-দিলীপ দৈমাৰী |
কৰ’নাৰ সৰ্বব্যাপী প্ৰভাৱে আমাৰ মন-মগজু-শৰীৰ- জীৱনযাত্ৰাৰ প্ৰায় সকলোবোৰ দিশতেই ব্যাপকভাৱে আক্ৰমণ কৰি আমাক একপ্ৰকাৰৰ এৰুৱাই পেলাব নোৱাৰা মকৰাজালেৰে আৱদ্ধ কৰি পেলাইছে। সংক্ৰমণ মোকাবিলাৰ বিধি-ব্যৱস্থা, কঠোৰ অনুশাসন আদিৰ মাজত থকা সত্বেও হঠাৎ সংক্ৰমিত হৈ পৰা, শ্বাসকষ্ট হ’লে চিকিৎসালয়লৈ গৈ অক্সিজেনৰ যোগান নাপাই মৃত্যুৰ মুখত পৰা, কৰ’নাৰ নামত বিভিন্ন ধৰণৰ লোককথাৰ মাজত পাকঘূৰণি খাই বিহ্বল হৈ পৰা, চিকিৎসা-সেৱা আৰু চিকিৎসক তথা চিকিৎসা-কৰ্মীসকলৰ অবিৰত প্ৰচেষ্টাৰে হাজাৰ-হাজাৰ ৰোগীয়ে মানসিক দৃঢ়তা ঘূৰাই পোৱা তথা নিৰোগী হৈ ঘৰলৈ উভতি অহাৰ বিপৰীতে বহুতে কৰ’নাৰ পটভূমিত বেহা-বেপাৰ কৰি বিতত মানুহৰ মূৰত মাধমাৰ দিয়া, দিনে দিনে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা , ইত্যাদি হ’ল বাহ্যিক দৃশ্য; কৰ’নাৰ উৰ্দ্ধমুখী গ্ৰাফ এদিন তললৈ আহিব, প্ৰতিষেধক প্ৰস্তুত হ’ব, সকলোৱে টিকা ল’ব- এইবোৰ হ’ব বুলি আমি ধৰি ল’ব পাৰো। কিন্তু এই অতিমাৰীৰ দীৰ্ঘস্থায়ী প্ৰভাৱ বহু বহু দশকলৈ থাকি যাব। সমাজবদ্ধ মানৱজীৱনত একাকিত্বৰ বিধি-ব্যৱস্থাসমূহে এহাতে যিদৰে আমাৰ মনোজগতত প্ৰভাৱ বিস্তাৰ কৰিছে, একেদৰে আনহাতে প্ৰভাৱ বিস্তাৰ কৰিছে আমাৰ উপাৰ্জন ব্যৱস্থাত, উৎপাদন ব্যৱস্থাত, ভৱিষ্যতৰ জীৱন-যাত্ৰাত। মনোজগতৰ বেদনা ঢাকিবলৈ সক্ষম হ’লেও এই সংকটকালত উপাৰ্জন আৰু উৎপাদন ব্যৱস্থাক কোনেও শাকেৰে মাছ ঢকাৰ দৰে প্ৰয়াস কৰি লাভ নাই – লাগিলে যিমানেই সুশান্ত সিং ৰাজপুত, কৰণ জোহৰ, শিৱসেনা, ৰিয়া চক্ৰৱৰ্তী, কংকণা ৰাণাউট, ৰাম মন্দিৰ, চীনৰ ‘এপ’ বাতিল, ইত্যাদি বিবিধ শাক-পাচলিৰ তৰকাৰীৰে ‘জি-ডি-পি’, নিবনুৱা সমস্যা, ৰাজ্য সমূহক জি-এছ-টিৰ ধন ঘুৰাব নোৱাৰা, বিমুদ্ৰাকৰণৰ ব্যৰ্থতা, ক’লা ধন ঘূৰাই আনিব নোৱাৰাৰ ব্যৰ্থতা, অৰ্থনীতিৰ ঘোঁৰাৰ লেকাম ধৰিব নোৱাৰা, ইত্যাদি মূল কথাবোৰ ঢাকিবলৈ চেষ্টা কৰক। কিন্তু তদসত্বেও সেই প্ৰয়াস জোৰদাৰ হৈছে। উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব নিদি, অৰ্থনীতিৰ চকা আগলৈ নেঠেলি, কোটি কোটি মানুহক এলেহুৱা আৰু কেৱল ‘চৰকাৰৰ দয়াৰ ওপৰত নিৰ্ভৰ’ কৰি তুলিবলৈ যত্ন কৰা হৈছে একমাত্ৰ ক্ষমতাৰ অধিকাৰী হৈ থকাৰ স্বাৰ্থত। কিন্তু সমগ্ৰ ভিত্তিটোৱেই এতিয়া যে সোলোক-ধোলোক হৈ পৰিছে আৰু কেতিয়াবা যে তাচপাতৰ ঘৰৰ দৰে ভাগি পৰিব – সেই কথা উপলব্ধি কৰা ব্যক্তি চৰকাৰখনত নাই যেনেই লাগিছে। মূল বিষয়বোৰ ক্ষুধাৰ দৰেই জ্বলন্ত সত্য হৈ, মৃত্যুৰ দৰে অমোঘ হৈ দুৱাৰমুখত থিয় হৈ আছে। কিন্তু গুৰুত্ব নাই। এফালৰ পৰা ঢাহি-মুহি ৰেলৱে ব্যক্তিগতকৰণ, এয়াৰ-ইন্ডিয়াক বিক্ৰী কৰিব নোৱাৰি বিমানবন্দৰ ব্যক্তিগতকৰণ কৰি আদানীকৰণ, জীৱন বীমা নিগমকো ব্যক্তিগতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ, জানি-বুজি বি-এছ-এন-এল ধ্বংসকৰণ, অসমৰ কাগজ কলবোৰ বন্ধ কৰণ, বিমুদ্ৰাকৰণৰ ব্যৰ্থতা এতিয়াও স্বীকাৰ নকৰি অধিক হঠকাৰী ব্যৱস্থা গ্ৰহণৰ জৰিয়তে মানুহৰ দৃষ্টি অইনপিনে নিবলৈ অহৰহ চেষ্টা, ইত্যাদি কাম কাজৰ পটভূমিত বৰ্তমানৰ ভাৰত চৰকাৰখন ‘OLX App’ সদৃশ হৈ পৰিছে- কেৱল পুৰণি সামগ্ৰী বিক্ৰী! ৰিজাৰ্ভ বেংকক ইচ্ছাকৃতভাৱে ৰুগীয়া কৰা হ’ল, ৰাম মন্দিৰৰ নামত কোটি কোটি টকা খৰছ কৰা হ’ল ( শ্ৰীৰামৰ হেনো থাকিবলৈ ঘৰ নাই), নতুনকৈ সংসদ ভৱন আদি (Central Vista) নিৰ্মাণ কৰিবলৈ ২০ হাজাৰ কোটি ধাৰ্য কৰা হ’ল, ২০২১ চনৰ হৰিদ্বাৰৰ কুম্ভমেলাৰ বাবে এই সংকটৰ দিনত ৩৭৫ কোটি টকা আগবঢ়োৱা হ’ল – কিন্তু অসমৰ দৰে ক্ষুদ্ৰ ৰাজ্যক দিবলৈ ধন নাই ( গলত গামোচা ললেই হ’ল) ! বিমুদ্ৰাকৰণৰ সময়ত হঠাৎ নাটকীয় ঘোষণা কৰি সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থা ভাঙি-ছিঙি পেলাইও শান্তি নাপাই জি-এছ-টিৰ মাধমাৰ দি পুনৰ কাকো একো অৱগত নকৰাকৈ , কোনো পৰিকল্পনা- প্ৰস্তুতি নথকাসত্ত্বেও মোডীয়ে হঠাৎ মোগল শ্বাহেনশ্বাহৰ দৰে নাটকীয় ঘোষণা কৰি ‘লক-ডাউন’ৰ নামত যি সৰ্বনাশ সাধন কৰিলে- তাৰে মেৰপেচৰ পৰা মুক্তি পাবলৈ কিমান বছৰ লাগিব সেয়া মাৰ্গদৰ্শক মন্ডলীৰ অন্যতম আদৱানীয়েও হয়তো নাজানিব ! মোডীয়ে হঠাৎ লক-ডাউন ঘোষণা কৰি চমক দিবলৈ কৰা প্ৰয়াসৰ বাবে দলে দলে যেতিয়া লক্ষ লক্ষ শ্ৰমিকে ৰাস্তাত অবৰ্ণনীয় কষ্টকৰ যাত্ৰা আৰম্ভ কৰিছিল, ৰেলৰ চকাই যেতিয়া শ্ৰমিকক কাটিছিল, পুলিচে যেতিয়া বাটে-পথে গুৰুলা-গুৰুলকৈ কোবাইছিল, অনাহাৰে- অৰ্দ্ধাহাৰে চুচৰি বাগৰি তেওঁলোকে যেতিয়া যাত্ৰা কৰিছিল, ঘৰলৈ উভতিছিল – সেইসময়ত উচ্চতম