-অঞ্জন শৰ্মা |
প্ৰাচুৰ্য আৰু বৈভৱৰ প্ৰশ্নত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ উপকন্ঠত সৃষ্টি হৈছে এক দুঃসহ পৰিস্থিতি – যি কল্পনাতীত! উহান বা ৰোম নহয়, কৰ’নাৰ ভয়ংকৰ জীৱাণুৱে এতিয়ালৈ সবাত’কৈ বেছি মানুহৰ প্ৰাণ হৰণ কৰিছে নিউয়ৰ্ক প্ৰদেশত, তথা তাৰে ভৰকেন্দ্ৰ হৈ পৰিছে নিউয়ৰ্ক চহৰ। কেইদিনমানৰ আগতে ইটালীক পিছলৈ ঠেলি এক নম্বৰ স্থান দখল কৰিছে ডোনাল্ড ট্ৰাম্পৰ আমেৰিকাই। কৰ’না ভাইৰাছৰ আক্ৰমণত এই লেখাৰ সময়লৈ ৩৩৩৩২ জনৰ মৃত্যু হৈছে আমেৰিকাত, আক্ৰান্ত হৈছে ৬৫১৩১০ জন আমেৰিকাৰ বাসিন্দা। ইয়াৰে নিউয়ৰ্কৰ আক্ৰান্তৰ সংখ্যা হৈছে ২১৮৭০৭ জন আৰু নিউয়ৰ্কত মৃত্যুৰ সংখ্যা হৈছে ১৬২৫১ জন!! গতিকে পৰিস্থিতি কেনে হৈছে সহজেই অনুমান কৰিব পাৰি।
নিউয়ৰ্কত ইমান বৃহৎ সংখ্যকৰ মৃত্যু!! বিশ্বাস কৰিবলৈ সত্ নাযায়। কিন্তু ই নিখাদ সত্য! এতিয়া ডাঙৰ সমস্যা হ’ল – ইমানবোৰ সংক্ৰমিত মৃতদেহ, কবৰ দিয়া যায় কিদৰে? নিউয়ৰ্কৰ উপকন্ঠত বৰ্তমানৰ নিদাৰুণ পৰিস্থিতিৰ পটভূমিত প্ৰস্তুত কৰা হৈছে বিস্তৃত গণকবৰ। কোভিড-১৯ ভাইৰাছৰ আক্ৰমণত মৃত্যু হোৱা সকলৰ অধিকাংশৰ মৃতদেহ এই গণকবৰত সমাহিত কৰা হৈছে বুলি বাতৰি পোৱা হৈছে। প্ৰতিদিনে একেলগে বহু মানুহক কফিনবন্দী কৰি কবৰ দিয়া হৈছে (সংবাদ মাধ্যমে লাভ কৰা ড্ৰোণৰ দ্বাৰা তোলা ছৱিখন চাওক)! হাড় কপোৱা এই খবৰে আন্তৰ্জাতিক মহলত ধুমুহাৰ সৃষ্টি কৰিছে! আমেৰিকাত এনে অৱস্থা!? যি আমেৰিকাই আফগানিস্তান- ইৰাক- লিবিয়া আদিত গণকবৰৰ সৃষ্টিকৰ্তা আছিল, সেই আমেৰিকাৰ এই অৱস্থা! আমেৰিকানৰ!! এক ক্ষুদ্ৰতম অদৃশ্য ভাইৰাছে এনে শোচনীয় অৱস্থা সৃষ্টি কৰিলে আমেৰিকাত!
