– তনয় চক্ৰৱৰ্তী |
গ্ৰহৰ আৱৰ্তনৰ বাবেই পৃথিৱীত দিন-ৰাতি হয়। এই আৱৰ্তনৰ সময়ত সূৰ্যৰ পোহৰ যেতিয়া পৃথিৱীৰ ওপৰত আহি পৰে, তেতিয়া সূৰ্যোদয় হয়। প্ৰতি ২৪ ঘন্টাৰ মূৰে মূৰে দিন – ৰাতি হয়। কিন্তু এইখন পৃথিৱীত এনে স্থানো আছে য’ত প্ৰাকৃতিক অৱস্থানৰ বাবে বহুত মাহ সূৰ্যৰ পোহৰেই নপৰে।
নৰৱেৰ ৰাজধানী অচ’লোৰ পৰা পশ্চিমৰ ফালে অৱস্থিত পাহাৰীয়া অঞ্চলত আছে এখন চহৰ। চহৰখনৰ নাম জুকন (YUKON)। জুকন চহৰখনক চাৰিওফালে পাহাৰে ঘেৰি থৈ দিছে। পাহাৰবোৰ অতিক্ৰম কৰি জুকনত সূৰ্যৰ পোহৰ প্ৰৱেশ কৰাটোৱেই এক প্ৰধান সমস্যা। জুকনৰ বাসিন্দাসকলে শীতকালটো অন্ধকাৰতেই অতিবাহিত কৰে। ১৯০৫-১৯১৬ চনত এই জুকন চহৰখন স্থাপন কৰে নৰৱেৰ ব্যৱসায়ী চ্যাম্ আইদ-এ। তেওঁ চহৰখনৰ বাবে এক জলবিদ্যুৎ কেন্দ্ৰও স্থাপন কৰিছিল। কাৰখানাৰ শ্ৰমিকসকলৰ বাবে চ্যাম্-এ পৰিকল্পনা কৰিছিল পাহাৰৰ ওপৰত এখন বিশালাকাৰ আইনা লগাবলৈ, তাতে সূৰ্যৰ পোহৰ আইনাত প্ৰতিফলিত হৈ চহৰখনৰ ওপৰত পৰে। কিন্তু চ্যামৰ সেই পৰিকল্পনা বাস্তৱ নহ’ল। কিন্তু চ্যামৰ ভাৱনাক বাস্তৱ কৰি তুলিবলৈ আগবাঢ়ি আহিল মাৰ্টিন এন্ডাৰছন নামৰ এজন ব্যক্তি। শীতকালত এচেৰেঙা ৰ’দৰ আমেজ ল’বলৈ হ’লে বাসিন্দাসকলে গন্ডলা লিফ্টত উঠি পাহাৰৰ ওপৰলৈকে যাব লাগে। এনে ঘটনাবোৰ দেখি মাৰ্টিনৰ মূৰত এই চিন্তা সোমায় যে জুকন চহৰখনক সূৰ্যৰ পোহৰ প্ৰতিফলন কৰিব পাৰি নেকি? গতিকে মাৰ্টিনে জুকন সংলগ্ন পাহাৰত বহুৱালে তিনিখন বিশালাকাৰ আইনা! এই আইনাৰ সহায়তেই শীতকালত দুখনৰ ওপৰত পৰিবলগীয়া সূৰ্যৰ পোহৰৰ প্ৰায় ৮০% পোহৰ প্ৰতিফলিত হৈ জুকনত পৰেহি। জুকনৰ এই প্ৰকল্পৰ মেনেজাৰ অস্টিন হিউজেন-এ কৈছে যে ‘জায়েন্ট মিৰৰ’ বহুওৱাৰ পিছত জুকনলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। ২০১৫ চনত এই স্থানক নৰৱেৰ অষ্টম ঐতিহ্যবাহী স্থান হিচাপে ইউনেস্কোৰ তৰফৰ পৰা স্বীকৃতি দিয়া হয়।