-ময়ুৰী গোস্বামী |
জুবিন অসমৰ এটি পৰিচিত নাম।গায়ক হিচাপে তেওঁৰ গানৰ জগতত অৱদান শলাগিবলগীয়া । কিন্তু এজন গায়ক হিচাপে মাথো গান গালেই হ’ল , অযথা অযুক্তিকৰ কথা এসোপা বলিয়াৰ দৰে বলকি ফুৰাতো অশোভনীয় ; কাৰণ জনপ্ৰিয় ব্যক্তি এজনে সমাজৰ হিত সাধনত কালিমা সানি থাকিলে উঠি অহা প্ৰজন্মৰ ওপৰত বেয়া প্ৰভাৱ পৰে। গতিকে তেওঁ যদি মানুহক ভালপায়, সমাজৰ প্ৰতি দায়িত্ববোধৰ কথা পাহৰি যোৱা অনুচিত ! নিজৰ কিছুমান অন্ধ ভক্তক লগত লৈ ভাল বেয়া বিচাৰ কৰিবলৈ পাহৰা জুবিনে যিমান “সাহায্য” দিয়াৰ অভিযান চলাইছে, সিমানে সমাজত নৈতিকতাৰো ধ্বংস কৰিছে :
১/ মদ খোৱাটো তেওঁৰ বাবে গৌৰৱৰ কথা, কিন্তু মদে কিমানৰ সংসাৰ ধ্বংস কৰি আছে ? সেয়া দেখা নাই নেকি জুবিনে? সমাজত মানুহৰ জীৱন কাঢ়ি লোৱা এই মদ ভাং-অৰ কু প্ৰভাৱৰ ওপৰত তেওঁ কিয় চিনেমা বনোৱা নাই??য’তে ত’তে মদ খাই উদ্ভণ্ডালি কৰি তেওঁ দেখোন মদৰেই advertising কৰি আছে! মাটিৰ মানুহৰ ভাও দিয়া জুবিনে নিজকে সমাজ সচেতন বুলি কয়েই যেতিয়া সমাজৰ বাবে ক্ষতিকাৰক এই বেয়া সামগ্ৰীৰ ওপৰত গুৰুত্ব দিব লাগিছিল ; অৱশ্যে কেনেকৈ দিবনো? মদ নাখালে নিজেই একো চিন্তাই যিহেতু কৰিব নোৱাৰে , গতিকে জুবিন প্ৰকৃততে কিমান স্বাৰ্থপৰ !
২/ শিক্ষিত তেওঁ এখন ভদ্ৰ সমাজৰ নাগৰিক হিচাবে অসভ্য শব্দ য’তে ত’তে কোৱাটো এজন সভ্য তথা শিক্ষিতৰ পৰিচয় নহয় , কিন্তু ৰাজহুৱা মঞ্চত অশ্লীল মন্তব্য দি কিছুমান অসভ্য ‘গেদা’সদৃশ শ্ৰোতাৰ চিঞৰ শুনিবলৈ অপেক্ষা কৰে এই সমাজ সচেতন ব্যক্তিজনে।আজিলৈকে অসমীয়া, ভাৰতীয় বা পাশ্চাত্য গায়ক-গায়িকাৰ এনে অসভ্য- উন্মত্ত-মাতাল প্ৰদৰ্শন দেখা মনত নপৰে ! যিহেতু সামাজিক দায়িত্ববোধ তেওঁলোকে মানি চলিব লাগে। আচলতে কেনেকৈ সমাজত থাকিব লাগে সেয়া নৈতিক শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰে। আনুষ্ঠানিক শিক্ষা আছে যদিও সমাজত কু প্ৰভাৱ নপৰা কামবোৰ ল’ৰা ছোৱালী কিছুমানে এনে ‘জনপ্ৰিয়’ মানুহৰ পৰা শিকে , গতিকে নৈতিকতা ৰাজহুৱা স্হানত ৰক্ষা কৰা দৰকাৰ – যিটো এই ‘ভগৱান’ জনে নকৰে।
