–পুষ্পাঞ্জলী শিৱম শৰ্মা |
“Children have neither a past nor a future. Thus they enjoy the present, which seldom happens to us.”- Jean de la Bruyere
কেতিয়াবা শিশুৰ নিষ্পাপ হাহিঁৰ খিলখিলনিত হেৰাই চাবচোন এপলকৰ বাবে ৷ সিহঁতে যিধৰনে জীৱনটো উদযাপন কৰে ,খেলধেমালিক সংগী কৰি তাৰ মাজেৰে জীৱনৰ ৰংবোৰ ভগাই লয় ,আচলতে তাতেই আমাৰ মানুহবোৰৰো প্ৰকৃততে জীৱনটোক জীয়াই থকাৰ অনুুুপম ৰহস্য লুকাই থাকে ৷
সিহঁত,নিষ্কলুষ,নিষ্পাপ আৰু ভৰপুৰ ভাবে জীৱনটো জীয়াব পাৰে,কাৰণ সিহঁতৰ অতীত আৰু ভৱিষ্যত বুলি একো কথা নাথাকে ৷এয়াই হৈছে জীবনটোক ভৰপূৰ ভাবে জীয়াই থকাৰ সফল মন্ত্ৰ ৷আমি শিশুসকলৰ পৰা শিকিব লাগে সঠিককৈ জীয়াবলে ,যে জীৱন উদযাপিত হয় বৰ্তমান সময়খিনিতহে,পাৰ হৈ যোৱা সময় আৰু অনাগত ভৱিষ্যতত নহয় ৷কোনো ব্যক্তিয়েই অতীতক সলনি কৰিব নোৱাৰে ৷ অতীতত হৈ যোৱা নতুবা কৰি যোৱা কিছুমান ভুল আৰু দুখদায়ক কামে মানুহক অহৰহ আমনিও কৰি থাকে ৷ ,কিন্ত তাকে লৈ আমি উদ্বিগ্ন হোৱাটো অনুচিত ৷ সময় আৰু পৰিস্থিতিৰ তাড়নাত হ’য়তো কিছুমান ভুল কাম বা সিদ্ধান্ত মানুহে কৰি পেলায় আৰু সেইবোৰক তেতিয়া জীৱন বাটৰ সোনসেৰীয়া অভিজ্ঞতা হিচাপেহে গ্ৰহণ কৰিব লাগে ৷ ভবিষ্যতৰ বাবে তাক এক সুফলদায়ী শিক্ষক হিচাপে গ্ৰহন কৰি আগবাঢ়িব লাগে ৷ থমকি ৰোৱাটো অনুচিত ৷জীৱনটোৰ আহিবলগীয়া দিনবোৰক তেতিয়া কষ্ট দায়ক অতীতে মুজুৰা পেলাব নোৱাৰে,অতীত প্ৰেৰণাদায়ী হব লাগে ৷কাৰণ অতীতৰ দিনবোৰত উভতি গৈ তাক সলনি কৰাৰ সাধ্য কাৰো নাই ৷
পৃথিৱীখন ইমান সুন্দৰ হোৱাৰ পিছতো আমি সুুুখ শান্তি বিচাৰি হাবাথুৰি খাই থাকো ৷ কিমান সুন্দৰ ইয়াৰ পাহাৰ পৰ্বত,নদনদী,হাবি বননি চৰাই চিৰিকটি ইত্যাদিবোৰ ৷ ইয়াৰেই বতাহ ,পানী খাই এইখন পৃথিৱীৰ বুকুত থাকি কিন্ত মানুহেই এনে একমাত্ৰ প্ৰানী যিয়ে নেকি শঠতাৰ আশ্ৰয় লৈ মানুহৰে মানুহ শত্ৰু হৈ পৰে আৰু বিনন্দীয়া এই ধৰাক কলুষিত কৰে ৷ স্ৱাৰ্থপৰ আৰু খিয়লাখিয়লিৰে ভৰাই তোলে জীৱন ৷ জীৱজন্তুৰ মাজত কিন্ত এনে প্ৰবনতা লক্ষ্য কৰা নাযায় ৷
