– দিলীপ দৈমাৰী |
উত্তৰ-পশ্চিম চৌদি আৰৱৰ উম জিৰচানাৰ এটা গুহাৰ সন্ধান পাইছে ম্যাক্স প্লাংক ইন্সটিটিউট-অৰ প্ৰত্নতাত্বিক ম্যাথুজ স্টুৱাৰ্ট-এ। কিন্তু গুহা বুলি নকৈ ইয়াক এক ‘প্ৰাকৃতিক সুৰঙ্গ’ নাম দিছে স্টুৱাৰ্ট-এ। এই পৰ্যন্ত কোনো অভিযাত্ৰীৰ দল সেই গুহাৰ ভিতৰত সোমাবলৈ সাহস কৰা নাছিল। প্ৰথমবাৰৰ বাবে স্টুৱাৰ্ট-এ সাহস কৰি গুহাৰ ভিতৰত প্ৰৱেশ কৰিছিল। গুহা বা প্ৰাকৃতিক সুৰঙ্গ যিয়েই নহওক কিয় – ভিতৰত সোমাই স্টুৱাৰ্ট-অৰ হাঁড় বৰফৰ দৰে হৈ পৰিছিল। নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি স্টুৱাৰ্ট-এ কৈছে যে সেই গুহা দৰ্শন তেওঁৰ বাবে হৈ পৰিছিল ‘নৰক দৰ্শন’!
ম্যাক্স প্লাংক ইন্সটিটিউট-অত নিজৰ গৱেষণা পত্ৰৰ ভূমিকাত তেওঁ উল্লেখ কৰিছে যে ‘ সাক্ষাৎ নৰক কোনোবাই দেখা পাইছে নে দেখা নাই মই নাজানো, কিন্তু ডেৰ কিলোমিটাৰৰ গুহাটোৰ ভিতৰত সোমাই মই ১২৭৪১ টুকুৰা হাঁড়ৰ সন্ধান পাইছো। গুহাৰ প্ৰায় আধা কিলোমিটাৰৰ সামান্য বেছি ভিতৰত সোমাই মই কেৱল হাঁড়ৰেই বিচনা দেখিলো।’ কিন্তু কিদৰে এই হাঁড়ৰ স্তূপ তালৈ আহিল, সেয়া জানিবলৈ ম্যাক্স প্লাংক ইন্সটিটিউট-অত প্ৰায় ৫ বছৰ ধৰি গৱেষণা চলি আছে সকলো বিভাগ একত্ৰিত হৈ।
প্ৰথমতে ধাৰণা কৰা হৈছিল যে হয়তো কোনো আদিবাসীৰ গুহাৰ সন্ধান পোৱা গৈছে। কিন্তু সেই ভ্ৰম ভংগ হওতে বেছি সময় নালাগিল, কাৰণ হাঁড়বোৰত যিবোৰ দাঁতৰ চিহ্নৰ ক্ষত দেখা গৈছে, সেইবোৰ দেখিয়েই প্ৰাণীবিদসকল মোটামুটি নিশ্চিত হৈছিল যে এইবোৰৰ অন্তৰালত আছে কোনো ‘ক্যানাইন দাঁতযুক্ত’ প্ৰাণীৰ ভূমিকা। ক্যানাইন দাঁত দেখা যায় চিকাৰী আৰু মাংসাশী প্ৰাণীৰ ক্ষেত্ৰত। তাৰপিছত দাঁতৰ ক্ষতৰ গভীৰতাৰ জোখ লৈ বুজা গ’ল যে দাঁতৰ ক্ষত হ’ল স্ট্ৰাইপড্ হায়েনাৰ। সাধাৰণতে হায়েনা হ’ল দলৱদ্ধ প্ৰাণী, সন্মুখত চিকাৰ পালে হায়েনাই কেতিয়াও অকলে আক্ৰমণ নকৰি চিকাৰক প্ৰথমে উত্যক্ত কৰি কৰি অইনবোৰ হায়েনাইও জপিয়াই পৰে। ফলত অলপ সময়ৰ ভিতৰতে চিকাৰক লেবেজান কৰি হায়েনাই বগৰাই পেলায়।
গুহাৰ ভিতৰত পোৱা হাঁড়ৰ বিশ্লেষণ কৰি ঊট, খচ্চৰ, ঘোঁৰা, ভেড়া আদিৰ হাঁড়ৰ সন্ধান পোৱা গৈছে আৰু বৃহৎ আকাৰৰ মাংসাশী পশু, সম্ভৱতঃ সিংহৰ (বা বাঘৰো) হাঁড়ৰো সন্ধান পোৱা গৈছে। অন্ততঃ বিশেষজ্ঞসকলে তেনেদৰেই ধাৰণা কৰিছে। আৰু আশ্চৰ্যকৰ কথা এয়াই যে এন্দুৰৰ দৰে সৰু জীৱৰো হাঁড় পোৱা গৈছে। তাৰোপৰি গুহাটোৰ ভিতৰত মুঠ ২০০০-ৰৰো অধিক মানুহৰ হাঁড়ৰ সন্ধান পোৱা গৈছে।
