কোনে পাতিব খুজিছ সোণৰ দেশ
আই অসমীক পিন্ধব খুজিছ
পোহৰ ধুনীয়া বেশ
কোনে পাতিব খুজিছ সোণৰ দেশ ?
মোৰ ই দেশত, পথাৰত সোণ
আপুনি আপুনি ফুলে
সোণ পুৱতিৰ সোণহাঁহিয়ে
মোৰ চোতালত খেলে
সন্ধিয়া লুইতৰ বুকু জিলিকাই
সোণ বৰণৰ তলে ৷
সোণ বৰণীয়া, মুগাৰ কাপোৰে
গাভৰু ধুনীয়া কৰে
ৰূপৰ বালিত, সোণৰ ধূলিয়ে
জিলমিল ৰূপ ধৰে
সোণ কেতেকীৰ, সোণৰ ৰেণু উৰে
শিল্পী দলৰ সোণ সপোনে, সেউজী
বনত ফুৰে ৷
সোণৰ দেশৰ
মহাপুৰুষৰ
শঙ্কৰ মাধৱৰ
সোণমূলীয়া সংস্কৃতিয়ে
পোহৰ দিয়ে
এই পৃথিৱীত
সোণৰ জীৱনৰ
মহা মনীষাৰ
মহা প্ৰতিভাৰ জনজীৱনৰ,
সোণৰ সপোনৰ ৷
এই দেশৰেই সোণ ভৱিস্যৰ
সোণৰ জ্যোতি জ্বলক
এই দেশতেই শিল্পী মনৰ
মহাসপোনৰ
এই পৃথিৱীৰ, সোণ দিঠকৰ, সোণ চানেকি
সোণ ছবিৰে তোলক ৷
বোধন কৰি বিশ্বশিল্পী মনক
এই দেশতেই, জনজীৱনত,
সোণহাঁহিৰে ফুলক ৷৷
(বি: দ্ৰ: ইয়াৰ প্ৰথম অংশ ‘আমাৰ গাঁও’ উপন্যাসত অন্তৰ্ভুক্ত)
অসম নাট্য সম্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ অভিভাষণ
অসম নাট্য সম্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ অভিভাষণ MAHABAHU Desk অসম নাট্য সম্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ অভিভাষণ : ৬২...
Read more