পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান প্ৰৱল চাপত
• দিলীপ দৈমাৰী
পুনৰ ৰাজনৈতিক সংকট নামি আহিছে পাকিস্তানৰ বক্ষলৈ। পাকিস্তানৰ জাতীয় সংসদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে ইতিমধ্যে অনাস্থা প্ৰস্তাৱ দাখিল হৈছে আৰু আজি দেওবাৰে (০৩-০৪-২০২২) সংসদত ভোটৰ জৰিয়তে ইমৰাণৰ ভাগ্য নিৰ্দ্ধাৰণ কৰা হ’ব।
এই লেখাৰ সময়লৈ যি পৰিস্থিতি, তালৈ লক্ষ্য কৰিলে অনাস্থা প্ৰস্তাৱৰ ক্ষেত্ৰত ভোট হ’লে ইমৰাণ খানৰ পৰাজয় অৱধাৰিত বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে। পাকিস্তানৰ সংসদত আসনৰ সংখ্যাৰে বিচাৰ কৰিলে বিৰোধীসকল এই মুহুৰ্তলৈ ইমৰাণৰ দল ‘তেহৰিক-ই- ইনচাফ‘তকৈ আগবাঢ়ি আছে। প্ৰধানমন্ত্ৰীৰ গাদী ৰক্ষা কৰিবলৈ চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই ১৯৯২ চনৰ বিশ্বকাপ বিজয়ী পাকিস্তান ক্ৰিকেট দলৰ কেপ্তেইন ইমৰাণ খানে। এপিনে তেওঁ যদি পাকিস্তানৰ সৈন্যবাহিনীৰ জেনেৰেল বাজঅ’ৱাৰৰ সৈতে বৈঠকত বহিছে, আনহাতে তেওঁ বৈঠকত বহিছে জোঁটবন্ধনত থকা ৰাজনৈতিক দলবোৰৰ সৈতে। তেওঁক সমৰ্থন দিবলৈ অনুৰোধ কৰিছে, কিন্তু বৰফ গলাৰ লক্ষণ নাই!
২০১৮ চনত একক সংখ্যাগৰিষ্ঠতা নোহোৱাকৈ ইমৰাণ খানে পাকিস্তানত চৰকাৰ গঠন কৰিছিল। সেই সময়ত ইমৰাণৰ চৰকাৰ গঠনৰ সহযোগী দল আছিল এম.কিউ.এম. আছিল সবাতোকৈ আস্থাৰ দল। কিন্তু দুৰ্ভাগ্যবশতঃ এতিয়া সেই দলটো ইমৰাণৰ কাষত নাই। ৰাজনৈতিক মহলৰ মতে ইমৰাণ খানৰ এনে দুৰ্ভাগ্য নামি আহিছে অলপতে তেওঁ গ্ৰহণ কৰা এক আত্মঘাতী পদক্ষেপৰ বাবে। যোৱা ২৪ ফেব্ৰুৱাৰী তাৰিখে তেওঁ নিজেই নিজৰ বিপদ আমন্ত্ৰণ কৰি আনিলে বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে সদৰি কৰিছে। সেই দিনটোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-এ ইউক্ৰেনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছিল আৰু সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে পুটিনৰ কাষত থিয় হৈ সাংবাদিক মেলত অংশ লৈ প্ৰায় সমগ্ৰ বিশ্বৰ চকুত এঘৰীয়া হৈ পৰিল।
পুটিনৰ কাষত ইমৰাণ খানৰ এনে উপস্থিতি মুঠেও ভালভাৱে আন্তৰ্জাতিক মহলে গ্ৰহণ নকৰিলে। ইমৰাণ খানৰ ৰাছিয়া ভ্ৰমণে তেওঁক তথা পাকিস্তানক আন্তৰ্জাতিক মহলৰ ওচৰত হেয় কৰি তোলাৰ লগতে তেওঁৰ আৰু পাকিস্তান চৰকাৰৰ সকলো উদ্দেশ্য ঘোলা হৈ পৰিল। সেই ঘোলা পানীত পাকিস্তানে এতিয়া মাছ ধৰে কিদৰে! তেওঁ আশা কৰিছিল যে এনে সময়ত পুটিনৰ কান্ধত নিজৰ কান্ধখন ঘঁহাব পাৰিলে সমৰাস্ত্ৰকে ধৰি বহুত সাহায্য লাভ কৰিব পৰা যাব আৰু পাকিস্তান শক্তিশালী হৈ পৰিব। পিছে তেওঁৰ উদ্দেশ্য সিদ্ধি নহ’ল, পুটিন – ইমৰাণৰ এনে দ্বৈৰথৰ দৃশ্য সন্মুখলৈ অহাৰ পিছত পশ্চিমীয়া দেশবোৰে আমেৰিকাৰ নেতৃত্বত পাকিস্তানকো সকলো ধৰণৰ আৰ্থিক তথা অইন ভালেমান সাহায্য বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে!
তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ থকা পাকিস্তানৰ ঋণ এতিয়া অকল্পনীয়। এনে সময়তে, ২৪ ফেব্ৰুৱাৰী তাৰিখৰ পিছত বৃটেইন, ফ্ৰান্স, আমেৰিকা, জাৰ্মানী আদিয়ে পাকিস্তানলৈ সকলো ধৰণৰ আৰ্থিক সাহায্য বন্ধ কৰাৰ সিদ্ধান্ত লয়। গতিকে ইমৰাণ খানৰ এতিয়া না-জল না-থল অৱস্থা হৈছে। আজি দেওবাৰে পাকিস্তানৰ জাতীয় সংসদত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ইমৰাণ খানৰ তেহৰিক-ই-ইনচাফক ১৭২ খন আসনৰ প্ৰয়োজন। ২০১৮ চনৰ নিৰ্বাচনৰ নিৰিখেৰে ইমৰাণ খানৰ নেতৃত্বাধীন তেহৰিক- ই- ইনচাফৰ হাতত আছে ১৫৫ জন সাংসদ। আনহাতে নৱাজ শ্বৰীফ আৰু বিলাৱল ভূট্টোৰসন্মিলিত সাংসদৰ সংখ্যা হ’ল ১৬৩ জন। ইমৰাণ খানৰ জোঁটসঙ্গী এম.কিউ.এম.-অৰ ৭ জন সাংসদ এতিয়া বিৰোধী শিৱিৰৰ সখী! গতিকে সেই ৭ টা ভোট ইমৰাণ খানে লাভ কৰা সম্ভৱ নহ’ব। গতিকে পাকিস্তানৰ বিশ্বজয়ী ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ইমৰাণ খান ‘ক্লিন ব’ল্ড’ হোৱাটো অনিবাৰ্য হৈ পৰিছে – যদিহে অভাৱনীয় একো সংঘটিত নহয় ( যেনেঃ পাকিস্তানৰ সৈন্যবাহিনীৰ হস্তক্ষেপ জাতীয়, অথবা সংসদত অধ্যক্ষই নাটকীয় ভূমিকা পালন কৰি প্ৰস্তাৱটোক উৰুৱাই দিয়া, ইত্যাদি)!
03-04-2022 (06 AM)
ReplyForward |