অঞ্জন শৰ্মা
প্ৰথম আৰু শেষ পৰিচয়:
উনষাঠি বছৰ আগৰ কাহিনী,
পটভূমি লন্ডন
উনৈশ-শ-ষাঠি চনৰ বাৰ জুনৰ লন্ডন,
তেৰ ডিগ্ৰী উষ্ণতাৰ লন্ডনত ঘাম ওলাইছিল
লন্ডনৰ
লন্ডনৰ অভিবাসন বিষয়াসকলৰ
লন্ডনত
পদাৰ্পণ কৰা এজন বিদেশীক কেন্দ্ৰ কৰি
বিতত হৈ পৰিছিল লন্ডন, যিহেতু
বিদেশীজনৰ হাতত নাছিল ‘পাৰপত্ৰ’
বিদেশীজনৰ বাবে অৰ্থহীন গৌণ সামগ্ৰী
পাৰপত্ৰ!
নিৰ্বিকাৰ নিৰুদ্বেগ বিদেশীজন, তেওঁ
‘পাৰপত্ৰ’ক গুৰুত্ব দিয়া ভকত নহয়,
অথচ ‘পাৰপত্ৰ’ অবিহনে প্ৰৱেশ অসম্ভৱ
লন্ডনত
লন্ডনৰ অভিবাসন বিষয়াবোৰৰ অৱস্থা
চাবলগীয়া হৈছিল
এক অবিস্মৰণীয় অনন্য অভিজ্ঞতা
লন্ডনত লন্ডনৰ!
বিদেশীজনৰ মুখমণ্ডলৰ একাংশত পক্ষাঘাত,
জড়তাহীন সাৱলীল পৰ্বতীয়া কন্ঠস্বৰ
মিহলি হৈ আছিল য’ত বহু প্ৰজন্মৰ স্বৰ;
লন্ডনত প্ৰথম পদাৰ্পণ সেই বিদেশীজনৰ।
অভিবাসন বিষয়াসকলে প্ৰশ্ন কৰিছিল-
‘পাৰপত্ৰ ক’ত আপোনাৰ, পাৰপত্ৰ’?
বিদেশীজনে উত্তৰ দিছিল- ‘পাৰপত্ৰ(!),
কিহৰ পাৰপত্ৰ!
প্ৰয়োজনেই বা কি পাৰপত্ৰৰ ?’
‘কি যে কয় মহাশয়(!), আপুনি এইকথাও
নাজানে নে যে পাৰপত্ৰ অবিহনে
বিদেশীৰ লন্ডনত প্ৰৱেশ অসম্ভৱ?’
বিদেশীজনৰ মুখমণ্ডলত নাছিল ভাৱান্তৰ
বহু প্ৰজন্মৰ স্মৃতি বহন কৰা তেওঁৰ কন্ঠস্বৰ
য’ত আছিল নিখাদ পৰ্বতীয়া কাঠিন্যৰ প্ৰলেপ
অভিবাসন বিষয়াসকলক উভতি ধৰিছিল
তেওঁ
প্ৰশ্ন কৰিছিল তেওঁ, বিদেশীজনে-
‘ইংৰাজসকলে মোৰ দেশলৈ যাওতে,
ওঠৰশ-বত্ৰিশ চনত মোৰ দেশলৈ যাওতে,
ইষ্ট-ইন্ডিয়া কোম্পানীয়ে সাত শ সৈন্য-
আঠ শ ‘কুলি’ লৈ মোৰ দেশলৈ যাওতে,
পাৰপত্ৰ লগত লৈ যোৱা নাছিল;
আজি মই লন্ডনলৈ আহিছো,
মই কিয়ই বা আনিব লাগে পাৰপত্ৰ? প্ৰয়োজনেই বা ক’ত!
একে নীতি প্ৰযোজ্য হ’ব লাগিব মোৰ বাবেও।’
উপায় নাছিল লন্ডনৰ
সসন্মানে তেওঁক আশ্ৰয় দিছিল লন্ডনত
লন্ডনে!
লন্ডনত
লন্ডনৰ ঘাম ওলাইছিল।
সেই বিদেশীজন অইন কোনো নাছিল,
তেওঁ আছিল প্ৰবাদপ্ৰতিম আংগামী জাপু ফিজো
নগাসকলৰ পিতা, নগাজাতিৰ পিতা;
‘নাগৰিকত্ব’ৰ বিষয়ে প্ৰশ্ন কৰোতেও ফিজোই উত্তৰ দিছিল-
‘নগা’ মোৰ প্ৰথম পৰিচয়,
‘নগা’ মোৰ দ্বিতীয় পৰিচয়,
‘নগা’ মোৰ শেষ পৰিচয়,
‘নগালেন্ড’ মোৰ জন্ম পৰিচয়।’