৩/অসমৰ বাবে গান গাইছে – ভাল কাম কৰিছে,বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্তক সাহায্য দিবলৈ বাটে-পথে টকা তুলিছে- ভাল কৰিছে । অসমৰ মানুহ
মহান ; ১ টকা হ’লেও দিছে । এনে সাহায্য মাথো জুবিনেই নাই কৰা, সামৰ্থ্য অনুসৰি বহু NGOকে ধৰি সমগ্ৰ ভাৰত তথা অসমৰ বহুত লোকে কৰিছে । তেওঁলোক তথাকথিত “জনপ্ৰিয়” নহয় বাবে ৰাইজে নাম নাজানে। সহায় কৰাটো ভাল কথা। কিন্তু কেৱল তেওঁৰ নাম হোৱা অযুক্তিকৰ। কাৰণ তেওঁ টকা তুলিছে ৰাইজে তেজক পানী কৰা কষ্টৰ দ্বাৰা অৰ্জন কৰা টকা।গতিকে সামৰ্থ্য অনুসৰি সাহায্য দিয়া মানুহসকলৰ নাম যোগ কৰিব লাগে, সাহায্য তোলা জনৰ লগত; কাৰণ যাৰ টকা তেওঁৰ নাম প্ৰকাশ নাপায়। সাহায্য তোলোতে যাৰপৰা পইছা লয় , অন্ধ ভক্তবোৰে টকখ দিয়া মানুহবোৰৰ নাম লিখি যাব লাগে। পৰিচয় ডাঙি ধৰিব লাগে । কিন্তু তেজক পানী কৰি টকা দিয়া সাধাৰণ মানুহৰ নাম সদায় লুকাই কিয় থাকে?
৪/ কিছুমানে কৈছে জুবিনক সন্মান কৰি সমালোচনা কৰক , কাৰণ তেওঁ অসম ৰত্ন আদি বটাঁ পোৱা ভগৱান সদৃশ ব্যক্তি । সংস্কৃতত এষাৰ কথা আছে, “যোগ্য ভোগ্য বসুন্ধৰা “
যি যোগ্য সহজভাবে তেওঁহে ভোগ কৰিবলৈ পাব। তেনেকৈ সন্মানো , যোগ্য হ’লেহে পায়। এজন ব্যক্তিয়ে এবাৰ ভাল কাম কৰি সন্মান পাব , কিন্তু তাৰপিছত অসভ্যালি কাম কৰিলে কোনে সন্মান দিব? সহজভাবে যি জনে আনক সন্মান কৰিব নাজানে , তেওঁ যিমান ডাঙৰ মানুহ নহওঁক সন্মানৰ যোগ্য নহয়।
৫/ নিজৰ চিনেমাৰ সস্তীয়া প্ৰচাৰৰ বাবে জুবিনে ব্ৰাহ্মণৰ লগুণ চিঙাৰ কথা ক’বলৈ আহিল ।পৃথিৱীত ঠাই অনুসৰি চলি অহা বিভিন্ন ধৰ্মৰ লগতে সেই ধৰ্মৰ বিভিন্ন ভাগৰ বহু মানুহ আছে, কিন্তু ধৰ্ম জাতি কুল ভাষা এই সকলোবোৰক অপমান কৰি নিজক ‘মহান’ হিচাপে দৰ্শন দিয়া ব্যক্তি জুবিন অসমৰ “ভগৱান”। কিয়নো এওঁৰ ধৰ্ম নাই, জাতি নাই । তেওঁ ‘ব্ৰহ্ম’সদৃশ। ভাবিলে আচৰিত লাগে , এইজন ভগৱানৰ হেনো জাতি নাই! মানে তেওঁ অসমীয়া নহয়। তেওঁৰ ধৰ্ম নাই, মানে হিন্দু নহয় । বহুতে কয় অসমৰ বাবে তেওঁ কি কৰা নাই ! যিজনে নিজৰ জাতি নাই বুলি কৈছে, তেওঁ অসমৰ হৈ কি কৰিব?