অৱশ্যে তাৰ মাজতো আশাব্যঞ্জকভাবে এনে কিছুমান ব্যক্তিও আছে যিসকলে অহৰহ মানৱতাৰ অপমৃত্যু হ’বলৈ নিদিয়াৰ প্ৰচেষ্টাত লিপ্ত থাকে আৰু তাৰ বাবে সংগ্ৰামো চলাই গৈ থাকে ৷সেই এচাম মানুহৰ বাবেই হয়তো পৃথিৱীখন এতিয়াও বসবাসৰ উপযোগী হৈ আছে ৷
আমি মানুহবোৰে জীৱনটো ধাৰন কৰাৰ দিনাৰ পৰাই ব্যক্তি বিশেষে বিভিন্ন চিন্তাধাৰনা,ভাল বেয়া,উচিত অনুচিত ,ইতিবাচক ,নেতিবাচক আদিৰে পৰিপুষ্ট হৈ থাকোঁ ৷ সংসাৰ পথ কেতিয়াও মসৃণ নহ’য় বৰঞ্চ আমি তাক ইতিবাচক চিন্তা ধাৰাৰে সফলভাবে আগুৱাই নিবলৈ সততে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে ৷ হয়তোবা এই যত্ন এই প্ৰচেষ্টা কেতিয়াবা বাস্তৱত ৰূপায়িত হয়,কেতিয়াবা নহবও পাৰে ৷ কিন্ত কিছুমান অভ্যাস গঢ়ি তুলি লব লাগে, যিবোৰে নেকি জীৱনৰ পথ সুগম কৰাত আমাৰ বাবে পথ প্ৰদৰ্শকৰ কাম কৰে এনেকুৱা কিছুমান অভ্যাসে আমাক সফলতাৰ শিখৰলৈ তুলি লৈয়ো যাব পাৰে ৷
কিছুমান অভ্যাসৰ নামত বদঅভ্যাসে কিন্ত তলত নমাই আনিবলৈয়ো বেছি সময় নলগায় এইটো কথাও পাহৰিব নালাগে ৷ ত্যাগৰ ফলত সফলতা আৰু লগতে আনন্দৰো শিখৰত আৰোহন কৰিব পাৰি, অভ্যাসবোৰৰ ভিতৰৰ যিবোৰ ভাল অভ্যাস আছে সেইবোৰে আমাৰ সাধাৰণ জীৱনটোক অসাধাৰণলৈ পৰিবৰ্তন কৰিব পাৰে ৷ নিতান্তই প্ৰয়োজন যে ব্যক্তিয়ে যদি নিজৰ কোনবোৰ সজ আৰু কোনবোৰ বদ অভ্যাস সেইবোৰ নিৰ্ধাৰণ কৰিব পাৰে আৰু তাৰমাজৰ পৰা বেয়াখিনিক পৰিত্যাগ কৰাৰ হকে যত্ন কৰে ,তেতিয়া কষ্ট অলপ হব পাৰে ,কিন্তু যিকলে বদ অভ্যাস ত্যাগ কৰি ভাল অভ্যাসক ধাৰন কৰি বিশ্বাস আৰু ধৈৰ্য্যৰে আগুৱাই যায়, সেই জনেই জীৱনপথত প্ৰকৃততে সুন্দৰকৈ আগবাঢ়ি যাবলৈ সক্ষম হব ৷
