–তনয় চক্ৰৱৰ্তী |
একাধিক চোছিয়েল মেডিয়াই ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰিছে প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক। ফেচবুক আৰু টুইটাৰেও কৰিছে। মাত্ৰ এবছৰ আগৰ সেই ঘটনাত অতি ক্ষুব্ধ হৈ পৰা ট্ৰাম্পে চোছিয়েল মেডিয়াৰ সেই নিষেধাজ্ঞা সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত বুলি দাবী কৰিছিল।
নিৰ্বাচনৰ বিধি ট্ৰাম্পে পৰোৱাই নকৰে। সাধাৰণ মানুহৰ সমালোচনা বা ভোটৰ দ্বাৰা জনতাই দিয়া ৰায়কো তেওঁ গুৰুত্ব নিদিয়ে। সাংবিধানিক নিয়ম-কানুন মানি চলাৰ প্ৰয়োজনীয়তাৰ বিষয়েও তেওঁ নাজানে। প্ৰয়োজনত নিজেই সেইবোৰ সলনি কৰি লয় তেওঁ। সকলো সময়তে একনায়কৰ ভাৱ-ভঙ্গী ফুটি উঠে তেওঁৰ চাল-চলন-কথা-বতৰাত। তেওঁ হ’ল ডোনাল্ড ট্ৰাম্প।
যোৱা বছৰ নিৰ্বাচনত পৰাজয় বৰণ কৰি হোৱাইট হাউচৰ পৰা বিদায় লবলগীয়া হ’লেও অলপো দমি যোৱা নাই তেওঁ। নিৰ্বাচনৰ বিধি ভঙ্গ কৰা, আদালতলৈ গৈ ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কে আবোল-তাবোল বকা, ইত্যাদি বিভিন্ন কাৰণত তেওঁক চোছিয়েল মেডিয়াত ব্লক কৰাৰ পটভূমিত এতিয়া তেওঁ নিজেই এক নতুন চোছিয়েল মেডিয়া প্লেটফৰ্ম প্ৰস্তুত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা বছৰ তেওঁ তেনে ঘোষণা কৰাৰ পিছত এতিয়া তেওঁ সেইক্ষেত্ৰত আগবাঢ়ি প্ৰমাণ কৰিবলৈ ওলাইছে যে তেওঁ ফোপোলা কথা কোৱা নাছিল। সেইবাবে যোৱা সপ্তাহত সাংবাদিক সন্মিলনত ডোনাল্ড ট্ৰাম্পে সদৰি কৰিলে – তেওঁ নিজৰ চোছিয়েল মেডিয়া প্ৰস্তুত কৰাৰ বিষয়ে।
সাংবাদিক সন্মিলনত অংশ লৈ ট্ৰাম্পে কৈছে যে নতুন চোছিয়েল মেডিয়াৰ প্লেটফৰ্মৰ দ্বাৰা ‘টেক-জায়েন্ট’ সকলক প্ৰত্যাহ্বান জনোৱা হ’ব। তেওঁলোকৰ অধিকাৰক প্ৰত্যাহ্বান জনোৱা হ’ব। নতুন প্লেটফৰ্মত সকলোৱে নিজৰ মতামত মুকলিকৈ ডাঙি ধৰিব পাৰিব, কোনো চেঞ্চৰ বা নিষেধাজ্ঞা আৰোপ কৰা নহ’ব।
ৰাষ্ট্ৰপতি হৈ থকা সময়ছোৱাত আৰু পিছলৈও বিদ্বেষমূলক মন্তব্য আৰু হিংসাত্মক কাৰ্যৰ বাবে উচতনি দিয়া, হিংসা বিয়পোৱা, ইত্যাদি কাৰণত ট্ৰাম্পক ‘ব্লক’ কৰাৰ পটভূমিত ট্ৰাম্প আৰু তেওঁৰ সমৰ্থক সকলে আদালতৰ মজিয়াও গচকিছিল; কিন্তু কোনো লাভ নহ’ল হেতুকে এতিয়া নিজৰ চোছিয়েল মেডিয়া প্লেটফৰ্ম! ট্ৰাম্পৰ ঘোষণা অনুসৰি আগন্তুক ডিচেম্বৰ মাহত, বৰদিনৰ পূৰ্বে আমন্ত্ৰিত অতিথিসকলৰ ‘স্ট্ৰিমিং’ কৰা হ’ব। এই প্লেটফৰ্মৰ নাম হ’ব ‘ট্ৰুথ চোছিয়েল’! কিন্তু অভিজ্ঞ ব্যৱসায়ী ট্ৰাম্পৰ এই প্লেটফৰ্ম হয়তো বিনামূলীয়া নহ’ব, সেই কথাও পাকে-প্ৰকাৰে ট্ৰাম্পে বুজাই দিছে। প্লেটফৰ্মৰ মালিকীস্বত্ব থাকিব ‘ট্ৰাম্প মেডিয়া এন্ড টেকনোলজি গ্ৰুপ’ৰ হাতত।