তৰাফুল
ৰ’দ ৰাগিনী
আইৰ ঔফুলীয়া দুগালত চিটিকি আছিল পিতাইৰ চেনেহ ।
জুহালৰ উমাল সন্ধিয়াত
দগমগাই আছিল পিতাইৰ শ্ৰম ।
গো-ধূলিৰ স্পৰ্শই নিজম কৰা
সন্ধ্যাবোৰত উজ্বলিছিল ঈশ্বৰৰ থাপনা ।
মানুহৰ মাজত আছিল মাত,
মানুহৰ মনত আছিল মমতা ।
সেই সময় এতিয়া নাই বুলি এই সময়ে সকীয়াই দিয়ে ।
মই সকীয়নি শুনি আকাশলৈ চাওঁ !
আয়ে কৈছিল,
হেৰাই যোৱা সকলো হেনো আকাশত তৰাফুল হৈ হাঁহি থাকে !
চহৰৰ আকাশত ক’ত পাওঁ আয়ে কোৱা তৰাফুল !
[ ৰ’দ ৰাগিনী দূৰভাষ – ৭০০২২৩০১৯৯]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)