যেনেকৈ এপাহ দুপাহকৈহে সুন্দৰ আৰু মনোমোহা ফুলৰেএখন বাগিচা দেখিবলৈ মনপৰশা আৰু শুৱনি হ’য় ঠিক তেনেকৈ আমাৰ জীৱনত বদ অভ্যাস সমূহ পৰি ত্যাগ কৰি ভাল অভ্যাস বোৰ এটা দুটাকৈ বুটলি একগোট কৰি লব জানিলে জীৱনটো সুন্দৰ ফুলনিসদৃশ হব সেয়া ধুৰূপ৷ তাৰ সুগন্ধিৰে জীৱন সুগন্ধিময় হৈ যাব ৷ ধৈৰ্য্যৰ প্ৰয়োজন আছে ৷ যি দিনাই আমি জীৱনৰ সকলো ইতিবাচক দিশ সামৰি এখন সুন্দৰ ফুলনি বাগিচাৰ দৰে জীৱনটোক সজাম ,দহোদিশে তাৰ সুবাস আমোলমোলাই যাব ৷
মহান কবি শ্যেলীয়ে তেওঁৰ লেখাৰে আহ্বান জনাইছিল-“পছোৱা বতাহ আহি যেন নতুন এটা জন্মৰ খাতিৰত তেওঁৰ সকলো নিৰ্জীৱ চিন্তাবোৰ শীৰ্ণ পাতৰ দৰে উৰুৱাই লৈ যাওঁক ৷সেই আকুল আহ্বানেই কাব্যত নতুন ৰূপায়ণৰ জৰিয়তে মানৱসমাজত ফিৰিঙতি হৈ উজলি উঠিছিল ৷ এইবোৰ তেওঁৰ অনিৰ্বাপিত অন্তৰৰ পৰা নিঃসৰিত হৈছিল ৷যাৰবাবে তেওঁৰ এইষাৰী আপ্তবাক্য মুৰ্ত হৈছিল ” শীত যদি আহে, বসন্ত জানো দূৰতে ৰ’ব?”
কিমান সুন্দৰ হৃদয়ঙ্গম এয়া ৷এক উদাৰ আৰু বিশাল মনক ধাৰণ কৰা প্ৰতিগৰাকী ব্যক্তিৰে আন্তৰিক কাম্য যে আন্ধাৰ গুচি চৌদিশ আলোকময় হওঁক আৰু কেৱল বাহ্যিক দিশতেই নহয় সকলোৰে অন্তৰআত্মাও কলূষতাবিহীন হওঁক ৷
জীৱনত সফলতাৰে আগবাঢ়ি যাবলৈ লাগিব নিজৰ ওপৰত সম্পূৰ্ন বিশ্বাস থকাটো প্ৰতিজন ব্যক্তিৰে বাবে দৰকাৰী উপাদান ৷ যদি জীৱনত আমি কিবা নতুন পদক্ষেপ ল’বলৈ যাওঁ বা প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাবলৈ চেষ্টা কৰো তেতিয়া আমি সেই পদক্ষেপক বা প্ৰত্যাহ্বানক অতিক্ৰম কৰি পাৰিম বুলি আগবাঢ়ি যাবলৈ নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব ৷ ধৈৰ্য্যক ধাৰণ কৰিব লাগিব তেতিয়াহে আমি আমাৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰিম ৷
এক ইতিবাচক দৃষ্টিভংগীয়ে আমাৰ মনমগজুক পৰিষ্কাৰ কৰি আগলৈ সফলতাৰে আগবাঢ়ি যোৱাত সহায় কৰে ৷ যেতিয়া ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি যোৱা এজন মানুহক লক্ষ্য কৰা হয় আমি অনুভৱ কৰিব পাৰো যে সেই মানুহ জনৰ ইতিবাচক দিশসমূহে আমাৰ ওপৰতো প্ৰভাৱ পেলাব ধৰে লাহে লাহে ৷ সকৰাত্মক ভাৱনাই শাৰিৰীক,মানসিক, সামাজিক আদি সকলো দিশতে প্ৰভাৱ পেলায়। । “How i discover the secret of success in the Bible’ ত উল্লেখ আছে-
