সৰল সূৰ্য্যক সিদিনা নামি অহা মই দেখিছিলো…
–মনোজ কুমাৰ ডেকা |
০৮-০৯-২০০৩ চনৰ কথা।
সময় : দিনৰ ১১ বাজি ২৪ চেকেণ্ড ।
স্থান : অনুৰাধা চিনেমাৰ টিকট কাউণ্টাৰৰ সন্মুখত ।
মই দেখিছিলো, আমাৰ…সমূহৰ সূৰ্য্য নামি আহিছিল । দিনত । সহজে । হাঁহিমুখে । মাটিলৈ…! আৰু তেতিয়া মই সেই সমূহৰ সূৰ্যৰ ফটো লৈছিলো । মই দৌৰিছিলোঁ । চিঞৰিছিলোঁ । হাতৰ আঙুলীবোৰ সক্ৰিয় হৈ উঠিছিল । মই চিঞৰিছিলোঁ- এইফালে…অকণ পিছুৱাই প্লিজ…!
আনন্দত কেমেৰাটোৱে গুণগুণাইছিল…ক্লিক ক্লিক ক্লিক…!
মোৰ হাতত থকা ফুজি ফিল্ম কোম্পানীৰ ফাইন পিক্স এছ৬০ কেমেৰাটোৱে মাথো এফালৰ পৰা চেলেকি গৈছিল মুহূৰ্তবোৰ । মোৰ কেমেৰাত তেওঁ ৰৈ গৈছিল বাৰ লাখ আঠাইছ হাজাৰ আঠশ পিকচেলত । (পিকচেল কি মই কেতিয়াবা কম । কব লগীয়া বহু কথা আছে !)
********
ৰমেন বৰুৱা-দ্বীপেন বৰুৱা
জয়ন্ত হাজৰিকা-নিৰ্মলপ্ৰভা বৰদলৈ
বীৰেন্দ্ৰ নাথ দত্ত-নৱকান্ত বৰুৱা
দিলীপ শৰ্মা-সুদক্ষিণা শৰ্মা
ৰামেশ্বৰ পাঠক-ধনদা পাঠক
– এওঁলোকৰ মাজত থকা সম্বন্ধৰ বিষয় আপুনি জানেনে ? অনুমান কৰেনে ?
…বহুতে জানে । বহুতে নাজানে । সচাকৈ গীত ভালপোৱা সকলে জানে, এওঁলোক ইজন সিজনৰ বাবে । মানে, ভগৱানে তেওঁলোকক হিমালয় সদৃশ প্ৰতিভা দিয়াৰ পিচতো অসম্পূৰ্ণ কৰি পৃথিৱীলৈ পঠিয়াইছিল । নিৰ্দেশ দিছিল, তহঁত লগ হাবি । লগ হলে সম্পূৰ্ণ হবি আৰু তহঁতৰ কাম কথাই এটা জাতিক হেজাৰ বছৰলৈ তৃপ্তি সন্তুষ্টিত নিমজ্জিত কৰি ৰাখিব । সিহঁত বিভোৰ হব । ডুবি থাকিব । সুখত ।
জয়ন্ত হাজৰিকাই কেনেকৈ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতক প্ৰাণ দিছিল কোনে নাজানে ! আপুনি ভাৱেনে আনৰ কণ্ঠত স্বৰস্বতী নিৰ্মল প্ৰভাৱ গীতে প্ৰাণ পালেহেতেন । ভাৱেনে ?
ৰমেন বৰুৱাই জানিছিল বাবেই দ্বীপেন বৰুৱাক ক্ৰিকেট এৰুৱাই খেলপথাৰৰ পৰা পোনে পোনে ৰেকৰ্ডিং ষ্টুডিও পোৱাইছিল । এজনৰ চিনেমা, আন এজনৰ গীত আৰু আন এজনে গীত গাব লাগিব ! -আৰু আমি ৰৈ আছিল । সুৰ আৰু কণ্ঠৰ অমৃত পান কৰিবলৈ । আজিও এৰা নাই সেই অমৃতৰ সোৱাদ লব । বজাই দিওঁ দ্বীপেন বৰুৱাৰ গীত । পাৰিব নুশুনাকৈ থাকিব ?
“…এখন নেদেখা নদীৰ সিপাৰে ফুলিছে হাঁহিৰ শেৱালি মই চাই থাকো ইপাৰৰ পৰা নোৱাৰো আনিব বুটলি !”
…এখুদ ককাইদেউ নৱকান্ত বৰুৱাৰ গীতক কেনেকৈ লোক সংস্কৃতিৰ সাধক, গৱেষক পণ্ডিত ডঃ বীৰেন্দ্ৰ কুমাৰ দত্তই নিজৰ অনুভৱি কণ্ঠেৰে সজাইছিল…কোনে নাজানে ?
” বৰ্ষা তোমাৰ চকুত চকুত মেঘৰ অঞ্জন ওঁঠত কদম ফুলৰ হাঁহি বিজুলী লতাৰে তোমাৰ কবৰি বন্ধন হাতত কেতেকী ফুলৰ পাহি…”
…মাথো অবাক হোৱাৰ সময় আমাৰ বাবে । এজনে লিখে আত্মিক অনুভৱেৰে । আনজনে প্ৰকাশ কৰে কণ্ঠৰে । ৱাহ ! আপুনি দেখিব প্ৰকৃতিয়ে কজলা মেঘৰ কাজল ঘঁহিছে চকুত । ওঁঠত কদম ফুলিয়া হাঁহি । বিজুলী লতাৰে প্ৰকৃতিয়ে খোপা বান্ধিছে । হাতত লৈছে কেতেকী ফুলৰ পাহি !