এতিয়া আহো ‘ভগৱান’জনৰ আন এটা মহান কামৰ কথালৈ । তেওঁ বামুণ /ব্ৰাহ্মণ নামানে, এইটো ব্যক্তিগত কথা । দুই এক আছে, এনেকুৱা সমাজৰ এটা দুটা কথালৈ uncommon বস্তু এটা জন্ম দিব খোঁজে- যেনে “কাঞ্চনজংঘা”! কিন্তু কিবা এটা কৰাৰ আগতে সমাজ সচেতন মানুহে সমাজত কু প্ৰভাৱ নপৰাৰ কথা ভাবিহে আগবাঢ়ি যাব লাগে। তেওঁ ব্ৰাহ্মণ হৈ বেয়া পাই চিঙক লগুণ, কাৰো একো ক্ষতি নাই; আৰু ব্ৰাহ্মণক মাৰিব লাগে বুলি কৈছে যেতিয়া- তেওঁৰ ঘৰৰ পৰা আৰম্ভ কৰিব লাগে নে অসমৰ “ব্ৰাহ্মণ মন্ত্ৰী”ৰ পৰা কৰিব লাগে, সোঁৱৰাই দিব লাগে। লগতে ব্ৰাহ্মণৰ প্ৰতি ইমান ঘৃণাই যেতিয়া, উপাধি লৈ থকাৰ অধিকাৰ তেওঁৰ নাই । মানুহ হোৱাৰ মন আছে যদি মানুহ হৈ থাকক, কিয় যি পায় তাকেই কৈ কুল এটাক অপদস্থ কৰিব? গতিকে উপাধি লিখা এৰি প্ৰকৃত মানুহ হওঁক ।
৬/ ভাৰতৰ ‘caste system’, অৰ্থাৎ জাতিগত প্ৰথাৰ চাৰিটা ভাগ আছে। এই ভাগসমূহেক কোৱা হয় ‘কুল’। অৰ্থাৎ ভাৰতৰ অসমীয়া জাতি,বেংগলী জাতি ,বিহাৰী জাতি আদি জাতিসমূহৰ ৪টা ভাগ, যেনে:-ব্ৰাহ্মণ,কায়স্থ, শুদ্ৰ,বৈশ্য। এই কুলসমূহৰ জন্মৰ বিষয়ে শংকৰ দেৱে অনুবাদ কৰা ভাগৱতত বিশ্লেষণ সুন্দৰকৈ পোৱা যায় । আমাৰ সমাজ ব্যৱস্থা এনে মহান গ্ৰন্থৰপৰাই হৈছিল , সেই কথা প্ৰগতিশীল বা modern বুলি গৰ্ব কৰিবলৈ যোৱা এচামে নুবুজে বাৰু। জাতি -জনজাতি আৰু অৰ্ন্তগত হৈ থকা কুলসমূহত যি গোৰামি আছে, যি সমাজলৈ বেয়া প্ৰভাৱ আনে – তাক সুস্থ মনেৰে সংশোধন কৰক।
ব্ৰাহ্মণ শব্দৰ পাছত লগাৰ দৰে বাকীবোৰ জাতি জনজাতিৰ কুলৰ মাজৰ বিভেদ সমূহো আঁতৰাবলৈ চেষ্টা কৰিব লাগে। আৰু দুই একে ব্ৰাহ্মণে হেনো নিম্ন জাতৰ ছোৱালী বিয়া পাতিলে মানি নলয়। এইবোৰ কয় যদিও আচলতে এনেদৰে এইবোৰ কোৱা কথা সময়ত সকলো মিলি যায় ।অকল ব্ৰাহ্মণেই নহয়, সকলো জাতি বা কুলতেই এনে বিভেদ আছে। কিছুমান কলিতা মানুহে আহোমৰ ছোৱালী বোৱাৰী কৰি লৈ অনাত বাধা দিয়ে ,তেনেকৈ আহোমে মিচিং-অৰ সৈতে বিবাহ কৰাব নিবিচাৰে ,দাস সকলৰ মাজত থকা মটক আদিৰো বিভেদ আছে আৰু যিসকলৰ মনত একো ভেদ ভাব নাই তেওঁলোক হিন্দু হ’লেও মুচলিম অথবা খীষ্টানৰ লগতো এনে সম্বন্ধ কৰি দেখুৱাব পাৰে । অৱশ্যে তেনেদৰেই বিবাহ হ’ব যেতিয়া স্বাৰ্থ থাকিব! আৰু যদিহে তেখেতসকলৰ মাজত প্ৰেমৰ সম্বন্ধ থাকে।