উম জিৰচান নামৰ মৰুপ্ৰান্তৰ অঞ্চলটো সম্পূৰ্ণ জনশূণ্য, নিতাল, নিজান। ম্যাক্স প্লাংক ইন্সটিটিউট/ইউনিভাৰচিটিৰ ভৌগোলিক এলিজাবেথ ৰিথাৰ্ড-এ উম জিৰচানৰ ভৌগোলিক ব্যাখ্যা কৰোতে কৈছে,’ পৃথিৱীত ইমান নিৰ্জনতম উষ্ণ অঞ্চল থাকিব পাৰে বুলি মোৰ ধাৰণাই নাছিল। স্টুৱাৰ্ট-অৰ সৈতে মইও গৱেষণাত সহযোগিতা আগবঢ়াবলৈ যেতিয়া উম জিৰচানলৈ গৈছিলো – সচাকৈয়ে ভাব হৈছিল যেন মৃত্যুপুৰীত হে প্ৰৱেশ কৰিছো। প্ৰাণ কোন মুহূৰ্তত যায় ঠিক নাই।’ আকৌ ম্যাক্স প্লাংক ইউনিভাৰ্চিটিৰ প্ৰাণীবিদসকলে কৈছে যে উম জিৰচান মৰুপ্ৰান্তত হায়েনাৰ উপদ্ৰৱ ইমানেই বেছি যে সেই অঞ্চলত এন্দুৰেও প্ৰৱেশ কৰিবলৈ ভয় কৰে।
হায়েনাবোৰে কেৱলমাত্ৰ উম জিৰচান মৰুপ্ৰান্তৰ ওপৰতেই নিৰ্ভৰশীল বুলি বা জীৱন-নিৰ্বাহ কৰে বুলি কোনোপধ্যে মানিব বিচৰা নাই ম্যাক্স প্লাংক ইউনিভাৰ্চিটিৰ প্ৰাণীবিদ এলবাৰ্ট হেথো-এ। স্টুৱাৰ্ট-অৰ তথ্যৰ ওপৰত ভিত্তি কৰি স্ট্ৰাইপড্ হায়েনাৰ ওপৰত গৱেষণা আৰম্ভ কৰিছিল হেথো-এ, আৰু তেওঁ এক অভিনৱ ঘটনাৰ মুখামুখি হয়। তেওঁ লিখিছে যে ‘নিজৰ বাসভূমিত চিকাৰৰ পৰিমাণ সম্পৰ্কে বাৰুকৈয়ে অৱগত হায়েনাৰ দলে ওচৰ-পাজৰৰ মৰুপ্ৰান্তত পিয়াপি দি ফুৰে চিকাৰৰ সন্ধানত। যিহেতু হায়েনাই দলৱদ্ধ হৈ চিকাৰ কৰে, সেইবাবে নিজতকৈও ১০/১২ গুণ বেছি ওজনৰ চিকাৰকো নিৰাপদে গুহালৈ টানি লৈ যাব পাৰে। এই হায়েনাই এনেদৰে মাংস ভক্ষণ কৰে যে সামান্যতম মাংসও হাঁড়ত লাগি নাথাকে।’
সম্প্ৰতি স্টুৱাৰ্ট-এ এটা আমেৰিকান টেলিভিছনৰ চেনেলত নিজৰ ‘নৰক-দৰ্শন’ৰ অভিজ্ঞতা বৰ্ণনা কৰি কৈছে যে ‘হাঁড়ৰ বিচনা দেখি মই সাংঘাটিক ভীত-সন্ত্ৰস্ত হৈ পৰিছিলো। তেনে এক মৰুপ্ৰান্তৰ পৰা যে প্ৰাণটো বুকুত বান্ধি উভতি আহিব পাৰিম, ভাবিব পৰা নাছিলো।’ স্টুৱাৰ্ট-অৰ অভিজ্ঞতাৰ বিষয়ে অৱগত হৈ পৰৱৰ্তী কালত ম্যাক্স প্লাংক ইউনিভাৰ্চিটিৰ পৰা ১৭ বাৰ গৱেষকৰ দল পঠিওৱা হৈছিল আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে হেলিকপ্তাৰ, আনকি আগ্নেয়াস্ত্ৰ আদিও দিয়া হৈছিল বুলি টেলিভিছন চেনেলত তেওঁ সদৰি কৰে।