বিগত কিছুদিন ধৰি কৰ’না মহামাৰীৰ ফলত সবাত’কৈ বীভৎস পৰিস্থিতি সৃষ্টি হৈছে নিউয়ৰ্কত। দিনে গড়ে এহাজাৰৰো অধিক মানুহে মৃত্যু বৰণ কৰিছে। মৰ্গ’বোৰ উপচি পৰিছে, স্থান নাই। উপচি পৰিছে কবৰস্থান। কবৰস্থানতো স্থান নাই। এনে অৱস্থাত গণকবৰৰ বাহিৰে বেলেগ পথ খোলা নাছিল প্ৰশাসনৰ। ড্ৰোণৰ ছৱিত দেখা গৈছে যে মুখৰ পৰা ভৰি পৰ্যন্ত ঢাকি ৰখা ”হ্যাজমেট’ স্যুট্ “পৰিধান কৰা কৰ্মীসকল সেই গণকবৰত ব্যস্ত হৈ আছে। বিশাল এক গণকবৰত তেওঁলোকে জখলাৰে নামিছে, এটাৰ পিছত অইনটো কফিন তাতে ৰাখিছে। নিউয়ৰ্কৰ উপকন্ঠৰ হাৰ্ট আইলেন্ড অঞ্চলত বিশাল আয়তনৰ এই গণকবৰত যিবোৰ মৃতদেহ কবৰ দিয়া হৈছে – সেইবোৰ ‘বেৱাৰিছ লাচ্’! তেওঁলোকৰ মৃত্যুৰ পিছত কোনো আত্মীয়-স্বজন আগবাঢ়ি নাহিল মৃতদেহ লৈ যাবলৈ! গতিকে প্ৰশাসনৰ তৰফৰ পৰা এই গণকবৰৰ ব্যৱস্থা কৰা হৈছে।
কিন্তু এয়াও নিদাৰুণ সত্য যে কৰ’নাক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱাসকলৰ মৃতদেহ যথাবিহিত ভাবে মৰ্যদা সহকাৰে ৰাখিবলৈও কোনো ব্যৱস্থা নাই। সমগ্ৰ আমেৰিকাৰ সকলো চহৰত হোৱা সমস্ত মৃত্যুৰ সংখ্যা নিউয়ৰ্কে অকলেই ম্লান কৰি পেলাইছে। ফলস্বৰূপে কৰ’নাৰ প্ৰসাৰৰ লগে লগে নিউয়ৰ্কত কবৰ খন্দা কামো বহুলভাবে বৃদ্ধি পাইছে। আগতে যদি সপ্তাহত এবাৰকৈ কবৰ খন্দা কাম চলিছিল, এতিয়া প্ৰতিদিনে সেই কাম চলাবলগীয়া হৈছে। এনেবোৰ কামত যিসকল ব্যস্ত, তেওঁলোকেও নিজৰ জীৱটো ৰুমালত বান্ধি লৈ কাম কৰিবলগীয়া হৈছে, কোন মুহূৰ্তত কৰ’নাই আলিঙ্গন কৰে- কোনো ঠিক নাই। উন্নত অঞ্চল হেতুকে পৰিসেৱাও উন্নত। বগা বগা কফিনবোৰ সৰু সৰু বুলডজাৰৰ দৰে গাড়ীয়ে টানি আনিছে। যান্ত্ৰিক পদ্ধতিৰেই থৰে থৰে সজোৱা হৈছে মৃতদেহৰ কফিন। মাটিও যন্ত্ৰৰ দ্বাৰাই খন্দা হৈছে। ‘হ্যাজমাট’ স্যুট পিন্ধা কৰ্মীসকলে কেৱল বেলচাৰ দ্বাৰা মাটি পেলাই মৃতদেহৰ কফিন ঢাকি আছে।
নিউয়ৰ্কৰ স্থানীয় সংবাদ মাধ্যমৰ মতছ সাধাৰণতে এনেবোৰ কাম কাৰাবন্দীসকলৰ দ্বাৰা কৰা হয় যদিও অত্যাধিক মৃত্যুৰ বাবে বৰ্তমান ঠিকাদাৰৰ দ্বাৰা এই কাম চলাই থকা হৈছে। সংকট সমাপ্ত নোহোৱা পৰ্যন্ত হয়তো এনেদৰেই নিউয়ৰ্কৰ আমেৰিকানক সমাহিত কৰি থাকিব লাগিব।••