আমি প্ৰথম অসমত এই সন্দৰ্ভত বহুল প্ৰচাৰ কৰাৰ লগতে “খিলঞ্জীয়া” শব্দৰ প্ৰচলন হবলৈ ললে৷ বৰ্তমান সময়ত দূৰ্ভাগ্যজনক ভাৱে আমি প্ৰত্যক্ষ কৰিছো যে– বিভিন্ন সময়ত হোৱাই নোহোৱাই “খিলঞ্জীয়া” শব্দৰ প্ৰয়োগ সকলোৱেই কৰিবলৈ লৈছে৷ ই প্ৰকৃত “খিলঞ্জীয়া” লোকৰ ভৱিষ্যতৰ বাবে অশনি সংকেত বুলিয়েই গণ্য কৰিব পাৰি৷
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.