তাহেৰা নছৰত: এগৰাকী অদমনীয় আফগান নাৰী
অৰবিন্দ ৰাভা
তাহেৰা নছৰত।
প্ৰায় ২০ বছৰ আগতে তাহেৰাৰ জীৱনৰ যাত্ৰা হঠাৎ ওলট-পালট হৈ গৈছিল। তাহেৰাৰ হাতত ২৪ ঘন্টাতকৈও কম সময় আছিল, আৰু সেইখিনি সময়ৰ ভিতৰতেই হয় তেওঁ নিজৰ ঘৰ, পৰিয়াল, দেশ এৰি পলায়ন কৰিব লাগিব, অথবা তালিবানৰ হাতত নিজকে সপি দিব লাগিব!
সেইসময়ত তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰিছিল। তাহেৰাই পলায়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
সেই দিনটোৰ বিষয়ে তাহেৰাই মহাবাহুক এনেদৰে সদৰি কৰিছে – ‘ কেৱল নাৰ্চৰ পৰিচয় পত্ৰখনৰ বাহিৰে মোৰ হাতত একোৱেই নাছিল আৰু সেই পৰিচয় পত্ৰখনেই মোৰ জীৱন ৰক্ষা কৰিছিল। হাতত কোনো সা- সামগ্ৰী, লাম – লাকটু নোলোৱাকৈ মই মোৰ পৰিয়াল,ঘৰ, দেশ এৰি প্ৰাণৰ মমতাত পলায়ন কৰিছিলো। …
….সেইছোৱা সময়ত মই আফগানিস্তানৰ ‘Medicine Sans Frontiers’-অত কাম কৰি আছিলো আৰু হঠাৎ তালিবানে প্ৰথমবাৰৰ বাবে ক্ষমতা দখল কৰাৰ পটভূমিত মোৰ জীৱনৰ যাত্ৰা সলনি হৈ গৈছিল। মই পলাবলৈ বাধ্য হৈছিলো।’
তাহেৰাই কৈছে, ‘হাতত নাছিল পা-পইচা, এটা বোৰ্খা পৰিধান কৰি মই মাথো পলাইছিলো, মই দৌৰিছিলো, ওখোৰা -মোখোৰা শিলাময় পথ, বালিৰ বিস্তাৰিত ভূমি, পাহাৰ, মই একোকেই ভয় নকৰি কেৱল পলাইছিলো। অৱশেষত মই উপস্থিত হৈছিলো পাকিস্তানৰ ভূমিত! …
….পাকিস্তানতো এক নতুন অধ্যায়ৰ আৰম্ভণি হৈছিল – সেই সম্পৰ্কে পিছত কেতিয়াবা। তাৰপিছত এদিন যাত্ৰা কৰিবলৈ সক্ষম হৈছিলো অষ্ট্ৰেলিয়া অভিমুখে। অষ্ট্ৰেলিয়াৰ ভূমিত উপস্থিত হৈ মই উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত আৰু বিভিন্ন প্ৰশিক্ষণৰ অন্তত মোৰ জীৱনৰ যাত্ৰা পুনৰ সলনি হৈ পৰিছিল, মই উভতি চাবলগীয়া হোৱা নাছিল।’
“প্ৰায় ২০ বছৰ আগতে তাহেৰাৰ জীৱনৰ যাত্ৰা হঠাৎ ওলট-পালট হৈ গৈছিল। তাহেৰাৰ হাতত ২৪ ঘন্টাতকৈও কম সময় আছিল, আৰু সেইখিনি সময়ৰ ভিতৰতেই হয় তেওঁ নিজৰ ঘৰ, পৰিয়াল, দেশ এৰি পলায়ন কৰিব লাগিব, অথবা তালিবানৰ হাতত নিজকে সপি দিব লাগিব!”
তাহেৰাই বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লৈ অৰ্হতা সম্পন্ন হৈ এদিন অষ্ট্ৰেলিয়াত আৰম্ভ কৰিছিল নিজৰ একাউন্টিং ফাৰ্ম ‘T & R Accountants’; চনটো আছিল ২০০৯। সেইখন ফাৰ্মৰ দ্বাৰা এতিয়া তাহেৰাই অষ্ট্ৰেলিয়াৰ ৫০০০ গ্ৰাহকক সেৱা আগবঢ়াই আহিছে।
তাহেৰাই গৰ্বসহকাৰে কয় যে তেওঁৰ সাফল্য কোনো লটাৰীৰ দৰে বা কোনো সুযোগৰ দ্বাৰা হোৱা নাছিল, ই সম্ভৱ হৈছিল তেওঁৰ পছন্দৰ পটভূমিত। তাহেৰাই কৈছে – ‘Success is not wrapped in a gift box and presented to you on a birthday, you have to present that box to yourself.’
এতিয়া অষ্ট্ৰেলিয়াৰ এক অনন্য চহৰ পৰমত্তা ( Parramatta)ত নিজৰ ব্যৱসায় কেন্দ্ৰীভূত কৰা তাহেৰাই কয় যে অষ্ট্ৰেলিয়াৰ এইখন চহৰৰ দৰে বহুমুখী বহু-সাংস্কৃতিক সম্ভাৰেৰে ভৰপুৰ দ্বিতীয়খন চহৰ তেওঁ ক’তো দেখা নাই। পৰমত্তাত বিভিন্ন ঠাইৰ বিভিন্ন মানুহৰ সংমিশ্ৰণৰ দ্বাৰা এক অভূতপূৰ্ব পৰিৱেশ সৃষ্টি হৈছে আৰু ব্যৱসায়ৰ বাবে যোগাত্মক বাতাৱৰণ গঢ় লৈ উঠিছে।
‘হাতত নাছিল পা-পইচা, এটা বোৰ্খা পৰিধান কৰি মই মাথো পলাইছিলো, মই দৌৰিছিলো, ওখোৰা -মোখোৰা শিলাময় পথ, বালিৰ বিস্তাৰিত ভূমি, পাহাৰ, মই একোকেই ভয় নকৰি কেৱল পলাইছিলো। অৱশেষত মই উপস্থিত হৈছিলো পাকিস্তানৰ ভূমিত!’
তাহেৰাই নেতৃত্ব প্ৰদান কৰা ‘Afghan Peace Foundation’- এ মহিলাসকলৰ বাবে উল্লেখযোগ্য কাম কৰি আহিছে আৰু বিশেষকৈ গাৰ্হস্থ্য হিংসাৰ বলি হোৱা মহিলাসকলক অৰ্থনৈতিকভাবে স্বাৱলম্বী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি আছে।
আফগানিস্তানৰ পৰা অষ্ট্ৰেলিয়াত শৰণাৰ্থী হিচাপে উপস্থিত হোৱা সকলকো অহৰহ সেৱা আগবঢ়াই থকা তাহেৰা এতিয়া এনেবোৰ কামত যুক্ত হৈ আছে –
• সঞ্চালক, T&R Accountants ( Parramatta)
• ইউনিচেফৰ দ্বাৰা আফগানিস্তানৰ বাবে নিযুক্ত মহিলা প্ৰতিনিধি (honarary)
• আফগান পিচ ফাউণ্ডেশ্যনৰ সঞ্চালক
• ৰিফিউজি কাউন্সিল অফ অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় দূত
• আন্তৰ্জাতিক মহিলা শান্তি গোটৰ শান্তিদূত
• পৰমত্তা (Parramatta)ৰ ব্যৱসায়িক ক্ষেত্ৰৰ একাধিক বঁটা বাহন বিজয়ী
• গ্লোবেল এলাইট মেডিয়া -২০২২অৰ প্ৰতিনিধি।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)