৭/ আমাৰ মানুহবোৰ বৰ স্বাৰ্থপৰ। নিজৰ স্বাৰ্থৰ বাবে সকলো কৰিব পাৰে।।আজি জুবিনে নিজৰ কুলক অপমান কৰিছে, ইয়াৰ একমাত্ৰ কাৰণ – তেওঁ নিজেই বিবাহত নিজৰ কুল ৰক্ষা কৰিব নোৱাৰিলে । ঠিক তেনেকৈ সেইসকল লোকেহে নিজৰ ধৰ্ম আৰু কুলক অপমান কৰে , যি নিজে অন্য কুলৰ লোকৰ সৈতে প্ৰেমপাশত আৱদ্ধ হয়। অৰ্থাৎ এজন মানুহ জন্মসূত্ৰে নিজৰ দেশ ,ৰাজ্যক যেনেদৰে ভালপাবলৈ শিকে আৰু গোড়া হৈ পৰে , তেনেকৈ নিজৰ জাতি আৰু কুলকো ভাল পায় ,এইটো অপ্ৰিয় সত্য। কিন্তু প্ৰেমসূত্ৰে বাধ্যত পৰিহে দুই একে ধৰ্ম বা কুল মানিব নোখোজে । আজি ব্ৰাহ্মণক অপমান কৰাবাবে কিছুমান অ-ব্ৰাহ্মণ সুখী, কিন্তু তেওঁলোকৰ কুলক অপমান কৰা হ’লে “মানুহ সকলোৰে একেই তেজ” বুলি ক’লেহেতেন (এতিয়া এইবোৰ কথা ভুলতো নকয়)। ক’ব, যিসকলৰ স্বাৰ্থ যেতিয়া নিজৰ কুলৰ নহয়, বেলেগ কুলৰ মানুহক ভাল লগা হয় । সমাজৰ কুলৰ নিয়ম জাতিৰ নিয়ম যেতিয়া বজৰুৱা যেন লাগে। তেনেলোকে তাতে ক”ব ২১শতিকাত ভেদভাৱ ৰাখিব নাপায়। হয় মানুহৰ প্ৰতি নাৰাখো ভেদ ভাব , কিন্তু সকলোৰে সমান তেজ চাবলৈ সংবিধান সংশোধন কৰক। বহু প্ৰেমবিহ্বল কপৌ-কপৌটিয়ে ক’ব ” আমি ‘educated’, আমি এইবোৰ নামানো “সকলো মানুহ “। কিন্তু শিক্ষা লয় অইন বিষয়বস্তুৰ ওপৰত , তাত জাতি কুল আদিৰ বিশ্লেষণ নাথাকেই । অৱশ্যে সাহিত্য পঢ়া কিছুমানে অলপমান অভিজ্ঞতা পায়, কিন্তু ইমান বৰ্ণনা নাথাকে । মানুহ সকলোৰে ওপৰত বা ধৰ্ম আদিৰ ওপৰত, গতিকে আমি শিক্ষিত সমাজ সলনি হ’ব লাগে বুলি কোৱা সকলোৱেই অযথা হাল্লা কৰাতকৈ কৰ্টলৈ গৈ বিচাৰ দাবী কৰক বা চৰকাৰক আইন প্ৰণয়ন কৰাৰ দাবী কৰক- “সকলো সমান” বুলি ঘোষণা কৰিবলৈ; তেতিয়া “high low caste” প্ৰব্লেম শেষ হ’ব, শান্তিপূৰ্ণ পৰিয়াল হ’ব।
