-অঞ্জন শৰ্মা |
[ নতুন পুৰুষে যাতে খুচৰিবলৈ সুবিধা পায়, সেই উদ্দেশ্যে তলত খৰখেদাকৈ অতি সংক্ষেপে কেইটামান বিষয় ডাঙি ধৰিলো। ভুল হ’লে নিজগুণে মাৰ্জনা কৰিব বুলি আশা কৰিলো। শুধৰণি কৰি দিয়াৰ লগতে পৰিৱৰ্দ্ধনো কৰিব পাৰে-সকলোৰে সহায় হ’ব।]
১. ৬০০ বছৰীয়া স্বাধীন অসম
২. বদন বৰফুকনৰ দ্বাৰা মানসৈন্যৰ অসম আগমণ
৩. মানক খেদাৰ নামত অসমত ইংৰাজৰ প্ৰৱেশ
৪. মানৰ সৈতে ইংৰাজৰ ইয়ান্ডাবু সন্ধি আৰু অসমৰ স্বাধীনতাহৰণ
৫. প্ৰশাসনিক কাৰণত অসমক বঙ্গৰ সৈতে চামিল
৬. অন্যান্য সকলো বিষয় বাদ দি ‘প্ৰব্ৰজন’লৈ চোৱা যাওক:
প্ৰব্ৰজন
ক) কাৰ্যালয়, কল-কাৰখানা, শিক্ষানুষ্ঠান আদিৰ প্ৰয়োজনত অসমলৈ বঙালী হিন্দুৰ প্ৰব্ৰজন
খ) খেতি-বাতি কৰিবলৈ বঙালী মুছলমানৰ প্ৰব্ৰজন
গ) চাহবাগিছাত কাম কৰিবলৈ কুলিৰ প্ৰব্ৰজন
ঘ) বেপাৰ কৰিবলৈ মাৰোৱাৰী, অইন কামৰ বাবে বিহাৰীৰ প্ৰব্ৰজন
ঙ) ইংৰাজৰ ফৌজৰ বাবে নেপালীৰ প্ৰব্ৰজন
৭. ১৯০৫ চনত বঙ্গভঙ্গ আৰু বঙালী মুছলমানৰ ব্যাপক প্ৰব্ৰজন
৮. ১৯০৬ চনত মুছলিম লীগ গঠন আৰু অসমৰ সাৰুৱা মাটি দখল কৰি বসবাস কৰিবলৈ মুছলমান নেতাসকলৰ উচতনি; প্ৰতিস্থাপক সদস্য ছেলিম উল্লা খানৰ ঢাকাত ৰাজহুৱা সভাত বক্তব্য
৯. লাখ লাখ বঙালী মুছলমান প্ৰব্ৰজনকাৰীৰ অসমত প্ৰৱেশ
১০. ১৯৩০ চনৰ পৰা মুছলিম লীগে মুছলমান ৰাজনীতি মুকলিভাৱে আৰম্ভ কৰি সম্প্ৰসাৰণবাদী পৰিকল্পনা ৰূপায়ণ কৰিবলৈ পদক্ষেপ তীব্ৰ কৰে
১১. ১৯৩১ চনৰ লোকপিয়লৰ নমুনা চাই লোকপিয়লৰ অধীক্ষক চি.এছ.মুলানৰ শংকা – অসমখন মুছলমান প্ৰধান হৈ পৰিব
১২. ১৯৩৭ চনত গোপীনাথ বৰদলৈৰ চৰকাৰে কংগ্ৰেছ নেতৃত্বৰ নিৰ্দেশত পদত্যাগ কৰাত (যদিও অসম চৰকাৰক ৰেহাই দিবলৈ অনুৰোধ কৰা হৈছিল, আনকি সুভাষ চন্দ্ৰ বসুৱেও অনুৰোধ কৰিছিল-কিন্তু কংগ্ৰেছৰ নেতৃত্ব মান্তি নহ’ল) চাদুল্লাৰ চৰকাৰ গঠন আৰু অসমৰ সৰ্বনাশ আৰম্ভ
১৩. চাদুল্লাৰ দ্বাৰা পূৱ বঙ্গৰ বঙালী মুছলমানক ১ লাখ বিঘা মাটি আৱন্টন
১৪. লৰ্ড ৱাভেলে শংকা প্ৰকাশ কৰি কয় যে Grow More Food আচনিৰ নামত অসমলৈ পূৱ বঙ্গৰ বঙালী মুছলমানক ৰঙা দলিচা পাৰি দি প্ৰকৃততে Grow More Muslim আচনি হে ৰূপায়ণ কৰা হৈছে
