হঠাৎ পদত্যাগ ত্ৰিপুৰাৰমুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ
দিলীপ দৈমাৰী
আজি শনিবাৰে দুপৰীয়া হঠাৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবে ৰাজ্যপাললৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু কি কাৰণত তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে সেয়া স্পষ্ট হোৱা নাই। নিজৰ পদত্যাগ সম্পৰ্কে তেওঁ কোনো কাৰণ উল্লেখ কৰা নাই। মাত্ৰ এশাৰী বাক্যৰে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছে।
পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছত বিপ্লৱ দেবে জনাইছে, তেওঁ ইমানদিনে কেন্দ্ৰীয় নেতৃত্বৰ মাৰ্গদৰ্শন অনুসৰি কাম কৰি আহিছে; কিন্তু এতিয়া তেওঁক দলে সংগঠনৰ কামত নিয়োজিত কৰিবলৈ বিচাৰিছে। তেওঁ কৈছে,’ দলে বিচাৰিছে ২০২৩ চনৰ নিৰ্বাচনৰ আগে আগে দলৰ সাংগঠনিক শক্তি বৃদ্ধি হ’ব লাগে। দীৰ্ঘ সময়ৰ বাবে চৰকাৰ থাকিবলৈ হ’লে সংগঠনৰ শক্তি বৃদ্ধি হোৱা প্ৰয়োজন। কাৰণ সংগঠন থাকিলেহে চৰকাৰ থাকিব। সেয়ে দলে মোক সংগঠনৰ দায়িত্ব দিবলৈ বিচাৰিছে।’
নাম প্ৰকাশত অনিচ্ছুক বিজেপি সূত্ৰৰ মতে, দীৰ্ঘদিন ধৰি ত্ৰিপুৰাৰ বিজেপিৰ অন্দৰমহলত বিবাদ- বিসম্বাদে গা কৰি উঠিছিল। তাৰোপৰি সুদীপ ৰায় বৰ্মন সহকাৰে কেইজনমান বিধায়কৰ দলত্যাগ আৰু প্ৰতিষ্ঠান বিৰোধী ঢৌ বিপ্লৱৰ বিৰুদ্ধে ফেক্টৰ হিচাপে কাম কৰাৰ ফলত যোৱাকালি শুক্ৰবাৰৰ পৰাই বিপ্লৱৰ অপসাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইচ্ছাত এয়া হোৱা বুলি কোৱা হৈছে।
শুক্ৰবাৰে অমিত শ্বাহকো সাক্ষাৎ কৰিছিল বিপ্লৱ দেবে। কিন্তু মোদীৰ ইচ্ছাৰ বিৰুদ্ধে অমিত শ্বাহেও থিয় দিবলৈ সাজু নহ’ল; কাৰণ ইতিমধ্যে অমিত শ্বাহতকৈ উৰ্দ্ধত আৰোহণ কৰিছে উত্তৰপ্ৰদেশৰ যোগীয়ে! গতিকে বিপ্লৱৰ শেষ ৰক্ষা নহ’ল। হয়তো আজিয়েই ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হৈ যাব পাৰে।
১৪-০৫-২০২২ ( আবেলি ৫-৪০ বজাত লেখা)