জীৱনত যি কৰে কৰক ,সামাজিক মানুহ হিচাপে নিয়ম মানিব লাগে । যিবোৰে সমাজৰ অহিত নকৰে । কিন্তু এটা ধৰ্ম,কুল আদিক লৈ অপমান কৰিবলৈ অধিকাৰ কোনো দেশতে নাই আমাৰ সংবিধানটো নাই।
৮/ এতিয়া কথা হ’ল , নিজৰ জাতি নাই মানে অসমীয়া নহয় ; কুল নাই , সেইবাবে ব্ৰাহ্মণ নহয় ; ধৰ্ম নাই , মানে হিন্দু নহয়; আৰু নিজৰ ভাষাক ঢেকেৰী ভাষা কোৱা ,
জ্যেষ্ঠ নাগৰিকৰ প্ৰতি শ্ৰদ্ধা নথকা, ব্ৰাহ্মণ কুলক মাৰিবলৈ নিৰ্দেশ দিয়া এইজন অসমৰ এচামৰ বাবে ‘ভগৱান’ ক’ৰপৰা হ’ল ? আলফাই অসমীয়া গান গাবলৈ কওঁতে হিন্দী ভাষা তেওঁ প্ৰিয়, এতিয়া আকৌ তেওঁ দৰে মহান মানুহৰ মুখত ইংৰাজী হে ওলাব হেনো । গতিকে হে ভক্তসকল, এইজন ‘ভগৱান’ৰ কথাৰ একো স্থিৰতা নাই, সাৱধান হওঁক আৰু গায়ক জনক গায়ক হৈ থাকিব দিয়ক।গায়ক হৈ থাকিবলৈ দিয়া হ’লে আজি এনে উৎপাত নকৰে । এই ‘ভগৱানে’ই বহুত উঠি অহা ল’ৰাক ৰাজহুৱা ঠাইত অসভ্য মাত মাতি মদ খাই মডাৰ্ণ হ’বলৈ অনুপ্ৰেৰণা দিলে।অইনৰ ভাষাক হাঁহিবলৈ নৱ প্ৰজন্মক শিকালে আৰু যে কি কৰা নাই!! তেওঁ মহিমা অপাৰ! যি কি নহওঁক জুবিন গাৰ্গ, গান সদায় ভালপাওঁ; কিন্তু এনেকুৱা মন্তব্য ভুলত নিদিলেই হ’ল ।আগলৈ কাৰণ আজি জুবিনে অইনৰ ভাষাৰ লগতে,সমগ্ৰ বিশ্বৰ ব্ৰাহ্মণক অপমান কৰিছে । এই কথা অসমতে সীমাবদ্ধ হ’ল বুলিহে সাৰিল , যদি অসমৰ বাহিৰত গম পালেহেতেন সাৰি নগ’ল হয়। ইমান ভগৱান সদৃশ মানুহ এজনে ইমান ডাঙৰ ভুল কৰিছে, sorry বুলি কোৱাত সৰল অসমীয়া হিচাপে মানুহে সামৰিলেও সাৱধান নহ’লে তেওঁৰে বিপদ; কাৰণ এইবোৰ কোনোবাই English বা Hindiত লিখিলে তেওঁক পৃথিৱীয়ে হাঁহিব আৰু কি হ’ব জনা উচিত। গতিকে ৰাজহুৱা ঠাইত সতৰ্ক হওঁক।
৯/ কিছুমানে মহান অব্ৰাহ্মণে হৈ জুবিনৰ এনেধৰণৰ কথা শুনি সুখী হৈ মন্তব্য দিয়া দেখিলো। ‘ব্ৰাহ্মণে সকলোকে নিম্ন যেন দেখুৱায়’, ‘সকলো মানুহ একেই’- এইবোৰ কথা কোৱা সকলে আগতে নিজৰ উপাধি কেইটাক লৈ সংগঠন খোলা বন্ধ কৰিব লাগিছিল । কাৰণ সকলোৱেই অসমীয়া হৈয়ে থাকক, ইমান সংগঠন কিয় ? জাতি এটাই কুল বাদেই, উপাধিৰেও সংগঠন! আকৌ একতাৰ কথা কবলৈ আহে!! আৰু নিম্ন কুলৰ প্ৰমাণ পত্ৰৰ বাবে আন্দোলন কৰা বাদ দিয়ক । অৰ্থাৎ, অনুসুচিত জাতিৰ প্ৰমাণপত্ৰৰ বাবে হাল্লা এৰক । জুবিনে নেতৃত্ব লওক। পোৱা বোৰে ফালি পেলাওক। এইখিনি কৰাৰ পাছত ক’ব – কাটিলে তেজ সকলোৰে একেই।