ন্যায়ালয়ত মোডীৰ চৰকাৰে জনাইছিল যে পথত এজনো শ্ৰমিক নাই!! তেনে বহু শ্ৰমিক অসমৰো আছিল, অসমলৈও তেনে বহু উভতি আহিছিল। কিন্তু তেওঁলোকৰ আজিৰ স্থিতি কি? অসম আন্দোলনৰ মূল বিষয়টোক অসম চুক্তিৰে নস্যাৎ কৰাৰ দৰে অসম চুক্তিখনক আকৌ আই-এম-ডি-টিৰে নস্যাৎ কৰাৰ দৰে পুনৰ সমগ্ৰ বিষয়টোক ‘কেব’ তথা ‘কা’ ৰে পিতনিত নিক্ষেপ কৰাৰ অন্তৰালত যি মানসিকতা – সেই একে মানসিকতাৰে চৰকাৰে কাম কৰি আছে। অৰ্জুনে লক্ষ্যভেদ কৰাৰ সময়ত মাছৰ চকুৰ বাহিৰে যিদৰে একো দেখা নাছিল, এই মোডী চৰকাৰেও নয়নমণি আম্বানী- আদানীৰ বাহিৰে একো দেখা নাই; আৰু আমাৰ অসমখনত যিসকল আছে – তেওঁলোকৰ অৱস্থা বৃটিছৰ দিনৰ পদলেহনকাৰী অসমীয়াতকৈও নিম্নস্তৰৰ, মোডী-শ্বাহৰ হঠকাৰীতা দেখিলেও মুখৰ মাতেই নোলায়! লক্ষ লক্ষ মানুহ আজি কৰ্মহীন, উপাৰ্জনহীন হৈ পৰিছে, কিন্তু সেইফালে দৃষ্টি নাই; নিৰ্বাচনলৈ লক্ষ্য ৰাখি একাউন্টত ভিক্ষাসদৃশ সামান্য ধন ভৰাই দিলেই অৰ্থনীতিৰ চকা নুঘুৰে! মানুহক উৎপাদনমুখী কৰাৰ প্ৰয়াসৰ বিপৰীতে এই ধৰণৰ প্ৰচেষ্টা গৰিহণাযোগ্য, এয়া ভোট কিনাৰ বাহিৰে বেলেগ একো নহয়! উপাৰ্জনহীন মানুহৰ মোনা খালী হৈ পৰিছে বাবে ক্ৰয়ক্ষমতাও কমিছে, লক্ষ লক্ষ দোকান- হোটেল- ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে, জি-ডি-পি ঋণাত্মক হৈ ২৪% হৈ পৰিছে, কোটি কোটি নিবনুৱা; এনেস্থলত ভাৰতৰ বিত্তমন্ত্ৰীয়ে কৈছে যে এয়া “দৈৱদুৰ্যোগ“!! প্ৰায়বোৰ দেশতে ক’ৰনাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, কিন্তু “দৈৱদুৰ্যোগ” বুলি কোনেও কোৱা নাই, জি-ডি-পি ‘মাইনাচ’ ২৪% কতো হোৱা নাই, কোনো দেশৰ ৰাষ্ট্ৰপ্ৰধানে মহম্মদ বিন তোগলকৰ দৰে বিমুদ্ৰাকৰণৰ দৰে আত্মঘাতী সৰ্বনশীয়া সিদ্ধান্ত লোৱা নাই, নিজৰ স্বদেশত অবৈধ বিদেশী থাকিব নোৱাৰে বুলি ন্যায়সঙ্গত দাবী কৰোতে কোনো দেশৰ চৰকাৰে নিজৰ প্ৰজা নিজৰ থলুৱা প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰা নাই, কংগ্ৰেছৰ অপ-শাসনৰ পৰা মুক্ত হ’ম বুলি ভাবি মোডীক ঢোলে-দগৰে আদৰি আনি এনে বিপৰ্যয়ৰ সন্মুখীন হম বুলি কোনো শ্ৰমিকে ভবা নাছিল, অসমৰ মানুহেও “কা” ৰ বিষয়ে ভবা নাছিল, আজিৰ উপাৰ্জনহীন – কৰ্মহীন সকলেও ভবা নাছিল! দৈৱদুৰ্যোগ! আৰু সমান্তৰালকৈ প্ৰায়বোৰ নিলাজ চাতুকাৰে এইবোৰৰ পৰা দৃষ্টি আতৰাবলৈ সুশান্ত সিং ৰাজপুত, ৰিয়া চক্ৰৱৰ্তী, কংকণা….; নিৰ্লজ্জ! মহাৰাষ্ট্ৰত ৩২০০০ খেতিয়কৰ আত্মহত্যা – এইবোৰ খবৰ নহয় নেকি? বাংগালোৰত সাংবাদিকক হত্যা কৰা দুবছৰ হ’ল – কিবা খবৰ দেখিলো নে? ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়েও যে লক-ডাউন পালন কৰিছে , সেয়া আমি তেওঁৰ শুকুলা দাড়ি দেখিয়েই গম পাইছো। আমি আশা কৰিছো, এইবাৰ এনেদৰে থাকিলে ডিচেম্বৰ মাহত ‘চান্টাক্লজ’ মহোদয়ো ভাৰতলৈ নাহিব; অৰ্থাৎ ‘আত্মনিৰ্ভৰ ভাৰত’!
দৈৱদুৰ্যোগ! ঋণাত্মক ২৪% ঘৰুৱা উৎপাদন! ৰিপাব্লিকে নেদেখে, সৰহভাগেই নেদেখে! সকলো ব্যস্ত সুশান্ত সিং ৰাজপুত, ৰিয়া চক্ৰৱৰ্তী, কংকণা ৰাণাৱতক লৈ; এয়া তল পৰিলে পুনৰ কাশ্মীৰ, ইন্দ্ৰানী মুখাৰ্জী, লক্ষ্মণমন্দিৰ, ভৰত মন্দিৰ, নাগৰিকপঞ্জী, ইত্যাদি অলেখ বিষয় আছে! কিন্তু আজি উৎপাদন বন্ধ হোৱাৰ ফলত যি প্ৰতিক্ৰিয়াৰ প্ৰবাহ তৰপে তৰপে প্ৰবাহিত হৈছে, সেয়া ছমাহ বা এবছৰত সীমাৱদ্ধ হৈ নাথাকিব। পৰম্পৰাগত যি শিল্প ভাৰত উপমহাদেশৰ বিভিন্ন চুকে কোণে জীয়াই আছিল, সেই অসংগঠিত ক্ষেত্ৰক বিমুদ্ৰাকৰণৰ হঠকাৰীতাই মাৰাত্মক আঘাত হানি পঙ্গু কৰিছিল, তথাপিও খোৰাই খোৰাই চলি আছিল; কিন্তু হঠাৎ লক-ডাউনৰ ঘোষণাৰে মোডীয়ে সেই ক্ষেত্ৰক এইবাৰ চিতাত তুলি তলত জুই জ্বলাইও দিলে! বিনিয়োগ হোৱা কাৰখানাত নতুনকৈ শ্ৰমিক নিযুক্তি হোৱা নাই, গ্ৰাহকৰো ক্ৰয়ক্ষমতা নাই, চৰকাৰী কাৰ্যালয়ত অতিমাৰীৰ নামত কাম-কাজ নাই, বানপানীয়েও অসমৰ মানুহক বিধ্বস্ত কৰিলে, ‘কা’ জাপি দিলে আৰু অগপ-ই সমৰ্থন কৰি বিজেপিৰ নেগুৰত ধৰি থাকিল, কংগ্ৰেছৰ কু-শাসন এতিয়াও পাহৰিব পৰা হোৱা নাই, মুঠতে সকলো জৰাজীৰ্ণ, ক্ষত, সৰ্বব্যাপ্ত ক্ষত, আধা-ডজন আঞ্চলিক দল, ছাত্ৰ সন্হাৰো দল ( কিন্তু বি-জে-পি, কংগ্ৰেছ, অগপ- সকলোতে প্ৰাক্তন ছাত্ৰ সন্হাৰ নেতাসকলেই বিদ্যমান হেতুকে এতিয়া কোনেও কাকো বিশ্বাস নকৰে, সকলো একাকাৰ), …! গতিকে, নতুন প্ৰজন্মই যদি কথাবোৰ গভীৰভাবে গ্ৰহণ নকৰে আৰু উচিত পদক্ষেপ নলয়, অসম চিৰকাল হৈ থাকিব ৰাজনৈতিক- অৰ্থনৈতিক- সামাজিক- সাংস্কৃতিকভাৱে কৰ’নাক্ৰান্ত! নে আমিও “দৈৱদুৰ্যোগ” বুলিলেই হাত সাৱটি বহি থকা ভাল হ’ব?