–ডা° সুকৃতি চৌধুৰী |
কোৱাৰ্টেত (Quartet) : ১
‘টম বয়’ৰ অৱধাৰণাটোক অভিধানে এনেদৰে ব্যাখ্যা কৰিছে –A girl who enjoys rough and noisy activities traditionally associated with boys. অৰ্থাৎ ল’ৰা সুলভ কাম কৰা ছোৱালীবোৰ ‘টম বয়’ ৷ এই কথাটো প্ৰতিগৰাকী নাৰীৰ বাবেই সত্য যে সৰু হৈ থাকোতে যেতিয়া ল’ৰা বা ছোৱালী বুলি শাৰীৰিক চেতনা মনত নাছিল, সেই দিনবোৰেই এজনী ছোৱালীৰ জীৱনৰ মধুৰতম সময় ৷ তেতিয়া ছোৱালীজনীয়ে যি কৰিছিল সেয়া নিজক ছোৱালী বুলি ভাবি কৰা নাছিল ৷ তেতিয়া তাই আছিল এজনী free entity; নিজকে এজনী ছোৱালী বুলি আৱিষ্কাৰ কৰাৰ পিছতে তাই অনুভৱ কৰে যে তাইৰ হাতে-ভৰিয়ে শিকলি লগাই যেন বান্ধি পেলোৱা হ’ল যাৰ পৰা মুক্ত হ’বলৈ তাইৰ হৃদয়ত আজীৱন সংঘাত চলি থাকে ৷ কিন্ত গোটেই জীৱন ছোৱালীজনীয়ে নিজৰ ‘টম বয়’ৰ সময়কণৰ মধুৰতা বুকুৰ মাজত বান্ধি ৰাখে যেতিয়া তাই ল’ৰা বা ছোৱালী নহৈ আছিল এক মুক্ত বিহংগ ৷ শতকৰা ৯৯ গৰাকী নাৰীয়েই জীৱনৰ এই মধুৰতম সময়কণৰ সুখ কৈ প্ৰকাশ নকৰে ৷ এই সোঁৱৰণ তাই তেতিয়াহে কৰে যেতিয়া তেওঁ কোনো এটা চৰিত্ৰ হঠাতে লগ পায় ৷ কেতিয়াবা বাস্তৱৰ কঠোৰ অৱস্থাত তাই তেতিয়াও প্ৰকাশ নকৰে আৰু সাহিত্যিক হোমেন বৰগোহাঞিয়ে কোনোবা এটা নিবন্ধত লিখাৰ দৰে নাৰীয়ে সদায়েই হেনো এজন কাল্পনিক পুৰুষকেই আজীৱন ভাল পাই থাকে যাৰ হয়তো বাস্তৱ অস্তিত্বই নাই ৷ এই পুৰুষজনৰ মাজতেই নাৰীয়ে হেনো বিচৰা সৰ্বস্ব খিনি পায় ৷ তাৰ মানে ধন-সোণ মান-প্ৰতিষ্ঠা একোৱেই নাৰীৰ হৃদয়ৰ গভীৰতম কোণাটোও স্পৰ্শ কৰিব নোৱাৰে, যিটো কোণত বাস কৰে মাথো সেই কাল্পনিক পুৰুষজনে ৷ এতিয়া আপোনাৰ মনত এই প্ৰশ্ন উঠিব যে সেই কাল্পনিক পুৰুষজনৰ এনে কি গুণ আছে যিটো নাৰীৰ প্ৰিয়তম বাস্তৱ পুৰুষ কেইজনৰ মাজত নাই!আচলতে সেই কাল্পনিক পুৰুষজন যে সৰ্বগুণাকৰ সেয়াও নহয় ৷ আচলতে সেই পুৰুষজনক নাৰীয়ে বিচাৰি পায় নিজৰ ‘টম-বয়’ ৰূপটোৰ লগৰী হিচাপে, যি অৱস্থাত দুজন মানুহৰ মাজত কোনো লৈঙ্গিক বৈষম্যতা নাই ৷ এই বিষয়ে নাৰীগৰাকীৰ জীৱনৰ বাস্তৱ পুৰুষজনে অলপো মন নিদিয়ে ৷ অকনো বুজিব নোখোজে ৷ তেওঁ মাথো নাৰীৰ পৰা নাৰীসুলভ প্ৰাপ্য বুলি ভবা খিনিয়েই দাবী কৰে ৷
কোৱাৰ্টেত (Quartet) : ২
[এই পাৰাগ্ৰাফটো কেৱল মহিলাৰ বাবে]
