-দিলীপ দৈমাৰী |
[ ৱৰ্ল্ড ফুড প্ৰগ্ৰেম-ৰ পৰ্যবেক্ষণ অনুসৰি বিশ্বৰ ২৭ কোটি মানুহ খাদ্য-সংকটৰ বলি হ’বলৈ আগবাঢ়িছে ]
কৰ’নাৰ ভেকচিন কেতিয়া প্ৰস্তুত হ’ব, প্ৰস্তুত হ’লেও টিকাকৰণ কেতিয়া হ’ব, কোনো ঠিক নাই; ভেকচিন আৱিষ্কাৰ হ’লেও সেই ভেকচিনৰ সম-বিতৰণক লৈ চিন্তিত ৰাষ্ট্ৰসংঘ। কিন্তু একেই সময়তে চিন্তাৰ সাগৰত ডুবিব লগীয়া হৈছে কৰ’নাৰ পটভূমিত হোৱা লক-ডাউনৰ সময়ছোৱাত ডুবি যোৱা ব্যৱসায়-বাণিজ্য আদিক লৈও। ৰাষ্ট্ৰসংঘই আশংকা কৰিছে যে অবিলম্বে সহায়- সাহায্য আগ নবঢ়ালে কেৱল খাবলৈ নাপাই কমেও ৩ কোটি মানুহ মৃত্যুমুখত পৰিব।
ৱৰ্ল্ড ফুড প্ৰগ্ৰেম-ৰ পৰ্যবেক্ষণ অনুসৰি বিশ্বৰ ২৭ কোটি মানুহ অৱিলম্বে খাদ্যৰ অভাৱত পৰিবলৈ অগ্ৰসৰ হৈছে। এনেদৰে চলি থাকিলে এই বছৰৰ শেষৰফালে ১৩ কোটি ৮০ লাখ মানুহে খাদ্যাভাৱত পৰিব। এই পটভূমিত ৰাষ্ট্ৰসংঘৰ খাদ্য বিভাগৰ প্ৰধান ডেভিড বিশ্বলিয়ে আজি ১৯ ছেপ্টেম্বৰত ধনকুবেৰ সকলৰ সহায়-সহযোগিতা বিচাৰিছে। তেওঁ কৈছে যে দুবেলা দুমুঠি খাদ্যৰ অভাৱত মৃত্যুৰ দুৱাৰমুখত থিয় হৈ থকা সেই ৩ কোটি মানুহক বচাবলৈ বছৰি কমেও ৪৯০ কোটি ডলাৰৰ সাহায্য প্ৰয়োজন। তেওঁৰ মতে বিশ্বত অন্ততঃ ২০০০ বিলিয়নিয়াৰ (১ বিলিয়ন= কমেও ১০০ কোটি ডলাৰৰ মালিক) আছে আৰু তেওঁলোকৰ মুঠ ধন-সম্পত্তি , বছৰেকীয়া আয়যোগ কৰিলে অতি কমেও ৮০০০০০ কোটি ডলাৰতকৈও অধিক ধন-সম্পত্তি হয়। বিশ্বলিয়ে সেয়ে কয় যে এইহেন অতিমাৰীৰ পটভূমিতো বহুতেই কোটি কোটি ডলাৰ উপাৰ্জন কৰি আছে। কোনোবাই বিপুল অৰ্থ উপাৰ্জন কৰাত মোৰ কোনো আপত্তি নাই, কিন্তু মানৱ-সভ্যতা এক ভয়াবহ দুৰ্যোগৰ মুখত! এনে ধৰণৰ পৰিস্থিতি আমি কোনেও নিজৰ জীৱন কালত দেখা নাই!
বিশ্বলিৰ এনে বক্তব্য খুব ভুল নহয়। যোৱা জুন মাহত ‘ইন্সটিটিউট ফৰ পলিচি ষ্টাডিজ’ৰ প্ৰতিবেদনত লিপিবদ্ধ হৈছে যে অতিমাৰী পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত আমেৰিকাৰ কোটিপতিসকলৰ মুঠ ধন-সম্পদ কমেও ১৯% বৃদ্ধি পাইছে (৫০০০০ কোটি ডলাৰ)! আমাজনৰ মালিক জেফ বেজোছৰ কথাই ধৰক, প্ৰতিবেদনত কোৱা হৈছে যে ১৮ মাৰ্চত আমেৰিকাত লক-ডাউন আৰম্ভ হোৱাৰ ১১ সপ্তাহৰ ভিতৰত বেজোছৰ ৩৬২০ কোটি ডলাৰ বৃদ্ধি পায়। ফেচবুকৰ স্ৰষ্টা মাৰ্ক-ঝুকেৰবাৰ্গৰ সম্পত্তি বৃদ্ধি পায় ৩০১০ কোটি ডলাৰ। ‘টেচলা’ৰ এল’ন মাস্কৰ ১৪১০ কোটি ডলাৰ বৃদ্ধি পায়। বিশ্বলিয়ে কৈছে যে যিসকলৰ হাতত অগাধ ধন আছে, তেওঁলোক আগবাঢ়ি অহাৰ এয়াই সঠিক সময়। সঠিক ভাৱে কাম কৰি দেখুৱাবলৈ এয়াই উপযুক্ত সময়।
আনহাতে আকৌ ১৯ ছেপ্টেম্বৰ তাৰিখেই ৰাছিয়াৰ স্বাস্থ্য-মন্ত্ৰী মিখাইল মুৰাশ্বক’-ই কৈছে যে ৰাছিয়াত তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত অংশগ্ৰহণ কৰা ৪০০০০ স্বেচ্ছাসেৱকৰ মাজৰ ৩০০ জনক ‘স্পুটনিক-ভি’ টিকা দিয়া হৈছে আৰু গড়ে ৭ জনৰ মাজৰ এজনৰ শৰীৰত পাৰ্শ্ব- প্ৰতিক্ৰিয়া দেখা দিছে। কিন্তু সেয়া ধৰ্তব্য নহয়। ২৪ ঘন্টা পেশীত যন্ত্ৰণা হৈ থকা আৰু মাজে মাজে জ্বৰ হোৱাটো সিমান কৰিবলগীয়া কথা নহয়। ৰাছিয়াৰ মন্ত্ৰীয়ে এনে পাৰ্শ্ব-প্ৰতিক্ৰিয়াক গুৰুত্ব দিয়া নাই।