” পুনৰাবৃত্তিৰ প্ৰয়োজন আছে। কাৰন মানুহৰ মনে যিটো বস্তু ভালদৰে বুজিব নোৱাৰে তাক গ্ৰহণো কৰিব নোৱাৰে। আৰু কিবা এটাক সঠিকভাৱে হৃদয়ংগম কৰাৰ বাবেই পুনৰাবৃত্তিৰ প্ৰয়োজন ৷ তদুপৰি মনৰ চুকত জমি থকা সংশয় আৰু বৈপৰীত্যক খেদি পঠিয়াবৰ বাবেই কোনো মহৎ চিন্তাৰ পুনৰাবৃত্তিৰ প্ৰয়োজন ৷”
মনত আমি যিধৰনৰ চিন্তাধাৰক প্ৰশ্ৰয় দিওঁ, নিজৰ কামতেই তাৰ প্ৰতিফলন ঘটে ৷ সঠিক আৰু সুদৃঢ় চিন্তা মনোভাৱনাই নেতিবাচকতাক আতৰ কৰে ৷মগজুত অনাহুত চিন্তাবোৰক ঘৰ কৰিব নিদিয়ে ৷ আশাবাদী হ’ব লাগে ,নিজৰ চিন্তাকেই বাৰে বাৰে মন্ঠন কৰিব লাগে যাতে সেই,চিন্তাৰ পুনৰাবৃত্তিয়ে সুখ আৰু শান্তিৰ সৃষ্টি কৰে ৷
আমি নিজকে এনে এক আত্ম প্ৰেৰণাৰে সমৃদ্ধিশালী জীৱনক প্ৰতিনিধিত্ব কৰাৰ মন্ত্ৰ আওৰাব জানিব লাগে যিয়ে জীৱনৰ বিভিন্ন ভাল বেয়া পৰিস্থিতিক হেলাঙৰে অতিক্ৰম কৰাৰ সাহস প্ৰদান কৰে ৷
আমি নিজকে যিমান আত্মপ্ৰেৰনাৰে পুষ্ট কৰিম,নিজেই নিজক প্ৰেৰণা দিবলৈ শিকিম,সিমানেই আমি সফলতাৰ কাষ চাপি যাম ৷অতীতৰ ভুলবোৰৰ পৰা হতাশা নিৰাশা ,দুৰ্বলতাক মচি পেলাই এটা উজ্জ্বল লক্ষ্যত উপনীত হ’বলৈ আগ্ৰহী হোৱাত মনোনিবেশ কৰিব লাগে ৷ এয়াই সুখ আৰু শান্তি প্ৰাপ্তিৰ উত্তম পথ ৷
গতিকে,এই আত্মপ্ৰত্যয়ৰে ,সুস্থ মনোবৃত্তিৰ দ্বাৰা আগবাঢ়ি যাব পাৰিলে জীৱনটোত অপয্যাপ্ত পৰিমানে সুখ আৰু শান্তি লাভ কৰিব পাৰি ৷
জীৱনক উদযাপন কৰাৰ ,তাৰ মৰ্মাৰ্থ উপলব্ধি কৰাৰ মুলমন্ত্ৰও ইয়াৰ মাজতেই নিহিত আছে ৷”চাৰিটা ঘোঁৰাই যদি এখন ৰথ মাত্ৰ এফালে টানে,তেন্তে ৰথখন সেই দিশত দ্ৰুতগতিত ধাৱিত হব ৷ কিন্ত ৰথখন যদি চাৰিটা ঘোঁৰাই চাৰিওপিনে টানে,তেন্তে ৰথখন কোনোফালেতো আগবাঢ়িব নোৱাৰিবই,বৰং চাৰিওফালৰ টনা আঁজোৰাত সি ভাগি ছিগি টুকুৰা টুকুৰ হব ৷”
একেসময়তে কেবাটাও লক্ষ্য পূৰণৰ প্ৰচেষ্টাই সফলতা নিদিয়ে,শক্তি সামৰ্থ্যৰ অপচয়হে হব তেতিয়া,আৰু ইয়ে জীৱনটোক ধংসস্তুপলৈহে পৰিৱৰ্তন কৰিব ৷