অলং দলং কৰিছে, ৰজা-ৰাণী আহিছে…আইচ পাইচ….ঐ গফত টিকা গফত…আইটুচ মোৰ….টাং গুটিৰ গুটি টো দেবেনৰ চকুত লাগিল ঔ, পলা পলা …দেউতাৰ চাইকেলখন হাফ পেডেল মাৰি মাৰি চোতালৰ পৰা পদুলি পাই শিলগুটিয়া ৰাষ্টাত উঠোতেই গ’ল নহয় চেইন ডাল পৰি আৰু পিছফালৰ পৰা মাৰ চিঞৰ –“হে হৰি তই ল’ৰা নে ছোৱালী”…..চাইকেল খনত উঠি ফুল পেডেল মাৰিলোৱেই যেনিবা, কিন্ত জপিয়াই নামিবলৈ লওঁতেই গ’ল নহয় ছোৱালী জনী হুৰুম কৈ পৰি…আঠুৰ ছাল চিগি তেজ ওলোৱা, চাইকেল খন নৰেন খুড়া বা হৰেন বৰদেউতাই ঠেলি ঠেলি ঘৰলৈ অনা আৰু তাৰ পিছে পিছে কান্দি কান্দি ঘৰলৈ অহা ছোৱালীজনী…..কেচা আমকলি গোটাই সাবিত্ৰী হঁতৰ লগত জলকীয়া ভাঙি খোৱা আৰু পিছদিনা পেটৰ বিষ, আছেনে মনত ? এই খণ্ডচিত্ৰবোৰ টুকুৰা-টুকুৰকৈ এবাৰ আকৌ মনত পেলাই চাওঁকচোন ৷ আপোনাৰ প্ৰত্যক্ষ অভিজ্ঞতাবোৰো মনত পেলাই যোগ দিয়ক ৷ আপোনাৰ চকুত ভাহি উঠা আপোনাৰ ছবি খনেই আপোনাৰ টম বয় ৰূপ টো আছিল ৷ এই ৰূপটো সেইদিনাখনেই মাথো স্মৃতি হৈ পৰিছিল, যেতিয়া সাত দিনৰ বাবে আপোনাক ৰূমত বন্ধ কৰি থৈ মায়ে কাষৰ মাহী-পেহীহঁতক খবৰ দি কৈছিল –“ছোৱালী জনী ডাঙৰ হ’ল ৷ ” আপোনাৰ মনৰ মানুহজনে কোনোদিনে সুধিছেনে বন্দী হৈ থকা দিন কেইটা আপোনাৰ কি অনুভৱ হৈছিল ? লাজ আৰু শংকাত কিমান দিনলৈ যে লগৰ ল’ৰাবোৰৰ চকুলৈ চাব পৰা নাছিল এই খবৰ লৈছেনে কোনোবাই ? “মোৰো কিবা এটা গোপন কথা আছে, ল’ৰাতকৈ মই বেলেগ ” …এই ভাৱটোৱে আপোনাক লাহে লাহে টম বয়ৰ পৰা এজনী নাৰী কৰি তুলিছিল ৷ ইমান খিনি লৈকে এজন পুৰুষে অনুভৱ কৰিব পাৰে নে ? আমি নাৰী সকলে বহুত গভীৰতালৈ অনুভৱ কৰো আৰু ভাবি লওঁ যে আমাৰ কল্পনাৰ পুৰুষজনে হয়তো এই সকলো বিলাক অনুভৱ কৰে ৷ কিন্ত তেওঁ সদায়েই কল্পনাৰ মাজতেই থাকি যায় ৷ বাস্তৱ জীৱনৰ পুৰুষজন বেলেগ হয় ৷
কোৱাৰ্টেত (Quartet): ৩
মাইকী মানুহৰ কাম আৰু মতা মানুহে নকৰে বুলি শ্ৰেনীবিভাজন কৰিব পাৰিনে ? এটা শব্দত, ‘নোৱাৰি’ ৷ কেইটামান উদাহৰণঃ
উদাহৰণ -(ক) : মহিলাক ধুনীয়াকৈ কাপোৰ চিলাই দিয়া দৰ্জীৰ শতকৰা আশী জনতকৈ বেছি পুৰুষ হে ৷
উদাহৰণ-(খ): ডাঙৰ ডাঙৰ নাম কৰা ৰান্ধনী /Chef সকলৰ নাম ক’বলৈ দিলে আপুনি টপাটপ কৈ যাব –সন্ঞ্জীৱ কাপুৰ,বিকাশ খান্না, ৰনবীৰ ব্ৰাৰ, ভিকি ৰতনানী ৷ মহিলা Chef যে নাই সেয়া নহয় ৷ কিন্ত তেওঁলোকৰ সংখ্যা পুৰুষৰ তুলনাত আঙুলিৰ মুৰত লেখিব পাৰি ৷
যদিহে কাপোৰ চিলোৱাটো আৰু ৰন্ধা-বঢ়া কৰাতো অকল নাৰীয়ে কৰা কাম, তেনেহ’লে ইমান বৃহৎ সংখ্যক পুৰুষ এই দুটা বৃত্তিৰ লগত জড়িত হৈ ইমান উৎকৰ্ষ সাধন কৰিলেনো কেনেকৈ ? ?
