নিৰ্বাচন,দলত্যাগ
• দিলীপ দৈমাৰী
বিদ্ৰোহ, দলত্যাগ, শীৰ্ষ নেতৃত্বক অৱজ্ঞা – এইবোৰ এতিয়া বিজেপিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’বলৈ আৰম্ভ কৰিছে। স্বয়ং নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নেতৃত্বক প্ৰত্যাহ্বান জনাই দলত্যাগ আৰু দলক অগ্ৰাহ্য কৰাৰ বাৰ্তা দি বিজেপিৰ পৰা অইন দললৈ গুচি যোৱাৰ প্ৰৱণতা ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু তাকে লৈ বিজেপিৰ অন্দৰমহলত ধুমুহা আৰম্ভ হৈছে – কংগ্ৰেছৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা ৰোগ বিজেপিৰ ক্ষেত্ৰতো হ’ল কিয়? এনে পৰিস্থিতি অবিশ্বাস্য! অথচ মোডী আৰু শ্বাহে নীৰৱে তিতাকেৰেলা ভাঁজি খাই থাকিবলগীয়া হৈছে। তেওঁলোকৰ লগতে গুজৰাটী লবী হতবাক! ৰাজনাথ সিং আৰু নীতিন গাদকাৰীয়েও ভিতৰি ভিতৰি আমোদ পাইছে। আদৱানীয়েও ঘনে ঘনেফোন কৰিছে – শেহতীয়াকৈ হোৱা পৰিস্থিতিৰ বুজ ল’বলৈ, মাৰ্গদৰ্শক মন্ডলীৰ অন্তৰ্ভুক্ত হিচাপে। প্ৰায় প্ৰতিদিনেই বিজেপিৰ কোনো নহয় কোনো নেতাই পদত্যাগ কৰিবলৈ ধৰিছে। পশ্চিমবঙ্গত যি আৰম্ভ হৈছিল আৰু এতিয়া প্ৰতিদিনে উত্তৰ প্ৰদেশত যি হাৰত পদত্যাগ পৰ্ব চলি আছে, তাৰে শেষ ক’ত? উত্তৰ প্ৰদেশত পদত্যাগ চলি থাকোতেই এতিয়া গোৱাতো আৰম্ভ হৈছে পদত্যাগ পৰ্ব। আৰম্ভ হৈছে উত্তৰাখণ্ডত। এনে সময়তে উত্তৰ প্ৰদেশত, বিহাৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰৱল আন্দোলন আৰম্ভ হৈছে ৰেলৱেৰ পৰীক্ষাক লৈ! পঞ্জাৱৰ খেতিয়ক, উত্তৰ প্ৰদেশৰ খেতিয়ক বিক্ষুব্ধ। যি সময়ত দলৰ শীৰ্ষ নেতৃত্বৰ কথাই বেদবাক্য হ’ব লাগিছিল, সেই সময়ত দলীয় কন্দলৰ উপশম কৰিবলৈ আৰু সমীকৰণৰ তাল ৰক্ষা কৰিবলৈ দিল্লীৰ অৱস্থা উত্তপ্ত হৈ পৰিছে। উত্তৰ প্ৰদেশত বিজেপিৰ নাওখনৰ পৰা বহু নেতাই নামি দিয়া ঘটনাই উদ্বেগ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ বহু বিজেপি নেতাই এতিয়া মানি ল’ব বিচৰা নাই যে বিজেপি উত্তৰ প্ৰদেশত জয়ী হ’ব! এনে ধাৰণাই বিজেপিৰ নেতৃত্বক চিন্তাত পেলাইছে। গোৱাত মাত্ৰ ৪৮ ঘন্টাৰ ভিতৰতে প্ৰথম শাৰীত থকা দুজন নেতাই দলৰ পৰা পদত্যাগ কৰিছে। বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ পুত্ৰ উৎপল পাৰিকৰে আৰু তেওঁৰ পিছতেই প্ৰাক্তন মুখ্যমন্ত্ৰী লক্ষ্মীকান্ত পাৰ্চেকাৰে। উত্তৰাখণ্ডত প্ৰভাৱশালী মন্ত্ৰী হৰকা সিং ৰাৱাতে যোগ দিছে কংগ্ৰেছত। ইয়াৰ লগতে আৰম্ভ হৈছে উত্তৰ প্ৰদেশৰ জাত-পাতৰ ৰাজনীতি। মায়াৱতীয়েও নিজকে আতৰাই নিছে ভোটযুদ্ধৰ পৰা, তেওঁ ৫১ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে যদিও তেওঁৰ এতিয়া যেন নাই আগৰ সেই আগ্ৰাসী প্ৰচাৰ বা দলিত ভোটবেংকক ধৰি ৰখাৰ তীব্ৰ প্ৰয়াস। মায়াৱতীৰ এনে কাৰ্য্যই বিজেপিক সন্তুষ্ট কৰি তুলিছিল যদিও এতিয়া যেন সকলো খেলিমেলি হৈ পৰিছে ! বিজেপিৰ পৰা দলত্যাগ আৰু আনহাতে অখিলেশ যাদৱ তথা প্ৰিয়ংকা গান্ধীৰ জোৰদাৰ তৎপৰতাই বহু প্ৰশ্নৰ জন্ম দিছে। এতিয়া বিজেপিয়ে নিজৰ তালিকাত দলিত সম্প্ৰদায়ৰ প্ৰাৰ্থীক গুৰুত্ব দিলে উচ্চ বৰ্ণৰ লোকসকল ক্ষুণ্ণ হৈ নপৰিবনে? এনে বহুত প্ৰশ্নৰ সন্মুখত এতিয়া বিজেপিৰ ধৰ্মসঙ্কট আৰম্ভ হৈছে!