১৫. অসমক ভৱিষ্যতৰ পাকিস্তানত অন্তৰ্ভুক্ত কৰিবলৈ মুছলিম লীগৰ ষড়যন্ত্ৰ আৰম্ভ
১৬. অসমত ১৯৪৬ চনত পুনৰ গোপীনাথ বৰদলৈৰ চৰকাৰ আৰু বৰদলৈ চৰকাৰে প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ লগে লগে মুছলিম লীগৰ বিধায়ক সকলৰ তীব্ৰ বিৰোধিতা তথা দিল্লীত হোৱা অধিৱেশনত অসমক পাকিস্তানত অন্তৰ্ভুক্ত কৰিবলৈ দাবী
১৭. আব্দুল হামিদ খান ঐৰফে মৌলানা ভাছানীয়ে অসমক পাকিস্তানৰ অংগ কৰিব লাগে বুলি সজোৰে দাবী উথ্থাপন
১৮. অসম পাকিস্তানক লাগিবই বুলি জিন্নাৰ দাবী কংগ্ৰেছে প্ৰায় মানি লৈছিল, কিন্তু গোপীনাথ বৰদলৈ আৰু মহাত্মা গান্ধী ইত্যাদিৰ বাবে হৈ নুঠিল
১৯. অসমৰ স্বাধীনতাৰ প্ৰশ্ন অসমৰ ৰাজনৈতিক নেতাসকলে উথ্থাপন নকৰিলে, আৰু ভাৰতত নে পাকিস্তানত থাকিব- তাকে লৈ ৰহস্যজনকভাৱে ব্যস্ত হৈ থাকিল। ক্ষমতা হস্তান্তৰকৰণৰ সময়তো ইয়ান্ডাবু বা ৬০০ বছৰীয়া আহোমৰ অসমৰ কথা আশ্বৰ্যজনকভাৱে নুঠিল; অসম পৰাধীন হৈ থাকিল
২০. ভাৰত বিভাজন: জিন্নাৰ ব্যক্তিগত সচিব তথা মুছলিম লীগৰ যুৱ সংগঠনৰ নেতা মইনুল হক চৌধুৰীয়ে কংগ্ৰেছত দলে বলে যোগ দি ভাৰতত থাকিব নে পাকিস্তানত থাকিব চিন্তা কৰে আৰু তেতিয়া জিন্নাই চৌধুৰীক কয় যে -“Wait for ten years, I shall present Assam on a siver plate to you.”
২১. জিন্নাৰ ১৯৪৮ চনত মৃত্যু হ’ল, জিন্নাৰ আৰু অইন মুছলমান নেতাৰ পৰামৰ্শ অনুসৰি অসমত থাকি যোৱা মইনুল হক চৌধুৰীক গোপীনাথ বৰদলৈয়ে নিজৰ মন্ত্ৰীসভাত ল’লে আৰু তেওঁ নিজৰ আচনি ৰূপায়ণ কৰি থাকিল
২২. অনুপ্ৰৱেশ পুৰাদমে চলি থাকিল পাকিস্তানৰ ষড়যন্ত্ৰৰ ফলত, আৰু কংগ্ৰেছৰ ভোটবেংকৰ আগ্ৰহত
২৩. নেহৰু-লিয়াকৎ চুক্তি ১৯৫০ চনত, অনুপ্ৰৱেশকাৰীৰ সহায়ৰ বাবে, আৰু কংগ্ৰেছৰ ভোট বেংকৰ বাবে
২৪. আলি-কুলিৰ ভোটবেংকৰ বাবে কংগ্ৰেছৰ ৰাজত্ব চলি থাকিল