ইয়াৰ কাৰণটোৱেই হ’ল কামৰ পুৰুষৰ কাম বা নাৰীৰ কাম বুলি কামৰ কোনো শ্ৰেণী বিভাজন লাই ৷ পুৰুষ আৰু নাৰী পৰস্পৰে পৰস্পৰৰ প্ৰতিদ্বন্দ্বী নহয় ৷ পৰিপূৰক হে ৷ এই কথা সকলোৱে বুজিবই লাগিব আৰু উপযুক্ত space দিব লাগিব ৷
উৎকত গৰমত পুৰুষৰ সৈতে সমানে সমানে ৰাস্তাত আলকাতৰা ঢালি পথ নিৰ্মাণ কৰা মহিলা শ্ৰমিক বা মুৰৰ ওপৰত টেগাৰী ভৰাই শিলগুটি আৰু মচলা লৈ বহু মহলা বগাই মিস্ত্ৰীৰ যোগালি কাম কৰা মহিলা শ্ৰমিক মহাকাশচাৰী কল্পনা চাওলা বা অভিনেত্ৰী মাধুৰী দিক্ষীততকৈ কোনো গুণেই কম মহান নহয় ৷
কোৱাৰ্টেত (Quartet): ৪
ফেচবুকতে চিনাকি হোৱা এজনী ভগ্নী ঋতুপৰ্ণা দাসৰ সৌজন্যত আজি জীৱনত প্ৰথমবাৰৰ বাবে কলং নৈৰ অপৰূপ শোভা দেখি স্তব্ধ হৈ গ’লো ৷ নৈবোৰ সদায়েই নাৰীৰ হৃদয়ৰ মাজেৰে বয় ৷ ব্ৰহ্মপুত্ৰৰ বাদে সকলো নদীক নাৰী বুলিয়েই কোৱা হৈছে ৷ নদী আৰু নাৰীৰ বিষয়ে সকলোতকৈ ক্লাচিক ব্যাখ্যাটো আছে মীৰা নায়াৰৰ কাম-সূত্ৰ নামৰ চিনেমা খনৰ একেবাৰেই অন্তিমটো দৃশ্যত য’ত নিজৰ প্ৰেমাস্পদক ৰজাই হাতীৰে গচকাই মাৰি পেলোৱাৰ পিছত সেই নাৰী গৰাকীয়ে গোপনে দেশ ত্যাগ কৰিছিল। নদীৰ দৰে নাৰীও বৈ থাকে বুলি হৃদয়ৰ সমস্ত আৱেগ ঢালি এটা কবিতাৰ মাজেৰে কবিয়ে কৈছে ৷ নৈ আৰু নাৰীৰ ইমান নিকট সম্পৰ্ক ৷ তাৰ পিছতো নদীক লৈ নাৰীৰ দ্বাৰা সৃষ্ট কবিতা যথেষ্ট নহয় ৷ নদীক লৈ এটাৰ পিছত এটাকৈ উৎকৃষ্ট কবিতা ৰচনা কৰিছে পুৰুষেই ৷ কাৰণ পুৰুষৰ হাততেই নাৰী পূজিতাও হৈছে লান্ঞ্চিতাও হৈছে ৷
ইয়াৰ আগৰ এটা লেখাত (শিৰোনামা–আধা জনা কথাবোৰ) মই এখন কন্ফাৰেন্সৰ বাবে AIIMS দিল্লী লৈ যোৱাৰ কথা লিখিছিলো ৷ কিন্ত এটা কথা উল্লেখ কৰা নাছিলো ৷ সেয়া হ’ল তাত থকা তিনি দিনৰ কোনোবা এদিন অপৰিসীম ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই দাদাৰ লগত ইন্দিৰা গান্ধীৰ মিউজিয়ামটো এটা আকৰ্ষণতেই চাবলৈ গৈছিলো ৷ সেয়া হ’ল —বহু দিনৰে পৰা দাদাই কৈ থকা প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তো ইন্দিৰাই মৃত্যুৰ আগদিনা লৈকে গুঠি থকা ঊলৰ বল টো, শলা দুডাল আৰু আধা গুঠা চুৱেটাৰ টো চাব খুজিছিলো ৷ আপুনি তেওঁৰ ৰাজনৈতিক মতবাদ বা কামৰ বিৰোধী হ’ব পাৰে ৷ কিন্ত এগৰাকী নাৰী প্ৰধানমন্ত্ৰী হৈ থাকোতেও সময় উলিয়াই ঊল গুঠাটো কম কথা নহয় ৷
শেষত অলপ হাঁহি :=মেডিকেলৰ হোষ্টেলৰ চিনিয়ৰ বাইদেউহঁতে ৰেগিং কৰোতে আমাৰ দৰে দুজনীমান নৱাগতাক ৰূম এটাত পকাৰ ওপৰতে ষ্টাইলত শুবলৈ দি আন দুজনীমানক আমাৰ গাৰ কাষত বাল্টিঙে বাল্টিঙে পানী বাকিবলৈ দিছিল ৷ পানীবোৰ বৈ গৈছিল ৷ প’জ মাৰি শুই থকা কিজনীৰ মুৰত হেট আৰু চকুত চানগ্লাছ আৰু পিন্ধনত কি আছিল মৰি গ’লেও লিখিব নোৱাৰো ৷ সেয়া বোলে গোৱালৈ গৈ সাগৰৰ পাৰত পজ মাৰি পৰি থকা কম্পিটিছন ৷ হয়তো এইবোৰ ‘টম বয়’ সুলভ উৎপাতেই আছিল ৷৷