-গৌতম শৰ্মা |
নানান প্রতিকূলতা, প্ৰতিবন্ধকতাৰে ভৰা আমাৰ আটায়ে মৰমৰ, হেঁপাহৰ সত্ৰনগৰী মাজুলী জিলাখন। বছৰি বান আৰু খহনীয়াৰ প্ৰবল প্ৰত্যাহ্বানে সত্ৰনগৰী খনৰ অস্তিত্বক নিতৌ সংকটাপন্ন কৰি অহা সময়ছোৱাতেই এটি ইতিবাচক বাতৰিয়ে আমালৈ বহু প্ৰত্যাশা কঢ়িয়াই আনিছে। নদী দ্বীপটোৰ একাংশ শিক্ষিত আৰু সমাজ সচেতন যুৱক-যুৱতীৰ নেতৃত্ব, ত্যাগ, আৰু এক অগতানুগতিক কৰ্মৰ পৰিচয় হিচাপে জিলাখনত আজি গ্ৰন্থৰ এক নতুন বিপ্লৱ গঢ়ি উঠিছে। মধ্য মাজুলীৰ গেৰেকী গাঁৱৰ যুৱক-যুৱতীসকলে প্রায় ১০ খনৰো অধিক গাঁৱৰ গাওঁবাসীৰ সহায়-সহযোগিতাত নিজাববীয়াকৈ গঢ়ি তুলিছে এটা গ্ৰন্থাগাৰ। যিটো গ্ৰন্থাগাৰৰ ইতিহাস বহু পুৰণি। ১৯৫৩ চনৰ লুইতৰ বলিয়া বানে যিটো গ্ৰন্থাগাৰৰ বহু মূল্যবান পুথি উটুৱাই নি নিঃচিহ্ন কৰি পেলাইছিল ইয়াৰ অতীত ইতিহাস। কিন্তু লুইতৰ বলিয়া বানে কায়িকভাৱে গ্ৰন্থাগাৰটোক নিঃচিহ্ন কৰিলেও অৱশ্যে ইয়াৰ শিপাক ধ্বংস কৰিব পৰা নাছিল, ধ্বংস কৰিব পৰা নাছিল সেই বিশেষ গ্রন্থপ্ৰেমী ব্যক্তিসকলৰ গ্ৰন্থৰ প্ৰতি থকা হেঁপাহ আৰু দুৰ্বলতাক। যাৰ ফলশ্ৰুতিত যোৱা বৰ্ষৰ ১৫ জানুৱাৰীত পুনৰবাৰ গ্ৰন্থাগাৰটোৱে প্রায় ৬৪ বছৰৰ অন্তত ঠন ধৰি উঠিবলৈ সক্ষম হ’ল। মাজুলীৰ সু-সন্তানসকলৰ বিশেষকৈ গেৰেকী গাঁওৰ যুৱক-যুৱতীসকলৰ ঐকান্তিক প্ৰচেষ্টাত পুনৰবাৰ সজীৱ হৈ উঠিল এই বিশেষ “জ্ঞানজ্যোতি গ্ৰন্থাগাৰ” শীৰ্ষক গ্ৰন্থাগাৰটো।
মাজুলীৰ বুকুত পুনৰ ঠন ধৰি উঠা এই বিশেষ গ্ৰন্থাগাৰটো প্ৰতিষ্ঠাৰ অন্তৰালত থকা কেইজনমান বিশেষ ব্যক্তি তথা মাজুলীৰ সু-সন্তানসকলৰ বিষয়ে উল্লেখ নকৰিলে ডাঙৰ ভূল কৰা হ’ব। যিসকল মহান লোক হৈছে ক্ৰমে- দিগন্ত কলিতা, ভাস্কৰজ্যোতি বৰুৱা, সৰ্বেশ্বৰ বৰুৱা, ভূপেন ভূঞা, সদানন্দ শইকীয়া, বীৰেন দত্ত, অজিত কুমাৰ বৰা, ৰাজু বৰুৱা, দীপক বৰা, পাপু ফুকন, ৰঞ্জিত বৰুৱা, দিপুমণি শইকীয়া, ধ্ৰুৱজ্যোতি শইকীয়া, অনন্ত কলিতা, ৰিংকু বৰুৱা, জোনমণি ফুকন, তৃষ্ণা বৰুৱা, প্ৰিয়ংকা দত্ত, হীমা দত্ত, মাইনু তামুলী আদি। এইসকল মহান ব্যক্তিৰ উপৰিও আৰু অন্য বহু ব্যক্তি এই জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ প্ৰতিষ্ঠা আৰু ক্ৰমবিকাশত যথেষ্ট লেখতল’বলগীয়া বিশেষ অৱদানসমূহ সদায় অতি নিষ্ঠা আৰু আন্তৰিকতাৰে আগবঢ়াই আছে। এইসকল লোকৰ এনে এক ব্যতিক্ৰমী প্ৰচেষ্টা আৰু কৰ্মৰ নমুনা সকলোৰে আজি আদর্শ হওক।
