–তনয় চক্ৰৱৰ্তী |
গাওঁৰ বাসিন্দাসকলৰ তুলনাত নগৰ চহৰৰ বাসিন্দাৰ জীৱন অতি সংকটজনক হৈ পৰিছে। ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এক পৰিসংখ্যাৰ দ্বাৰা জানিব পৰা গৈছে যে গাওঁত বসবাস কৰা মানুহৰ মাজত ষ্ট্ৰোক আৰু ডায়েবেটিচ্ বা মধুমেহত আক্ৰান্ত হোৱাৰ পৰিমাণ তুলনামূলকভাৱে বহুত কম। মূলতঃ খোৱা-লোৱা আৰু জীৱন-যাপনৰ ওপৰত এনে ৰোগৰ প্ৰৱণতা নিৰ্ভৰ কৰে যদিও এতিয়া দেখা গৈছে যে পৰিৱেশ দূষণো এক প্ৰধান কাৰণ হৈ পৰিছে। এক – ডেৰ দশক আগতে যি ধৰণৰ সহজ- সৰল জীৱনযাত্ৰা আছিল, তেনে জীৱন যাত্ৰাৰ পথ সলনি কৰি এতিয়া প্ৰায় প্ৰত্যেকেই ‘আধুনিক জীৱনযাত্ৰা’ৰ নামত এক এন্দুৰ-দৌৰত অংশগ্ৰহণ কৰাৰ ফলতেই বিপদ ঘনীভূত হৈ পৰিছে। ফলত সাধ্যাতীত আশাই মৃত্যুৰ পিনে নগৰ-চহৰৰ বাসিন্দাক ঠেলি নিবলৈ ধৰিছে। ইয়াৰ লগতে ৰঙীন আকৰ্ষণীয় বিজ্ঞাপনৰ হাতবাউলিত বাউল হৈ বিষাক্ত দ্ৰব্য মিহলোৱা পেকেটৰ খাদ্য খাই পাকস্থলীৰ অৱস্থা, লিভাৰৰ অৱস্থা, কিডনীৰ অৱস্থাও শোচনীয় কৰি তুলিছে। বহুতেই এতিয়া ১৮ বছৰ সম্পূৰ্ণ কৰাৰ আগতেই মধুমেহ বা ডায়েবেটিচ্-অৰ চিকাৰ হৈছে আৰু নিঃশব্দে নীৰৱে মৃত্যুক নগৰ-চহৰৰ বাসিন্দাই অকালতে আৱাহন কৰিছে।
২০১৯ চনত ফাগোৱাৰাত হোৱা বিজ্ঞান কংগ্ৰেছৰ অধিবেশনত থিৰুৱন্তপুৰমৰ শ্ৰীচিত্ৰা তিৰুনাল ইন্সটিটিউট ফৰ মেডিকেল চাইন্স এন্ড টেকনোলজিৰ স্নায়ু চিকিৎসক অধ্যাপক পি.এন. শৈলজাই কৈছিল যে ইন্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ-অৰ সাম্প্ৰতিক সমীক্ষাত পৰিলক্ষিত হৈছে যে ভাৰতৰ মেট্ৰ’ চহৰবোৰৰ বাসিন্দাসকলৰ মাজত ষ্ট্ৰোকৰ প্ৰৱণতা সকলোতকৈ অধিক। সমগ্ৰ ভাৰতত ষ্ট্ৰোকৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পোৱাত সমীক্ষা চলোৱা হৈছিল আৰু তাৰ দ্বাৰা এই ভয়ংকৰ তথ্য পোৱা গৈছে। দেখা গৈছে যে ভাৰতৰ প্ৰতি ১০০০ জনৰ মাজত গড়ে ৪০০ জনৰ ষ্ট্ৰোকৰ আশংকা বিদ্যমান। ৬ খন ৰাজ্যৰ ৰাজধানী চহৰৰ তথ্য হাতত লৈ শৈলজাই জনাইছে যে দিল্লীত প্ৰতি লক্ষ মানুহৰ মাজত ষ্ট্ৰোক হোৱাৰ আশংকা ৩৪৫ জনৰ!
