–অৰবিন্দ ৰাভা |
শেষলৈ গৈ ফলাফল যিয়েই নহওক কিয়, ‘পেগাচাচ্ স্পাই ছফ্টৱেৰ’ কান্ডক লৈ উচ্চতম ন্যায়ালয়ে উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰাৰ লগে লগে মোডী চৰকাৰৰ বাবে অস্বস্তিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। বিৰোধী ৰাজনৈতিক দলসমূহে বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰি চৰকাৰৰ পৰা এই বিষয়ে সদুত্তৰ বিচাৰিছিল যে ‘পেগাচাচ্ স্পাই ছফ্টৱেৰ’ যদিহে মোডী চৰকাৰে মোবাইলবোৰত সংলগ্ন কৰা নাই, তেনেহলে কোনে কৰিলে? কিন্তু চৰকাৰে কোনো সুস্পষ্ট কথাৰে উত্তৰ দিয়া নাছিল। উল্লেখযোগ্য যে ইজৰাইলৰ প্ৰযুক্তি সংস্থাই স্পষ্টকৈ ঘোষণা কৰিছিল যে তেওঁলোকে এই ছফ্টৱেৰ কেৱল কোনো দেশৰ চৰকাৰক হে বিক্ৰী কৰে, তেওঁলোকৰ কোনো বেচৰকাৰী গ্ৰাহক নাই। অৰ্থাৎ, কোনো দেশৰ চৰকাৰে যদি সন্দেহজনক কোনো নাগৰিকৰ মোবাইল ফোনত গোপন কেমেৰা সহ অডিঅ’ টেপ সংলগ্ন কৰা প্ৰযুক্তি ব্যৱহাৰ কৰিব বিচাৰে – ফোন টেপ কৰিবলৈ, তেনে ক্ষেত্ৰত এক চুক্তিৰ মাধ্যমেৰে সেই দেশৰ চৰকাৰে ইজৰাইলৰ সংস্থাটোৰ পৰা ‘পেগাচাচ্ স্পাই ছফ্টৱেৰ’ ক্ৰয় কৰিব পাৰে। এনেদৰেই চলি আহিছে বিক্ৰী পদ্ধতি। কিন্তু মোডী চৰকাৰে বিৰোধী ৰাজনৈতিক দলৰ, সাংবাদিকৰ, সচেতন মহলৰ দাবী মানি লোৱা নাছিল আৰু সদুত্তৰ দিয়া নাছিল। আকৌ, মোডী চৰকাৰে সংসদৰ ভিতৰত বা বাহিৰত এনেদৰেও কোৱা নাছিল যে চৰকাৰৰ পক্ষৰ পৰা ‘পেগাচাচ্ স্পাই ছফ্টৱেৰ’ ব্যৱহাৰ কৰা হোৱা নাই! কোৱা নাছিল – ইজৰাইলৰ সংস্থাটোৰ লগত মোডী চৰকাৰৰ কিবা চুক্তি হৈছে নে হোৱা নাই! গতিকে সকলোৰে এনে সন্দেহ হোৱা স্বাভাৱিক যে মোডী চৰকাৰে কিবা গোপন কৰিছে। এনে পটভূমিত উচ্চতম ন্যায়ালয়তো আৱেদন কৰা হৈছিল আৰু সেই আৱেদনৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বেঞ্চ-এ যোৱা বুধবাৰে ( ২৭ অক্টোবৰ, ২০২১) তিনিজনীয়া সদস্যৰে এক উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। এই উচ্চ পৰ্যায়ৰ কমিটিখনে অনুসন্ধান কৰিব, মোডী চৰকাৰ এই কান্ডত জড়িত হৈ আছে নে নাই! তাৰোপৰি কেনে ধৰণৰ প্ৰযুক্তিৰ ব্যৱহাৰ হৈছে, কাৰ কাৰ মোবাইলত এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছিল বা হৈ আছে, ইত্যাদি বিষয়ৰো আভাস গ্ৰহণ কৰিব। প্ৰধানকৈ চুক্তি, মোডী চৰকাৰৰ ভূমিকা, প্ৰযুক্তি আদিৰ বিষয়ত এই উচ্চ পৰ্যায়ৰ কমিটিখনে তদন্ত কৰিব। গতিকে মোডী চৰকাৰৰ অস্বস্তি বাঢ়িছে, আৰু ইতিমধ্যে বিভিন্ন মহল সক্ৰিয় হৈ পৰিছে – এই ৰায়দানৰ পটভূমিত। এই উচ্চ পৰ্যায়ৰ কমিটিখনৰ ‘টেকনিকেল কমিটি’ত অন্তৰ্ভুক্ত কৰা হৈছে যথাক্ৰমে গান্ধীনগৰৰ ‘নেশ্যনেল ফৰেনচিক চাইন্স ইউনিভাৰচিটি’ৰ ডীন ড° নৱীন কুমাৰ চৌধুৰী, কেৰেলাৰ ‘অমৃতা বিশ্ব বিদ্যাপীঠম স্কুল অফ ইঞ্জিনিয়াৰিং’-অৰ অধ্যাপক ড° পি.প্ৰভাকৰণ, আৰু মুম্বাইৰ ‘আই-আই-টি’ৰ অধ্যাপক ড° অশ্বিন অনিল গুমস্তেক( Chair, Associate Professor, Computer Science & Engineering, IIT-Bombay)। এই উচ্চ পৰ্যায়ৰ কমিটিখনৰ পৰিচালনা কৰিব উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰ.ভি.ৰৱীন্দ্ৰন-এ। উচ্চতম ন্যায়ালয়ে কৈছে -‘ Justice Raveendran to oversee the functioning of the committee with respect to the methodology to be adopted, procedure to be followed, enquiry and investigation that is carried out and preparation of the report.’ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰৱীন্দ্ৰনক ‘টেকনিকেল কমিটি’ৰ কাম-কাজ তদাৰক কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰিব ‘ৰ'(R & AWৰ প্ৰাক্তন সঞ্চালক, ‘আই-বি’ৰ প্ৰাক্তন যুটীয়া সঞ্চালক তথা ১৯৭৬ চনৰ আই-পি-এছ অৱসৰপ্ৰাপ্ত বিষয়া আলোক যোশীয়ে , আৰু ‘টাটা কন্সালটেন্সি চাৰ্ভিচেছ’-আৰ ‘চাইবাৰ চিকিউৰিটি চাৰ্ভিচেছ’-অৰ ‘গ্লোবেল হেড’ ড° সন্দীপ অবেৰয়ে।