উল্লেখ্য যে, নকৈ প্ৰতিষ্ঠা হোৱাৰ দিন ধৰি জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ উদ্যোগত বহুবোৰ ইতিবাচক কামো মাজুলীৰ শিক্ষিত যুৱক-যুৱতীসকলে মাজুলীৰ গাঁওসমূহত সমাপন কৰি আহিছে। প্ৰতিবছৰে জুলাই মাহত অৰ্থাৎ গৰম বন্ধ মাহটোত তেওঁলোকে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামুলীয়া পাঠদান কাৰ্যসুচী গ্ৰহণ কৰি আহিছে। সেই অনুসৰি যোৱা ৫ জুলাইত এই বৰ্ষৰ কাৰ্যসুচী আনুষ্ঠানিক ভাৱে উন্মোচন কৰে মাজুলী জিলা উপায়ুক্ত সন্মানীয় দেৱপ্ৰসাদ মিশ্ৰই। উক্ত দিনা গেৰেকী গাঁৱৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্দ্ধনা জনোৱা হয় লগতে স্বৰ্গীয় কমলা বৰুৱা সোঁৱৰণী শ্ৰেষ্ঠ পঢ়ুৱৈ প্ৰতিযোগী বঁটা দুটিও পোনপ্ৰথমবাৰৰ বাবে এইবাৰ প্ৰদান কৰা হয়। জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ কৰ্মীসকলে কৰি দেখুওৱা এনেবোৰ ইতিবাচক কৰ্মস্পৃহাসমূহ সঁচাই প্ৰেৰণা আৰু আদৰ্শৰ অমল উৎস।
আমি আশা কৰিম, জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ দৰেই আমাৰ অসমৰ অন্যান্য গাঁওসমূহতো এনেকুৱা বহু গ্ৰন্থাগাৰ তথা পুথিভঁৰালসমূহ গঢ়ি উঠক। যিবোৰৰ জৰিয়তে আজি আমি সকলোতে কিতাপ পঢ়া আৰু পঢ়োৱাৰ আৰু সংৰক্ষণ কৰাৰ এক নতুন জাগৰণ আনি গ্ৰন্থক লৈ এক নতুন বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হ’ব পাৰিম বুলি বহু আশা কৰিব পাৰোঁ। জ্ঞানজ্যোতি গ্ৰন্থাগাৰলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। দীৰ্ঘায়ু হওক এই গ্ৰন্থাগাৰটোৰ ভৱিষ্যত। মাজুলীবাসীৰ লগতে সকলো গ্ৰন্থপ্ৰেমীয়ে, সকলো সমাজ-সচেতন ব্যক্তিয়ে এই বিশেষ গ্ৰন্থাগাৰটোৰ উত্তৰোত্তৰ বাবে, ইয়াক সদায় জীয়াই ৰখোৱাৰ স্বাৰ্থত বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াই ইয়াক আগুৱাই লৈ যাওক ইয়াকে আজি আমি অন্তৰৰপৰা কামনা কৰিছোঁ।