মানসিক চাপৰ লগতে পৰিৱেশ দূষণৰ দ্বাৰা মস্তিষ্কৰ ৰক্তক্ষৰণৰ আশংকা বৃদ্ধি পাইছে বুলি ডা° শৈলজাই মত পোষণ কৰিছে। পেশাগত চাপৰ লগে লগে বিজ্ঞাপনৰ হাতবাউলি তথা প্ৰতিৱেশীৰ লগত এন্দুৰ দৌৰত অংশগ্ৰহণ কৰি অতিৰিক্ত আকাংক্ষা – আশা পূৰণ কৰিবলৈ বিচাৰি অতিৰিক্ত চাপ মগজুত জাপি দিয়াৰ ফলত কম বয়সীয়া সকলৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পাইছে। ভাৰতৰ আটাইবোৰ মেট্ৰো চহৰত দূষিত পৰিৱেশে এফালে যিদৰে শ্বাসকষ্ট বৃদ্ধি কৰিছে, আনফালে ষ্ট্ৰোকৰ দ্বাৰা মৃত্যুদূতকো আহ্বান জনাইছে। সুন্দৰ পৰিৱেশে যি মানসিক আনন্দ প্ৰদান কৰে, তেনে আনন্দৰ বৰ অভাৱ মেট্ৰো চহৰবোৰত।
শীতকালত যে পৰিস্থিতিৰ অধিকতম অৱনতি হ’ব, সেয়া স্বীকাৰ কৰিছে এইমচ্-অৰ ডিৰেক্টৰ জেনেৰেল ডা° ৰণদীপ গুলেৰিয়াইও। তেওঁ কৈছে যে ‘দূষণে যে ভাৰতৰ সমস্ত চহৰৰ পৰিৱেশ কিমান দূষিত কৰি তুলিছে, সেয়া শীতৰ ধোঁৱাময় পৰিৱেশত গম পোৱা যাব। বতাহত কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰোজেনৰ মাত্ৰা ক্ৰমান্বয়ে বাঢ়ি গৈছে।’ এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০২১ চনৰ নৱেম্বৰ মাহৰ প্ৰথম দিনটোতে গ্লাচগোৰ আন্তৰ্জাতিক সন্মিলনত সচেতন মহলত হোৱা এক আলোচনাত এই কথা প্ৰকাশ হৈছে যে ভাৰতত কোভিড-১৯ পৰিস্থিতিৰ পটভূমিত লক-ডাউন দিয়া বাবে পৰিৱেশৰ যি সামান্য শুধৰণি হৈছিল, সেয়া আগন্তুক দেৱালীৰ প্ৰদূষণৰ দ্বাৰা পূৰ্বৰ অৱস্থালৈ গতি কৰিব আৰু দিল্লীৰ বাসিন্দাই অধিক শ্বাসকষ্টৰ সন্মুখীন হ’ব।
১০ বছৰ ধৰি, ভাৰতৰ ২৬ খন চহৰত শ্বাসকষ্টৰ ৰোগ, ষ্ট্ৰোক কিদৰে হ্ৰাস কৰিব পাৰি আৰু কি প্ৰযুক্তিৰে গ্ৰীণহাউচ গেছৰ মাত্ৰা হ্ৰাস পাব তথা কি কৰিলে মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি পাব – সেইবোৰক লৈ গৱেষণা কৰি আছে কলকাতাৰ বালিগঞ্জৰ চাইন্স কলেজৰ এসময়ৰ অধ্যাপক ড° গৌতম গোস্বামীয়ে। এতিয়া তেওঁ সমগ্ৰ ভাৰতৰ জলবায়ু পৰিৱৰ্তন প্ৰকল্পৰ প্ৰধান ব্যক্তি। ‘ক্লাইমেট মেন’ বুলি তেওঁ ইতিমধ্যেই সকলোৰে পৰিচিত। ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতে অঙ্গীকাৰ কৰিছে যে ২০৩০ চনৰ ভিতৰত সমগ্ৰ ভাৰততে কাৰ্বন নিঃসৰণৰ পৰিমাণ ৩০০ কোটি টন হ্ৰাস কৰা হ’ব। ড° গৌতম গোস্বামীয়ে গাড়ীৰ দূষণ কমাবলৈ পৰামৰ্শ দি কৈছে যে এলুমিনিয়ামৰ দ্বাৰা গাড়ী প্ৰস্তুত কৰিলে গাড়ীৰ ওজন হ্ৰাস পাব। এলুমিনিয়ামৰ আকৰিক বক্সাইট ভাৰতত প্ৰচুৰ পৰিমাণে আছে। কিন্তু এলুমিনিয়াম বাহিৰ কৰাৰ পিছত যি বৰ্জ্য সামগ্ৰী ওলাব – সেয়া কি কৰা হ’ব তাকে লৈ এতিয়া চিন্তা-ভাৱনা চলি আছে।
আকৌ, ২০১৯ চনৰ বিজ্ঞান কংগ্ৰেছৰ তৃতীয় দিনা ‘জীৱনশৈলীগত ৰোগ’ সম্পৰ্কীয় আলোচনাত দিল্লীৰ এইমচ্-অৰ বিশিষ্ট গৱেষক অধ্যাপক ডা° নিখিল টেন্ডনে কম বয়সীয়া সকলৰ মাজত দেখা দিয়া ডায়েবেটিচ-অক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। ডা° টেন্ডনৰ মতে সৰুৰে পৰাই ভজা-পোৰা অত্যাধিক ভাৱে খোৱাৰ অভ্যাস কৰাৰ বাবে হজমৰ গোলমাল হৈছে আৰু ঘৰৰ বাহিৰৰ পৰা অনা খাদ্যৰ বাবে মেদবহুলতা বৃদ্ধি পাইছে। ইয়াৰ ফলত দেহৰ কোষত অধিক পৰিমাণৰ ইন্সুলিনৰ দৰকাৰ হয় আৰু শৰীৰে যেতিয়া সেই পৰিমাণৰ ইন্সুলিন উৎপাদন কৰিব নোৱাৰে – তেতিয়া টাইপ- টু ডায়াবেটিচৰ প্ৰৱণতা বাঢ়ি যায়।
গাওঁৰ বাসিন্দাই শাৰীৰিক পৰিশ্ৰম কৰে বাবে এনে মধুমেহৰ প্ৰকোপ গাওঁ অঞ্চলত অতিশয় কম। তাৰোপৰি সেউজীয়া পৰিৱেশ আৰু তুলনামূলকভাৱে বহুত নিৰ্মল বতাহ উশাহত টানিব পাৰি বাবে বহুত ৰোগৰ পৰা আতৰত থাকিব পাৰি।