(অনুভৱৰ বাবে আত্মাৰ প্ৰয়োজন । আমি আত্মা-থাত্মা একাষত থৈ লক্ষ্য কৰো কাৰ ঘৈণীয়ে কাৰ লগত কি কৰিছে…কিমান আগ বাঢ়িছে ।)
কোনে নাজানে সুদক্ষিণা শৰ্মা-দিলীপ শৰ্মাৰ কথা । কোনে নাজানে কেনেকৈ কামৰূপী লোক সংগীতক প্ৰতিষ্ঠা কৰিছিল ৰামেশ্বৰ পাঠকে । কেনেকৈ সহযোগ কৰিছিল ধনদা পাঠকে…!
কিন্তু, ডঃ ভূপেন হাজৰিকা আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ বিষয়ে জানেনে ?…অসমৰ সংগীত জগতৰ মণিকাঞ্চন ডঃ ভূপেন হাজৰিকা আৰু পাৰ্বতী প্ৰসাদ বৰুৱা । যেন শঙ্কৰ-মাধৱ । কেতিয়াবা শুনিব অসম কেশৰীৰ সৃষ্টি । শুনিব, কেনেকৈ এজনে আন এজনৰ অনুভৱক প্ৰাণ দিয়ে অনুভৱি কণ্ঠেৰে । অবাক হৈ ৰৈ থাকিব আপুনি । মন্ত্ৰমুগ্ধ বনৰ হৰিণৰ দৰে…! আপোনাৰো সুধিব মন যাব-
“কিহৰ ৰাগীত জ্বলাকলা হলিকোন পগলাৰ বিজয় মলা ললি..!”
সেই অসম কেশৰীৰ জ্যেষ্ঠ জীয়ৰী বন্দনা বৰুৱাৰ সৈতে কথা পতিছিলোঁ । তেওঁ কৈছিল-আমি ভূপেন’দা নকওঁ । কওঁ, ভূপেন ককাইদেউ । বিষ্ণু ককাইদেউ… (কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা), জ্যোতি কঁকাইদেও( ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা )…! তেতিয়াৰ পৰা ককাইদেউ শব্দটো মোৰ বেছি ভাল লগা হ’ল ।
আমাৰ ভূপেনদা…
আমাৰ ভূপেন ককাইদেউ
আমাৰ সংগীত সূৰ্য ভূপেন ককাইদেউ আমাৰ ভাৰত ৰত্ন ভূপেন ককাইদেউজাতিক আইনা দেখুওৱা আমাৰ ভূপেন ককাইদেউ …!
তেওঁ গৈছিল “অনুৰাধা চিনেমা”লৈ । বামুনি মৈদামৰ অনুৰাধা চিনেমা অসমৰ এগৰাকী চিনাকি সংগঠক ফণী শৰ্মাৰ । তাতেই অসমীয়া বোলছবিৰ বিভিন্ন অনুষ্ঠানে আদি সাধাৰণতে হয় । তাত অনুষ্ঠিত এক অনুষ্ঠানলৈ গৈছিল আমাৰ সংগীত সূৰ্য…! অনুষ্ঠানৰ শেষত মই চিঞৰিছিলোঁ, ” দাদা…মই মই মই আপোনাৰ এখন ফটো লম । প্লিজ । অকণমান ইপিনে !”
অকলে এঠাইত ভূপেনদাৰ ফটো । কল্পনা কৰক । ভাবিলেই ভাল লাগিব আপোনাৰ । আপোনাৰ কথা মতেই তেওঁ আগুৱাই আহিব । আপোনাৰ কথা মতেই পজ দিব । থিয় হব । ঘূৰিব । চাব । হাঁহিব । উফ !
কথাত অমৃত বৰষা ভূপেনদাই মোক নিৰাশ কৰা নাছিল । তেওঁ আহিছিল ।
“ক’ত লবা ফটো…!”
“দাদা, এইখিনিত…টিকট কাউণ্টাৰৰ সন্মুখত ।”
অনুৰাধাৰ টিকট কাউণ্টাৰৰ সন্মুখত ডঃ ভূপেন হাজৰিকাই ফটোৰ বাবে পজ দিছিল । বগা চোলা, ধোঁৱা বৰণীয়া পেন্ট । ক’লা জোতা । বাওঁহাতত ঘড়ী । মুঠিত এখন বগা ৰুমাল । সোণালী ফ্ৰেমৰ চচমা । সোঁ হাতৰ কণিষ্ঠ আঙুলিত এটি সোণৰ আঙঠি । বুকুত ওলমি আছিল এটি ৰুদ্ৰাক্ষ ! ভূপেনদাৰ পিছফালে জিলিকি আছিল হালধীয়াৰ মাজত ৰঙা আখৰ কেইটামান-
Front Stall : Rs. 10/-Popular : Rs. 15/-
…মই ফটো লৈছিলো । টিকট কাউণ্টাৰৰ ৰেলিঙত ধৰি ভূপেনদাই পজ দিছিল । ফটোৰ বাবে ।
জাতিক পোহৰাই তোলা, মানুহক বা সমূহক ভাল পোৱাৰ গান গোৱা, সমূহৰ বুকুৰ কুটুম হোৱা সংগীত সূৰ্যক মই সৰল সহজ ভাবে মাটিলৈ নামি অহা সিদিনা পুনৰ দেখিছিলো । তেখেতক মই মাটিৰ দৰে, পানীৰ দৰে, বতাহৰ দৰেই সহজ অনুভৱ কৰিছিলো ।…