শেষত কওঁ, সকলো মানুহকে সমান কৰাৰ সপোন আছে যদি সংবিধান সংশোধন কৰাৰ বাবে আবেদন কৰক ।
লগতে যিসকল নিজৰ ধৰ্মীয় কাম-কাজ ব্ৰাহ্মণৰ দ্বাৰা কৰায়, তেওঁলোকে পুজা সেৱা নিজেই কৰক। ভগৱানক পূজা শংকৰ সংঘ আদিৰ দৰে কৰক। পুৰোহিতে আপোনালোকক ঠগি আছে বুলি কয়, গতিকে পুৰোহিত নামাতিব । তেতিয়াহে সেইটো সমস্যা সমাধান হ’ব, কাৰণ পুৰোহিতে নিজে গৈ ঘৰে ঘৰে পূজা পাতক বুলি কৈ নুফুৰে । আৰু পুৰোহিত হোৱা ইমান সহজো নহয় , ‘পুৰোহিত’ এটা বৃত্তি। গতিকে অৰ্থ দিবই লাগিব ।আপোনালোকৰ ‘ভগৱানে” টকা নাপালে গান নোগোৱা হ’ব, অথচ কিমান যে demand !! পুৰোহিতৰ ইমান demand নাথাকে । গতিকে প্ৰাপ্য দিব নোৱাৰে যেতিয়া নিজেই পূজা কৰক। ইমান সুবিধাবাদী হ’ব আহিব নালাগে নহয়, বিনামূল্যে সকলো সেৱাপোৱাৰ বৰ হেপাহ আপোনালোকৰ। পুৰোহিত নামাতিলে বহুতৰে এটা লাভ হ’ব, ‘caste certificate’ ফালি পেলাবনে ? যদি সম অধিকাৰ লাগে , সকলো মানুহেই- যাৰ caste certificate আছে জ্বলাই দিয়ক। সমাজত মাত্ৰ ধনী আৰু দুখীয়া এই দুটা শ্ৰেণীৰহে প্ৰয়োজন । আমাক এনে “পৰিচয় পত্ৰ নালাগে” বুলি আন্দোলনত নামক ।আমিও যোগ দিম, অকল ব্ৰাহ্মণৰ লগুণক লৈ সমালোচনা কৰি লাভ নাই নিজৰ লেতেৰা মন প্ৰথমতে ভক্তসকলে শুদ্ধ কৰক। এই সুবিধাবোৰৰ পৰা আঁতৰিবলৈ সাহস নাই, গতিকে সেইবোৰ যে নকৰে- সেইটো জানো । যেতিয়ালৈ পৃথিৱীত ধৰ্ম আৰু জাতি থাকিব , তেতিয়ালৈকে কুল থাকিবই। ধৰ্ম নিৰপেক্ষ দেশখন ধৰ্ম হীন দেশ কৰক, আমাৰ আপত্তি নাই। কিন্তু স্বাৰ্থ এৰি এনে কাম কৰিলেহে পুৰষ্কাৰ পায় – নহ’লে পায় তিৰস্কাৰ। কাৰণ প্ৰতিটো ধৰ্মৰ নীতি নিয়মৰ প্ৰতি শ্ৰদ্ধাশীল মানুহ হিচাপে প্ৰতিজনে তেনে কৰিবই। ভাল নৈতিকতাপূৰ্ণ মানুহে বেয়াবোৰ নিজেই এৰিব, তাত বেলেগ ‘ভগৱান’ৰ প্ৰয়োজন নাহে।
*ময়ুৰী গোস্বামী, নতুন বালিগাওঁ,যোৰহাট