২৫. ষাঠিৰ দশকত বিমলা প্ৰসাদ চলিহাই অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা PIP (prevention of lnfiltration from Pakistan) Act 1964 ৰ দ্বাৰা লবলৈ আৰম্ভ কৰাৰ লগে লগেই নেহৰুই বাধা দিছিল যদিও নেহৰুৰ বাধাকো বেছি গুৰুত্ব নিদিয়াকৈ আগবাঢ়ি যোৱা চলিহাক ২০ জন মুছলমান বিধায়কে চৰকাৰ ভাঙি দিয়াৰ ভীতি প্ৰদৰ্শন কৰাত চলিহা থমকি ৰয়, PIP act কামত নহা হৈ পৰি থাকে; সেই Actৰ অধীনত বহিস্কাৰ কৰাসকল পুনৰ অসমলৈ আহে
২৬. মইনুল হক চৌধুৰী ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় আৰু তেওঁ ফকৰুদ্দিন আলি আহমেদৰ লগ লৈ মুছলমান ভোট বেংক বৃদ্ধি কৰি থাকে বাবে ইংৰাজৰ দিনৰ ১০ লাখ মুছলমান ১৯৪৭ চনত ১৯ লাখ হয় আৰু ১৯৭২ চনত ৩৬ লাখ হৈ পৰে
২৭. বাংলাদেশৰ জন্ম ১৯৭১ চনত, অসমলৈ লাখে লাখে প্ৰব্ৰজনকাৰী, ইন্দিৰা-মুজিব চুক্তি
২৮. অসমৰ পৰা অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত ১৯৭৯ চনত অসম আন্দোলন আৰু ১৯৫১ চনৰ সময়সীমাত অটল হৈ থকা অসম আন্দোলনৰ নেতৃত্বত ৬ বছৰীয়া আন্দোলনত ৮৫৫ জন শ্বহীদ হোৱাৰ পিছত ১৯৭১ চনলৈ অসমত প্ৰৱেশ কৰা সকলো অনুপ্ৰৱেশকাৰীৰ নাগৰিকত্ব মানি লৈ লাখ লাখ বিদেশীক অসমত থাকিবলৈ দি আশ্বৰ্যজনকভাৱে অসম চুক্তিত স্বাক্ষৰ কৰি আন্দোলনৰ সমাপ্তি আৰু অগপ দল গঠন
২৯. অগপ চৰকাৰ গঠন
৩০. আমছুৰ উথ্থান
৩১. আই-এম-ডি-টি
৩২. ট্ৰিবিউনেল গঠন
৩৩. আই-এম-ডি-টি বাতিল
৩৪. জাতীয় নায়কৰ উথ্থান
৩৫. কংগ্ৰেছৰ দ্বাৰা ভোটবেংকৰ ৰাজনীতিৰ দলদোপ হেন্দোলদোপ
৩৬. অসম চুক্তি ৰূপায়ণ কৰিবলৈ পুনৰ এখন চুক্তি
৩৭. জাতি-মাটি-ভেটিৰ প্ৰতিশ্ৰুতিৰে আৰু অসমৰ পৰা অবৈধ বিদেশী বহিষ্কাৰৰ ঘোষণাৰে বিজেপি-অগপ-আদিৰ মিত্ৰজোট চৰকাৰ গঠন আৰু হিন্দু বাংলাদেশী নাগৰিকক নাগৰিকত্ব দিবলৈ বিজেপিৰ ভোটবেংকৰ ৰাজনীতি তথা অগপৰ ভাওনা,…..
ইত্যাদি ইত্যাদি।
এতিয়া আপোনাসকলে বাকীখিনি নিজে নিজে ঠিক কৰি লওক। বি:দ্ৰ: এই প্ৰব্ৰজনকাৰীৰ নামতেই হেৰাই থাকিল অসমৰ স্বাধীনতা আৰু ইয়ান্ডাবুৰ প্ৰসংগ – ইংৰাজ আৰু মান গুচি গ’ল যদিও!! ক্ষমতা হস্তান্তৰো নহ’ল, সমস্যাও শেষ নহ’ল!! কংগ্ৰেছেই অসমৰ সৰ্বনাশ কৰিলে, আৰু এতিয়া বিজেপিয়ে; অগপক বৰ্তমান গন্তি কৰি লাভেই নাই।